বছৰ নতুন, কিন্তু পৃথিবী পুৰণি৷ চন্দ্ৰ পুৰণি, সূৰ্য্য পুৰণি, গ্ৰহ নক্ষত্ৰ পুৰণি, নদনদী পুৰণি, সাগৰ পৰ্ব্বত আকাশ সকলো পুৰণি৷ যি পৃথিবীত আমাৰ ককা, আজো ককা, আৰু আজোক- কাৰ আজো ককাকে বাস কৰি প্ৰাণ এৰিছে, সেই পৃথিবীয়েই আজিও চলি আছে৷ যি চন্দ্ৰক দেখি আমাৰ আজোককাৰ বাল্য মন আনন্দত উতলা হৈছিল, যি চন্দ্ৰক ধৰিবলৈ আজো ককাৰ ককাকে তেওঁৰ চালুকীয়া ক্ষুদ্ৰ হাত মেলিছিল, যি চন্দ্ৰক আজোককাৰ বুঢ়ীমাকে বাই বুলি সম্বন্ধ ধৰিছিল সেই চন্দ্ৰই আজিও ঘূৰিব লাগিছে৷ যি সূৰ্য্যই ককাৰ ককাকৰ শ্মশান শুকাইছিল, যি সূৰ্য্যই তেওঁৰ আজোবুঢ়ীমাকৰ পোৱাঁতী ঘৰ পোহৰাইছিল, যি সূৰ্য্যই ভীমৰ শৰশয্যাৰ ওপৰত কিৰণ বৰষিছিল, সেই সূৰ্য্যই আজিও উদয় আৰু অস্ত হব লাগিছে৷ যি নক্ষত্ৰক দেখি নাৰদে তৎ নাপাই তবধ হৈছিল, যি নক্ষত্ৰই বাল্মীকিৰ হাঁফলু দৰ্শন কৰিছিল, যি নক্ষত্ৰক আমাৰ আজোবুঢ়ীআইৰ বুঢ়ীমাকে খোপাত পিন্ধিবলৈ বিচাৰিছিল, সেই নক্ষত্ৰই আজিও অনন্ত আকাশত জিলিকিব লাগিছে৷ যি নদীত ককাৰ আজোককাকে সাঁতুৰি ধেমালি কৰিছিল, সেই নদীয়েই আজিও বব লাগিছে৷ যি পৰ্বতৰ প্ৰকাণ্ড আবৃত্তি দেখি আমাৰ একচ্ছী পুৰুষ বিলাকৰ দৰ্প কোঁচ খাইছিল, সেই পৰ্বতেই আজিও থিয় হৈ আছে৷ মুঠতে কব লাগিলে, সমস্ত জগত আৰু জগতৰ সমস্ত বস্তু সাতকলীয়া আওপুৰণি হৈছে৷ সময়েও জগতত ন বোলাব নোৱাৰে৷ সি বৰং জগতৰ আজোককা৷ সি সূৰ্যৰ মাকৰ বিয়া দেখিছে, চন্দ্ৰক কোলাত লৈ ডাঙ্গৰ কৰিছে, আৰু গ্ৰহ নক্ষত্ৰৰ মূৰৰ বীজ গুচাইছে৷ তেনেহলে নতুন বছৰ কি? বছৰ সময়ৰ এটা ভাগ মাথোঁন! এটা পুৰণি খুটাৰ আগ ডোখৰক বা গুৰি ডোখৰক ন বুলিব নোৱাৰি৷ বুঢ়া মানুহৰ কোনো এটা অঙ্গ বা অংশ ডেকাই নাথাকে৷ পুৰণি বস্তুৰ সকলো অংশই পুৰণি হয়৷ এতেকে পুৰণি সময়ৰ অংশ যে বছৰ, সিয়ো অৱশ্যে পুৰণি৷
