বিষয়—অসমীয়া ন বোৱাৰী
সম্প্ৰতি কেন্দ্ৰসভাৰ দ্বিতীয় অধিবেশন হৈ গল৷ প্ৰথম দিনৰ সভাত বুঢ়া বিলাকৰ উৎসাহ দেখি দুনাই সভা চাবলৈ আমাৰ মন উত্ৰাৱল হৈ আছিল৷ সেই দিনা সভা আকৌ বহিব বুলি শুনি আমি আগেয়ে এডোখৰ ঠাই লৈ বহি আছিলোঁ৷ সেই দিনৰ বক্তৃতাৰ বিষয় আছিল অসমীয়া ন বোৱাৰী৷ বিষয়টি আপুৰুগীয়া৷ আমি আগেয়ে কোনো সভাত এনেকুৱা বিষয়ৰ বক্তৃতা শুনা নাছিলোঁ৷ আন বিলাক মানুহেও বোধকৰোঁ শুনা নাছিল৷ কাৰণ সেই দিনা সভাঘৰত মানুহ নধৰা হৈছিল৷ কোনোৱে বহি, কোনোৰে থিয় দি, কোনোৱে কান্ধত উঠি কোনোৱে চালত উঠি, বক্তৃতা শুনিছিল৷ আমি বুদ্ধিয়ক মানুহ দেখিহে আগধৰি গৈ কথমপি বহিবলৈ ঠাই এডুখৰি পাইছিলোঁ৷ সভা বহে তিনি বজাত, কিন্তু সভাপতি পলমে অহাত সেই দিনা চাৰি বজাতহে সভাৰ কাৰ্য্য আৰম্ভ হৈছিল৷ সভাপতি ডাঙ্গৰীয়া আহিয়েই পোনে পোনে সভা লগাই দিলে, আৰু সংক্ষেপ কৰি কলে, -ফুকন ডাঙ্গৰীয়াই যে আজিৰ সভাত বক্তৃতা দিম বুলি সিদিনা গাত লৈছিল, সেই বক্তৃতা শুনিবলৈ আমি সকলোৱ আগ্ৰহৰে গোট খাইছোঁ৷ তেখেতে যেন বস্তৃতা দি আমাৰ হাবিয়াহ পূৰণ কৰে৷ ফুকন ডাঙ্গৰীয়া অসমৰ এজন লেখৰ মানুহ৷ তাহানি সৰুতে তেখেতে টোলত সংস্কৃত পঢ়িছিল৷ তেখেত বিশ্ব- দ্যিালয়ৰো নিচেই গোন্ধ নোপোৱা মানুহ নহয়, এণ্ট্ৰেঞ্চলৈকে পঢ়িছিল৷ পাচে বাপেক ঢুকালত জানিবা গৃহজঞ্জালত পৰি স্কুল এৰিলে৷ কিন্তু ইংৰাজী লিখাপঢ়া হলে ভাল কৈ শিকি- ছিল৷ তেখেত ৩০ টকীয়া কেৰানীৰ পৰা উধাই গৈ চিৰস্তাদাৰ হৈছিল, আৰু সুখ্যাতিৰে কাম চলাই পেন্চন পাইছে৷ যদিও চাকৰি কৰিয়েই বয়স কটালে, তেখেতে বিদ্যাৰ চৰ্চা এৰা নাছিল, ঘৰত সদাই নানাবিধৰ পুথি চাই থাকে৷ সভাপতিয়ে অনুৰোধ কৰি বহিলতে ফুকন থিয় হল, দুবাৰ খেঁকাৰিলে, এবাৰ মুখ মুছিলে আৰু চাৰিও ফালৰ মানুহবোৰলৈ চাই ললে৷ ইফালে গোটেই সভাৰ মানুহে হাত চাপৰিৰে কোৰ্হাল লগালে৷ পাচত তেখেতে ককাঁলত হাত দি সুপক্ব মুৰটি আগলৈ আগ বঢ়াই, গম্ভীৰ সুৰত কবলৈ ধৰিলে, —“সভ্য ডাঙ্গৰীয়া সকল! তাহানি আমি ডেকাকালত, সভাসমিতি কৰি- বলৈ গলে তাত যি মন