অতি পুৰণি কালত এজন মানুহৰ ছটা ল’ৰা আছিল। আটাইতকৈ সৰু ল’ৰাটো জন্মৰ পৰাই এটা লােদোৰ-পােদোৰ গাহৰিৰ আকৃতিৰ আছিল। তাৰ কুৎসিত ৰূপটোৰ কাৰণে ককায়েকহঁতে তাক ঘিণ কৰিছিল আৰু আনৰ আগত নিজৰ ভায়েক বুলি পৰিচয় দিবলৈকো বেয়া পাইছিল। তাক ফাকছ’ কইনেক’ (কুৎসিত গাহৰি) বুলি সকলােৱে মাতিবলৈ ধৰিলে আৰু তাক ঘৰৰ চকুতহে থাকিবলৈ ঠাই দিলে।
ফাকছ’ কইনেক লাহে লাহে ডাঙৰ হ’ল সুখ-দুখৰ কথাবােৰ বুজিব পৰা হ’ল। ককায়েকহঁতৰ পৰা মৰমৰ পৰিবৰ্তে ঘৃণা আৰু ককৰ্থনাৰ পাত্র হ’বলগীয়া হােৱা বাবে ফাকছ’ কইনেকৰ মনত বৰ দুখ। সি ককায়েহঁতৰ লগত একেলগে বহি ভাত খাব নােৱাৰে আৰু ঘৰৰ পানী-কোঠাতহে থাকিবলৈ পায়। ফাকছ’ কইনেকৰ কিছুমান ঐশ্বৰিক মহিমা আছিল। সেই মহিমাৰ কথা ককায়েকহঁতে জানিবলৈ চেষ্টা নকৰা দেখি সি কিছু আচৰিত হ’ল।
সময়ৰ চকা ঘূৰিল। জুম-খেতিৰ বতৰ পালেহি। ককায়েকহঁত এতিয়া পুৱাই ঘৰৰ পৰা খেতি পথাৰলৈ ওলাই যায়। ফাকছ’ কইনেকে ঘৰৰ চুকতে শুই ককায়েকহঁতে যােৱাৰ ফালে চাই থাকে। এদিনাখন ককায়েকহঁতে তাক শুই থকা দেখি নানাপ্ৰকাৰে গালি পাৰিলে আৰু শুই শুই সিহঁতৰ উপাৰ্জনৰ ফল খাই সময় কটোৱা বুলি ভৎসনা কৰিলে। | ককায়েকহঁতৰ কথাবােৰ শুনি সি নিৰলে চকুপানী টুকিলে। ককায়েকহঁত যােৱাৰ পাছত ফাকছ’ কইনেকে বৌৱেকহঁতক ক’লে, “বৌহঁত, ময়াে আৰ খেতি কৰো। মােক লৈ ককাইদেউহঁতৰ বহুতাে কষ্ট হৈছে। গতিকে মােৰ পিঠিত তােমালােকে দা এখন বান্ধি দিয়া, মই হাবি কাটোগৈ।
তাৰ কথা শুনি বৌৱেকহঁতে তাক হাক দিলে আৰু ঘৰতে থাকিবলৈ কলে। বৌৱেকহঁতৰ বুজনি সি নামানিলে আৰু পিঠিত দা খন লৈ কু-এক্কু-এক্ বুলি দূৰৰ পাহাৰৰ ফালে খােজ ল’লে।
ফাকছ’ কইনেকে গৈ গৈ এজোপা গছৰ ছাঁত জিৰণি ল’লে আৰু তাৰ গাহৰিৰূপী ছালখন খহাই গছৰ খােৰােঙত লুকুৱাই থলে। ঘৰৰপৰা অনা দাখন হাতত লৈ গভীৰ হাবি এফালৰ পৰা কাটি যাবলৈ ধৰিলে। এইদৰে ফাকছ’ কইনেকে বৌৱেকহঁতৰ মৰমত হাবি কটা কাম শেষ কৰিলে। সি সদায় ঘৰলৈ উভতি যাওঁতে খােৰােঙত লুকুৱাই থােৱা ছালখন পিন্ধি লয় আৰু গাহৰিৰ দৰে হৈ পৰে। ফাকছ’ কইনেকে আৰ খেতি কৰিবলৈ লৈছে বুলি ওলােৱা কথাই গাঁৱৰ মানুহক আচৰিত কৰিলে। কিন্তু ককায়েকহঁতে গাহৰিয়ে ক’ত খেতি কৰিব বুলি কৈ হাঁহিলে মাথােন।
