বিষয়—অসমৰজন সংখ্যা
ইয়াৰ ভিতৰত কেন্দ্ৰসভাৰ দুই তিনি বাৰ অধিবেশন হৈ গল, কিন্তু তাত আমি উপস্থিত নাছিলোঁ৷ প্ৰত্যেক অধি- বেশনৰ আগেয়ে মানুহক একোখন জাননীৰে সভা হব বুলি জনোৱা হয়৷ ৷ সেই জাননী আমি বাৰে পতি পাই আছোঁ, আৰু জাননী পালেই সেই বাৰ যাম বুলি মনে মনে ভাবি থওঁ কিন্তু মূৰকত যাবলৈ আজৰি নাপাওঁঁঁঁ৷ এবাৰ যাম বুলিলোঁ ল’ৰাটোৱে আহি “চিলা কৰি দে, চিলা কৰি দে” বুলি নেৰাতেই পৰিল, সেই দিনা তাৰ চিলাটো সাজি দিওঁতেই গল, সভালৈ আৰু যোৱা নহ’ল৷ আৰু এদিন জাননী পাই, যাম বুলি আছিলোঁ, পাচে দুই নৌ বাজোতেই ফুকন, কাকতী, ৰাজখোৱা, বৰুৰা গোটেই জাকেই ওলালহি, ওলাই দবাৰ খেল পাতিলে, সেই দিনাও সভালৈ যোৱা নহল৷ ৷ এই দৰে সভায় পতি একোটা বন ওলায়, একোটা আসোঁৱাহ ওলায়৷ গতিকে এই কেইবাৰ সভা চাবলৈ যাব পৰা নাছিলোঁ৷ সিদিনা আকৌ জাননী পালো, কিন্তু সেই দিনাও যাবলৈ যাত্ৰা কৰি ওলাওঁতেই আমাৰ টঙ্কেশ্বৰ বৰুৰা আহি পালে৷ তেওঁক হুনু সোণেশ্বৰ মজিন্দাৰ বৰুৱাৰ সবাহত অপমান কৰিলে৷ আন বিলাকক বৰ বৰ চৰুতকৈ প্ৰসাদ দিছিল, কিন্তু তেওঁক দিছিল মলাত, আৰু লাড়ুও তেওঁৰ ভাগত অলপ৷ তেওঁ এই বিলাক কথা কৈ বৰ বেজাৰ কৰিলে, ইয়াকে শুনি থাকোঁতে বহু ত পলম হ’ল৷ পাচে তেওঁ উঠি গলত সভালৈ যাও যে সভা বহি আৰণি পুৰণি হৈছে, সভাপতিয়ে সভা আৰম্ভ কৰি দি বক্তাক বক্তৃতা দিবলৈ অনুৰোধ কৰিছে৷ মই গৈ প্ৰথমে বহিবৰ ঠাইকে পোৱা নাছিলোঁ, পাচত শ্ৰীধৰ গগৈয়ে অনুগ্ৰহ কৰি তেওঁৰ ওচৰতে অলপ ঠাই দিলে, তাতে বহিলোঁ৷
এইবাৰ বক্তৃতা দিবৰ পাল আছিল হাজৰিকাৰ এওঁ এজন অতি প্ৰাচীন লোক, বয়সত চাৰিকুৰি সাতৰ কম নহয়৷ চুলি, দাড়ি, ভুৰূ সকলো পকি শুভ্ৰ হৈছে৷ এওঁ এজন পণ্ডিত লোক বুলি প্ৰখ্যাত৷ যদিও বয়স ইমান বেচি, সকলো কৰ্ম্মতে আগ৷ ইংৰাজী লিখা পঢ়াও কিছু জানে৷ তাহানি বাপেকৰ দণ্ডিত হুনু তেওঁ ফাৰ্চিও পঢ়িছিল, সেই দেখি ফাৰ্চিও অলপ জানে৷ সভাপতি বহিলতে এওঁ থিয় হ’ল, দুবাৰ খেকাৰিলে, চেলেঙৰ আঁচলেৰে মুখ মুছিলে আৰু চকু মুছিলে৷ পাচে এখন হাত কঁকালত থৈ আৰু সিখন ওপৰলৈ তুলি ধীৰে ধীৰে গহীন সুৰেৰে কবলৈ ধৰিলে, ডাঙ্গৰীয়া সকল! আজিৰ সভাত বক্তৃতা দিম বুলি গাত লৈ মই জানিবা কোৰে কাটি শনিহে চপাই লৈছিলোঁ৷ ( চাপৰি ) আজি মাহেক মোৰ এই চিন্তাই মনৰ পৰা গুচা নাই৷ সভাত কি বিষয়ে বক্তৃতা দিম, খাওঁতে শোঁতে কেৱল এই চিন্তাই মনক খুন্দিয়া খুন্দিকৈ আছে৷ মনত হাবিয়াস এই যে সভাত এটা বৰ ধেমেলীয়া কথা উলিয়াই সভ্যবৃন্দৰ পেটু ছিগা হাঁহি তুলি উগ্ৰ বক্তা নাম লওঁ, কিন্তু তেনে কথা আজি মাহেকেও ভাবি নাপালোঁ৷ অসমৰ যেনি চাওঁ, কেৱল দুখৰ কথাহে দেখিবলৈ পাওঁ৷ ( চাপৰি ) সেই দেখি ৰ’ লগা কথা কৈ বক্তা নাম লোৱাটো মোৰ ভাগ্যত নঘটিল৷ ৷ আজি আপোনালোকক মই দুখৰ বাতৰিহে দিবলৈ ওলাইছোঁ৷ ( সজ সজ শক ) ডাঙ্গৰীয়া সকল! আপোনালোক এটাইবিলাক দেশ হিতৈষী লোক, নাইবা এই বৃদ্ধ বয়সত পাটীৰ সুখ পৰিহাৰ কৰি, এখন সভা পাতি, তাত দেশৰ মঙ্গলা মঙ্গলৰ কথা আউটি প্ৰাচীন শিৰৰ প্ৰাচীন মগজু উতলাবলৈ কেতিয়াও মান্তি নহলহেঁতেন৷ ৷ অসমৰ উন্নতি আপোনালোকৰ হাদয়ৰ কামনা৷ ( চাপৰি ) কিন্তু উন্নতি কৰিব কেনেকৈ? উন্নতি কৰিব কাৰ? মানুহ নহলে জাৰণি, বননি৷ আৰু কাঠনিৰ উন্নতি কৰিব নে? ( চাপৰি ) অসম দেশ নিচেই সৰু দেশ৷ দীঘলে পুতলে ডাঙ্গৰ হলেও প্ৰজাৰ সংখ্যা নিচেই তাকৰ৷ আগৰ কালত যে অসমত কেতিয়াবা সৰহ প্ৰজা আছিল, এনেও নহয়৷ যি অলপ অচৰপ আছিল তাৰে আকৌ কেতখিনি সংহৰিলে মানে, কেতখিনি সংহৰিলে মটকে, বাকী আছিল কেৱল লাই আৰু লেচাই৷ ইংৰাজ ৰজাৰ আমোল পৰিবৰ পৰা অসমত তেনেকুৱা কোনো বিপ্লব মিলা নাই৷ সেই দেখি লাই আৰু লেচাইৰ বংশ পৰিয়াল বাঢ়ি ঘৰ ভৰিব বুলি আশা কৰিছিলো কিন্তু কনা বিধতাৰ এনে ব্যৱস্থা যে আমাৰ এই ক্ষুদ্ৰ আশাও পূৰ নহল৷ (সজ সজ শব্দ) অসমীয়াৰ পৰিয়াল