সংস্কৃতত শিৱ মানে शिव; ইয়াৰ আক্ষৰিক অৰ্থ “শুভ” বা “মঙ্গল”। শিৱ এজন হিন্দু দেৱতা। হিন্দুসকলৰ মতে তিনিটা বিশেষ প্ৰাথমিক দৈৱসত্তা ত্ৰিমূৰ্ত্তিৰ অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক। হিন্দুধৰ্মৰ শৈৱ সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ। যিসকল হিন্দু ধৰ্মাৱালম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰি শিৱৰ পূজা আৰাধনা কৰে, তেওঁলোক “শৈৱ” নামে পৰিচিত।
ভাৰত বুলিয়েই নহয় নেপাল আৰু শ্ৰীলঙ্কাৰ সমগ্ৰ হিন্দু সমাজতো শিৱ পূজা প্ৰচলিত। কোনো কোনো ঐতিহাসিকৰ মতে, একাধিক ধৰ্মীয় সম্প্ৰদায়ৰ ধাৰণা একক মূৰ্তিত একীভূত হৈ শিৱৰ আধুনিক ৰূপটোত দান কৰা হৈছে। তথাপি শিৱৰ চাৰিত্ৰিক বৈশিষ্ট্যসমূহ কিদৰে একক দেৱতাত সম্মিলিত হ’ল, সেই সম্পৰ্কত একো বিস্তাৰিত তথ্য পোৱা নাযায়। অ্যাক্সেল মাইকেলচে শৈৱধৰ্মৰ এই সম্মিলিত জটিল প্ৰকৃতিটোৰ ব্যাখ্যা কৰিবলৈ গৈ কৈছে যে:- বিষ্ণুৰ দৰে, শিৱও এজন উচ্চস্থানীয় দেৱতা। তেখেতৰ নামানুসৰি “শৈৱধৰ্ম” নামৰ ধৰ্মীয় মত আৰু সম্প্ৰদায়ৰ নামকৰণ হৈছে।
অসম দেশ প্ৰাচীন কালৰ পৰাই বিভিন্ন ধৰ্মৰ লীলাভূমি। বৰ্তমানৰ অসম অতীতত প্ৰাক্ জ্যোতিষপুৰ আৰু কামৰূপ নামে পৰিচিত। অসমত বাস কৰা বিভিন্ন জাতি-জনজাতীয়ে প্ৰাচীন কালৰ পৰাই শিৱক বিভিন্ন ৰূপত পূজা কৰি আহিছে। শিৱ প্ৰাক্ বৈদিক দেৱতা। অনুমান কৰা হয় কিৰাতসকলে দ্ৰাৱিড়সকলৰ পৰাই শিৱপূজাৰ আদৰ্শ গ্ৰহণ কৰিছিল। কাৰণ প্ৰাক্ বৈদিক সিন্ধু উপত্যকাৰ সংস্কৃতিত শিৱ আৰু সৰ্প পূজাৰ আভাস পোৱা যায়। এইবোৰৰ সাক্ষ্য দাঙি ধৰে বিভিন্ন ঐতিহাসিক সমলে।
মহাভাৰতত উল্লেখ থকা বীৰ ঘটৎকচ্ কামৰূপৰ অধিপতি আছিল। তেওঁ শিৱৰ উপাসক আছিল। আকৌ আন এক কাহিনী মতে এই অঞ্চলৰ অধিবাসী কিৰাতসকল শিৱৰ উপাসক আছিল। শিৱৰ অনুমতি মৰ্মে বিষ্ণুৱে কিৰাতসকলক আঁতৰাই পূৱে ললিতা-কান্তা সীমা কৰি সাগৰৰ পাৰত বহুৱাইছিল। এই কাহিনীবোৰ অসমৰ প্ৰাচীন শৈৱ ধৰ্ম প্ৰচলনৰ প্ৰমাণ দাঙি ধৰে।
শৈৱ ধৰ্মৰ উৎপত্তি বিচাৰ কৰিলে- তাম্ৰশাসন, শিলালিপি, দানপত্ৰ, ঐতিহাসিক, সাহিত্যিক আৰু আন নানা প্ৰকাৰৰ পৰম্পৰাগতভাৱে প্ৰচলিত গ্ৰন্হ আৰু মুখ পৰম্পৰা আদিৰ পৰা শৈৱ ধৰ্মৰ উৎপত্তিৰ উপৰিও প্ৰাচীনত্বৰ বিষয়ে জানিব পাৰি।
ধৰ্মগ্ৰন্থবোৰেও কামৰূপৰ প্ৰাচীন শৈৱ উপাসনাৰ কথা দাঙি ধৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল- কালিকা পুৰাণ। খ্ৰীষ্টীয় দশম একাদশ শতিকাত কামৰূপত ৰচিত কালিকা পুৰাণ মতে কামৰূপ শিৱৰ সিদ্ধক্ষেত্ৰৰূপে জনাজাত। বশিষ্ঠ মুনিয়ে সন্ধ্যাচলত শিৱক উপাসনা কৰাৰ আগৰে পৰা এই ৰাজ্য শিৱৰ লীলাভূমি আছিল। নৰকাসুৰৰ ৰাজত্বকালত দেৱী পূজাই প্ৰাধান্য পাইছিল যদিও শিৱপূজাও গোপনে চলিছিল।
পুৰাণৰ মতে, নৰকৰ ৰাজত্বৰ পূৰ্বে মহাদেৱে সতীৰ মৃতদেহ কান্ধত লৈ উদভ্ৰান্ত হৈ পৰিভ্ৰমণ কৰোতে সতীৰ যোনিমণ্ডল কামৰূপৰ কুঞ্জীকা পীঠ নামৰ পাহাৰত পৰে আৰু সেই পাহাৰ নীলবৰ্ণ হয়। সেয়ে পিছলৈ এই পাহাৰ নীলাচল মানে জনাজাত হয়। সতীৰ যোনিমণ্ডল পাহাৰত পৰিয়ে শিলাখণ্ডত পৰিণত হয় আৰু তাতে দেৱীয়ে অৱস্থান কৰে। এই শক্তিপীঠকে কামাখ্যা দেৱী বুলি জনা যায়। ইয়াৰ পৰা জানিব পাৰি যে ইয়াৰ আগলৈকে নীলাচলত শিৱৰ লগতে দেৱীয়ে একেলগে বাস কৰিছিল।
দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ হাতত নৰকৰ মৃত্যু হোৱাত তেওঁৰ পুত্ৰ ভগদত্ত কামৰূপৰ ৰজা হয়। বনমালৰ তাম্ৰশাসনত ভগদত্ত ৰজাই ৰাজ্য প্ৰসাৰণৰ বাবে শৈৱ ধৰ্ম প্ৰচলন আৰু শিৱক সন্তুষ্ট কৰাৰ প্ৰমাণ পোৱা যায়।
পৰবৰ্তী কালত বৰ্মণ বংশৰ সময়ৰ পৰা শৈৱধৰ্ম সবল হৈ উঠে। বৰ্মণ বংশৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মা শৈৱ আছিল। ভাস্কৰ বৰ্মাৰ নিধনপুৰৰ তাম্ৰশাসন আৰম্ভ হৈছে শিৱৰ প্ৰতি প্ৰণাম নিবেদন আৰু শিৱ প্ৰশস্তি কীৰ্তনেৰে।
বাণভট্টৰ হৰ্ষচৰিততো পোৱা যায় যে ভাস্কৰ বৰ্মা শিৱভক্ত আছিল। ইয়াৰ তথ্য অনুসৰি, কামৰূপৰ ৰাজদূত হংসবেগে হৰ্ষবৰ্ধনক কৈছে যে, ভাস্কৰ বৰ্মাই শৈশবৰ পৰাই শিৱৰ বাহিৰে আন দেৱ দেৱীৰ পূজা নকৰে বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল। ইয়াৰ পৰা বুজা যায় যে সমগ্ৰ বৰ্মণ বংশতে শিৱ পূজাৰ প্ৰচলন আছিল।
