অসম সাহিত্য সভা-Essay in assamese

অসম সাহিত্য সভা

ভূমিকা:

অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতি সাধনৰ অর্থে গঠিত অসমৰ বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান অসম সাহিত্য সভা। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হয়। তেতিয়া ইয়াৰ নাম আছিল ‘সদৌ আসাম সাহিত্য সন্মিলনী। ১৯২৪ চনৰ ১৫ মেত ই ‘আসাম সাহিত্য সভা’ হিচাপে পঞ্জীয়নভুক্ত হয় আৰু ১৯৯৪ চনত সভাৰ নাম ‘অসম সাহিত্য সভা’ কৰা হয়।

অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীণ উন্নতি কৰা, অসমৰ থলুৱা ভাষা-সাহিত্য, সংস্কৃতিৰ উন্নয়নৰ বাবে কাম কৰাই হ’ল অসম সাহিত্য সভাৰ উদ্দেশ্য। সেই অনুক্ৰমে অভিধান আৰু ব্যাকৰণ প্রণয়ন, প্রাচীন সাহিত্য, লোক-সাহিত্য, দুষ্প্ৰাপ্য গ্ৰন্থৰ অনুসন্ধান, সংগ্রহ, গৱেষণা আৰু প্ৰকাশ; লগতে অসমৰ জনগোষ্ঠীয় ভাষা -সাহিত্য-সংস্কৃতিৰ উন্নয়নৰ বাবে যত্নপৰ হোৱাটো সভাৰ অন্যতম উদ্দেশ্য। তদুপৰি এখন গষেণামূলক মুখপত্র প্রকাশ, উপযুক্ত সাহিত্যিকক উপাধি আৰু বঁটা প্ৰদান; সংগীত আৰু চিত্ৰবিদ্যাৰ উন্নতিকল্পেও সভাই কাম কৰে।

অসম সাহিত্য সভা

ইতিহাসৰ বুকুত অসম সাহিত্য সভা:

এই উদ্দেশ্যকে সাৰোগত কৰি প্রতিষ্ঠা কৰা ‘অসম সাহিত্য সভা’ৰ কেন্দ্রীয় কার্যালয় বর্তমান যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱন। ১৯১৭ চনত শিৱসাগৰত সু-সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ সভাপতিত্বত ইয়াৰ প্ৰথমখন অধিৱেশন বহে। সভাৰ প্রথমজন প্রধান সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী।

অসম সাহিত্য সভাই বৰ্তমানৰ প্রতীকটো ১৯৬০ খ্রীষ্টাব্দৰ ২৮ অক্টোবৰত গ্ৰহণ কৰে। প্ৰতীকটো আঁকিছিল শিল্পী যুগল দাসে। গ্রতীকটোৰ ব্যাখ্যা এনেধৰণৰ- এখন ঠগাত থকা সাঁচিপতীয়া পুথিৰ ওপৰত মাটিৰ চাকি, তাৰ চাৰিওফালে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ লিখা আছে, তলত এটি তৰা। ঠগাৰ তলৰ ভূমিত ‘অসম সাহিত্য সভা’ লিখা আছে। বেদীৰ ওপৰত থকা শৰাইখনি জাতীয় সাংস্কৃতিক সৌধৰ নিদৰ্শন। এই সৌধস্বৰূপ শৰাইত প্রতিষ্ঠিত হৈছে এখন পুথি। এই পুথি আমাৰ সমগ্ৰ মানৱীয় জ্ঞান, বিদ্যা, শিল্প, সাহিত্য আৰু বাঞ্চিত প্রমূল্যসমূহৰ আধাৰ। ধ্ৰুৱ তৰাটি এই সাধনাৰ লক্ষ্য।

এইসকলো সাধনাৰ প্রকাশ মাধ্যম ‘চিৰ চেনেহী মোৰ ভাষা জননী’। এই বাক্যাংশটি লোৱা হৈছে সভাৰ আৰম্ভণী গীতৰূপে ব্যৱহৃত মিত্ৰদেৱ মহন্ত ৰচিত গীতটিৰ প্ৰথমৰ পৰা। ভাষাজননীৰ অক্ষয় বন্তিগছিয়েই আমাৰ সকলো সাধনাক অনন্তকাললৈ পোহৰাই ৰাখিব। এই বাণী, তৰা আৰু বন্তিগছিৰ পটভূমিত আছে এটি আঁহত পাতৰ আভাস। আঁহত পাতটি ভাৰতীয় সাংস্কৃতিক সাধনাৰ লগত গভীৰভাৱে সংপৃক্ত বোধিবৃক্ষৰ এটি প্রতীকী আভাস।

লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অসম সংগীত’ৰ প্ৰথম স্তৱকটি সভাৰ পতাকা-উত্তোলনৰ গীত হিচাপে ব্যৱহাৰ কৰা হয়। মিত্ৰদেৱ মহন্ত ৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতটি সভাৰ অনুষ্ঠানৰ আৰম্ভণী-গীত হিচাপে আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ ‘অ’ মোৰ আপোনাৰ দেশ’ গীতটি সভাৰ সামৰণী-গীত হিচাপে ব্যৱহাৰ কৰা হয়।