বাঢ়ি সৰহ হওক ছাৰি, দিনক দিনে টুটিহে যাব লাগিছে৷ ৷ চৰকাৰী কাকত মতে অসমত মৰে সৰহ, ওপজে অলপ, দুহাজাৰ উপজিলে আঢ়ৈ হাজাৰ মৰে৷ মৰণৰ সংখ্যা সৰু ল’ৰা ছোৱালীৰ ভিতৰতেই বেচি৷ আন দেশৰ ব্যৱস্থা বেলেগ, তাত সৰহ ওপজে, অলপ মৰে৷ অসমত নো এনেকুৱা কিয় হয়? ( চাপৰি ) কেলৈ আমাৰ লৰা ছোৱালী ইমানকৈ মৰে? মই প্ৰশ্নটো কৰাত কেইজনমান সভ্যই হাঁহিছে৷ হয়, সিবিলাকে হাঁহিব পাৰে, কিয়নো সিবিলাকৰ বিবেচনাত মৰণ জীৱন বিধিৰ নিবন্ধ, তাত মানুহৰ হাত নাই৷ কিন্তু মই সোধোঁ, যে ইউৰোপ আৰু আমেৰিকা আদি সভ্য দেশৰ ল’ৰা ছোৱালীৰ মৰণ কম কিয়? সেই বোৰ দেশৰ মৰণ জীৱনৰ কাকতো আপোনালোকে দেখিছে৷ পাচে, তাত ল’ৰা ছোৱালীৰ মৰণ কিমান দেখিছে? সিহঁত বৰণত বগা হৈ মৰণন হাত এৰাইছে নে কি? ( চাপৰি ) নে যমৰজাই সিহঁতক কৃপা কৰিছে? আমাৰ টেটুৰ পৰা হলে তেওঁ হাতকে নাদাঙ্গে৷ কলা মানুহলৈ তেওঁৰ কিবা পুৰণি খিয়াল আছে নে কি? ( চাপৰি ) অসমীয়া মাইকী যে ল’ৰা ফুকুৱাত বগা মাইকীতকৈ অপাকৈত এনে কথা ও কোনো চকু থকা মানুহে কব নোৱাৰে৷ একোজনীয়ে ১৪/১৫ টাৰ কম নকৰে৷ পিচে, তাৰ ভিতৰত কেইটা ডাঙ্গৰ হৈ অসমীয়াৰ সমাজ বঢ়ায়? পোন্ধৰটাৰ ভিতৰত পাঁচোটা থাকিলেও বাপেক মাকে পৰম ভাগ্য বুলি মানে৷ ( চাপৰি )
ল’ৰা ছোৱালী সম্বন্ধে আমাৰ মনত এটি গুপ্ত বিশ্বাস আছে৷ বিশ্বায়টি এই যে আমাৰ যিমান ল’ৰা ছোৱালী ওপজে তাৰ [ ৪৩ ]ভিতৰত যমৰ এটা বাপতীয়া ভাগ আছে৷ ( চাপৰি ) আমি মহা ধৰ্ম্মিষ্ঠ মানুহ, লোকৰ হক ভাগত হাত দিব নোখোজোঁ৷ বগা বঙাল টেঙ্গৰ প্ৰবঞ্চক; সেই দেখি সিহঁতে যমৰ ভাগৰো চহা কাটে৷ কিন্তু ঢিলা পালে যে ঠিলা টানকৈ মাৰে, ই কথা আমাৰ মনত নাই৷ ( চাপৰি ) বগা বঙ্গাল টান মানুহ, সিহঁতক বলে নোৱাৰি যমে সেই ভাগৰ স্বত্ব্ব আগধৰি এৰি দিছে, আমাক ঢিলা পাই, আমাৰ ল’ৰা ছোৱালীৰ ভাগটো এৰিব নোখোজে, এই আচল কথা৷ কিন্তু ডাঙ্গৰীয়া সকল! মই হলে যমক দুষিব