বৰ্মণ বংশৰ পিছত শালস্তম্ভ আৰু প্ৰালম্ভ বংশই ৰাজত্ব কৰে। এওঁলোকো শিৱভক্ত আছিল। বনমাল বৰ্মণৰ তেজপুৰ তাম্ৰশাসন মতে, তাত শৈৱ আৰু পাৰ্বতীৰ যুগ্ম উপাসনা কৰিছিল। বনমাল বৰ্মণে শিৱমন্দিৰ স্হাপনৰ বাবে একো একোখন গাওঁ স্হাপন কৰিছিল। কালৰ চক্ৰত ধ্বংস হোৱা হাটকেশ্বৰ মহাদেৱৰ মন্দিৰ পুনৰ নিৰ্মান কৰি তাত গাওঁ, প্ৰজা, হাতী, নটীৰো ব্যৱস্হা কৰে।
উল্লেখ্য যে কামৰূপৰে খ্যাতিমান শৈৱচাৰ্য্য অভিনৱ গুপ্তই প্ৰায় ১০ম শতিকাত “পৰমাৰ্থ সাৰ” নামৰ বিখ্যাত শৈৱগ্ৰন্হ ৰচনা কৰে।
পালবংশীয় তৃতীয়তম ৰজা ইন্দ্ৰপালৰ ফলিত “কামেশ্বৰ মহাগৌৰী” ক তেওঁলোকৰ ইষ্টদেৱতা হিচাপে দেখা যায়। আচলতে সেই সময়ত শিৱ পূজাৰ লগে লগে শাক্ত ধৰ্ম আৰু বৈষ্ণৱ ধৰ্মইয়ো গা কৰি উঠিছিল।
শাক্ত গ্ৰন্থ যোগিনী-তন্ত্ৰৰ পূৰ্বখণ্ড আৰম্ভ হৈছে- ‘নমোঃ মহাভৈৰৱায়’ বুলি শিৱক নমস্কাৰ জনোৱাৰ পৰা। ইয়াৰ পিছত কৈলাশ শিখৰত থকা পৰমেশ্বৰ শংকৰক পাৰ্বতীয়ে ধৰ্মৰ কথা সুধাৰ পৰা গ্ৰন্থখন আৰম্ভ হৈছে। শিৱ বিভিন্ন স্হানত বিভিন্ন নামেৰে আছে – নীলাচলত কামেশ্বৰ, সুষ্কৰতীৰ্থত সুৰেখান, অযোধ্যাত ভাৰ্গৱ, মণিকূটত হয়গ্ৰীৱ আদি ১০৮ টা নামেৰে ১০৮ ঠাইত আছে।
খ্ৰীষ্টীয় দ্বাদশ শতিকাৰ আগে আগে গঢ় লৈ উঠা কাব্যিক নিদৰ্শন চৰ্যাপদত শৈৱধৰ্মৰ আভাস পোৱা যায়। কবিৰত্ন সৰস্বতীৰ ‘দ্ৰোণ-পৰ্ব’ ত ইন্দ্ৰনাৰায়নৰ কথা উল্লেখ আছে। মাধৱ কন্দলীৰ ৰামায়ণতো শৈৱধৰ্মৰ কিছু বৰ্ণনা পোৱা যায়। বড়ু চণ্ডী দাসৰ “শ্ৰীকৃষ্ণ কীৰ্তন” আৰু ৰামাই পণ্ডিতৰ “শূন্য পুৰাণ” এই দুয়োখন কাব্যৰ মাজতো শৈৱতত্ত্ব নিহিত হৈ আছে। মনকৰ, দুৰ্গাবৰ আৰু সুকবি নাৰায়ণদেৱে মনসা কবিৰ কাব্যৰ বিভিন্ন ঠাইত শিৱৰ মাহাত্ম্য প্ৰকাশ পাইছে। সূৰ্যখৰি দৈৱজত্তৰ “দৰং ৰাজবংশাৱলী” গ্ৰন্হত কোঁচ ৰজাসকলক শিৱৰ বংশধৰ বুলি কৈছিল। মহেশ্বৰ নেওগৰ “মণিৰাম দেৱানৰ বুৰঞ্জী”ত উল্লেখ থকা দেৰগাওঁৰ শিৱমন্দিৰত ঔবাশ্ৰম নামৰ ধনায়জনে কছাৰী পদ্ধতিৰে পূজা কৰিছিল। সেয়ে ইয়াক ঔবাশ্ৰম বুলি জনা যায়। ইয়াত মদ, মাংস আদিৰে শিৱক পূজা কৰিছিল।
