টাইম ট্ৰেভেলৰ সিদ্ধান্ত:
যেতিয়া এলবাৰ্ট আইনষ্টাইনে আপেক্ষিকতাবাদৰ তত্ত্ব প্ৰকাশ কৰিছিল, তেতিয়া টাইম ট্ৰেভেল এই নীতিৰ আধাৰত ধাৰণা কৰা হৈছিল। আইনষ্টাইনৰ আপেক্ষিকতাবাদ তত্ত্ব প্ৰকাশ হোৱাৰ আগতে, মানুহৰ মাজত কেৱল এটাই ধাৰণা আছিল যে বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে সময়ৰ গতি পৃথিৱীত থকা সময়ৰ গতিৰ দৰে একে!
তেওঁলোকে বিশ্বাস কৰিছিল যে যি গতিত সময় পৃথিৱীত পাৰ হৈ গৈছে, একেদৰেই বিশ্বব্ৰহ্মাণ্ডৰ দূৰৱৰ্তী আন এটা গ্ৰহতো সময় একে গতিত পাৰ হৈ গৈছে! কিন্তু আইনষ্টাইনে মানুহৰ এই ধাৰণাটো ভুল প্ৰমাণ কৰি সময়ৰ এটা বেলেগ সংজ্ঞা দিলে!
এলবাৰ্ট আইনষ্টাইনে এবাৰ কৈছিল যে সময় আৰু মহাকাশ এটাই আনটোৰ সৈতে সংযুক্ত হৈ আছে। ইয়াক Space Time বুলি কোৱা হয়! সময় হৈছে 4th Dimension অৰ্থাৎ চতুৰ্থ মাত্ৰা আৰু সময়ৰ গতি হ্ৰাস বা দ্ৰুত কৰিব পাৰি।
যেতিয়া বিখ্যাত ব্ৰিটিছ লেখক ‘হাৰ্বাৰ্ট জৰ্জ ৱেলছে’ ১৮৯৫ চনত ‘দ্য টাইম মেচিন’ নামৰ এখন উপন্যাস প্ৰকাশ কৰিছিল, সমগ্ৰ ইউৰোপতে তেতিয়া খলকনি উঠিছিল। এই উপন্যাসখনত, ৱেলছে ‘টাইম মেচিন’ৰ আশ্চৰ্যজনক কল্পনা কৰিছিল। অৱশ্যে ৱেলছৰ এই উপন্যাসখনত ব্যৱহাৰিক ৰূপত বহুতো বিসংগতি আছিল।
টাইম ট্ৰেভেল সম্ভৱ নে?
যদি বৈজ্ঞানিক দৃষ্টিকোণৰ পৰা চোৱা যায়, তেনেহ’লে টাইম ট্ৰেভেল সম্ভৱ। যদি দেখা যায়, আমি সকলোৱে সময়তে ভ্ৰমণ কৰি আছোঁ। আমি সকলোৱে অতীতৰ পৰা আঁতৰি আহি বৰ্তমানৰ মাজেৰে গতি কৰি ভৱিষ্যতৰ দিশে আগবাঢ়ি গৈ আছোঁ আৰু ইয়াকেই সময় যাত্ৰা (টাইম ট্ৰেভেল) বুলি কোৱা হয়। আমাৰ সময়ত ভ্ৰমণৰ হাৰ প্ৰতি ঘণ্টাত 1 ঘণ্টা হাৰত অৰ্থাৎ ভৱিষ্যতে 1 ঘণ্টা আগবাঢ়িবলৈ আমি মাত্ৰ 1 ঘণ্টা সময় লম। যদি আমি এই হাৰ প্ৰতি ঘণ্টাত ১ ঘণ্টাতকৈ অধিক অতিক্ৰম কৰোঁ তেন্তে সময় ভ্ৰমণ কৰিব পাৰি।
আইনষ্টাইনে তেওঁৰ বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰত আঙুলিয়াই দিছিল যে সময় ভ্ৰমণ সম্ভৱ। আইনষ্টাইনে বৰ্ণনা কৰিছিল যে যদি কোনো বস্তুই যিমান দ্ৰুতগতিত গতি কৰে, সময়ৰ গতি সিমানে হ্ৰাস হ’ব আৰু বস্তুটো এজন স্থিৰ পৰ্যবেক্ষকৰ তুলনাত ভৱিষ্যতত হ’ব।
