ইংৰাজী শিক্ষাৰ পোহৰ পোৱা, বিশ্ববিদ্যালয়ৰ দীক্ষা পোৱা, নকৈ উঠি অহা অসমীয়া ডেকাবিলাকে বিবেচনা কৰে যে অসমৰ বুঢ়া শ্ৰেণীৰ মানুহবিলাকে দেশৰ ফালে বা ভাষাৰ ফালে অলপো চকুমেলি নাচায়৷ অসম আৰু অসমীয়া ভাষাৰ ইহকাল, পৰকাল ডেকাবিলাকৰ হাতত সমৰ্পণ কৰি বুঢ়া- বিলাকে কেৱল দবা পাষটি লৈ, ৰং ধেমালি কৰি দিন কটায়৷ এই বিবেচনা ভুল৷ কিয়নো, সম্প্ৰতি হোৱা ঘটনালৈ চালে বুঢ়াবিলাকে যে কেৱল পাষটি ঘূৰাই, “পোৱা-বাৰ” মাৰি দিন নিয়াবলৈ লাগিছে এনে বোধ নহয়৷ তেওঁলোকেও দেশৰ আৰু দেশী ভাষাৰ অৱস্থা উন্নত কৰিবলৈ কঁকালত টঙ্গালি বান্ধি কান্ধ পাতিছে৷ আজি ১০/১২ বছৰৰ ভিতৰত আসামৰ নগৰে নগৰে অসমীয়া ভাষাৰ উন্নতি কৰিবলৈ “অসমীয়া ভাষাৰ উন্নতিসাধিনী” নামেৰে অনেক সভা থাপিত হৈছে৷ আৰু সেই সভা বিলাকত অসম আৰু অসমীয়া ভাষাৰ ভাল বেয়া, উন্নতি অৱনতি, সমস্ত বিষয়ৰ আন্দোলন হবলৈ লাগিছে, তাকে দেখি কেইজন মান প্ৰাচীন অসমীয়া ডাঙৰীয়াই গোট খাই আৰু এটি সভা স্থাপন কৰিছে৷ তাৰ নাম থৈছে “কেন্দ্ৰসভা”৷ যোৱা মাহত এই সভাৰ প্ৰথম অধিবেশন হৈ গল৷ সভাৰ জাননী পাই আমিও চাবলৈ গৈছিলোঁ৷ কেন্দ্ৰসভাৰ ৰীতি নীতি, নিয়ম প্ৰণালী, ডেকাসভাৰ নিচিনা নহয়৷ তাত মেজ মাচিয়া বা বেঞ্চ নাই৷ সভ্য ডাঙৰীয়া সকল খাটৰ ওপৰত বিছনা কৰি লেপেটা-পাৰি বহিছিল৷ ওচৰত পিকদান, ধোঁৱাখোৱা আদি লাগতিয়াল সকলো সামগ্ৰী যতোৱা আছিল৷ মুহূৰ্ত্তে মুহূৰ্ত্তে চাকৰে তামোল ধঁপাতৰ যোগান ধৰিছিল৷ যেতিয়া সভাৰ সভ্যবিলাক গোট খালে হাজৰিকা ডাঙ্গৰীয়াই খাটৰ পৰা নামি থিয় হল, আৰু প্ৰস্তাৱ কৰিলে যে বৰুৱা ডাঙ্গৰীয়াক আমাৰ যাউতি-যুগীয়া সভাপতি নিয়োজিত কৰা যাওক৷ সভ্য সকলৰ ভিতৰত বৰুৱা ডাঙ্গ- ৰীয়াই গণ্য মান্য লোক; বিদ্যাবুদ্ধিতো তত কম নহয়৷ সেই দেখি সভ্য এটাই বিলাক উৰ্দ্ধবাহু হৈ প্ৰস্তাৱত মান্তি হল৷ সভাপতিৰ আসন আগৰে পৰা বেলেগে যতনাই থোৱা