দুজন বৰ মৰমৰ সখি আছিল। এজন মৰিবৰ সময়ত তেওঁ পুতেকক সখিয়েকৰ হাতত গতাই দি ক’লে, ”সখি, মোৰ ল’ৰাটো তোমাক গাতালোঁ; তুমি তাক বুধি-ভৰসা দি চলাই-মেলি মানুহ কৰিবা।” পুতেককো সি ক’লে, ”মোৰ সখিৰ হাতত তোক গতালোঁ। সখিয়ে তোক যিহকে কয় তাকে কৰিবি, যেনেকৈ চলায় তেনেকৈ চলিবি; কোনো কথাতে সখিৰ বাইকৰ চুলি এডালৰ সমানো আঁতৰ নহ’বি; কোনো কাম কৰিবলগীয়া হ’লে সখিৰ কাণ চুৱাইহে কৰিবি।”
বাপেক ঢুকাল। পুতেকেও সেই মনে-চিতেই তাৱৈয়েকৰ কথাত চলি আছে। এদিন তাৰ ঘৈণীয়েকৰ ল’ৰা এটা উপজিলত সি তাৱৈয়েকক সেই বাতৰি দিলেগৈ। তাৱৈয়েকে তাক ক’লে, ”তোমাৰ ঘৰৰ পিছফালে পোতা পুখুৰীটোত ল’ৰাটো নি এতিয়াই পুতি থোৱাগৈ।” সি তাৱৈয়েকৰ কথাত অবাক হ’ল। কিন্তু বাপেকৰ আজ্ঞা সুমৰি, একো নকৈ ল’ৰাটো নি তাৰ ঘৰৰ পিছফালে পোতা পুখুৰীত পুতি থ’লেগৈ। ইয়াৰ এবছৰ পিছত তাৰ আকৌ এটা ল’ৰা উপজিলত তাকো তাৱৈয়েকে আগৰ দৰে পুতি থ’বলৈ ক’লত সি মনত বৰ বেজাৰেৰে তাৱৈয়েকৰ কথা সৰোগত কৰি মানি তাকে কৰিলে। ইয়াৰ ডেৰবছৰমানত পিছত তাৰ ঘৈণীয়েকে ছোৱালী এজনী পালে। এইবাৰ সি ভাবিলে তাৱৈয়েকে আৰু আগৰ দৰে ছোৱালীজনী পুতি থ’বলৈ ব্যৱস্থা নিদিয়ে। কিন্তু সি বিস্ময় মানিলে যে তাৱৈয়েকে এই ছোৱালীজনীকো আগৰ ল’ৰা দুটাৰ দৰে সেই পোতা পুখুৰীতে পুতি থ’বলৈ ক’লে। সি নিৰুপায় হৈ মনৰ বেজাৰ মনতে পুহি, তাৱৈয়েকৰ কথামতে ছোৱালীজনীকো পুতি থ’লে। ইয়াৰ দুবছৰমান পিছত তাৰ ঘৈণীয়েকৰ আকৌ ল’ৰা এটা উপজিল। সি এইবাৰ ভাবিলে যে বাৰ তাৱৈক এই বাতৰি দিওঁ, কিন্তু যি থাকে কপালত, এইবাৰ তেওঁ এই ল’ৰাটো পুতি থ’বলৈ ক’লেও আৰু মই তেওঁৰ কথা নুশুনো। ইয়াকে ভাবি সি তাৱৈয়েকৰ ঘৰলৈ গৈ ল’ৰা হোৱা বাতৰি দিলত, তাৱৈয়েকে তাক ক’লে, ”বোপা, এই ল’ৰাটো তুমি ধুৱাই পখলাই লোৱাগৈ। কিন্তু মই এটা কথা তোমাক কওঁ, তুমি তোমাৰ আগৰ ল’ৰা-ছোৱালীকেইটা য’ত পুতি থৈছিলা আজি ৰাতি সেইখিনিতে পল এটা পতি তাৰ ওপৰত পৰ দি বহি থাকিবা।” তাৱৈয়েকৰ কথামতেই সি ঘৰলৈ গৈ ল’ৰাটো ধুৱাই-পখলাই ল’লে আৰু ৰাতি সেইদৰে পোতা-পুখুৰীৰ মাজত পল এটা পাতি পৰ দি থাকিল।