যায় তাকে কব পাৰিছিলোঁ৷ নিজৰ কথাওঁ সভাত কোৱা দস্তুৰ আছিল৷ কিন্তু আজিকালি সি নিয়ম নাই৷ আগৰ নিয়ম ইংৰাজী মতেৰে শোধন কৰা হৈছে৷ সেই শোধিত নিয়ম অনুসাৰে সভাত নিজৰ বিষয় কোনো কথা উলিয়াব নাপায়৷ কিন্তু আজিৰ সভাত আপোনালোকৰ আজ্ঞা লৈ, ইংৰাজী নিয়ম ভঙ্গ কৰি বক্তৃতাৰ আদিতে, ঘোষাৰ স্বৰূপে, আষাৰ চেৰেক নিজৰ কথা কব খুজিলোঁ৷ এই কথাত আপোনালোকে যেন মোৰ অপৰাধ নধৰে৷ ( সজ সজ শব্দ ) মই আজি আপোনালোকৰ আগত যি বিষয়টি আলোচনা কৰিম বুলি আগ বাঢ়িছোঁ, সেই বিষয়টি বহুত দিনৰে পৰা মই আলচি আছিলোঁ৷ নিজে নিজে আলচি কেতিয়াবা হাঁহিছোঁ, কেতিয়াবা কান্দিছোঁ, কেতিয়াবা অনুশোচ কৰিছোঁ৷ আজি সুচল মিলিছে, সেই দেখি মন উবুৰিয়াই এটাইখিনি ভাল মন্দ সভাৰ আগত নিবেদন কৰিম বুলি ভাবিছোঁ৷ এতিয়া জয় জয়তে আপোনালোকক সোধোঁ, বোৱাৰী নে বেটী? পোলৈ বিয়া কৰাই বোৱাৰী আনে নে ঘৰত বাবলৈ মূল দি বেটী আনে? কথা কওঁতে হলে বোৱাৰী আৰু বেটী দুইকোযোৰ লাগাই কয়৷ এই দৰে কথাত মাথোঁঁঁনযোৰ লগালে, আমাৰ পক্ষে হাঁহন কান্দনৰ কথা নাথাকিল হেতেন৷ কিন্তু দুখৰ বিষয় যে, কথাত যেনেযোৰ লগায়, কামতো বোৱাৰী আৰু বেটীক সমান যেন দেখে৷ বোৱাৰী এজনী বিয়া কৰাই আনিলে, বেটী এজনী অনা যেন ভাবে৷ বোৱাৰী ঘৰ সোমালনে শাহুৱেকে আগধৰি বাপে- কৰ ঘৰৰ পৰা তাই কি আনিছে তাৰ হিচাব কিতাপ লয়৷ লগত অনা বস্তু লেখ মতে নিমিলেলে সেইজনী বোৱাৰী বেয়া৷ তাই ভাতৰ ভতুৱা, তাই অকাজভাগী, অবালচন্দ, আলাবাদু; তাই আঁকৰী, আজলী, লেতেৰী; তাই শাঁকিনী, হুতাশনী, কুলক্ষণী আৰু নো তাই কি নহয়৷ শাহুৱেকে এই দৰে বোৱাৰী- সহস্ত্ৰ নাম গাইহে (চাপৰি) বোৱাৰীয়েকক সম্ভাষণ কৰে৷ তদুপৰি কথায় পতি পাটন দিয়ে, কথায় পতি গেজেৰা মাৰে৷ শাহৰ গেজেৰা ভিনে, ননন্দৰ গেজেৰা ভিনে, আৰু ঘৰৰ যি বান্দী বেটী আছে, তাইহঁতৰ গেজেৰা ভিনে, সদায় বোৱাৰীয়ে শুনিব লাগে৷ বোৱাৰী ঘৰলৈ আহিলে শাহ আই তো চাঙ্গত উঠেই, বান্দী বেটীয়েও তাইৰ হাঙ্গি নধৰাকৈ কুটাগছ নিছিঙ্গে৷