নোৱাৰোঁ, আমাৰ ল’ৰা ছোৱালী নমৰিব যদি মৰিব কাৰ? আমাৰ ঘৰত ল’ৰা উপজিয়েই পায় কি? ভিজা মাটি আৰু আন্ধাৰ ঘৰ৷ মাকৰ গৰ্ভ অৱশ্যে ভিজা আৰু আন্ধাৰ, আৰু তাৰ ভিতৰতেই ল’ৰা বাঢ়ে৷ এতেকে গৰ্ভৰ আন্ধাৰে আৰু ভিজা ঠায়ে লৰাক সুজে বুলি কব পাৰে৷ কিন্তু সেই আন্ধাৰে আৰু ভিজা ঠায়ে যে পৃথিবীতো তাক সুজিব এনে কথা ঠাৱৰ কৰি কব নোৱাৰি৷ ( চাপৰি ) জেকা আৰু আন্ধাৰ ঘৰ জীৱনৰ পথ্য বুলি চবক সুশ্ৰুত কতো পোৱা নাযায়৷ তোৰ পিচত বায়ু৷ লৰাৰ নতুন কুমলীয়া হাওঁ- ফাওঁলৈ আমি কেনে বায়ু যতনাই থওঁ৷ থু, খেকাৰ, ভেকুৰা মাটি, গেলা তামোলৰ বাকলি, কেটেহা কাপোৰ আৰু আলান্ধু আদি নানাবিধ মচলাৰে ভাৱনা দি এনে বায়ু, যুগুত কনি থওঁ যে তাৰ এটা নিশ্বাস ললেই সকলো ৰোগৰ গুটি ল’ৰাৰ ভিতৰলৈ যায়৷ ( সজ সজ) এই আমাৰ ল’ৰা ছোৱালীৰ জন্ম কাহিনী: পাচত সিহঁত ডাঙ্গৰ দীঘল হয় কেনেকৈ তাকো এবাৰ ভাবি চাওক৷ এই সম্বন্ধে আমাৰ আৰ্হি নন্দ আৰু যোশোদা৷ ( চাপৰি ) তেওঁলোকৰ তনয় শ্ৰীকৃষ্ণক তেওঁলোকে যি প্ৰণালীত ডাঙ্গৰ কৰিছিল আমিও আমাৰ ল’ৰাক সেই প্ৰণালীত ডাঙ্গৰ কৰোঁ৷ কৃষ্ণই মাটি খাইছিল, আৰু ধূলিত বাগৰিছিল, সেই দেখি আমাৰ ল’ৰাকো খামোচে খামোচে মাটি খাবলৈ আৰু গেৰেকণিত লেটি লবলৈ এৰি দিওঁ৷ ( চাপৰি ) ল’ৰালৈ আমাৰ বৰ মৰম, কেনেবাকৈ ভোকত দুখ পাই বুলি আমি চিন্তি পাৰ নাপাওঁঁঁঁ৷ ল’ৰাইতো এবাৰ অকলৈ খায়েই তদুপৰি বায়েকৰ লগত এগৰাহ. পেহীয়েকৰ লগত এগৰাহ আৰু মাকৰ লগত এগৰাহ খাবলৈ পায়৷ ৷ এই দৰে খাওঁতে খাওঁতে ল’ৰাতো স্বভাৱতে এটা ক্ষুদ্ৰ ৰাক্ষস হয়েই, ইফালে শ্ৰীটিও বিতোপনহৈ পৰে, পেটটি ডাঙ্গৰ, ডিঙিটি চিঞা, আৰু হাত ভৰিৰ গাঠি কেইটাই সাৰ হয়৷ ইয়াৰ ওপৰঞ্চিও পেটত কোৰ সঁজীয়া জ্বৰ খাপৰিয়ে বাহ লয়৷ ( চাপৰি ) একোটা ল’ৰা দেখিলে তাক মানুহৰ ল’ৰা বুলিব নোৱাৰি সাক্ষ্য পিশাচটো জানিব৷ গাত সাতবৰণীয়া চেকা লগা কাপোৰ, ডিঙ্গিত টাটৰি, পিঠিত একাঙ্গুলীয়া ওখল; মূৰৰ মলি স্বভাৱতে চটা বান্ধি এৰি নগলে এৰুৱাই দিওঁতা নাই৷ নাকত শেঙ্গুনৰ টেপা, কোৱাৰিত লালাউটিৰ ৰেখা, বুকুত গাখীৰ কলৰ প্ৰলেপ সততে ল’ৰাৰ নুগুচে৷ ( চাপৰি ) পানীৰে সৈতে ল’ৰাৰ কেতিয়াবা কাচিত হে দেখা সাক্ষাৎ হয়৷ ইয়াৰ বাজেও ভূত পিশাচক ভয় দেখুৱাবলৈ ডিঙ্গিত, বাউসিত, কাণত, কঁকালত জৰীৰ বোজা৷ এই জৰীত যে কিমান কালৰ শেঙ্গুন, খেকাৰ, ঘাম, আৰু মেলি লাগি পিঠা বান্ধি থাকে তাৰ ঠিক নাই৷ এই আমাৰ ল’ৰাৰ অৱস্থা৷ ( চাপৰি ) এনে অৱস্থাতে যে এটাইবোৰ নমৰি দুই চাৰিটা ডাঙ্গৰ হয়, ই কেৱল মানুহৰ জীউ বৰ লেটেকা দেখিহে৷ এনেকুৱা ল’ৰা ছোৱালী পৃথিবীত থকাতো যদি যমে শুধা ভাত খায়, তেনেহলে তাক দীঘলকণীয়া গাধহে বুলিব পাৰি৷ ( চাপৰি )
কাকতীও কেন্দ্ৰ সভাৰ এজন লেখৰ সভ্য৷ এওঁ অস- মীয়াৰ পুৰণি নিয়ম এটিও এৰা নাই৷ খোৱা শোৱা আদি ক্ৰিয়াকৰ্ম্ম এটাইখিনি এওঁ পুৰণি নিয়ম মতে কৰে৷ চতৰ বিহুৰ নাচন বাগন অসমৰ পৰা তুলি দিবৰ কথা হোৱাত, তাক ৰাখিবলৈ মুখিয়াল হৈ হজুৰত দৰখাষ্ট দিছিল আৰু সেই বাবে এওঁ এজন পৰম দেশ হিতৈষী লোক বুলি প্ৰখ্যাত৷ হাজৰিকা বহিলত এওঁ থিয় হল আৰু খঙত কঁপনি তুলি কবলৈ ধৰিলে-— ডাঙ্গৰীয়া সকল! হাজৰিকা ডাঙ্গৰীয়াই আজি আমাক আচৰিত কথা শুনালে, তেখেতে ঈশ্বৰৰ বিষয়খন গোটাই কাঢ়ি ললে যেন বোধ হয়৷ ৷ এতিয়াৰ পৰা তেখেতহে মাৰণ তাৰণৰ গৰাকী হ’ল ( চাপৰি আৰু হাঁহি ) তেখেতে পৰিষ্কাৰ থাকি ইহকালৰ বৈভব আৰু পৰকালৰ মোক্ষ উভয়কেই লাভ কৰিব খুজিছে৷ লেতেৰা হৈ থাকে দেখিহে আমাৰ ল’ৰা- ছোৱালীবোৰ মৰে? কিয়? ভাৰতৰ আন আন দেশৰ ল’ৰা ছোৱালীবোৰক কিবা সোণৰ সফুঁৰাত ভৰাই থয় নে কি? ( চাপৰি ) সিহঁতৰো চোন নাকত “শেঙ্গুনৰ টেপা”, “কোৱাৰিত লালাউটিৰ ৰেখা” বুকুত “গাখীৰ কলৰ প্ৰলেপ ” থাকে, ( চাপৰি ) পিচে, সেই বোৰ ল’ৰা ছোৱালী গোটেই মৰি ঢুকাইছেনে? দিনক দিনে চোন বাঢ়িহে