বহাগৰ মাহ অজি বা কালি ওপজা বস্তু নহয়৷ এই বহাগ যে কিমান বাৰ উদ্ভব হৈ স্থবিৰ কালৰ অনন্ত শৰীৰত লীন গৈছে, কোনে তাৰ সংখ্যা কব পাৰে? আমাৰ পিতামহ, প্ৰপিতামহ, বৃদ্ধ প্ৰপিতামহ সকলোৱে বহাগৰ বিহুৱান লৈছিল, সকলোৱে বহাগৰ চিৰা পিঠা খাইছিল, সাতবিহৰ সাত শাকী খাইছিল৷ সেই বহাগেই আজিও আহিছে৷ তেনেহলে বহাগ কিহৰ নতুন? মাহৰ পাচত মাহ আহে, একৰ পাচত দুই আহে, সেই বাবে পাচৰ মাহক বা পাচৰ দুইক নতুন বুলিব নোৱাৰি৷ এই দৰে বছৰৰ পাচত বছৰ আহে, কিন্তু সেই দেখি সি বছৰতকৈ ই বছৰক নতুন বুলিব নোৱাৰি৷ তথাপি লোকে ইয়াক নতুন বছৰ বোলে৷ ইয়াৰ কাৰণ কেৱল মনৰ হেঁপাহ, মনৰ হেঁপাহত মানুহে পুৰণিৰে ন বুলি মন পতিয়ায়৷ বহাগত পুৰণি মানুহেও ন কাপোৰ লয়, পুৰণি ঘৰ মছি বাৰি নিকা কৰে৷ আৰু পুৰণি দেহা মাহ হালধিৰে ধুই চিকন কৰে৷ মনৰ বাঞ্ছা এই, যেন ইয়াৰ লগে লগে পুৰণি সকলো ন হৈ ঠন ধৰে, যেন পুৰণি শৰীৰ আৰু পুৰণি জীৱন ন হৈ উঠে, যেন শৰীৰত নতুন বল আৰু নতুন উদ্যমৰ উদ্ভব হয়৷ মনৰ অভিলাষ এনেকুৱা৷ কিন্তু হায়! সময়ে একোকো ৰই থাকিব নিদিয়ে৷ সি তাৰ নিষ্ঠুৰ গতিৰে সকলোকে বুঢ়া আৰু পুৰণি কৰি নিব লাগিছে, শৰীৰৰ তেজ মঙ্গহ ক্ষয় কৰিব লাগিছে, আৰু আয়ুসটি তিল তিলকৈ কাটি নিব লাগিছে৷ নতুন বছৰে আছোক আমাক নতুন কৰক ছাৰি, এবছৰ পুৰণিহে কৰিলে৷ ষোল বছৰীয়া সোতৰত সোমাল, ষাঠি কলীয়াৰ ষাঠিৰ এক বাঢ়িল, আশি বছৰ আয়ুসৰ আজি অন্ত পৰিল৷ এটা বস্তু বছৰেক দেখিলোঁ, এতেকে সি পুৰণি হল, তাক চালে আৰু আনন্দ নালাগে৷ এটা বস্তু এবছৰ খালোঁ, সি আমনি লগালে, তাক খালে আৰু আগৰ সোৱাদ নাপাওঁঁ৷ চন্দ্ৰ সূৰ্য্যৰ ৰূপ হৰিল, সিহঁতক দেখিলে আগৰ দৰে নাচন নোলায়৷ খোৱা বস্তুৰ সোৱাদ হৰিল, সিহঁতলৈ আক হেঁপাহ নাই৷ সকলোৱে পুৰণি হল, সকলোৰে সোৱাদ লুকাল৷ তেনেহলে নতুন বছৰ কিহৰ?
