ইতিহাস আৰু বৰ্তমানৰ প্ৰযুক্তি-storage device to tv in Assamese

প্ৰযুক্তি

আজিকালি প্ৰযুক্তি ইমান দ্ৰুতগতিত আগবাঢ়িছে যে ইয়াৰ অবিহনে আমি কাম কৰিব নোৱাৰো। তথাপি আমি বৰ্তমান সময়লৈ কেনেকৈ আহিলোঁ আৰু অতীতত এইবোৰ কেনেকুৱা আছিল সেই কথা বুজাটোও সমানেই গুৰুত্বপূৰ্ণ। আপোনাৰ স্মাৰ্টফোনৰ পৰা আৰম্ভ কৰি আপোনাৰ ঘৰত মাউণ্ট কৰা টিভিলৈকে আমি আজি এই পুৰণি প্ৰযুক্তি কিছুমানৰ বিষয়ে আলোচনা কৰিম আৰু বৰ্তমান উপলব্ধ প্ৰযুক্তিৰ সৈতে তুলনা কৰিম। গতিকে এই প্ৰযুক্তিবোৰৰ বিষয়ে জানিবলৈ পোষ্টটো শেষলৈকে পঢ়ক।

Storage Device প্ৰযুক্তি 

আজি আপুনি আপোনাৰ স্মাৰ্টফোনটোত বহুতো Data ষ্ট’ৰ কৰিব পাৰে। কিন্তু আপুনি জানেনে যে ১৮ শতিকাত এটা সূতা নিৰ্মাণ কৰা কাৰখানাৰ ভিতৰত তথ্য সংৰক্ষণৰ প্ৰযুক্তি উদ্ভাৱন হৈছিল। এই প্ৰযুক্তিক পাঞ্চ কাৰ্ড বুলি জনা গৈছিল। ইয়াত এই Data হাতেৰে কাৰ্ডত ভৰোৱা হৈছিল আৰু পিছলৈ এই কাৰ্ডবোৰ Reader ত ভৰাই এই তথ্য Digitally সলনি কৰা হৈছিল। কাৰ্ড এখনত কৰা ফুটাবোৰে এটা বাইনাৰী ক’ডক প্ৰতিনিধিত্ব কৰিছিল। কাৰ্ডৰ Hole ত মাত্ৰ এটা সৰু তথ্যৰ ক’ডহে সংগ্ৰহ কৰা হৈছিল।

প্ৰযুক্তি

১৯৬০ চনলৈকে এই পদ্ধতি সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। ইফালে ১৯৫৬ চনৰ সময়ো আহিল। যেতিয়া IBM এ বিশ্বৰ প্ৰথম হাৰ্ড ডিস্ক নিৰ্মাণ কৰিছিল, যাৰ নাম আছিল IBM MODEL ৩৫০। কেৱল এই ডিস্কৰ ওজন আছিল ৯৭১ কিলোগ্ৰাম অৰ্থাৎ প্ৰায় এক টন ওজন। ইয়াৰ ভিতৰত ২৪ ইঞ্চিৰ ৫০খন Storage Disc ইনষ্টল কৰা হৈছিল আৰু এই সকলোবোৰ ডিস্কে একেলগে মুঠ ৩.৭৫ MB ডাটা Store কৰিব পাৰিছিল। এই ড্ৰাইভটো ডাঙৰ ডাঙৰ কোম্পানী বোৰে ভাড়াত লৈছিল যাৰ ভাড়া আছিল ৩২০০$ অৰ্থাৎ প্ৰতিমাহে প্ৰায় ২.৬৫ লাখ টকা।