কেইদিনমানৰ পিছত অঙঠা খৰি এডোখৰ পিঠিত বান্ধি দিবলৈ সি বৌৱেকহঁতক কলে। সেই অঙঠা খৰিৰে সি আৰখনত জুই দিলে। ৰ’দত শুকাই থকা হাবিবােৰত দপ্ দপ্ কৰি জুই জ্বলি উঠিল। জুইৰ ধোৱাই আকাশ ছানি ধৰিলে। গাঁৱৰ মানুহে কোৱা-কুই কৰিলে –“সেয়া ফাকছ’ কইনেক আৰত জুই জ্বলিছে। জুয়ে পুৰি তাৰ আৰখন ধান পেলাবৰ উপযুক্ত কৰিলে।”
এইদৰেই বৌৱেকহঁতৰ মৰমত সি ধান, মাকৈ, বাঙি, আলু, কচু আদিৰ সঁচবােৰ পিঠিত বান্ধি লৈ গৈ খেতি কৰিবলৈ ধৰিলে। কিছুদিনৰ পিছত তাৰ পথাৰখন ধানেৰে নদনবদন হৈ পৰিল। ফাকছ’ কইনেকে কেনেকৈ খেতি কৰিছে চাই আহোঁ বুলি গাঁৱৰ মানুহে তাৰ পথাৰখন চাবলৈ গৈ আচৰিত হ’ল।
এই কথাটো ককায়েকঁতৰ কাণত পৰিল; কিন্তু সিহঁতে বিশ্বাস নকৰি তাৰ কথা কবলৈ বাধা দিলে।
জুমতলীৰ ধান পকিল আৰু সি কাচিৰে পকা ধান দাৰলৈ ধৰিলে। ধান দাই আঁতােৱাৰ পিছত বৌৱেকহঁতক ধান আনিবলৈ অনুৰােধ কৰিলে। ফাকছ’ কইনেকে খেতি কৰা ধান আনিবলৈ গৈ বৌৱেকহঁত আচৰিত হ’ল। সি যে এনে কাম কৰিব পাৰে, বৌৱেকহঁতে ভাবিবকে পৰা নাছিল। ফাকছ’ কইনেকৰ এই অদ্ভুত কার্যইও ককায়েকহঁতৰ মন সলনি কৰাব নােৱাৰিলে। আগৰ দৰেই সিহঁতে তাক ঘৃণাৰ দৃষ্টিৰে চাই থকা হ’ল।
এদিনাখন সেই দেশৰ ৰাজকুঁৱৰীৰ সয়ম্বৰ বাতৰি দশােদিশে প্ৰচাৰ হ’ল।
ফাকছ’ কইনেকহঁতৰ গাঁৱলৈকো সয়ম্বৰৰ বাতৰি আহিল। নির্দিষ্ট দিনত ৰাজসভাত সয়ম্বৰৰ আয়ােজন হ’ল। বিভিন্ন দেশৰ ৰাজকোৱৰ বাহিৰেও দেশৰ সাধাৰণ প্ৰজাৰে ৰাজসভা ভৰি পৰিল। ৰাজকুঁৱৰীয়ে ফুলৰ মালা লৈ চাৰিওফালে চাই, দুখ মনে অন্তেষপুৰলৈ সােমাই গ’ল। এই ঘটনাই ৰজাক আচৰিত কৰি তুলিলে। ৰাজসভাৰ প্ৰতি উদ্দেশ্য কৰি ৰজাই ক’লে, – “এই দেশৰ কোনােবা লােক নহাকৈ আছে নেকি? যদি আছে তৎকালেই সয়ম্বৰ সভালৈ আহিব লাগে।”
ৰাজ-ঘােষণা শুনাৰ লগে লগে সভাকক্ষ নিজান পৰিল। এনেতে একাষৰ পৰা এজনে মাত লগালে, “হে মহাৰাজ, মই জনাত ফাকছ’ কইনেক অহা নাই। সেই কুৎসিত মানুহটোৰ বাহিৰে আজিৰ সভাত সকলাে প্রজা উপস্থিত আছে।”
ৰাজ-সিংহাসনৰ পৰা ৰজাই আদেশ দিলে, “সি দেখাত যেনেকুৱাই নহওক, তৎক্ষণাত তাক ৰাজসভালৈ লৈ আহিব লাগে।” ৰজাৰ এই আদেশ শুনি ৰাজসভাত নানা আলােচনা হ’বলৈ ধৰিলে। বহুতে প্রশ্ন কৰিলে সেই কুৎসিত গাহৰিটোক আনি কি কৰিব? ৰজাৰ কিবা মতিভ্রম হ’ল নে কি?”