যাবলৈ লাগিছে৷ হাজৰিকা যদিও বয়সত বুঢ়া, চামুচধাৰী, চেলেউ থোৱা চাহাব হবলৈ তেখেতৰ এতিয়াও হেঁপাহ গুচা নাই৷ ( চাপৰি ) সেই দেখিহে তেখেতৰ ল’ৰা কেইটাক একেবাৰে বিলাতী চাহাব৷ কৰিছে৷ হাজৰিকা ডাঙ্গৰীয়া আঢ্যৱন্ত মানুহ, তেখেতে ল’ৰা ছোৱালীক আপডালত ৰাখিব পাৰে৷ কিন্তু সকলোৰে ভাগ্য তো তেনে ৰৰৈয়া নহয়৷ দুখীয়া মানুহে ল’ৰা চিকোনাই দিন কটালে হাজৰিকাই সিহঁতক খাবলৈ পেনচন দিবনে? হাজৰিকাই আমাৰ ঘৰবোৰ আন্ধাৰ আৰু ভেটি জেকা বুলি নিন্দিছে, কিন্তু বৰ চাহাবৰ বঙ্গলাৰ নিচিনা বঙ্গলা সাজিবলৈ আমাৰ সমৰ্থ নাই৷ সন্দিকৈ–আজিৰ সভাত বক্তৃতা দিবৰ মোৰ সমূলি মন নাছিল কিন্তু কাকতীৰ কথা কেই আষাৰ শুনি নুঠি থাকিব নোৱাৰিলোঁ৷ বৰচাহাবৰ বঙ্গলাৰ নিচিনা বঙ্গলা সাজিবলৈ বোলে তেখেতৰ সমৰ্থ নাই৷ হাজৰিকাই জানো সকলো অসমীয়াক বঙ্গলা সাজি থাকিবলৈ কলে? কিয়, সৰু ঘৰ জানো দুখন খিৰিকি কাটি পোহৰ কৰিব নোৱাৰি? ( চাপৰি ) সৰু ঘৰৰ জানো ভেটি ওখ কৰিব নোৱাৰি? অসমীয়া মানুহে এই ফেৰা কাম কৰিও গা ভালে ৰাখিব নোখোজে৷ তাকে কোৱাত আকৌ কাকতীৰ খং ( চাপৰি )৷
বৰুৱা— ডাঙ্গৰীয়া সকল! কাকতীয়ে কয় যে ভাগ্য ৰৰৈয়া নহলে ল’ৰাক পৰিষ্কাৰে ৰাখিব নোৱাৰি৷ এই আষাৰ কথা তেখেতৰ মই বুজিব নোৱাৰিলোঁ ( চাপৰি )৷ দুখীয়া মানুহে ল’ৰা ছোৱালীৰ গা ধুৱাই দিলে জানো সিহঁতৰ কতবা কিবা দইন পৰে? ইউৰোপ আমেৰিকাত জানো দুখীয়া মানুহ নাই? ( চাপৰি ) পিচে, সিহঁতে লৰা ছোৱালীক কেনেকৈ পৰিষ্কাৰে ৰাখে? ঘৰৰ ঘৈণীয়ে যিখিনি পৰ মিনাইৰ মাকৰ আৰু ঘিনাইৰ ঘৈণীয়েকৰ নাক মুখ ব্যাখা কৰি কটায়, ( চাপৰ ) সেইখিনি পৰত লৰা ছোৱালীক ধুৱাই পখালি নিকা কৰিব পাৰে৷ ( চাপৰি ) মন থাকিলে মানুহে স্বৰ্গলৈকো যাব পাৰে বুলি কয়৷ ( চাপৰি ) ল’ৰা ছোৱালী পৰিষ্কাৰে ৰখাটো বৰ টান কথা নহয়৷ আচল কথা আমি মলি প্ৰিয় জাতি, ( চাপৰি ) মলি নহলে আমি থাকিবই নোৱাৰোঁ৷ ল’ৰাৰ মুখত মাটি, গাত ধূলি নাথাকিলে আমাৰ চকুত তাৰ ধুনেই নোলায়৷ ( চাপৰি )