প্ৰযুক্তি

এতিয়া আপুনি হয়তো ভাবিছে যে আজিৰ সময়ৰ এটা গীতো ভৰাব নোৱাৰা এই ড্ৰাইভ সেই সময়ত কিমান অমূল্য আছিল। কিন্তু তাৰ এটা দশকৰ পিছত সেই সময় আহিল যেতিয়া ফ্লপি ডিস্কে এই বিশাল মেচিনটোৰ ঠাই ল’লে। এই আচৰিত সৰু আৰু পাতল ডিস্কখনে আত্মপ্ৰকাশ কৰিছিল ১৯৭১ চনত। সেই সময়ত ই তিনিটা মডেলত উপলব্ধ আছিল, য’ত ইয়াৰ উচ্চতা আছিল ক্ৰমে ৮ ইঞ্চি, ৫.২৫ ইঞ্চি আৰু ৩.৫ ইঞ্চি। সেই সময়ত আটাইতকৈ ডাঙৰ ফ্লপি ডিস্কত এটা সময়ত প্ৰায় ৮০ KB ডাটা Store কৰি ৰাখিব পাৰিছিল। অৰ্থাৎ আজিৰ ৪ MB গীত এটা সংৰক্ষণ কৰিবলৈ সেই সময়ত এনে ৫০খন ফ্লপি ডিস্কৰ প্ৰয়োজন আছিল। কিন্তু ১৮৮৬ চনৰ ভিতৰত IBM-এ ১.৫ মেগাবাইট পৰ্যন্ত তথ্য সংৰক্ষণ কৰিব পৰাকৈ ৩.৫ ইঞ্চিৰ ফ্লপি ডিস্ক নিৰ্মাণ কৰিছিল।

তাৰ পিছত ১৯৯৯ চনত সেই সময় আহিল যেতিয়া প্ৰথম আৰু আটাইতকৈ সৰু SD মেমৰি কাৰ্ড তৈয়াৰ কৰা হ’ল। ইয়াত প্ৰথমে Sandisk, Matsushita আৰু Toshiba ই বজাৰত ইয়াক উপলব্ধ কৰাইছিল। আৰু ২০০০ চনত পেন ড্ৰাইভ পোন প্ৰথমবাৰৰ বাবে বজাৰলৈ আহিছিল যিটো আমি আজিলৈকে ব্যৱহাৰ কৰি আহিছো, প্ৰথম অৱস্থাত পেন ড্ৰাইভে ৮ মেগাবাইট ডাটা Store কৰিব পাৰিছিল, কিন্তু আজিৰ সময়ত পেন ড্ৰাইভে নিজৰ ভিতৰত শ শ GB ডাটা Store কৰিব পাৰে।

বৰ্তমান সময়ত Micro SD কাৰ্ডো বজাৰত উপলব্ধ যিবোৰ নখতকৈ সৰু আৰু ইহঁতে ১ TB পৰ্যন্ত ডাটা Store কৰিব পাৰে। যদি আমি তুলনাৰ কথা কওঁ, তেন্তে ১৯৫৬ চনত নিৰ্মিত IBM MODEL ৩৫০ মেচিনৰ সংখ্যা প্ৰায় ২৭০ হাজাৰ হলেহে, তেতিয়াহে ই এই সৰু Micro SD কাৰ্ডৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিব। ইয়াৰ বাহিৰেও আজি মানুহে Cloud Storage ৰ দিশত আগবাঢ়িছে আৰু অনুমান কৰা হয় যে ২০২৫ লৈ প্ৰায় ১০০ Zettabyte ডাটা ক্লাউড ষ্ট’ৰেজত store কৰা হব যিটো এক বিলিয়ন Terabytes ৰ সমান।

মোবাইল

আজিকালি স্মাৰ্টফোন আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে। কিন্তু অলৌকিকভাৱে স্মাৰ্টফোনৰ ইতিহাস অতি চুটি। ১৯৭৩ চনৰ এপ্ৰিল মাহত মটৰ’লাত কৰ্মৰত গৱেষক মাৰ্টিন কুপাৰে বিশ্বৰ প্ৰথমটো চেলুলাৰ ফোন তৈয়াৰ কৰি বিশ্ববাসীক চমক খুৱাইছিল। তেওঁ প্ৰথমটো ফোন কৰি বিশ্ববাসীক জনাইছিল যে মটৰ’লাই বিশ্বৰ মোবাইল ফোন প্ৰযুক্তিগত দৌৰত জয়লাভ কৰিছে। তেওঁৰ ডিভাইচটোত এক single লাইন ডিছপ্লে আছিল আৰু গোটেই ফোনটোৰ ওজন আছিল প্ৰায় ১ কিলোগ্ৰাম। আচৰিত কথাটো হ’ল যে ইয়াক ১০ ঘণ্টা চাৰ্জ কৰিবলগীয়া হৈছিল আৰু ইমান সময় চাৰ্জ কৰাৰ পিছতো ইয়াৰ দ্বাৰা মাত্ৰ ৩০ মিনিট হে কথা পাতিব পাৰিছিল।