জাতিটোৰ বাবে সভাৰ অৱদান:

১৯৩৩ চনত অসম সাহিত্য সভাই ইয়াৰ প্ৰকাশন গোটৰ পৰা ‘চন্দ্ৰকান্ত অভিধান’ প্ৰকাশ কৰি উলিয়ায়। সভাই অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতি সম্বন্ধীয় প্রায় পাঁচশখন। মূল্যবান পুথি প্ৰকাশ কৰাৰ লগতে প্ৰথম অসমীয়া শিশু বিশ্বকোষৰ (শিশু জ্ঞানকোষ) পাঁচটা খণ্ড প্রকাশ কৰি উলিয়াইছে। তদুপৰি অসম সাহিত্য সভাৰ মুখপত্র ‘অসম সাহিত্য সভা পত্ৰিকা’ প্ৰকাশ কৰে।

সভাই সভাপতিসকলৰ ৰচনাৱলী সংকলন আদি প্ৰকাশ কৰি উল্লেখযোগ্য কাম কৰিছে। তদুপৰি সভাৰ দ্বাৰা প্ৰকাশিত ভালেকেইখন গ্ৰন্থই অসমৰ বাহিৰৰ পণ্ডিতৰো মনোযোগ আকর্ষণ কৰিব পাৰিছিল। তেনে কেইখনমান গ্রন্থ হ’ল- The Hastamuktavale of Subhankar Kabi, The Evaluation of Assamese Script, Tradition and Style, Assam And The Assamese Mind, পৱিত্ৰ অসম, কৃষ্ণকান্ত সন্দিকৈ ৰচনা সম্ভাৰ, অসমীয়া সংস্কৃতি আদি। সভাৰ বিশিষ্ট দাতাসকলে দান কৰা পুজিৰ সুতেৰে সভাই ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা যোগাওঁতা সকলক একাধিক বঁটাৰে সন্মানিত কৰি অহাৰ লগতে ভিন্ন ধৰণৰ গ্ৰন্থ প্ৰকাশ, বক্তৃতা আদি অনুষ্ঠিত কৰি আহিছে।

অসম সাহিত্য সভাই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিলৈ বিশিষ্ট বৰঙণি আগবঢ়োৱা ব্যক্তিক ‘সদস্য মহীয়ান’ আৰু ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰদান কৰি আহিছে। সভাই ধৰ্মেশ্বৰী দেৱী বৰুৱানীক ‘কাব্য ভাৰতী’ আৰু লক্ষ্মীনাথ বেজবৰুৱাক ‘ৰসৰাজ’ উপাধিৰে বিভূষিত কৰে। অসম সাহিত্য সভাই অসমত প্রথম স্মাৰক বস্তৃতা, লেখক শিবিৰ আৰু লেখক কৰ্মশালাৰ আয়োজন কৰে।

সভাই যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনৰ সমীপতে অসমীয়া ভাষা-সাহিত্য আৰু সংস্কৃতিৰ বিজ্ঞানসন্মত অধ্যয়ন আৰু গৱেষণাৰ বাবে ‘অসম-তত্ত্ব গৱেষণা সংস্থা’ নামেৰে এটা অনুষ্ঠান প্রতিষ্ঠা কৰিছে। অনা-অসমীয়াসকলৰ বাবে সভাই প্রাথমিক, মাধ্যমিক, প্রাকভাৰতী আৰু ভাৰতী এই চাৰিটা ভাগত অসমীয়া ভাষা-জ্ঞান পৰীক্ষা পৰিচালনা কৰে।

২০০১ চনৰ পৰা সভাই এলানি বিষয় বিশ্বকোষ প্ৰকাশৰ এক অভিলাসী আঁচনি গ্রহণ কৰে আৰু সেই অনুসৰি বৰ্তমানলৈকে বিজ্ঞান, সাহিত্য, ইতিহাস, সমাজ, সংস্কৃতি আদি বিষয়ৰ বিশ্বকোষ প্ৰকাশ কৰি উলিয়াইছে। প্ৰতিবছৰে (বর্তমানে প্রতি দুবছৰৰ মূৰত) বিশাল আয়োজনেৰে অনুষ্ঠিত সভাৰ অধিৱেশনবোৰ অসমৰ এক উল্লেখযোগ্য তথা জনপ্রিয় অনুষ্ঠানৰূপে পৰিগণিত হৈছে।

অসম সাহিত্য সভা

সামৰণি:

সম্প্রতি কিছুপৰিমাণে বিতৰ্কত ডুব গ’লেও সাহিত্য সভা আজিও অসমৰ কাৰণে অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান হৈ আছে। ৰাজ্যখনৰ চুকে-কোনে সিঁচৰতি হৈ থকা বহু সাহিত্যপ্ৰেমীৰ বাবে ই এক অতি আদৰৰ অনুষ্ঠান। সাহিত্য চৰ্চা আৰু অসমীয়া ভাষাৰ কাণ্ডাৰীসকলে পতা এই অনুষ্ঠানক অসমীয়া জাতিয়ে সন্মানৰ চকুৰে চাই আহিছে।

(আশা কৰোঁ আপুনি “অসম সাহিত্য সভা” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “অসম সাহিত্য সভা” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top