হৈছিল, সভাৰ মাজত এখন বৰপিৰা, তাৰ ওপৰত কেপ্কৰা বানত৷ বৰুৱা ডাঙ্গৰীয়াই উঠি গৈ সেই আসন গ্ৰহণ কৰিলে৷ পিচত তাৰ পৰা নামি মাটিত থিয় হৈ, মেঘৰ গম্ভীৰ সুৰেৰে কবলৈ ধৰিলেঃ—হে সভ্য ডাঙ্গৰীয়া সকল! আপোনালোকে মোক এই সভাৰ সভাপতি বৰণ কৰি যেনে মান সৎকাৰ কৰিলে, তাৰ শোধ মই গোটেইটো জীৱনত দিব নোৱাৰিম৷ আপোনালোকৰ এই অনুগ্ৰহ মই চন্দ্ৰ দিৱাকৰ থাকে মানে নাপাহৰোঁ৷ মই অতি অভাজন, বয়সত প্ৰাচীন হলেও বিদ্যা- বুদ্ধিত পৈণত নহওঁ৷ তথাপি মই দেহ কেহ উচৰ্গি কেন্দ্ৰসভাৰ উন্নতি সাধিবলৈ পুৰুষাৰ্থ কৰিম৷ অসমত আজি কালি মহা বিপ্লৱ উপস্থিত৷ অসমীয়াৰ বিলাই বিপত্তি দেখিলে, অসমীয়া ভাষাৰ আলাই আথানি দেখিলে, কোনো হাদয়শীল অসমীয়াই চকুৰ লো সামৰিব নোৱাৰে৷ অসমীয়াৰ দুখ কুলায় পাচিয়ে নধৰে৷ এনেকুৱা বিপদকালত এই কেন্দ্ৰসভা স্থাপিত হোৱাত যে অসমৰ কিমান উপকাৰ হৈছে, তাক মই হে নালাগে চাৰিমুখীয়া ব্ৰহ্মায়ো বৰ্ণাই ওৰ পেলাব নোৱাৰে৷ অসম দেশৰ আৰু অসমীয়া ভাষাৰ উন্নতি সধাই কেন্দ্ৰসভাৰ অকল উদ্দেশ্য৷ ডেকালৰাবিলাকে যদিও এই কামত হাত দিছে, সিহঁতৰ বুদ্ধি কুমলীয়া বাবে তাত পূৰ্ণৰূপে কৃতকাৰ্য্য লভিব পৰা নাই৷ এই বৃদ্ধ সভ্যমণ্ডলীয়ে তেওঁবিলাকৰ সুপক্ব বুদ্ধি আৰু সুসিদ্ধ বিদ্যা দৌৰাই অসমীয়া ভাষাক যে উন্নতি মৈটাৰ আগৰ খাপত তুলিব পাৰিব তাত তিলমাত্ৰও সন্দেহ নাই৷ ইমান দিন অসমীয়া ভাষা আৰু অসম দেশ মাউৰা ল’ৰাৰ নিচিনা নিছলা হৈ আছিল৷ এতিয়া কেন্দ্ৰসভাই ধুই পখালি, সজাই পৰাই সিহঁতক দহজনৰ ভিতৰত এজন কৰি তুলিব৷ আজি আমাৰ সভাৰ প্ৰথম অধিবেশন, বিশেষতঃ বেলিয়েও তেওঁৰ পোহৰ সামৰি পাটত বহিবলৈ কাৰবাৰ কৰিছে৷ এতেকে ময়ো আপোনালোকত মেলানি লৈ আজিৰ নিমিত্তে বক্তৃতা সামৰি সভাৰ বাকী কাৰ্য্য কৰিবলৈ আপোনা- লোকক অনৰোধ কৰিলো৷ ( চাপৰি )
