সৰুযু নদীৰ পাৰত অৱস্থিত এখন ধুনীয়া ৰাজ্যৰ নাম হ’ল ‘কোশল’। দিলীপ নামৰ এজন বিখ্যাত ৰজাই উক্ত ৰাজ্য শাসন কৰিছিল। ৰজা দিলীপ আছিল ৰূপৱান আৰু অতি গুণৱান। তেওঁ আছিল এগৰাকী পৰাক্ৰান্ত নৃপতি। ৰজা দিলীপৰ কেইবাগৰাকীও ৰাণী আছিল। ৰাণীসকলৰ মাজৰ এগৰাকী আছিল মগধ ৰজাৰ ৰাজকুমাৰী সুদক্ষিণা। ৰজা দিলীপে ৰাণী সুদক্ষিণাক প্রাণতকৈও ভাল পাইছিল। ৰজা দিলীপৰ এটাই মাত্র দুখ আছিল যে তেওঁৰ কোনাে সতি-সন্ততি নাছিল। কি কৰিলেনাে তেওঁ সন্তানৰ মুখ দেখিব, তাৰ উপায় বিচাৰি তেওঁ এদিন ৰাণীৰ সৈতে গুৰু বশিষ্ঠৰ ওচৰত উপস্থিত হ’ল। সুর্যাস্তৰ লগে-লগে তেওঁলােক বশিষ্ঠ মুনিৰ তপােবন পালে। আশ্ৰমৰ পৰিৱেশ দেখি ৰজা ৰাণী দুয়াে পৰম আনন্দ পালে। দুয়ােজনে ঋষিক প্রণাম কৰিলে। বশিষ্ঠ ঋষিয়েও ৰাজ্যৰ শুভাশুভৰ খবৰ সুধিলে। ৰজাই ক’লে— “ৰাজ্য আৰু প্ৰজাৰ বৰ বিশেষ অশুভ-অশান্তি নাই। শত্ৰুৰ আক্ৰমণ নাইবা বেমাৰ-আজাৰ একোৰে ভয় পৰিলক্ষিত হােৱা নাই। ভাবিছোঁ, এয়া আপােনাৰে আশীর্বাদৰ ফল।” ৰাজ্যৰ এনে মংগল বার্তাই বশিষ্ঠ মুনিক আদিত কৰিলে। ইয়াৰ পিছত ঋষিয়ে ৰজাৰ আগমনৰ কাৰণ জানিব বিচাৰিলে। ৰজা দিলীপে লাজ-লাজকৈ ক’লে যে তেওঁলােকক এটা দুখে বৰ কষ্ট দিছে। সেই দুখটো অন্য নহয়, সতি-সন্ততিৰ অভাৱৰ দুখহে। তেতিয়া ঋষিয়ে ক’লে– তুমি এবাৰ স্বৰ্গত ইন্দ্রক সাক্ষাৎ কৰি উভতি আহোঁতে পথত কল্পতৰুৰ ছাঁত শুই থকা সুৰভিক লগ পাইছিলা। কিন্তু সুৰভিক প্রদক্ষিণ নকৰি তুমি গুচি গৈছিলা। সুৰভিয়ে তেতিয়া তােমাক এই বুলি অভিশাপ দিছিল যে সুৰভিৰ সন্তানক পৰিচৰ্যা নকৰিলে তােমাৰ কোনাে কালেই সতি-সন্ততি নহ’ব। তেতিয়া সুৰভিৰ অভিশাপ তােমাৰ কাণত পৰা নাছিল। মান্যজনক উচিত মান-সম্মান নকৰাৰ ফলতে তােমাৰ আজি এই দশা ঘটিছে। সতি-সন্ততিৰ মুখ দেখাৰ পৰা তুমি বঞ্চিত হ’ব লগা হৈছে। মুনিৰ মুখত এনে কথা শুনাৰ পিছত ৰজাই সুধিলে– কি উপায়েনাে সেই অভিশাপ খণ্ডন কৰিব পৰা যাব হে মুনিৰৰ অনুগ্রহ কৰি তাৰ এটা উপায় দিবনে? তেতিয়া ঋষি বশিষ্ঠই ক’লে –“এতিয়া সুৰভিক লগ পােৱাটো তেনেই অসম্ভৱ। কাৰণ পাতালত বৰুণে এটা যজ্ঞৰ আয়ােজন কৰিছে আৰু সেই যজ্ঞত সুৰভিয়ে সমষ্ট ঘি, দৈ, গাখীৰৰ যােগান ধৰিছে। পিছে এটা কথা সুৰভিৰ কন্যা নন্দিনী সম্প্রতি মােৰ এই আশ্ৰমত আছে। যদি তােমালােক ৰজা ৰাণী দুয়ােৱে নন্দিনীক শুশ্রুষা কৰি সন্তুষ্ট কৰিব পাৰা তেতিয়াহ’লে তােমালােকে অভীষ্ট লাভ কৰিব পাৰিবা।” নন্দিনী ইতিমধ্যে সেইপিনে আহিব ধৰাত ঋষিয়ে দেখুৱাই দি ক’লে – “সৌৱা নন্দিনী আহি আছে। নন্দিনীক সন্তুষ্ট কৰিবলৈ যত্ন কৰা। তােমালােকৰ কুশল হওক আৰু বিচৰা ফল লাভ কৰা।” এই বুলি আশীর্বাদ দি দুয়ােকে পর্ণ কুটীৰত বিশ্রাম ল’বলৈ ক’লে। ৰজা ৰাণীয়ে ঋষিৰ আশীর্বাদ শিৰােধার্য কৰি সেই পর্ণ কুটিৰত ৰাতিটো কটালে। ৰজা-ৰাণীয়ে তপােবনৰ প্রাকৃতিক শােভা দেখি বিস্ময়াভূত হ’ল। ৰজাই ৰাণীক ক’লে–– “ৰাণী, তুমি নন্দিনীৰ পােৱালিটোক মুকলি কৰি গাখীৰ খুওৱা, তাৰ পিছত মই নন্দিনীক চৰাবলৈ লৈ যাম।” ৰজা ৰাণীয়ে তেওঁলােকৰ ৰাজকীয় পােছাক সােলােকাই সাধাৰণ সাজপাৰ পিন্ধিলে আৰু গােটেইদিনটো ৰজা দিলীপে নন্দিনীক বনে বনে চৰাই লৈ ফুৰালে। প্রতিদিনে ৰজাই গাইজনীক ভালৰাে ভাল ঘাঁহ খাবলৈ দিয়ে। ৰাণীয়ে গাে-মূত্র, গােবৰ আদি পৰিষ্কাৰ কৰে। এনেকৈ মুঠ একৈশ দিন পাৰ কৰিলে। ৰজা দিলীপে গৰুজনী ঘাঁহনিত চৰিবলৈ দি গছ এজোপাৰ তলত বহিল। এনেতে সিংহ এটা আহি সেই ঠাইত উপস্থিত হ’ল! ভয়ত গাইজনীয়ে আর্তনাদ কৰিবলৈ ধৰিলে। সিংহটো দেখি ৰজাই ধনু শৰ সাজু কৰিলে। কিন্তু কি আচৰিত কথা! শিৱৰ কিংকৰ নিকুম্ভৰ বন্ধু কুম্ভোদৰে ৰজাক বাধা দি ক’লে– “তুমি অনাহকত গাইজনী বধ কৰিব খুজিছা কিয়? কুম্ভোদৰে ক’লে– “অনাহকত নহয় মহাৰাজ এই গাইজনী মােৰ বৰ প্রয়ােজন। মই বৰ ভোকাতুৰ। গতিকে আপুনি বাধা নিদিব। আপুনি এই ঠাই এৰক। আপুনি একোকে কৰিব নােৱাৰে।” ৰজাৰ শক্তি লুপ্ত হ’ল। তেওঁ ধনুশৰ টানিব নােৱাৰাত পৰিল। ৰজাই ভাবিলে – “তেওঁৰ এনে অৱস্থা কিয় হ’ল বাৰু? পশুৰাজ! মােৰ গুৰুৰ ধন এই গাইজনীক মই কোনােপধ্যে মৃত্যুৰ মুখলৈ ঠেলি দিব নােৱাৰো। গতিকে এই গৰুজনীক এৰি দি মােক ভক্ষণ কৰা।” সিংহটোৱে অট্টহাস্য কৰি ক’লে– “আপুনি জগতজোৰা ৰাজ্যৰ ৰজা। সামান্য এজনী গৰুৰ কাৰণে আপােনাৰ অতি মূল্যবান জীৱনটো হেৰুৱাবনে? ৰজাই ক’লে—“সামান্য নহয় বিপদৰ পৰা ৰক্ষা কৰাটো ৰজাৰ ধৰ্ম, ক্ষত্রিয়ৰ ধর্ম। পুনৰ কৈছে, গাইজনীক এৰি দি মােক ভক্ষণ কৰা। ৰজাই নন্দিনীক ক’লে–“তুমি চিন্তা নকৰিবা, মই মােৰ প্রাণ দি হলেও তােমাক ৰক্ষা কৰিম।” তেওঁ শেষবাৰলৈ পুনৰ ক’লে, পশুৰাজ! গৰুজনীক এৰি দিয়া।” সিংহই ক’লে– “ঠিক বাৰু, তুমি সাজু হােৱা, ধনু তনু আদি পৰিহাৰ কৰা।” ৰজা দিলীপে ক’লে– “সেয়াই হওক! আহা পশুৰাজ! গৰুজনীক এৰি দি মােক গ্রহণ কৰা।” কিন্তু কি আচৰিত কথা! সিংহৰ দাঁত আৰু নখৰ আঁচোৰৰ পৰিৱৰ্তে ৰজাৰ গাত পুষ্পবৃষ্টিহে হৈছে। তেতিয়া নন্দিনীয়ে ক’লে–– “উঠা মহাৰাজ। মই তােমাৰ পৰীক্ষাহে কৰিছিলোঁ। মায়া বলত সিংহৰ সৃষ্টি কৰিছিলোঁ। ঋষিৰ কৃপাত তােমাক কোনেও একো অন্যায় কৰিব নােৱাৰে। সিংহৰ কথা বাদেই।” ৰজাৰ গুৰুৰ ওপৰত ভক্তি আৰু গাইজনীৰ ওপৰত দয়া দেখি নন্দিনী বৰ সন্তুষ্ট হ’ল আৰু ৰজাক কি বৰ লাগে সুধিলে। ৰজাই ক’লে– “কৃপা কৰি যেন তেওঁক এটি পুত্র সন্তান দান দিয়ে।” নন্দিনীয়ে ‘সেয়ে হওক’ বুলি আশীর্বাদ দি এটা পাত্ৰত গাখীৰ লৈ পান কৰিবলৈ ক’লে। সেইমতে ৰজা ৰাণী উভয়ে গাখীৰ পান কৰিলে আৰু নন্দিনীৰ আশীর্বাদতেই তেওঁলােকৰ পুত্ৰ লাভ হ’ল। সেই সন্তানটিয়েই হ’ল ৰঘু। ভগৱান শ্ৰীৰামচন্দ্ৰৰ উপৰি পুৰুষ। বীৰ পুৰুষসকলে প্রাণ দি হ’লেও বচন ৰক্ষা কৰিবলৈ চেষ্টা কৰে।