নতুন বছৰ কেৱল এটা মনৰ সংস্কাৰ৷ এই সংস্কাৰে পুৰণি বছৰকো নবত্ব দিয়ে৷ ন বছৰ পৰিলে ন ভাব ওলায়, ন অভিলাষ জন্মে আৰু ন উদ্যমৰ উদ্ভব হয়৷ ন বছৰত পুৰণি কৰ্ম্মৰ লেখ জোখ হয়, আৰু তাকে সেই কৰ্মৰ এটা আধ্যা বুলি ধৰি ন বছৰত ন আধ্যা আৰম্ভ কৰে৷ বেপাৰীয়ে পুৰণি বছৰৰ আয় উৎপন্ন গোটাই ন বছৰত নকৈ লেখ ধৰে৷ ৰজাই পুৰণি বিধি ব্যৱস্থাৰ ফলাফল ৰিজাই চাই ন বছৰত ন বিধি প্ৰচাৰ কৰে৷ খেতিয়কে পুৰণি বছৰৰ খেতি চপাই লৈ ন বছৰত ন খেতি আৰম্ভ কৰে৷ বৈজ্ঞানিকে পুৰণি বছৰৰ পুৰণি আবিষ্কাৰ পুৰণি উদ্ভাবন প্ৰয়োগ কৰি ন বছৰত ন আবিষ্কাৰ ন উদ্ভাবন কৰিবলৈ যত্নশীল হয়৷ শিকাৰু ল’ৰাই পুৰণি বছৰৰ পুথি তুলি থৈ ন বছৰত ন পুথি হাতত লয়৷ ইত্যাদি ক্ৰমে সকলোৱে ন বছৰত পুৰণি কথা সামৰি থয় আৰু নতুন কথাৰ আধ্যা মেলে৷
সকলোৰে ন বছৰ একে সময়তে নপৰে৷ ইংৰাজৰ ন বছৰ মাঘত, আমাৰ ন বছৰ বহাগত, চিনৰ ন বছৰ আহাৰত পৰে৷ নতুন বছৰ একোজন মহাপুৰুষৰ কীৰ্ত্তি৷ খৃষ্টাব্দ যিচুখৃষ্টৰ কীৰ্ত্তি, শঁক শালিবাহনৰ কীৰ্ত্তি৷ এই দৰে প্ৰত্যেক জাতিৰে ন বছৰ সেই জাতিৰ কোনো এজন ৰজাই বা মহাপুৰুষে কৰা বস্তু৷ নতুন বছৰ কেতিয়াবা পৰিবৰ্ত্তনো হয়৷ এক যুগত যি দিনা ন বছৰ পৰে, অন্য এক যুগত সেই দিনা নপৰিবও পাৰে৷ বিক্ৰমাদিত্য ৰজাৰ এটি শঁক আছিল, সেই শঁক এতিয়া প্ৰায় লোপ হৈছে৷ ভাৰতত যদি ন বছৰৰ এনেকুৱা পৰিবৰ্ত্তন হয়, আন বিলাক দেশত নহবৰ কাৰণ নাই৷ এতিয়া যিবিলাক দেশত খৃষ্টাব্দ চলিত আছে, খৃষ্টৰ আগেয়ে সেই বিলাক দেশত অৱশ্যে অন্য অব্দ চলিত আছিল, আৰু সেই অনুসৰি সেই বিলাক দেশত নতুন বছৰো বেলেগ আছিল৷
নতুন বছৰ এটি কল্পনা, কিন্তু এই কল্পনা চিৰকাল আছে আৰু চিৰকাল থাকিব৷ যিমান দিন পৃথিবীত মানুহে থাকে সিমান দিন নতুন বছৰো থাকিব৷ ইয়াক লোপ কৰোঁতা বীৰ নাই৷ ই সহজ বিপ্লব, সহজ প্ৰলয় পাৰ হৈ আজিলৈকে পূৰ্বৰ প্ৰভাবে জগতক শাশন কৰিব লাগিছে৷ আমি যুক্তিৰে ইয়াক গুচাব নোৱৰোঁ, আৰু গুচাব নোখোজোঁও৷ ই এটি বছৰেকীয়া অমৃতৰ বা৷ ইয়াৰ স্পৰ্শত মানুহে পুৰণি সংসাৰ ন যেন পায়, ইয়াৰ আগমনত পুৰণি হিংসা পৰিহৰি ন প্ৰণয় কৰ্ষণ কৰে৷ এনে উপকাৰী বস্তুক খেদিবলৈ চেষ্টা কৰিলে আদৰক নেওচন দিয়া যেন হয়৷ ন বছৰ যদিও এটা মনৰ ভ্ৰম, এই ভ্ৰমৰ গুণ বহুত৷ এনে ভ্ৰমক যুক্তিৰ পোহৰেৰে নেখেদি হিতৈষী তিমিৰেৰে পোষণ কৰা শ্ৰেয়স্৷ যত অন্ধকাৰে মঙ্গল কৰে, তাত পোহৰ দিয়া মুৰ্খৰ কৰ্ম্ম৷