বহুদিনৰ আগৰ কথা। তেতিয়া মিকিৰৰ বাহিৰে অন্যান্য জাতিয়ে জন্ম গ্রহণ কৰা নাছিল। মিকিৰসকলৰ বিশ্বাস মতে তেওঁলােক ভগৱান অর্থাৎ হেম্আৰনামৰ প্রথম সৃষ্টি।
মিকিৰসকলে নীতি-নিয়মেৰে ভালকৈ সমাজ পাতি বাস কৰিছিল। তেওঁলােকৰ মাজত কোনাে বেয়া ভাবে ঠাই নেপাইছিল। তেওঁলােক সততে ৰঙিয়াল আৰু শান্তিপ্রিয় আছিল। সেই মিকিৰ সমাজত এজন ঐশ্বৰিক গুণসম্পন্ন মানুহৰ আৱির্ভাব হৈছিল। তেৱেঁই আছিল মিকিৰ সমাজৰ এক প্ৰকাৰ মুৰব্বী। তেওঁকো অৱশ্যে গাঁৱৰ মানুহে বৰ ভয় আৰু শ্রদ্ধা কৰিছিল। সেই ঐশ্বৰিক গুণৰ মানুহজনেও অইন মিকিৰবােৰৰ দৰে বিয়া-বাৰু কৰালে। তেওঁৰ লৰা-ছােৱালীও এবাহ হ’ল।
মিকিৰসকলৰ জুম এটি অতি প্রিয় খেতি। এই খেতিৰ যােগেদিয়ে মিকিৰসকলে অতীজৰেপৰা আজিও প্ৰৱৰ্ত্তি আছে। কিন্তু বৰ আচৰিত কথা এইটোহে যে সেই মানুহজনে খেতি-বাতি নকৰিছিল। তেওঁ এক প্ৰকাৰৰ পানী-লাউৰ খেতি কৰিছিল। সেই লাউবােৰ সাধাৰণ লাউৰ দৰে ডাঙৰ হৈছিল। মানুহজনে সেই লাউ পূৰঠ হ’লে লাউৰ ভিতৰত ধুনীয়া কঁৰা চাউল পাইছিল আৰু তাৰেই তেওঁ লৰা-ছােৱালীৰে সৈতে সুখেৰে কোনাে আহুকাল নােহােৱাকৈ জীৱন নির্বাহ কৰিছিল। তেওঁৰ গাত থকা কেতবােৰ অলৌকিক গুণৰ বাবে এইবােৰ কথা কেৱে তেওঁক নুসুধিছিল আৰু তেৱো কাকো কোৱা নাছিল। তেওঁৰ কাম আছিল কেৱল সমাজৰ লগত মিলা-প্ৰীতিৰে থাকি মানুহবােৰৰ মাজত শান্তিৰ বাণী প্রচাৰ কৰা। তেওঁ আন কোনাে নাছিল, আছিল হেম্আৰনামৰ এজন প্রতিনিধি। সেই ঐশ্বৰিক গুণসম্পন্ন মানুহজনে মিকিৰ সকলৰ লগত এইদৰে সকলাে কামৰে আগভাগ লৈ পাৰ্যমানে মিকিৰসকলক থকা-খােৱাকে আদি কৰি সকলাে শিক্ষা দি সংসাৰৰ উপযােগী কৰি তুলিছিল। কিন্তু তাৰ মাজতে এটি তেওঁ কৰিব নােৱাৰা কাম আছিল, তেওঁ মিকিৰসকলৰ লগত নাচিব নােৱাৰিছিল। সেইটো হেনাে তেওঁক ভগৱানে কৰিবলৈ হাক দিছিল। কাৰণ তেনে কৰিলেই ভগৱানৰ আদেশ মতে তেওঁ পুনৰ স্বৰ্গ লৈ যাব লাগিব— এই হােজা, সহজ-সৰল মিকিৰসকলক এৰি।
মিকিৰসকলে পূজা-পাতল, কাজ-কৰম, উৎসৱ-পৰ্ব আদিত ঢােল-বাৰু লৈ নাচ-বাগ কৰা এটা প্রধান ধেমালি। ইয়াক বাদ দি কোনাে উৎসৱেই হব নােৱাৰিছিল। গতিকে মিকিৰসকলৰ মাজত এই প্রশ্নটো জাগিল—মিকিৰসকলৰ মুৰব্বীজনে কিয় নেনাচিব? নাচিবই লাগিব। সর্বসাধাৰণতে কোনাে দলৰ মূৰব্বী বা ৰজাই প্ৰজাসকলৰ লগত মিলিজুলি প্ৰজাসকলক বৰ আনন্দ দিয়ে আৰু সেইটোকে প্ৰজাসকলেও কামনা কৰে। সেই মিকিৰসকলে প্রত্যেক উৎসৱতে সেই অসাধাৰণ ব্যক্তি জনক ঢােল-বাৰু লৈ নাচিবলৈ অনুৰােধ কৰিবলৈ ধৰিলে। কিন্তু তেওঁ প্রত্যেক বাৰে নানান চেলু উলিয়াই গা সাৰি থাকে। কিন্তু সেইদৰে আৰু কিমান দিন চলিব। মিকিৰসকলো শুদাই এৰা ভকত নহয়। কিবা এটা কথাত লাগিলে তাৰ এটি মীমাংসা নহয় মানে নেৰে। সেয়ে শেষৰ বাৰৰ নাচোনত তেওঁ নিজক সৰুৱাব নােৱাৰিলে – কাৰণ গাঁৱৰ মানুহ বােৰক অসন্তুষ্ট কৰি তেওঁ বৰ শান্তি পােৱা নাছিল। এইদৰে ভাবি চিন্তি থাকোতে এদিন স্বয়ং হেম্আৰনামে সপােনত আহি কলে, ‘বাপা, তােমাৰ আৰু পৃথিৱীৰ কাম শেষ হ’ল। এতিয়া মােৰ ওচৰলৈ আহা। গতিকে তুমি এইবাৰৰ উৎসৱত নাচিব লাগিব। তুমি নচাৰ লগে লগে পৃথিৱীত দুটা ভয়াবহ বস্তুৰ সৃষ্টি হব। কিন্তু সি মােৰ পুত্ৰসকলৰ একো অনিষ্ট নকৰে। বৰং বৰষুণৰ আগজাননী দি খেতিয়কসকলক নিজ নিজ কামত লাগিবলৈ শিকাইহে দিব।’ ইয়াকে কৈ ভগৱানে পুনৰ স্বৰ্গ লৈ গতি কৰিলে।
তেতিয়া তেওঁ ৰাইজৰ আগত সকলােবােৰ কথা আদ্যোপান্ত বিৱৰি কৈ বৰ দুখ প্ৰকাশ কৰিলে। কাৰণ তেওঁ মানুহবােৰক বৰ ভাল পাইছিল। এতিয়া তেওঁ ভগৱানৰ আদেশত তেওঁলােকৰ সংগ এৰি যাবই লাগিব। যদিও তেওঁ যাবলৈ স্থিৰ কৰিছিল, তথাপি তেওঁ নিজৰ লৰা-ছােৱালীবােৰৰ ভৰণ-পােষণৰ ভাৰ তেওঁৰ অবিহনে ৰাইজৰ ওপৰতেই দি গ’ল। ৰাইজেও ভগৱানৰ আদেশৰ কথা সুঁৱৰি বিনা বাক্যে সকলোবােৰ অনুৰোধ মানি ললে। তেতিয়াহে তেওঁলােকৰ আঁকোৰ-গজালিৰ ফল বুজি পালে।
নাচোনৰ দিনাখন দিনটো বৰ গম্ভীৰ দিন আছিল। সকলােৱে যেন এজন আদৰৰ মানুহক হেৰুৱাব। লাহে লাহে নাচোনৰ সময় উপস্থিত হ’লহি। সেই মানুহজনে নিজৰ পুত্ৰ-পৰিবাৰৰপৰা বিদায় ললে। কি যে সেই দৃশ্য।
উৎসৱৰ ঠাইত লােকে লােকাৰণ্য হ’ল। ঢুলীয়া কালীয়াই নাচোনৰ আৰম্ভণিৰ সুৰ তুলি দিলে। তেতিয়া সেই মানুহজনে ঢােল আৰু কালিৰ তালে তালে ছেৱে-ছেৱে এনে সুন্দৰ লয়েৰে নাচিবলৈ ধৰিলে যে তাক দেখি সকলাে মানুহ অবাক। তেওঁ এটা এটাকৈ নাচোনৰ সকলোবােৰ নিয়ম-কানুন, সুন্দৰ ভাৱে ঢাল তৰােৱালৰ মাজেদি সমবেত ৰাইজক দেখুৱালে। এনেকৈ অনেক ধৰণৰ নৃত্য কৰিলে। মানুহবােৰৰ মনৰপৰা বিষাদৰ ভাৱ দূৰ হ’ল, তেওঁলােক আনন্দত আত্মহাৰা হ’ল। এনেকুৱা নাচ সিহঁতে কেতিয়াও দেখা নাছিল।
লাহে লাহে ঢােল কালিৰ ছেও খৰ হবলৈ ধৰিলে। নাচোনৰ লয়াে খৰ হ’ল। এইদৰে নাচি থাকোতেই পশ্চিম আকাশে কলা বৰণ ধৰিলে। বতাহ বলিবলৈ লাগিল। কিন্তু দর্শকৰ সাৰ-সুৰ নাই, নাচোনৰো বিৰাম নাই। নাচিয়েই আছে। নাচোনৰ মাজতে লাহে লাহে নাচনীয়েই ছেৱে ছেৱে আকাশৰ ফালে যাবলৈ ধৰিলে। ইতিমধ্যে ধিৰিঙ ধিৰিঙ, গুৰুম গুৰুম শব্দই আকাশ নিনাদিত কৰিলে। তাৰে মাজে মাজে ক্ষন্তেকীয়া এটা চকু চাত মাৰি ধৰা পােহৰে দেখা দিলে। তথাপি ঢুলীয়াৰ বিৰাম নাই, কালীয়াৰ বিৰাম নাই—বজায়ে আছে। ছেও খৰতৰ হৈ গৈছে। এইদৰে ছেৱে ছেৱে উধাই গৈ গৈ পুৰুষজন আকাশত নােহােৱা হ’ল। তেতিয়াহে লাহে লাহে আকাশে প্রশান্ত ৰূপ ধাৰণ কৰিলে। তেতিয়াহে মানুহবোৰৰ গালৈ চেতনা আহিল।
এইদৰে আকাশত বিজুলী আৰু ঢেৰেকনিৰ জন্ম হয়। যি ঘেৰেং ঘেৰেং শব্দ হ’ল সেয়ে ঢেৰেকনি আৰু ক্ষন্তেকীয়া উজ্জ্বল পােহৰেই বিজুলী।