লােকপ্রিয় গােপীনাথ বৰদলৈ-Gopinath Bardoloi

লােকপ্রিয় গােপীনাথ বৰদলৈ-Gopinath Bardoloi

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি “লােকপ্রিয় গােপীনাথ বৰদলৈ-Gopinath Bardoloi” ৰচনা খনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত চিৰস্মৰণীয় ব্যক্তি গােপীনাথ বৰদলৈৰ জীৱনৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, গােপীনাথ বৰদলৈৰ জীৱনৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

এই পৃথিৱীত সময়ে সময়ে এনে কেইজমান মহান লোকৰ জন্ম হৈছে যাৰ কাম আৰু ব্যক্তিত্বৰ চৰ্চা শ শ বছৰলৈ থাকে। তেনে ব্যক্তিৰ আদৰ্শতে পৰৱৰ্তী প্রজন্মই নিজৰ জীৱন গঢ়িব বিচাৰে। পৰাধীনতাৰ শিকলি ছিঙি স্বাধীনতাৰ বাটত ভাৰতক আগবঢ়াই নিবলৈ যিসকলে অহোপুষাৰ্থ কৰিছিল তেওঁলোকৰ আদৰ্শই আজিও আমাক অনুপ্রাণিত কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত যি কেইজন লোকৰ নাম চিৰস্মৰণীয় হৈ জিলিকি থাকিব সেইকেইজনৰ ভিতৰত অসমৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্যতম।

লােকপ্রিয় গােপীনাথ বৰদলৈ-Gopinath Bardoloi

লােকপ্রিয় গােপীনাথ বৰদলৈ-Gopinath Bardoloi

জন্ম আৰু শিক্ষা:

১৮৯০ চনৰ জুন মাহৰ ৬ তাৰিখ দেওবাৰে নগাঁওৰ ৰহাত লোকপ্ৰিয় বৰদলৈৰ জন্ম হয়। তেখেতৰ পিতৃৰ নাম আছিল বুদ্ধিশ্বৰ বৰদলৈ আৰু মাতৃৰ নাম আছিল প্ৰাণেশ্বৰী দেৱী। বৰদলৈৰ দেউতাক আছিল চৰকাৰী চিকিৎসক। ৰহাতে বৰদলৈদেৱৰ প্রাথমিক শিক্ষা আৰম্ভ হয়। কিছুদিন পাছত দেউতাক মঙলদৈলৈ বদলি হয়।

সেই সময়ত বাট-পথ সুচল নোহোৱা হেতু তেওঁলোকে নাৱেৰে যাত্ৰা কৰিছিল। এসপ্তাহ ধৰি হোৱা নৌকাযাত্ৰাৰ ভিতৰতে শিশু বৰদলৈদেৱে মহাভাৰতখন পঢ়ি শেষ কৰিছিল। বৰদলৈৰ প্ৰায় ১২ বছৰ বয়সত মাতৃবিয়োগ ঘটে। বায়েক শশীকলা দেৱী সতইে বিধৱা হোৱা হেতু দেউতাকে বায়েককো নিজৰ ঘৰলৈ লৈ আহে। সেই সময়ৰ পৰাই বৰদলৈ ডাঙৰীয়া বায়েকৰ তত্বাৱধানত ডাঙৰ দীঘল হয় আৰু গুৱাহাটীৰ কটন কলেজিয়েটত হাইস্কুলীয়া শিক্ষা আৰম্ভ কৰে।

১৯০৭ চনত তেখেত কটন কলেজিয়েট স্কুলৰ পৰা বৃত্তি সহকাৰে প্ৰথম বিভাগত প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত ১৯০৯ চনত কটন কলেজৰ পৰাই আই এ পৰীক্ষাতো সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সেই সময়ত কটন কলেজত অনাৰ্চ লৈ পঢ়াৰ সুযোগ নাছিল, সেয়েহে তেখেতে কলিকতাৰ স্কটিচ চাৰ্চ কলেজত বুৰঞ্জীত অনাৰ্চ লৈ বি এত নাম লগায়। ১৯১১ চনত অনাৰ্চসহ উচ্চ দ্বিতীয় শ্রেণী লাভ কৰি বি এ পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতা বিশ্ববিদ্যালয়ত বুৰঞ্জীত এম এৰ লগতে অইন পঢ়িবলৈ লয়। যথা সময়ত ১৯১৪ চনত এম এ পৰীক্ষাৰ লগতে আইনৰো এটা পৰীক্ষাত উত্তীৰ্ণ হয়।