শাহুৰ বিবেচনাত বোৱাৰী শিলৰ মানুহ৷ তাইৰ বনতো ভাগৰ নাই, গালিতো বেজাৰ নাই, পেটতো ভোক নাই৷ পুৱাৰ পৰা দুপৰীয়ালৈ, আৰু দুপৰীয়াৰ পৰা নিশালৈ তাইৰ দুখন হাতৰ আজৰি নাই; তেও শাহু আইৰ সন্তোষ নাই৷ বোৱাৰী উঠিব সবাৰ আগত, নিশা শুব সবাৰ পাচত৷ খাওঁতে পূবৰ বেলি পচিমে যায়৷ আগেয়ে ডাঙ্গৰীয়াই খাই ওলাব, তাৰ পাচত বোপাহঁতে খাই ঘাব (চাপৰি) তাৰ পাচত আইটীহঁতে খাব, তাৰ পাচতহে বোৱাৰী আৰু বেটীৰ সকলোৰে পাত চোছা খোৱা পাল পৰে৷
শাহু আয়ে নিজৰ সোঁ হাত বাওঁ হাত নিচিনে, কিন্তু বোৰাৰীৰ ওপৰত চোকা অধ্যাপক৷ মাছে গচকা আঞ্জা খাবা, শাহুৱে গচকা বোৱাৰী বাবা৷ সেই দেখি শাহুৱেকে ভালকৈ গচকি দিয়ে (চাপৰি)৷ আইটী ১৬ বছৰীয়া হলেও আলৌ লৌৱা, আতোল্, তোল্ অজলা পোনা৷ কিন্তু বোৱাৰী ১২ বছৰতে পেট টেঙ্গৰী হয়৷ আইটীয়ে কথা কলে নন্দনকাননত বীন বাজে বোৱাৰীয়ে কথা কলে ভগা ঢোলত কোব মাৰে৷ (চাপৰি)
অসমত অনেক বোৱাৰীৰ এই অৱস্থা৷ ৰাওমুঈ শাহুৰ অত্যাচাৰত বোৱাৰীয়ে চকুৰ লো টুকি ভাত খায়; এনেকুৱা শাহুৰ প্ৰতি (চাপৰি) বোৱাৰীৰ কিমান ভক্তি হব পাৰে তাক আপোনালোকে বিবেচনা কৰি চাব পাৰে! ন বোৱাৰীয়ে কিছুমান দিন চকু মুদি সহি থাকে৷ নিজৰ দুখৰ কথা মাকৰ আগত কয়, কিন্তু মাক বাপেকৰ মুখ বন্ধ৷ কাৰণ, ছোৱালীৰ ওজৰ ৰাওমুঈৰ কাণত পৰিলে এগুণ ৰাও দুগুণ হব৷ (সজ সজ শব্দ) সেই দেখি ছোৱালীক বুজাই বঢ়াই নিচুকাই থয়৷ শহুৰ দেউইতা দেউতা মানুহ, মাইকীৰ শাক পাত খোৱা কথাত কাণ নিদিয়ে, বিশেষতঃ তেওঁ ৰাজ ভগনৰ হেন্দোল দোপনিত থাকে সেই দেখি তেনে কথাত কাণ দিবলৈ সময়ো নাপায়া, গিৰিয়েকে শুনিলেও লাজত কাকো মুখ ফালি নকয়৷ পাচত সহনিৰ শেধ পৰিলে, বোৱাৰীয়ে নিজৰ মুখৰ অগ্নি নিজে নুমাবলৈ কাৰবাৰ কৰে৷ (চাপৰি) প্ৰথমে বেটীৰ সৈতে বিৰোধা-বিৰোধি, পাচত ননদেৰে সৈতে ঠেহেৰা-ঠেহেৰি, ওফন্দা-ওফন্দি (চাপৰি), শেষত শাহু আইৰ গেজেৰাও নসহা হয়৷ এই দৰে প্ৰথমে ৰাওমুঈ শাহুৱে নিমাতী বোৱাৰীৰ মাত উলিয়ায়৷ পাচত এবাৰ ভেদ ভাগিলে শাহু বোৱাৰীৰ চুলিয়াচুলি লাগে৷ আগৰ পৰা যদি শাহুৱে বোৱাৰীক নিজৰ জীৰ নিচিনা মৰম কৰে, পেট বুজি খুৱায়, গা বুজি পিন্ধায়, আৰু শক্তি বুজি কাম কৰায়, যদি নিজে মিঠা মুখে মাতে, বান্দী বেটীক টান কথা কবলৈ লাই নিদিয়ে, তেনে হলে বোৱাৰী শাহুৰ সোঁ হাত, গৃহস্থালিৰ লক্ষ্মীসৰূপ হয়৷ আপোন ভালে জগত ভাল, শাহু ভালে বোৱাৰী ভাল৷ ’ (চাপৰি)