ৰাতি দুপৰ হৈছে, এনেতে বৰটো ল’ৰাই গাঁতৰ ভিতৰৰ পৰা মাত লগালে, ”ভাইটি ঐ। মই থাকিবলৈ নাপালো। পোৱাহেঁতেন তাক থিয়ৈ থিয়ৈ শূলত দিয়ালোঁহেঁতেন। উ: কটা ভাল সাৰিল।” মাজুটো ল’ৰাই মাত লগালে, ”ককাইটি ঐ। মই থাকিবলৈ পোৱা হ’লে তাৰ ডিঙিত চিপজৰী লগালোঁহেঁতেন। তাৰ তাৱৈয়েকে আমাৰ মঙহ খালে।” ইয়াৰ পিছত ছোৱালীজনীয়ে মাত লগালে,” ককাইটিহঁত, যদি মই কেনেবাকৈ থাকিবলৈ পালোঁহেঁতেন তেন্তে তাক কেঁকোৰা খোলাদি খুলি খুলি খালোহেঁতেন। কি কম ককাইটিহঁত, মনৰ কথা মনতে ৰৈ গ’ল।”
এইবোৰ কথা শুনি মানুহটোৱে তেতিয়া ভালকৈ বুজিলে যে তাৰ তাৱৈয়েকে তাৰ কি উপকাৰ কৰিলে। তেতিয়া তাৱৈয়েকৰ ওপৰত তাৰ আৰু ডাঠ বিশ্বাস হ’ল। ইয়াৰ কিছুদিনৰ পিছত তাৰ ধান বেচিবৰ হ’লত সি তাৱৈয়েকক সুধিলে, ”তাৱৈ, মোৰ ধানগাল বেচিব খুজিছোঁ।’ তাৱৈয়েকে তাক সুধিলে, ”ধানৰ দৰ কি হৈছে?” সি উত্তৰ দিলে, ”টকাৰ ১২ পূৰা।” তাৱৈয়েকে ক’লে’ ”এতিয়া বেচিব নালাগে।”
আৰু কিছুমান দিনৰ পিছত সি তাৱৈয়েকৰ ঘৰ ওলাই তাৱৈয়েকক ক’লে, ”তাৱৈ, ধানৰ দৰ কমিলেহে। এতিয়া কি কৰিম? লাহে লাহে কিজানি আৰু কমিবহে।” তাৱৈয়েকে সুধিলে,”কেইপূৰাকৈ হৈছে?” সি ক’লে’ ”এতিয়া ২০ পূৰা হ’ল।” তাৱৈয়েকে ক’লে, ”যোৱা এতিয়া বেচি দিয়াগৈ।” সি তাৱৈয়েকৰ কথামতেই টকাত ২০ পূৰাকৈ ধান বেচি টকাখিনি লৈ গৈ তাৱৈয়েকক দেখুৱালত তাৱৈয়েকে ক’লে, ”ভাল হৈছে, এতিয়া তুমি এই টকাৰে সোণ কিনি আনি সোণাৰিৰ হতুৱাই এটা লাড়ু গঢ়োৱা।” তাৱৈয়েকৰ কথামতেই সি সোণৰ লাড়ুটো কৰি আনি তাৱৈয়েকক দিলত, তাৱৈয়েকে ক’লে, ”এই লাড়ুটো তুমি নৈত পেলাই দিয়াগৈ।” সি তাৱৈয়েকৰ কথা শুনি মনত বেহাৰ পাই অগত্যা সোণৰ লাড়ুটো নৈত পেলাই দিলেগৈ। মাহ্চেৰেকৰ মূৰত ডোম এটাই এটা ৰৌমাছ বেচিবলৈ বুঢ়াৰ পুতেকৰ ঘৰলৈ আনিছিল। সি ৰৌমাছটো লৈ কাটিলতে তাৰ পেটত সেই সোণৰ লাড়ুটো ওলাই পৰিল। সি তাৱৈয়েকক লাড়ুটো দেখুৱালত, তাৱৈয়েকে তাক ক’লে, ”তোমাৰ এইটোহে নিজৰ বস্তু। যোৱা এইটো ভালকৈ থৈ দিয়াগৈ। তুমি কিজানি আগেয়ে মোক তোমাৰ শত্ৰু বুলিহে ভাবিছিলা। এতিয়া মই দুইটা কথাৰে তোমাক পতিয়ন দিব পাৰি ঈশ্বৰৰ চৰণত সেৱা কৰিছোঁ। যোৱা বোপা, তুমি ধৰ্মত মতি ৰাখি ঈশ্বৰৰ চৰণত নিৰ্ভৰ কৰি সকলো কৰিবলগীয়া কাম-কাজ কৰি সুখেৰে খাই-বই থাকাগৈ। কোনো চিন্তা নাই, মোৰ প্ৰভুৱে তোমাৰ সততে মঙ্গল কৰিব।”