প্ৰযুক্তি

১৯৮৩ চনৰ ২১ ছেপ্টেম্বৰত মটৰ’লাই প্ৰথমটো বাণিজ্যিক মোবাইল ফোন মুকলি কৰিছিল এই ফোনটোৰ নাম আছিল Motorola DynaTAC 8000X. আৰু তেতিয়াই ই সাধাৰণ জনতাৰ বাবে উপলব্ধ হৈ পৰিল। কিন্তু তথাপি এই খবৰটো সমগ্ৰ বিশ্ববাসীলৈ প্ৰচাৰ কৰাটো এটা কঠিন কাম আছিল। এই বিলাসী মোবাইলটোৰ দাম আছিল ৪০০০ ডলাৰ অৰ্থাৎ প্ৰায় ৩.৩২ লাখ টকা। কিন্তু ইয়াত গ্ৰাহকে মাত্ৰ ২০ ৰ পৰা ২২ মিনিটৰ টক টাইমহে পাব পাৰিছিল। একে সময়তে ইয়াৰ বেটাৰী গোটেই ফোনটোতকৈ চাৰি-পাঁচগুণ গধুৰ আছিল।

১৯৯২ চনলৈকে মোবাইল ফোন ৰাজকীয় প্ৰতিপত্তিৰ প্ৰতীক হৈ নাথাকিল। ইয়াৰ পিছত Nokia বজাৰলৈ আহিল যিয়ে মোবাইল জগতখন সম্পূৰ্ণৰূপে সলনি কৰি পেলালে। এই কোম্পানীটোৱে প্ৰথমে Nokia ১০১১ মুকলি কৰিছিল। এই মোবাইলটোৱে সেই সময়ত ৯৯টা নম্বৰ Store কৰিব পাৰিছিল। ইয়াৰ উপৰিও এই ফোনটোক Nokia ৰ আটাইতকৈ আইকনিক ফোন বুলিও গণ্য কৰা হৈছিল। তাৰ পিছত Nokia ৩৩১০ বজাৰলৈ আহিল আৰু এই ফোনতেই প্ৰথমে Text মেছেজ পঠিয়াব পৰা প্ৰযুক্তি আছিল।

প্ৰযুক্তি

২০০৭ চনলৈকে Nokia ই সম্পূৰ্ণৰূপে বিশ্বত নিজৰ প্ৰভুত্ব বিস্তাৰ কৰিছিল। ইয়াৰ পিছত ২৯ জুন ২০০৭ ত ষ্টিভ জবছ আৰু তেওঁৰ সহযোগীসকলে প্ৰথম প্ৰজন্মৰ আইফোনটো বজাৰত মুকলি কৰিছিল। যাৰ স্ক্ৰীণ আছিল প্ৰায় ৩.৫ ইঞ্চি, টক টাইম আছিল ৮ ঘণ্টা আৰু লগতে অত্যাধুনিক New Application Features ও উপলব্ধ আছিল। আজি সমগ্ৰ বিশ্বতে মোবাইল ফোন নিৰ্মাণ কৰা ১৫০ টাতকৈও অধিক কোম্পানী আছে যদিও আজিও এই সকলোবোৰতকৈ Apple বহুখিনি আগবাঢ়ি আছে। শেহতীয়া নতুন আইফোন ১৫ যিটোত ৬.৭ ইঞ্চিলৈ Screen আৰু লগতে ইয়াত Super Retina XDR display দিয়া হৈছে। ইয়াৰ উপৰিও ইয়াত ১ TB পৰ্যন্ত ডাটা Store কৰিব পাৰি।

প্ৰযুক্তি

টেলিভিছন

১৯০০ চনৰ আশে-পাশে টিভি বোলা কোনো বস্তু নাছিল। ই মাত্ৰ এটা ধাৰণাহে আছিল যাৰ ওপৰত সেই সময়ত বিবেচনাহে আৰম্ভ হৈছিল। কিন্তু এই ধাৰণাটোৰ ওপৰত কোনো সুনিৰ্দিষ্ট পদক্ষেপ ল’বলৈ ২৪ বছৰ সময় লাগিল। হয়, মই ১৯২৪ চনৰ কথা কৈছোঁ যেতিয়া John Logie Baird এ এটা মেচিন নিৰ্মাণ কৰিছিল য’ত দ্ৰুতগতিত ঘূৰি থকা ডিস্কৰ মাজেৰে পোহৰৰ ৰশ্মি এটা পাৰ হৈ গৈছিল। অৰ্থাৎ ডিস্কত উপস্থিত ফটোবোৰ স্কেন কৰি ট্ৰেন্সমিট কৰা হৈছিল।

ইয়াৰ পিছত পোন প্ৰথমবাৰৰ বাবে দুটা টিভি Lounch কৰা হ’ল, যাৰ নাম আছিল Baird model B আৰু Baird model C. এইবোৰ আচলতে ডাঙৰ ডাঙৰ বাকচ আছিল, যাৰ ভিতৰত বহুতো সৰু সৰু ডিছপ্লে লগোৱা আছিল। সেই সময়ৰ সকলো টিভি Mechanical TV আছিল, কিন্তু আপুনি এইটোও জানে যে আজিৰ সকলো টিভি ডিজিটেল হৈ পৰিছে।

প্ৰযুক্তি

সেই সময়ত টিভিবোৰে লাইন স্কেন কৰিছিল আৰু এই টিভিটোৱে এক চেকেণ্ডত মাত্ৰ ৩০টা লাইনহে স্কেন কৰিবলৈ সক্ষম হৈছিল। উদাহৰণস্বৰূপে, কোনো ভিডিঅ’ আপুনি 144p ত চাবলৈ চেষ্টা কৰক, অৰ্থাৎ এইক্ষেত্ৰত এটা ফ্ৰেমত ১৪৪টা লাইনহে স্কেন কৰা হ’ব। 144p ত ভিডিওটো একেবাৰে নিম্নমানৰ হব আৰু আপুনি চাই একেবাৰেই ভাল নাপাব। এইক্ষেত্ৰত ভিডিওটো একেবাৰেই Blur দেখা যাব। এতিয়া ভাবি চাওকচোন, আৰম্ভণিৰ পৰ্দাবোৰ ইয়াতকৈ পাঁচগুণ বেছি Blur আছিল।

১৯৩০ চনত প্ৰথম ইলেক্ট্ৰনিক টিভি চেট আহিল। ইয়াত কেথ’ড ৰে টিউব ব্যৱহাৰ কৰা হৈছিল। যিয়ে এটা সময়ত ৪০৫টা line স্কেন কৰিব পাৰিছিল। এই টিভিটো প্ৰাৰম্ভিক টিভিতকৈ ১৩ গুণ শক্তিশালী আছিল। এতিয়া টিভিৰ শক্তি পিক্সেলত গণনা কৰিবলৈ আৰম্ভ কৰা হ’ল।

ইয়াৰ পিছত ১৯৬০ চনত পৃথিৱীলৈ প্ৰথম ৰঙীন টিভি আহিল। ইয়াৰ পিছত আটাইতকৈ ডাঙৰ উদ্ভাৱন আহিল LCD ৰ ৰূপত যিয়ে কেথ’ড ৰশ্মিক সম্পূৰ্ণৰূপে সলনি কৰিলে আৰু আজিকালি আমি দেখিবলৈ পোৱা LED হ’ল বৰ্তমান সময়ৰ এটা অত্যাধুনিক প্ৰযুক্তি।

(আশা কৰোঁ আপুনি “ইতিহাস আৰু বৰ্তমানৰ প্ৰযুক্তি-storage device to tv in Assamese” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “ইতিহাস আৰু বৰ্তমানৰ প্ৰযুক্তি-storage device to tv in Assamese” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top