আখ্যান বুৰঞ্জীৰ প্ৰণেতা গুণাভিৰাম বৰুৱাৰ মতে, জল্পেশ্বৰ নামৰ নৃপতি গৰাকীয়ে কামৰূপত শিৱ পূজাৰ প্ৰচলন কৰিছিল। স্কন্ধ পুৰাণতো জল্প নামৰ নৃপতিয়ে শিৱপূজা কৰাৰ কথা পোৱা যায়। জল্পেশ্বৰ নৃপতিৰ ৰাজধানী বৰ্তমানৰ জলপাইগুৰি। আকৌ কোঁচৰজা বিশ্বসিংহ আৰু তেওঁৰ পৌত্ৰ(নাতি) শৈৱক আছিল। কোঁচৰজাৰ মুদ্ৰাত লিখা হৈছিল- “শ্ৰী শ্ৰী শিৱচৰণ কমল মধুকৰ্” ইয়ে কোঁচ ৰজাসকল আৰু সমসাময়িক অসমৰ শৈৱ ধৰ্মৰ গুৰুত্বৰ প্ৰমাণ দাঙি ধৰে। উত্তৰ পূৱ ভাৰতৰ জনজাতীয় সমাজত প্ৰচলিত বুঢ়াগোসাঁই ৰ ধাৰণাটো শিৱৰে আন এক ৰূপ।
অসমত আহোম ৰজাৰ শাসনকালত শৈৱ ধৰ্মৰ প্ৰাধান্যৰ বিভিন্ন প্ৰমাণ পোৱা যায়। আহোমসকলে নিজকে ইন্দ্ৰবংশীয় বুলি পৰিচয় দিলেও শিৱৰ প্ৰতি তেওঁলোকৰ গভীৰ ভক্তি আছিল। আহোমসকলে শিৱক সাধাৰণতে বুঢ়াগোসাঁই বা বুঢ়াডাঙৰীয়া বুলি পূজা কৰে। দিহিঙীয়া ৰজা বা স্বৰ্গনাৰায়ণ স্বৰ্গদেউৱে শিৱক গোসাঁই হিচাপে পূজা কৰাৰ উল্লেখ আছে। ১৪৮০ খ্ৰীষ্টাব্দত চুচেনফাই য়ে শোণিতপুৰৰ নাগবংশৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰাইছিল।
স্বৰ্গদেউ প্ৰতাপ সিংহই ৰাজপাটত বহিয়ে মহেশ্বৰ নামেৰে এটি শিৱমন্দিৰ নিৰ্মাণ কৰাইছিল। এইজনা স্বৰ্গদেউৰ দিনৰ পৰাই অসমত শিৱদৌলৰ প্ৰচলন হয়।
আহোম ৰাজত্বকালত জন্মলাভ কৰা মহাপুৰুষ শংকৰদেৱৰ সময়ত শৈৱ ধৰ্মই অসমত সৰ্বসাধাৰণৰ জীৱন্ত ধৰ্ম আছিল বুলি প্ৰমাণ পোৱা যায়। মহাপুৰুষ শংকৰদেৱৰ পূৰ্বপুৰুষসকল শৈৱ আছিল। শিৱৰ কৃপাত কুসুম্বৰ ভূঞাই পুত্ৰ সন্তান লাভ কৰি নাম থৈছিল শংকৰ।
শিৱ মন্দিৰৰ প্ৰাচীনতম নিদৰ্শন তেজপুৰৰ ওচৰৰ নাণাক্ষ বা নৰ শংকৰ মন্দিৰ। এয়া খ্ৰীষ্টীয় চতুৰ্দশ শতিকাত নিৰ্মাণ কৰা হৈছিল(আহোম যুগৰ স্বৰ্গদেউ চুচেনফাৰ টোকামতে)। তেজপুৰৰ দ পৰ্বতীয়া খ্ৰীষ্টীয় ৭ম শতিকাত স্হাপিত শিৱমন্দিৰো অন্যতম। বিশ্বনাথ ঘাটৰ বিখ্যাত বিশ্বনাথ শিৱমন্দিৰৰো সমসাময়িকভাৱে স্হাপিত প্ৰাচীন মন্দিৰ।