গােপীনাথ বৰদলৈ-Gopinath Bardoloi

কৰ্ম জীৱনৰ আৰম্ভণী:

এম এ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত তেখেতে ঘৰলৈ ঘূৰি আহি দেশভক্ত তৰুণৰাম ফুকনৰ পৰামৰ্শতি সোণাৰাম হাইস্কুলৰ প্ৰধান শিক্ষকৰ পদ গ্ৰহণ কৰে। শিক্ষকতা কৰি থকা অৱস্থাতে আইনৰ উপাধি গ্ৰহণ কৰি বৰদলৈদেৱে গুৱাহাটীত ওকালতি আৰম্ভ কৰে আৰু শিক্ষকৰ চাকৰি এৰি দিয়ে।

বিবাহ আৰু অন্যান্য:

২৮ বছৰ বয়সত গোপীনাথ বৰদলৈ সুৰবালা দেবীৰ লগত বিবাহ-পাশত আবদ্ধ হয়। পঢ়াৰ উপৰিও বৰদলৈ ডাঙৰীয়াই খেলা-ধূলা, ছবি অকা, সংগীত চৰ্চা, নাট্যাভিনয় আদিও কৰিছিল। স্কটিচ চাৰ্চ কলেজত পঢ়ি থাকোতে তেখেতে কলেজত ক্রিকেট দলত স্থান লাভ কৰিছিল। ডেকা কালত কুমাৰ ভাস্কৰ মন্দিৰত কেইবাখনো নাটকত অভিনয় কৰি প্ৰশংসা লাভ কৰিছিল। এম এ পৰীক্ষা দি আহি কটন কলেজৰ ছাত্ৰসকলৰ অনুৰোধত ‘জুলিয়াচ চিজাৰ’ নাটকত বৰদলৈয়ে কৰা ‘এন্টনিঅ’ৰ অভিনয় পণ্ডিতপ্রবৰ কৃষ্ণকান্ত সন্দিকৈয়ে প্রশংসাৰে সুৱৰি গৈছে।

গােপীনাথ বৰদলৈ-Gopinath Bardoloi

ৰাজনৈতিক জীৱন:

১৯২১ চনত বৰদলৈদেৱ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে আৰু ওকালতি বৰ্জন কৰি গান্ধীজীৰ অসহযোগ আন্দোলনত জপিয়াই পৰে। সেইদিন ধৰি মৃত্যুৰ আগমুহুৰ্তলৈকে তেখেতে কংগ্ৰেছৰ নীতি আৰু আদৰ্শৰ প্ৰতি আস্থা অটুট ৰাখিছিল। কংগ্ৰেছৰ অস্পশ্যতা বৰ্জন, কানি নিবাৰণ, খাদীৰ প্ৰচলন আদি কাম-কাজত তেখেতে সক্রিয় অংশ গ্ৰহণ কৰিছিল। নিজৰ চৌখিন সাজ-পোছাক পৰিধান কৰিবলৈ এৰি সূতা কাটি ঘৰত বোৱা ঘৰত চিলোৱা কাপোৰ পৰিধান কৰিবলৈ লোৱা বৰদলৈ আছিল মহাত্মা গান্ধীৰ একান্তভক্ত।

১৯২২ চনৰ আগভাগত বৰদলৈ ডাঙৰীয়াক অসহযোগ আন্দোলনত ভাগলোৱাৰ বাবে ইংৰাজ চৰকাৰে গ্ৰেপ্তাৰ কৰে আৰু এবছৰ কাৰাদণ্ড দিয়ে। ১৯২৬ চনত পান্দুত কংগ্ৰেছৰ অধিবেশন বহে। বৰদলৈ আছিল অভ্যর্থনা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক। ১৯৩০-৩১ চনত মাহাত্মা গান্ধীৰ নেতৃত্বত হোৱা আইন অমান্য আন্দোলনৰ পৰা তেখেত ঘৰুৱা কাৰণত আঁতৰি থাকে। ১৯৩২ চনত তেখেত গুৱাহাটী মিউনিচিপালিটীৰ চেয়াৰমেন হয়।

