বয়স মানুহৰ কার্যক্ষমতাৰ মাপকাঠি নহয়—ইতিহাসত ইয়াৰ ভুৰিভুৰি প্ৰমাণ পােৱা যায়। বিজ্ঞানৰ ইতিহাসতো ইয়াৰ প্ৰমাণ তাকৰ নহয়। উদাহৰণস্বৰূপে, পৰীক্ষামূলকভাৱে ভেকুৱাম সৃষ্টি কৰোঁতা টৰিচেল্লিৰ মৃত্যু হৈছিল ঊনচল্লিশ বছৰ বয়সত, বিদ্যুৎ চুম্বকীয় ঢৌৰ সৃষ্টিকর্তা হাৰ্টজৰ মৃত্যু হৈছিল ছয়ত্রিশ বছৰ বয়সত, পৰমাণু জগতত নতুন পােহৰ পেলােৱা মজ্লে জীয়াই আছিল মাথােন আঠাইশ বছৰ। সেইদৰে ফ্ৰান্সৰ বিখ্যাত গণিতজ্ঞ, পদার্থবিদ আৰু ধর্মজ্ঞ ব্লেইচ পাস্কেল পৃথিৱীত আছিল মাত্র একুৰি উনৈশ বছৰ। কিন্তু এই কম সময়ৰ ভিতৰতে তেওঁ যিমান কাম কৰি থৈ গ’ল, যি অনেক সময়ত সম্পূর্ণ এটা শতিকাতাে সম্ভৱ নহয়। ফ্রান্স তথা সমগ্র বিশ্বৰে গণিত আৰু ধর্ম সাহিত্যৰ বুৰঞ্জীত পাস্কেল এটা অক্ষয় নাম।
১৬২৩ চনৰ ঊনৈশ জুন তাৰিখে ফ্ৰান্সৰ ক্লাৰমেন্ট ফেৰাণ্ড নামে এডােখৰ ঠাইত পাস্কেলৰ জন্ম হয়। তেওঁৰ দেউতাক এটিয়ে পাস্কেল ফ্ৰান্সৰ এজন স্থানীয় বিচাৰক আছিল আৰু গণিতজ্ঞ হিচাপেও তেওঁৰ নাম আছিল। পাস্কেলৰ উপৰিও তেওঁৰ গিলবার্ট আৰু জেকুইলিন নামে দুজনী জীয়েক আছিল। পুতেক পাস্কেলৰ দৰে তেওঁৰ জীয়েক দুজনীয়েও—বিশেষকৈ জেকুলিনে-ধর্ম সাহিত্যত বেছ নাম কৰিছিল আৰু পৰৱৰ্তী জীৱনত দুয়াে পাস্কেলক বৰ সহায় কৰিছিল। পাস্কেলৰ চাৰি বছৰ বয়সতে তেওঁলােকে মাকক হেৰুৱাই। পাস্কেল দেউতাকৰ অতি আদৰৰ পুত্ৰ আছিল। কষ্ট পাব বুলি দেউতাকে তেওঁক স্কুললৈ নপঠিয়াই গৃহ-শিক্ষকৰ হতুৱাই ঘৰতে পঢ়ুৱাইছিল। তদুপৰি বেছি চিন্তাৰ হেঁচা পৰিব বুলি ভয় কৰি তেওঁক অঙ্কৰ শিক্ষাও দিয়া হােৱা নাছিল। দেউতাকে ভাবিছিল যে পুতেকে পােনতে লেটিন, গ্রীক ইতিহাস আদি আপেক্ষিকভাৱে সহজ বিষয়বােৰ শিকি লওক, যােল্ল বছৰ বয়সতহে তেওঁক গণিতৰ জ্ঞান দিয়া হ’ব। এই উদ্দেশ্য তেওঁ গণিতৰ সকলাে পুথি ঘৰৰ পৰা ইচ্ছা কৰিয়েই আতৰাই ৰাখিছিল। কিন্তু এই কার্যই গণিতৰ প্রতি পাস্কেলৰ ধাউতি বঢ়াইহে তুলিলে। গণিতনাে কি এনে ৰহস্যপূর্ণ বিষয়, তেওঁৰ জানিবলৈ মন গ’ল আৰু মনে মনে এই শাস্ত্র তেওঁ অধ্যয়ন কৰিবলৈ আৰম্ভ কৰিলে। তেওঁ ইয়াত ইমান পাৰ্গত হৈ উঠিল যে বাৰ বছৰ বয়সতে জ্যামিতিৰ কোনাে সহায় নােলােৱাকৈ তেওঁ এটা ত্রিভুজৰ তিনিটা কোণৰ সমষ্টি দুই সমকোণৰ সমান বুলি প্ৰমাণ কৰিবলৈ সমর্থ হ’ল। ল’ৰাৰ প্রতিভা দেখি ৰং পাই দেউতাকে এদিন ‘এলিমেন্ট’ নামৰ ইউক্লিডে লিখা