এই কেই আষাৰ কথা কৈ বৰুৱা বহিলত সভাপতি ডাঙ্গৰীয়া উঠিল, আৰু কোনোবা সভ্যই সভাক মন্তব্য নিবেদন কৰিবনে নকৰে সুধিলে৷ পাচে কেওঁ নুঠা দেখি সভাপতিয়ে নিজে কবলৈ ধৰিলে—ডাঙ্গৰীয়া সকল! আমাৰ দেশত যে দিনক দিনে জনসংখ্যা কমি যাবলৈ লাগিছে; ই সঁচা কথা৷ মৰণ জীৱনত অৱশ্যে মানুহৰ হাত নাই, তথাপি শাস্ত্ৰত বাচি খাবলৈ আৰু জাগি শুবলৈ কৈছে ( চাপৰি )৷ সদাই পৰি- স্কাৰে থাকিলে হে মানুহ দীৰ্ঘায়ুস হয়, ইয়াক কেওঁ মিছা বুলিব নোৱাৰে ( চাপৰি )৷ পৰিষ্কাৰে থকা খোৱা জাতি বিলাকৰ ভিতৰত মৰণ সততে কম দেখা যায়৷ হাজৰিকাৰ কথা কেই আষাৰ অৱশ্যে শলাগিব লগীয়া৷ ( চাপৰি ) আমি মলিক মলি যেন নাভাবোঁ৷ লেতেৰাকৈ ৰখাৰ নিমিত্তেহে বহুত ল’ৰাই অকালত প্ৰাণ হেৰুৱায়৷ ( চাপৰি ) কাকতী ডাঙ্গৰীয়াই ভাৰতৰ আন আন দেশৰ পাটন দিছে৷ ভাৰতৰ আন আন দেশতো ল’ৰা ছোৱালীৰ মৰণৰ সংখ্যা কম নহয়৷ ইউৰোপ আৰু আমেৰিকাৰ লগত ৰিজাই চালেই আচল কথা ধৰা পৰে৷ ( চাপৰি ) ইউৰোপৰ ল’ৰা শত দুজন মৰিলে ভাৰতৰ ল’ৰা শত চাৰি জনকৈ মৰে৷ কিন্তু আসামৰ নিচিনা জানিবা সিবোৰ দেশত জন্মৰ সংখ্যাতকৈ মৰণৰ সংখ্যা সৰহ নহয়৷ তাৰ কাৰণ আছে৷ সেই বোৰ দেশ অসমৰ নিচিনা জেকা দেশ নহয়৷ কোনোবা থলৰ এফালে যদি জেকা এফালে ওখ আৰু শুকান, গতিকে মুঠতে তাতো মৰণৰ সংখ্যা জন্মতকৈ সৰহ হব নোৱাৰে৷ বঙ্গদেশৰ কোনো কোনো অঞ্চল অসমৰ নিচিনা জেকা, সেই দেখি তাত অসমৰ নিচিনা মৰণো সৰহ৷ অসম গোটেইখন জেকা দেশ বুলি সকলোৱে জানে৷ ইয়াত মানুহ অৱশ্যে বেচি সাৱধানে থাকিব লাগে ( চাপৰি )৷ মলি মানুহৰ শৰীৰৰ পক্ষে এবিধ বিহ, তাক আমি অন্তৰেৰে ঘিনাব লাগে৷ মলিলৈ আন্তৰিক ঘৃণা নুপজিলে তাৰ হাতৰ পৰা আমি উদ্ধাৰ নাপাওঁঁঁ হঁক৷ ( চাপৰি ) এতিয়া গধূলি হল, আপোনালোকক আৰু সৰহ পৰ নাৰাখোঁ, আজিকৈ সভা সম্বৰণ কৰা গল৷ ( চাপৰি )