গ্রাহক সচেতনতা

ভূমিকা:
পৃথিৱীত বিনিময় ব্যৱস্থাৰে আৰম্ভ হৈছিল প্রথম গ্রাহকৰ জীৱন। প্রয়োজনীয় সামগ্ৰীৰ বাবে সদায় মানুহ আনৰ ওপৰত নিৰ্ভৰশীল। পুৱা চকু মেলাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্ৰতিটো মুহুৰ্ততে আমি হৈ থাকো একোজন গ্রাহক। ঘৰ এখনত সাধাৰণতে এনেকুৱা একো বস্তু নাথাকে যিটো আমি কিনিবলগীয়া নহয়।

চৌপাশৰ প্ৰতি সজাগতা:
এজন গ্রাহক নিজৰ সামাজিক স্থিতি, পৰিৱেশ আৰু জীৱিকাৰ উপায় অনুসৰি বিভিন্ন স্তৰৰ হয়। আধুনিক জীৱন যাত্ৰাহে নালাগে অৰণ্যৰ মানুহ নগৰমুখী হোৱাৰ দিন ধৰি কিবা নহয় কিবা বস্তুৰ গ্ৰাহক হৈ আহিছে। ঘৰ এখনত ব্যৱহাৰ হোৱা নিত্য প্রয়োজনীয় সামগ্রী, আহাৰ, যাতায়াত, বিজুলী, পানী, নগৰ পালিকাৰ বাট-পথ, নলা-নর্দমা ব্যৱস্থাৰ ব্যৱহাৰকাৰী হিচাপেও আমি একোজন গ্রাহক বা উপভোক্তা। সেয়ে এজন ভাল নাগৰিক তথা সচেতন গ্রাহক হিচাপে আমি আমাৰ অধিকাৰৰ প্ৰতি সজাগ হৈ থাকিব লাগে। সাম্প্রতিক সমাজ ব্যৱস্থাত সমাজত সচেতন নাগৰিক আৰু গ্রাহক হিচাপে জীয়াই থাকিবলৈ গ্রাহক সচেতন হোৱাটো অতি প্রয়োজনীয় কথা। সমাজ এখনত ভালদৰে জীয়াই থাকি নিজৰ উপাৰ্জনৰ ধন সঠিকভাৱে খৰচ হৈছে নে নাই তাৰ প্ৰতি আমি সচেতন হব লাগিব। গ্রাহক ব্যক্তিগত আৰু সামাজিক দুয়ো ধৰণৰ জীৱনত সচেতন হোৱাটো জৰুৰী। এজন গ্ৰাহকৰ সচেতনতাই সময়ত বহুজনৰ চকু মুকলি কৰিব পাৰে। তাৰ বাবে লাগিব আমাৰ চৌপাশত কি ঘটি আছে সেই বিষয়ে জ্ঞান। সামাজিক, ৰাজনৈতিক, অর্থনৈতিক দিশত আমাৰ ৰাজ্যৰ তুলনাত বাহিৰৰ ঠাইবোৰত গ্ৰাহকক কেনেকৈ সুৰক্ষা বা লাভ দিয়া হৈছে সেই বিষয়ে জানিবলৈ চেষ্টা কৰাটোৱেই হব প্রথম পর্যায়। উদাহৰণ স্বৰূপে ৰে’ল বিভাগৰ কথাকে ধৰা হওক। অসমৰ ৰে’ল বাহিৰৰ ৰে’লবোৰৰ দৰে নহয় কিয়? বাহিৰৰ ৰে’লবোৰ চাফ-চিকুণতা আৰু টিকট প্ৰাপ্তিৰ নিশ্চয়তাত অসমক কিয় অৱহেলা কৰা হয়। অসমৰ ব্যৱসায়ীসকলে মানি চলেনে গ্রাহক সুৰক্ষা আইন ? নিজৰ উপাৰ্জনৰ পইচা কেইটাৰে বস্তু কিনোতে আমিয়েইবা কিমান লক্ষ্য কৰোঁ। ইয়াৰ সঠিক মূল্যৰ কথা। কিন্তু আমাৰ বেছিভাগ মানুহেই এইক্ষেত্ৰত একো সজাগতা প্রদর্শন নকৰে। আমাৰ দেশত মূল্যবৃদ্ধি, মুদ্রাস্ফীতি, শ্বেয়াৰ বজাৰ আদিৰ বিষয়ে বেছিভাগ মানুহেই একো নাজানে বা জানিবলৈও চেষ্টা নকৰে। অথচ পুজিবাদী ৰাষ্ট্ৰসমূহৰ গ্ৰাহকৰ বাবে ই অতি গুৰুত্বপূৰ্ণ কথা ।