এই সময়ত দেশহিতৈষী লোক কেইজনমানৰ সহযোগত অসমৰ কাৰণে বিশ্ববিদ্যালয় স্থাপন, উচ্চ ন্যায়ালয় স্থাপন আদি জনহিতকৰ কামত লাগে। ১৯৩৭ চনত বৰদলৈদেৱ কংগ্ৰেছৰ প্ৰাৰ্থীৰূপে বিধান সভালৈ নির্বাচিত হয় আৰু বিৰোধী দলৰ দলপতি হয়। ১৯৩৮ চনত বৰদলৈ ডাঙৰীয়া অসমৰ প্রধানমন্ত্রী (এতিয়াৰ মুখ্যমন্ত্রী) হয়। কিন্তু এবছৰ পাৰ হোৱাৰ পাছতেই কংগ্ৰেছৰ আহ্বানক্রমে বৰদলৈ মন্ত্ৰীসভাই পদত্যাগ কৰে।

ইতিমধ্যে আৰম্ভ হোৱা দ্বিতীয় মহাসমৰত ভাৰতৰ মতামত নোলোৱাকৈয়ে ভাৰতো এই মহাসমৰত জড়িত বুলি ইংৰাজ চৰকাৰে কৰা ঘোষণাৰ প্ৰতিবাদত কংগ্ৰেছে কংগ্ৰেছী মন্ত্ৰীসভাবিলাক পদত্যাগ কৰিবলৈ নিৰ্দেশ দিয়ে আৰু সেই নির্দেশৰ বাবেই বৰদলৈ ডাঙৰীয়াই ১৯৩৯ চনৰ ১৫ নবেম্বৰত মন্ত্ৰী সভাৰ হৈ পদত্যাগ কৰে। ১৯৪০ চনৰ ডিচেম্বৰত গান্ধীজীয়ে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰে। গোপীনাথ বৰদলৈয়ে ১০ ডিচেম্বৰৰ দিনা কটন কলেজৰ সন্মুখত সত্যাগ্ৰহ কৰি গ্ৰেপ্তাৰবৰণ কৰে। তেখেতক যোৰহাট জেলত ৰখা হয়।

কিছুদিনৰ পাছত তেখেতৰ শাৰীৰিক অসুস্থতাৰ হেতু কাৰাগাৰৰ পৰা মুক্তি দি চৰকাৰে নজৰবন্দী কৰি ৰাখে। ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হয়। বৰদলৈ ডাঙৰীয়া পুনৰ কাৰাৰুদ্ধ হ’ল। ১৯৪৪ চনৰ ২৬ আগষ্টত তেখেতক স্বাস্থ্যজনিত কাৰণত মুক্তি দিয়ে। ১৯৪৫ চনত ইংৰাজ চৰকাৰে সাধাৰণ নির্বাচন ঘোষণা কৰিলে। এই নিৰ্বাচনত কংগ্ৰেছ দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু বৰদলৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ মন্ত্রীসভা গঠন হয় ১৯৪৬ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত।

সেই বছৰৰে মে’ মাহত ভাৰতলৈ আহিল ব্ৰিটিছ কেবিনেট মিছন। ব্ৰিটিছ প্ৰধান মন্ত্ৰীয়ে ভাৰতৰ সমস্যাটো সমাধান কৰাৰ এটা সূত্র উদ্ভাৱন কৰি মিছন যোষণা কৰিছিল। সূত্র অনুযায়ী ভাৰতক তিনিটা গ্ৰুপত বিভক্ত কৰাৰ পৰিকল্পনা কৰা হৈছিল। এইয়া আছিল বিখ্যাত ‘গ্ৰুপিং আঁচনি’। এই আঁচনি অনুসৰি অসম আৰু বংগদেশক এটা গ্ৰুপত অন্তর্ভুক্ত কৰা হৈছিল। অসমৰ বাবে এই প্ৰস্তাৱ মাৰাত্মক আছিল।

বৰদলৈ ডাঙৰীয়াই কংগ্ৰেছৰ নেতৃবৃন্দক এই আঁচনিৰ দ্বাৰা হব পৰা অসমৰ পৰিণতিৰ কথা বিশ্লেষণ কৰি দেখুৱাইছিল। কিন্তু ভাৰতৰ কোনো নেতাই এই আচনিৰ বিৰোধিতা কৰিবলৈ সাহস কৰা নাছিল। বৰদলৈয়ে এই আচনিৰ অকলে হলেও বিৰোধিতা কৰিবলৈ স্থিৰ কৰিলে আৰু বৰদলৈৰ নেতৃত্বত অসমবাসীয়ে আন্দোলন আৰম্ভ কৰিলে। এই কাৰ্যত বৰদলৈয়ে মহাত্মা গান্ধীৰ সমর্থন পাইছিল যে অসমক শাখাভূক্ত কৰিলে অসমৰ অস্তিত্ব লোপ পাব আৰু অসম পূব পাকিস্তানৰ অন্তৰ্ভুক্ত হ’ব। অবশেষত অসমীয়াৰ প্ৰবল জনমতত গ্ৰুপিং আঁচনি ব্যর্থ হয়। বৰদলৈ ডাঙৰীয়াৰ জীৱনৰ ই এক অন্যতম কৃতি। অসমবাসীৰ মনত ইয়াৰ বাবে তেওঁ চিৰনমস্য হৈ থাকিব।

গােপীনাথ বৰদলৈ-Gopinath Bardoloi

সামৰণি:

স্বাধীনতা লাভৰ পাছতো বৰদলৈদেৱে মৃত্যু পৰ্যন্ত জনহিতকৰ কামৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। তেখেতৰ যত্ন আৰু চেষ্টাৰ অন্যতম ফল হ’ল গুৱাহাটী বিশ্ববিদ্যালয় প্রতিষ্ঠা। জনজাতিৰ কল্যাণৰ বাবে তেখেতৰ যত্নতে সংবিধানৰ ষষ্ঠ অনুসূচী ৰচিত হয়। তেখেতৰ সাহসীকৃতি সাক্ষী হ’ল তেখেতৰ দ্বাৰা ৰচিত জীৱনী পুথি তৰুণৰাম ফুকন, শ্ৰীৰামচন্দ্র, বুদ্ধদেৱ, যীশুখ্রীষ্ট, হজৰত মহম্মদ, গান্ধীজী আৰু অনুবাদ পুথি আসক্তিযোগ।

১৯৫০ চনৰ ৫ আগষ্টৰ দিনা হৃদৰোগত আক্ৰান্ত হৈ এইজন যুগপ্রেমিকৰ মৃত্যু ঘটে। এইজনা মহান পুৰুষৰ দেশপ্ৰেম আৰু সংসাহসে সৰ্বভাৰতীয় নেতাসকলকো মুন্ধ কৰিছিল। সেয়েহে তেখেতৰ মৃত্যুত ভাৰতৰ সেই সময়ৰ উপ-প্রধানমন্ত্রী চৰ্দাৰ বল্লভভাই পেটেলে ‘ভাৰতে এজন অগ্রগণ্য দেশপ্রেমিক আৰু মহান নেতাক হেৰুৱালে’ বুলি আক্ষেপ প্ৰকাশ কৰিছিল। দেশপ্ৰেম আৰু সংসাহৰ স্বীকৃতিৰূপে বৰদলৈ ডাঙৰীয়াক ভাৰত চৰকাৰে মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ সন্মান ‘ভাৰত ৰত্ন’ৰে বিভূষিত কৰে।

(আশা কৰোঁ আপুনি “লােকপ্রিয় গােপীনাথ বৰদলৈ- Gopinath Bardoloi” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “লােকপ্রিয় গােপীনাথ বৰদলৈ- Gopinath Bardoloi” ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top