ইতিমধ্যে ৰাজকটকী গৈ ফাকছ’ কইনেকৰ ঘৰ পালেগৈ। ৰাজকটকীৰ আগমনৰ কাৰণ সদৰী কৰাত সি আচৰিত হ’ল আৰু ক’লে, “হে ৰাজকটকী! ৰজাক মােৰ সেৱা জনাবা। মই ৰাজকন্যাৰ কাৰণে উপযুক্ত পাএ নহওঁ। মােৰ এই কুৎসিত ৰূপেৰে ৰজাক লাজত পেলাবৰ ইচ্ছা নাই। মই যাব নােৱাৰিম।”
কটকীয়ে বুজাই ক’লে, “ৰাজ আদেশ অৱমাননা কৰিব নাপায়। নগলে তােমাৰ প্ৰাণ দিব লাগিব। তুমি তুস্তে যাবলৈ সাজু হােৱা।” এই কথা শুনি ফাকছ’ কইনেকে ৰাজকটকীৰ পিছ ল’লে।
ৰাজসভাত সমােৱাৰ লগে লগে ফাকছ’ কইনেকৰ ৰূপ দেখা পাই ৰাজসভাত হাঁহিৰ খলকনি উঠিল। সি ৰাজসভাৰ চুকত মুখ লুকুৱাই মাটিতে বহি ৰ’ল। | ফাকছ’ কইনেক ৰাজসভালৈ অহাৰ কথা ৰজাক জনােৱা হ’ল।ৰাজকুমাৰীয়ে ফুলৰ মালা লৈ ৰাজসভাৰ চাৰিওফালে ঘূৰি ঘূৰি চালে আৰু চুকত লুকাই থকা ফাকছ’ কইনেকৰ ডিঙিত ফুলৰ মালা পিন্ধাই স্বামীবৰণ কৰিলে।
ৰাজকুঁৱৰীৰ এই সিদ্ধান্তই আন ৰাজকোঁৱৰসকলক অপমানিত কৰিলে আৰু তেওঁলােকে নানা প্রকাৰে ফাকছ’ কইনেকক ভৎসনা কৰি ৰাজসভা ত্যাগ কৰিলে। ৰজায়াে বৰ আশ্চর্য মানিলে। কিন্তু সয়ম্বৰ প্রথা অনুসৰি কুৎসিত গাহৰিৰূপী ফাকছ’ কইনেকক জোঁৱাই বুলি ৰাজকুঁৱৰীৰ লগত বিবাহকার্য সম্পন্ন কৰিলে।
ফাকছ’ কইনেক দিনৰ ভাগত গাহৰি ৰূপত থাকে; কিন্তু ৰাতি হলে সুন্দৰ ৰাজকোঁৱৰৰ ৰূপ লয়। এই পৰিৱৰ্তন ৰাজকুঁৱৰীয়ে দেখিলে আৰু সখীয়েকক এই আচৰিত ঘটনাৰ কথা ক’লে। বহুত দিন অনুসন্ধান কৰাৰ পিছতহে সখীয়েকে এই ৰহস্যৰ কথা জানিলে। ফাকছ’ কইনেকে গধুলি হােৱাৰ লগে লগে তাৰ গাহৰিৰূপী ছালখন খহাই লুকাই থয় আৰু সুর্যোদয়ৰ আগতে পুনৰ ছালখন আনি গাত লগাই গাহৰিৰ আকৃতি ধাৰণ কৰে।
এদিনাখন ৰাতি ৰাজকুঁৱৰীৰ বুদ্ধি মতে সখীয়েকে সেই লুকাই থােৱা ছালখন জুইত পুৰি পেলালে। তাৰ পাছৰ পৰা ফাকছ’কইনেকে সেই কুৎসিত গাহৰি ৰূপৰ পৰিৱর্তে সুন্দৰ ৰাজপুৰুষৰ ৰূপ লাভ কৰিলে। ফাকছ’কইনেকৰ এই পৰিৱর্তনে ৰজা-ৰাণীৰ মুখত আনন্দৰ হাঁহি ঘূৰাই আনিলে আৰু যথা সময়ত ফাকছ’ কইনেকক সেই দেশৰ ৰজা পতা হ’ল।