কোৱা হয় যে ভৱিষ্যতলৈ ভ্ৰমণ কৰা সম্ভৱ, কিন্তু অতীতলৈ ভ্ৰমণ কৰাটো কোনো প্ৰকাৰে যুক্তিসঙ্গত যেন নালাগে। ষ্টিফেন হকিন্সে কৈছিল যে অতীতৰ ভ্ৰমণ সম্ভৱ হ’লেও, আৰু ভৱিষ্যতে আমি টাইম মেচিন বনাবলৈ সক্ষম হ’লেও, তেতিয়া টাইম মেচিন নিৰ্মাণৰ আগৰ যাত্ৰা সম্ভৱ নহয়।
টাইম ট্রেভেলৰ 5 টা উপায়:
1. গতি (Speed)
ভৱিষ্যতলৈ যোৱাৰ এইটো আটাইতকৈ সহজ আৰু আটাইতকৈ ব্যৱহাৰিক উপায়।
আইনষ্টাইনৰ বিশেষ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি, যেতিয়া আমি পোহৰৰ গতিৰ দৰেই দ্ৰুত গতিত ভ্ৰমণ কৰোঁ, তেতিয়া বাহিৰৰ পৃথিৱীৰ তুলনাত আমাৰ বাবে সময়ৰ গতি হ্ৰাস হৈ যায়। ইয়াক ‘সময় বিস্তাৰ’ (Time dilation) বুলি কোৱা হয়।
এইটো কেৱল এটা অনুমান বা ধাৰণা নহয় – ইয়াক জোখা হৈছে। দুটা পাৰমাণৱিক ঘড়ী ব্যৱহাৰ কৰি (এটা জেট বিমানত উৰি থকা আৰু আনটো পৃথিৱীত স্থিৰ) পদাৰ্থবিজ্ঞানী সকলে জনাইছে যে জেট বিমানৰ গতিৰ ফলত তাত ৰখা ঘড়ীটো লেহেম গতিত চলাচল কৰে।
2. মাধ্যাকৰ্ষণ (Gravity):
এই পদ্ধতিটো আইনষ্টাইনেই প্ৰদান কৰিছিল। সাধাৰণ আপেক্ষিকতাবাদৰ তত্ত্ব অনুসৰি, মাধ্যাকৰ্ষণ যিমানে শক্তিশালী হয়, সময়ো সিমানে লেহেম হয়।
আপুনি পৃথিৱীৰ কেন্দ্ৰৰ ওচৰ চাপি অহাৰ লগে লগে, মাধ্যাকৰ্ষণ শক্তি বৃদ্ধি হয়। উদাহৰণ স্বৰূপে, আমাৰ মূৰৰ তুলনাত আমাৰ ভৰিৰ বাবে সময় লেহেম হয়।
তাৰ পিছত, এই প্ৰভাৱটোও জোখা হৈছে। 2010 চনত, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল ইনষ্টিটিউট অৱ ষ্টেণ্ডাৰ্ডছ এণ্ড টেকন’লজী (এনআইএছটি)ৰ পদাৰ্থবিজ্ঞানী সকলে দুটা পাৰমাণৱিক ঘড়ী শ্বেল্ফত ৰাখিছিল, য’ত এটাই আনটোৰ পৰা 33 চেণ্টিমিটাৰ ওপৰৰ আছিল, আৰু দুয়োটা ঘড়ীৰে টিক্ কৰা হাৰ (rate of ticking) পাৰ্থক্য জোখা হৈছিল আৰু দেখিছিল যে তলৰ ঘড়ীটো অলপ লেহেম হৈছিল কিয়নো ই ওপৰৰ ঘড়ীটোৰ তুলনাত অলপ বেছি মাধ্যাকৰ্ষণ বল অনুভৱ কৰিছিল।
সেয়েহে, এয়া স্পষ্ট যে ভৱিষ্যতত ভ্ৰমণ কৰিবলৈ হ’লে আমাক কৃষ্ণগহ্বৰৰ দৰে এক অত্যন্ত শক্তিশালী মহাকৰ্ষণীয় ক্ষেত্ৰৰ প্ৰয়োজন হ’ব।
3. নিলম্বিত এনিমেচন (suspended animation):
যেতিয়া আমি কাৰোবাক নিলম্বিত এনিমেছন অৱস্থাত বুলি কওঁ, তেতিয়া আমি বুজাওঁ যে তেওঁ বৰ্তমান নিষ্ক্ৰিয় আৰু একো কৰি থকা নাই।