সচেতনতাই ৰক্ষাৰ উপায়:
গ্রাহক এজনৰ সচেতনতাৰ ওপৰত নিৰ্ভৰ কৰে দেশখনৰ অৰ্থনৈতিক অৱস্থা। ভাৰতৰ বিভিন্ন ৰাজ্যত ইতিমধ্যে গ্রাহকসকল সচেতন হোৱা পৰিলক্ষিত হৈছে। কিন্তু অসমৰ গ্ৰাহকসকল এতিয়াও নিজৰ প্রতি সচেতন হৈ উঠা নাই। অসমৰ গ্ৰাহকসকলে বস্তু কিনাৰ পাছত ৰছিদ সংগ্রহ নকৰে। যাৰ ফলত ব্যৱসায়ীসকলে লাভ কৰা উপৰুৱা মুনাফা আমাৰ চকুত পৰা নাই। বয়-বস্তুৰ নাটনি, অনশন-আন্দোলন, প্রাকৃতিক দুর্যোগ আদিৰ দৰে সমস্যা হ’লে ব্যৱসায়ীসকলে অতিৰিক্ত লাভ কৰে। অসমত বিশেষকৈ এইটো কৰাৰ বাবে অতি সুবিধাজনক পৰিৱেশ আছে। কাৰণ অসমীয়া মানুহ সেই ‘এলেহুৱা’ হৈয়ে আছে। ভাৰতৰ বাকী ঠাইবোৰত আমাৰ ইয়াতকৈ সকলো বস্তুৰে দাম কম। অসমৰো বিভিন্ন ঠাইত একেবিধ বস্তুৰে বেলেগে বেলেগ দাম হোৱা দেখা যায়। ব্যৱসায়ী সকলেও যাতায়াত আদিৰ বাবে এনেকৈয়ে অতিৰিক্ত লাভ আমাৰ পৰা লৈ আছে। আমিও তাকে দি আছো। বস্তু লোৱাৰ পাছত কোনো দিনে ৰছিদ লোৱাৰ কথাও ভবা নাই। আমাৰ সচেতনতা নোহোৱাৰ বাবে ৰছিদখনক আমি একেবাৰে গুৰুত্ব নিদিওঁ। কিন্তু ৰছিদ নিদিয়াকৈ গ্ৰাহকক বস্তু বিক্রি কৰাৰ বাবে তেওঁলোকে প্রয়োজনীয় কৰ-কাটলৰ পৰাও ৰেহাই পায়। এনেকৈ আমাৰ দৰে গ্ৰাহকৰ পৰা তেওঁলোকৰ বহু লাভ হয়। ব্যৱসায়ীসকলে বিভিন্ন স্তৰত আমাক প্রবঞ্চনা কৰাৰ উদাহৰণ আছে। আমি প্রায়ে চাহপাত জাতীয় লঘু ওজনৰ বস্তু কিনোতেও প্রতিদিনৰ লোকচান পাহৰি থাকো। পাতল ওজনৰ দামী বস্তুৰ ক্ষেত্ৰত আমি সদায় ঠগবাজিৰ মুখামুখি হওঁ। এনেবোৰ বস্তু দিবৰ সময়ত ব্যৱহাৰ হোৱা ঠোঙাটো ডাঠ কাগজেৰে তৈয়াৰী যাৰ ওজন চাহপাতৰ লগত যোগ হয়, অর্থাৎ আমি চাহপাত কমকৈ পাওঁ। এনেকৈ ছান কঢ়া চাহপাতৰ মাজতে ব্যৱসায়ীসকলৰ অতিৰিক্ত লাভ হয়। ঠিক সেইদৰে কেৰাচিনৰ ফেন, দিস্তা কাগজৰ চৌবিশ খিলা, আনকি পেকেট হৈ থকা সামগ্রীবোৰতো বহু ঠগবাজিৰ প্রমাণ থাকে। কিন্তু এই সকলো ঠগবাজি আৰু গ্ৰাহকক প্ৰৱঞ্চনা কৰা ব্যৱস্থা আমি নিজে নোহোৱা কৰিব পাৰো। আমি আমাৰ চুবুৰীটোৰ মানুহখিনিকে ওজনত ব্যৱসায়ীসকলে কৰা ওজনৰ তাৰতম্যৰ কথা জনাব পাৰো। বাতৰিকাকতযোগে পত্রাদি লিখিও সচেতন কৰিবৰ বাবে চেষ্টা কৰিব পাৰো। অসমত ঠায়ে ঠায়ে থকা ওজন আৰু জোখ-মাখ বিভাগৰ সৈতে যোগাযোগ কৰিব পাৰো। আমাক, অর্থাৎ, গ্ৰাহকসকলক কেনেকৈ ব্যৱসায়ীসকলে শোষণ কৰি আছে তাৰ প্ৰমাণ দাঙি ধৰি শাস্তিৰ বাবে আৱেদন কৰিব পাৰো। আমি গ্রাহক হিচাপে কোনবিধ বস্তুৰ বাবে কোন স্তৰত, কোন ব্যৱসায়ীয়ে, কেনেকৈ কি নিৰিখত কৰ আদায় দিয়ে সেয়া জানিব লাগিব। প্রতিষ্ঠান, কাৰখানা, পাইকাৰী বা খুচুৰা ব্যৱসায়ী প্রতিষ্ঠানৰ মাজৰ ব্যৱসায়িক লেন-দেন কেনে স্তৰত হয় সেয়াও আমি সচেতন গ্রাহক হিচাপে জনাটো অতি প্রয়োজনীয়। পেকেট, টেমা আদিত লিখা ‘স্থানীয় কৰ সুকীয়া’ বোলা বাক্যটোৰ অৰ্থ কি? কেনে ধৰণৰ সামগ্ৰীৰ বাবে এনেধৰণৰ কৰ দিব লাগে সেয়া জনাটো সচেতন গ্রাহকৰ চিন। বস্তু কিনাৰ পিছত নগদ প্রাপ্তিৰ ৰছিদ লোৱাটো আমি কোনো কাৰণত পাহৰিব নালাগিব। ওচৰ-চুবুৰীয়াক দেখি, বিজ্ঞাপন পঢ়ি চাই বস্তু কিনাৰ অভ্যাস এৰি বুজাব লাগিব, আমি গ্রাহক হিচাপে কিমান সচেতন। দেশত খাদ্যৰ নাটনি, মূল্যবৃদ্ধি আদিৰ বিষয়ে যিমান পাৰি খবৰ সংগ্ৰহ কৰি সেইমতে দুই-এজনৰ লগত আলোচনা কৰিলে সমাধানৰ পথ পোৱা যাব। আজিকালি চৰকাৰেও শলাগিবলগীয়া কাম কৰিছে। ‘জাগা গ্রাহক জাগাৰ’ দৰে বিজ্ঞাপন প্রকাশ কৰি। বস্তুৰ ওজন, দাম আদি যেনেকৈ সঠিকভাৱে নিৰ্ণয় হয় আৰু কেনেকৈ আদায় দিব লাগে সেই সকলো কৌশল তাত আছে। তেনেবোৰ বিজ্ঞাপন মন দি চালে গ্রাহকৰ ভালেখিনি উপকাৰ হয়। বিশেষকৈ ক’ত ক’ত গণ্ডগোল হয় সেই কথাবোৰ জানিব পাৰি।

সামৰণি:
নিজৰ পইচাকেইটাৰে উচিত বস্তু ক্ৰয় কৰি কেনেকৈ জীৱনটো চলাব পাৰি সেয়া প্রকৃততে আমি নিজেহে কৰিব পাৰিম। গ্রাহক হিচাপে পাবলগীয়া সুবিধা, জানিবলগীয়া কথাবোৰৰ প্রতি আমি নিজে সচেতন হলেহে আন দুজনক সচেতন কৰি তুলিব পাৰিম।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top