নেঘেৰিটিঙৰ শিৱ মন্দিৰ আৰু হাৰুপেশ্বৰৰ হাটকমূল শিৱ মন্দিৰো প্ৰাচীন নিদৰ্শ দাঙি ধৰে। ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়, হাজোৰ কেদাৰ মন্দিৰ, বেলশৰৰ বিল্বেশ্বৰ মন্দিৰ, বাইহাটাৰ মদন কামদেৱ মন্দিৰ, তেজপুৰৰ ওচৰৰ তিঙ্গেশ্বৰ শিৱমন্দিৰ, গুৱাহাটীৰ উমানন্দ মন্দিৰ আদিৰ শিৱ মূৰ্তিয়ে শিৱ পূজাৰ ঐতিহ্য বহন কৰিছে। এই স্হানসমূহত এক মূৰ্তি, যুগ্ম মূৰ্তি, অৰ্ধনৰেশ্বৰ মূৰ্তি পোৱা গৈছে। ইয়াৰ পৰা প্ৰমাণ পোৱা যায় যে পূৰ্বৰ পৰা বিভিন্ন ধৰণে বিভিন্ন ৰূপত শিৱক উপাসনা কৰা হৈছিল। চন্দ্ৰকান্ত সিংহৰ দিনৰ পৰা শৈৱ ধৰ্মৰ প্ৰভাৱ দেখা যায়।
খ্ৰীষ্টীয় নৱম শতিকাৰ আগৰ পৰাহে শিৱপূজাৰ লগত জৰিত দেৱদাসী নৃত্যৰ প্ৰচলন হোৱা বুলি অনুমান কৰা হয়। মূলতঃ আহোম ৰাজত্বৰ সময়ৰ পৰা শৈৱধৰ্মৰ প্ৰসাৰ হোৱাৰ বাবে সেই সময়ত বহুতো শিৱৰ দেৱালয় নিৰ্মাণ কৰিছিল। শিৱসিংহৰ দিনৰ পৰা চতুৰ্থ দশকলৈ দেৱদাসী নৃত্যৰ প্ৰচলন আছিল। বিশেষকৈ দেৱদাসী নৃত্যৰ অবিচ্ছেদ্য সম্পৰ্ক থকা শিৱপীঠ হ’ল দেৰগাওঁৰ নেঘেৰীটিঙৰ শিৱমন্দিৰ আৰু ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়।
মধ্যযুগৰ চৰিত পুথিৰ শিৱ পূজা প্ৰচলনৰ কথা পোৱা যায়। বিশেষকৈ “গুৰু চৰিত”ত শিৱক সন্তুষ্ট কৰাৰ কথা উল্লেখ আছে।
সেই তাহানিৰ পৰা বৰ্তমানলৈ শিৱক অসম প্ৰদেশত এক গুৰুত্বপূৰ্ণ হিন্দু দেৱতা হিচাপে পূজা কৰি অহা হৈছে। বিভিন্ন ঐতিহাসিক সমলৰ ভিত্তিত অসম প্ৰদেশত শৈৱ ধৰ্মৰ প্ৰাচীন পৰম্পৰাৰ আভাস পোৱা যায়।
বৰ্তমান সময়ত বেলগছ বা শিৱলিংগ আদি প্ৰতিষ্ঠাপন কৰি শিৱক আৰাধনা কৰে। শাওণৰ কোনো এটি সোমবাৰে শিৱৰ জন্ম হোৱা বুলি লোকবিশ্বাস আছে আৰু সেয়ে শাওণ মাহৰ প্ৰত্যেকটো সোমবাৰে ব্ৰত পালন কৰে। শিৱপূজা কিছুমান নিৰ্দিষ্ট তিথিত কৰা হয়; যেনে- চতুৰ্দ্দশী, ষষ্ঠী আদি তিথি।
বৰ্তমানৰ সাহিত্যত শিৱৰ বিভিন্ন প্ৰতিমূৰ্তি মন্দিৰ আদিৰ বিশদ বিৱৰণ পোৱা যায়। বিভিন্ন গ্ৰন্হ আলোচনীত শিৱ পূজাৰ পৰম্পৰাগত প্ৰচলনৰ কথা পোৱা যায়। এইবোৰেই প্ৰমাণ কৰে যে শিৱ ভক্তি ক্ৰমে ক্ষিপ্ৰগতিত বাঢ়ি আহিছে।