বক্তৃতা শেষ কৰি ফুকন বহিলত সভাপতি ডাঙ্গৰীয়াই উঠি কলে- “ডাঙ্গৰীয়া সকল! আপোনালোকে ফুকন ডাঙ্গৰীয়াৰ বক্তৃতা শুনিলে, এতিয়া তেখেতৰ কোৱা কথাৰ ওপৰত কাৰবাৰ কিবা মন্তব্য থাকিলে প্ৰকাশ কৰিব পাৰে৷ ” সভাপতিৰ এই অনুৰোধত সন্দিকৈ ডাঙ্গৰীয়া আসনৰ পৰা নামি থিয় হল, আৰু হাত দুখনি পাচ ফালে থুপুৰিয়াই কবলৈ ধৰিলে, ‘সমজুৱা ডাঙ্গৰীয়া সকল৷ ফুকন ডাঙ্গৰীয়াৰ সাৰগৰ্ভ সুললিত বক্তৃতা শুনি যি তৃপ্তি লাভ কৰিলোঁ তাক মই এক মুখেৰে বৰ্ণাব নোৱাৰোঁ৷ ফুকনে আমাৰ আচল ঘুণত হাত দিছে৷ আমাৰ অধিকভাগ বোৱাৰী শাহু শহুৰৰ দোষত বেয়া৷ হয়, ইয়াত তিলাৰ্দ্ধও সন্দেহ নাই৷ মোৰ ঘৰতে শাহুৱেক বোৱাৰীয়েকৰ সদায় খকা-খুন্দা, ঠেহেৰা-ঠেহেবি লাগি থাকে৷ মই মাইকী মানুহৰ কথা দেখি তালৈ বৰ কাণ নকৰোঁ৷ কিন্তু আজি ফুকনৰ কথা শুনি মোৰ চকু মুকলি হল৷ মই ঘৰৰ গৰাকী, এতেকে মই সকলো ফালে দৃষ্টি ৰাখা উচিত৷ এই কথা আগেয়ে মনত খেলোৱা নাছিল৷ অবুজ, কক্ষাত মৰা, আগ পাচ নুগুণা, বুঢ়াৰ হাতত গৃহস্থালি পেলাই দি আৰু লোকৰ ছোৱালীক মাকক শীতল বুকুৰ পৰা কাঢ়ি আনি শাহুৰ চেঙ্গা দণ্ডিত পেলাই দি গৰাকীয়ে নিশ্চিন্তে থকা কদাপি উচিত নহয়৷ আশা কৰোঁ ফুকনৰ বক্তৃতাই মোৰ যেনে টোপনি ভাঙ্গিলে, তেনেকৈ সকলো অসমীয়াৰ টোপনি ভাঙ্গিব৷ তেখেতৰ কথা কেই আষাৰ সোণালী আখৰেৰে লিখি থোৱা যুগুত৷ ( চাপৰি ) নেওগ, —ফুকন ডাঙ্গৰীয়াই আমাৰ অন্তেস পুৰত লুকাই থকা দোষ বিদিত কৰি; তালৈ আমাৰ চকু পেলাই দিয়াত; আমি শলাগ নলৈ থাকিব নোৱাৰোঁ৷ শহুৰৰ ঘৰলৈ আহি ন-বোৱাৰীয়ে যে বহুত কষ্ট ভোগ কৰে, তাক কেওঁ নহয় বুলিব নোৱাৰে! কওতেই কয়৷ শহুৰী খটা৷ বোৱাৰী আহি যে বেটীৰ নিচিনাকৈ খাটিব লাগে, ই আমাৰ লাজ৷ শাহ শহুৰে বোৱাৰীক নিজৰ জী যেন দেখা উচিত৷