এইটো ভৱিষ্যতত যাত্ৰা কৰাৰ আন এটা উপায় হ’ব পাৰে যে আমি সময়ৰ প্ৰতি থকা আমাৰ ধাৰণাক (perception) লেহেম কৰি দিওঁ বা আমাৰ শাৰীৰিক প্ৰক্ৰিয়াবোৰ বৰ্তমানৰ বাবে বন্ধ কৰি দিওঁ আৰু পিছত সেইবোৰ পুনৰ আৰম্ভ কৰোঁ।
বেক্টেৰিয়াৰ বীজাণুবোৰ নিলম্বিত এনিমেছনৰ অৱস্থাত লাখ লাখ বছৰ জীয়াই থাকিব পাৰে, যেতিয়ালৈকে উষ্ণতা, আৰ্দ্ৰতাৰ সঠিক স্থিতিয়ে সিহঁতৰ বিপাকক্ৰিয়া পুনৰ আৰম্ভ নকৰে। কিছুমান স্তন্যপায়ী প্ৰাণী, যেনে ভালুক আৰু কেৰ্কেটুৱা বিলাকে শীতনিদ্ৰাৰ সময়ত সিহঁতৰ বিপাক ক্ৰিয়া হ্ৰাস কৰিব পাৰে আৰু লগতে সিহঁতৰ কোষবোৰৰ খাদ্য আৰু অক্সিজেনৰ প্ৰয়োজনীয়তাও হ্ৰাস কৰিব পাৰে।
মানুহে কেতিয়াবা এনে কৰিব পাৰিবনে?
যদিও বিপাক সম্পূৰ্ণৰূপে বন্ধ কৰাটো আমাৰ বৰ্তমানৰ প্ৰযুক্তিৰ পৰা বহু দূৰত, তথাপিও কিছুমান বিজ্ঞানীয়ে কমেও কেইঘণ্টামান স্থায়ী হোৱা এক হ্ৰস্বম্যাদী শীতনিদ্ৰাৰ স্থিতি প্ৰাপ্ত কৰাৰ দিশত কাম কৰি আছে।
2005 চনত, আমেৰিকান বিজ্ঞানীসকলে হাইবৰোজেন ছালফাইডৰ অলপমান খোৰাক দি নিগনিৰ বিপাক ক্ৰিয়া হ্ৰাস কৰাৰ এটা উপায়ৰ বৰ্ণনা দিছিল আৰু আন কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ 6 ঘণ্টা পিছত সিহঁতৰ প্ৰক্ৰিয়াবোৰ পুনৰ আৰম্ভও কৰিছিল। দুৰ্ভাগ্যবশতঃ ভেড়া আৰু গাহৰিৰ ওপৰত একে ধৰণৰ পৰীক্ষা-নিৰীক্ষা সফল হোৱা নাছিল, ফলত পৰামৰ্শ দিয়া হৈছিল যে এই পদ্ধতিটো ডাঙৰ জন্তুৰ বাবে কাম নকৰিব পাৰে।
4. ৱাৰ্ম হ’ল (Wormhole):
সাধাৰণ আপেক্ষিকতাবাদ তত্ত্বই Space-Time ৰ মাজেৰে বৈকল্পিপ সৰু পথ এটাৰ সম্ভাৱনাকো মান্যতা প্ৰদান কৰিছিল, যাক ৱাৰ্ম হ’ল বুলি কোৱা হয়। এইবোৰে এক বিলিয়ন আলোকবৰ্ষ বা অধিক দূৰত্বৰ মাজৰ বা সময়ৰ বিভিন্ন বিন্দুৰ মাজত দলং হিচাপে কাম কৰিবলৈ সক্ষম হ’ব পাৰে।
5. পোহৰ ব্যৱহাৰ কৰি (Using Light):
আমেৰিকাৰ পদাৰ্থবিজ্ঞানী ৰন মেলেটৰ দ্বাৰা আগবঢ়োৱা আন এটা ধাৰণা আছিল যে “Space-Time ক বেঁকা কৰিবলৈ পোহৰৰ ঘূৰ্ণনশীল চিলিণ্ডাৰৰ (rotating cylinder of light) ব্যৱহাৰ”। মেলেটৰ মতে, সঠিক জ্যামিতিৰ (geometry) ফলত আপুনি অতীত বা ভৱিষ্যতলৈ যাব পাৰে।