সভাপতি ডাঙ্গৰীয়াই বক্তৃতা সামৰি আসন ললত কাকতী ডাঙ্গৰীয়া থিয় হল, আৰু ধীৰে ধীৰে কবলৈ ধৰিলেঃ—হে সভ্য সকল! আমি সততে দেখিবলৈ পাওঁ যে কেতবিলাক বিধি ব্যবস্থা বান্ধি নললে কোনো কাম সুকলমে সাধিব নোৱাৰি; কেন্দ্ৰসভাৰ কামনো বিধি ব্যবস্থা নোহোৱাকৈ কেনেকৈ চলিব? সেই দেখি মই গোটা চেৰেক নিয়ম লিখি আনিছোঁ ( চাপৰি ) সেই নিয়ম বিলাক মই সভাত অৰ্পণ কৰিলোঁ, সভ্যবিলাকে তাৰ ভিতৰত যি কেইটা মনোনীত কৰে সেই কেইটাক সভাৰ নিয়মাৱলী স্বৰূপে প্ৰচাৰ কৰা হওক৷
বৰা—কাকতী ডাঙ্গৰীয়াৰ গঠিত নিয়মবিলাক মোৰ বিবে- চনাত বৰ ভাল হৈছে, কেৱল সভ্যৰ বয়সৰ সীমাটো যুক্তি সঙ্গত যেন বোধ হোৱা নাই৷ মোৰ মনেৰে কেন্দ্ৰসভাৰ সভ্য বয়সত ৫০ বছৰৰ কম হোৱা উচিত নহয়৷ এই সভাত অনেক গভীৰ বিষয়ৰ আলোচনা হব৷ পনীয়া বুদ্ধিৰ মানুহে তেনেকুৱা আলোচনাৰ তলাকে ধৰিব নোৱাৰিব৷
বৰাৰ কথা সকলো সভাই শলাগিলে, আৰু কেন্দ্ৰসভাৰ সভ্যৰ বয়স ৫০ বছৰেই থিৰ হল৷ আন আন নিয়মবিলাক সকলোৰে মনোনীত হোৱাত, সেই বিষয় কোনো তৰ্ক বিতৰ্ক নহল৷ পাঠকৰ অবগতিৰ নিমিত্তে নিয়ম কেইটা এই ঠাইতে উদ্ধাৰ কৰি দিয়া গল৷
নিয়মাৱলী
১৷ বয়সত ৫০ বছৰ বা তাৰ উৰ্দ্ধ নহলে কাকো কেন্দ্ৰ সভাৰ সভ্য পতা নাযাব৷
২৷ প্ৰতি মাহে সভাৰ এটা অধিবেশন হব৷
৩৷ প্ৰত্যেক সভাত এজন সভ্যই গদ্য বা পদ্য প্ৰণালীত লিখা প্ৰবন্ধ এটা পাঠ কৰিব৷ অথবা ইচ্ছা কৰিলে নিলিখি মুখেৰেও কব পাৰিব৷ নিয়মাৱলী অবধাৰিত হোৱাৰ পিচত সভাপতি ডাঙ্গৰীয়াই সভাভঙ্গ কৰিলে৷ সভ্যবিলাক সকলো ঘৰাঘৰি গুচি গল৷ আমিও ঘৰলৈ আহিলোঁ৷ কিন্তু আজি লৈকে সভাপতিৰ বক্তৃতাৰ ৰাগী আমাৰ গাৰ পৰা যোৱা নাই৷ তেওঁৰ সেই উদগনি, তেওঁৰ সেই উৎসাহ আৰু গম্ভীৰ সুৰ আজিলৈকে আমাৰ কাণত ৰিণিকি ৰিণিকি বাজিবলৈ লাগিছে৷ আমি বয়সত ডেকা, সেই দেখি সভাৰ কাৰ্য্যত যোগ দিবলৈ অসমৰ্থ৷ কিন্তু বৃদ্ধ বিলাকে যি কৰিলে, আৰু আগলৈ যি কৰিম বুলিছে, তাক শুনি আমি অময়া তৃপ্তিলাভ কৰিছোঁ, আৰু মনত আশা হৈছে যে শীঘ্ৰে অসমক শনিয়ে ছাৰ দিব৷