নেওগ আৰু সন্দিকৈয়ে কথা কোৱাৰ সময়ত আমি চুকৰ পৰা সভ্যবিলাকৰ ৰেহ্ ৰূপ চাই আছিলোঁ৷ ৰাজখোৱাও এজন সভাৰ সভ্য৷ তেখেত বস্তৃতাৰ কথা বিলাকত মান্তি হোৱ৷ নাছিল যেন বোধ হৈছিল৷ তেখেতে আৰম্ভৰ পৰা অন্তলৈকে বহা ঠাইতে উচ্ পিচাই আছিল, এবাৰ মূৰ খজুৱাইছিল, এবাৰ হাত মোহাৰিছিল, এবাৰ ভৰি মোহাৰিছিল৷ নেওগ বহিলতে তেখেত একে চাবে উঠি থিয় হল, আৰু খঙ্গত ৰঙ্গা হৈ দাৰি শিয়ৰাই কবলৈ ধৰিলে, –“সভ্য সকল! ফুকনৰ বক্তৃতা শুনি আপোনালোকে সকলোৱে শলাগিলে, কিন্তু মই শলাগিব নোৱাৰোঁ৷ বস্তৃতাত অৱশ্যে তেখেতে ভাষাৰ চতুৰালি আৰু চিন্তাৰ গভীৰতা দেখাইছে, সঁচা৷ কিন্তু তাৰ পৰা তেখেতৰ দূৰদৰ্শিতাৰ চিনাকি পোৱা নাযায়, তেখেতে আমাৰ ভিতৰুৱা কথা প্ৰোঢী কৰি বিদেশীৰ আগত আমাৰ লাজ আনিলে (ছি ছি শব্দ)৷ ই বুদ্ধিমানৰ কথা নহয়৷ ”
এই কেই আষাৰ কথা কৈ ৰাজখোৱা বহিল, আৰু কঁপিবলৈ ধৰিলে৷ ইফালে আৰু কেও নুঠা দেখি এইবাৰ সভাপতি স্বয়ং থিয় হল, আৰু তেখেতৰ প্ৰাচীন সোহাত খনি ওপৰলৈ তুলি কবলৈ ধৰিলে; –সভ্য ডাঙ্গৰীয়া বিলাক! ফুকন ডাঙ্গ-ৰীয়াৰ কথাকেই আষাৰ যে শলাগিব লগীয়৷ তাৰ কোনো ভুল নাই৷ আমাৰ চকুত নপৰা বা আমি পাহৰি থকা দোষ উলিয়াই দি আমাৰ পৰম উপকাৰ কৰিছে৷ ৷ ফুকনে বোৱাৰীৰ যি অবস্থা বৰ্ণাই কলে তাক কোনোৱে নুই কৰিব নোৱাৰে৷ ফুকনৰ কথা শুনি ভবিষ্যতলৈ সকলোৱে সাৱধান হোৱা উচিত৷ ৰাজখোৱা ডাঙ্গৰীয়াই কিয় বেয়া বুলিলে ( চাপৰি ) মই বুজিব নোৱাৰিলোঁঁ৷ ৰোগ হলে লুকাই ৰখা বুদ্ধিমানৰ কৰ্ম্ম নহয়৷ আমাৰো এইটি ৰোগ হৈছে, তাক লুকাই নাৰাখি গুচাবৰ উপায় কৰাহে উচিত৷ লাজলৈ ভয় কৰি ঢাকি থলে এই দোষ চিৰকাল থাকিব৷ মই আৰু আপোনালোকক বহুত পৰ নাৰাখোঁ৷ ফুকনে যি কথা কৈছে তাত যোগ দিবলৈ মোৰ আন কথা নাই৷ এতেকে ফুকন ডাঙ্গৰীয়াক তেখেতৰ বহুমূলীয়া বক্তৃতাৰ বাবে শত ধন্যবাদ দি আজিলৈ সভা সম্বৰণ কৰা হল” ( চাপৰি )
সভা ভাগিলত আমি গুচি আহিলোঁ৷ কিন্তু ফুকনৰ কথা কেই আষাৰ চিৰকাললৈ মনত থাকিব যেন বোধ হৈছে৷ তেখেতে অসমীয়া বোৱাৰীৰ অৱস্থাৰ যি চিত্ৰ আঁকি দেখুৱালে, সি এতিয়াও আমাৰ চকুৰ আগত চকমকাই আছে৷