জ্যামিতিৰ কিতাপখন পাস্কেলক আনি দিলেহি। ক্ষুধাতুৰ সিংহই আহাৰ গ্রাস কৰাৰ দৰে তেওঁ অতি সােনকালেই কিতাপখন সম্পূর্ণকৈ পঢ়ি পেলালে। জ্যামিতিত তেওঁ ইমান দক্ষতা লাভ কৰিছিল যে যােল্ল বছৰ বয়সতে তেওঁ ‘শঙ্কুচ্ছেদ’ নামৰ জ্যামিতিৰ শাখাটোৰ ওপৰত ওঠৰটা গৱেষণা নিবন্ধ লিখি উলিয়াইছিল। ‘শঙ্কুচ্ছেদ সম্পৰ্কীয় ৰচনা’(Essai pour les connique) নাম দি এই নিবন্ধ কেইটাক পুথি হিচাপে প্ৰকাশ কৰা হৈছিল। পুথিখন ইমান ওখ খাপৰ আছিল যে ডেকার্টে সেইখন এজন লৰাই লিখা কিতাপ বুলি বহুদিনলৈ বিশ্বাস কৰা নাছিল।
পাস্কেল আছিল এটা অসাধাৰণ শিশু। হিচাপ-পত্ৰৰ কামত দেউতাক বহু ৰাতিলৈকে ব্যস্ত থাকিব লগা হােৱা দেখি তেওঁ এই কাম সহজ কৰিব পৰা এটা উপায় চিন্তা কৰিছিল। ফলত কুৰিৰ দেওনা পাৰ নৌহওঁতেই তেওঁ যােগ-বিয়ােগ আদি কৰিব পৰা এটা গণনাযন্ত্র তৈয়াৰ কৰি উলিয়ালে। তেওঁৰ এই আৱিষ্কাৰে সমসাময়িক সমাজত বেছ আলােড়নৰ সৃষ্টি কৰিছিল।
সেই সময়ত ‘একাডেমী লাইবাৰ’ নামে পেৰিচত এটা বৈজ্ঞানিক সংস্থাৰ সৃষ্টি হৈছিল। (এই সংস্থাই হল আজিৰ ‘ফ্রেন্স একাডেমী দেচ চায়েন্সজ’-ৰ পূর্বৰূপ)। ফ্রান্সৰ বিখ্যাত গণিতজ্ঞ আৰু ডেকাৰ্টৰ এসময়ৰ শিক্ষক মেৰিয়ে মার্চেই আছিল এই সংস্থাৰ প্রধান সম্পাদক। প্রতি সপ্তাহে এই সংস্থাৰ একোখন বৈঠক বহিছিল। পাস্কেলৰ প্ৰতিভা দেখি চৈধ্য বছৰ বয়সৰ পৰাই তেওঁক এই বৈঠকবিলাকত যােগ দিবলৈ অনুমতি দিয়া হৈছিল। ইয়াত হােৱা বৈজ্ঞানিক আলােচনাবিলাকে তেওঁৰ বৌদ্ধিক বিকাশত সহায় কৰিছিল।
অসামান্য প্রতিভাৰ গৰাকী হ’লেও পাস্কেলৰ স্বাস্থ্য আছিল দুর্বল। তেওঁ অজীর্ণ ৰােগী আছিল আৰু শেষলৈ একাঙ্গী আৰু টোপনি নধৰা বেমাৰত ভুগিছিল। কিন্তু শাৰীৰিক অসুস্থতাই তেওঁক বিজ্ঞান সাধনাৰপৰা বিৰত কৰি ৰাখিব পৰা নাছিল। তেওঁ অক্লান্ত কর্মী আছিল আৰু বন্ধু-বান্ধৱে জিৰণি ল’বলৈ কোৱা উপদেশ তেওঁ কাহানিও পালন কৰা নাছিল। এই বিষয়ত ডেকাৰ্টৰ লগত তেওঁৰ বিৰাট পার্থক্য দেখা যায়। এইখিনিতে উল্লেখযােগ্য যে ডেকাৰ্টৰ লগত পাস্কেলৰ নিয়মিত যােগাযােগ আছিল; শেষলৈ তেওঁলােকৰ মাজত কিছু মনােমালিন্যয়াে দেখা দিছিল।
পাস্কেলৰ সাত বছৰ বয়সত তেওঁলােকৰ পৰিয়াল ক্লাৰমেণ্টৰ পৰা পেৰিচলৈ উঠি আহে। প্রায় দহবছৰ কাল পেৰিচত বাস কৰাৰ পিছত তেওঁলােক ৰুৱেন নামে এডােখৰ ঠাইলৈ যায়গৈ। সাত বছৰ ৰুৱেনত থকাৰ পিছত তেওঁলােক পুনৰ পেৰিচলৈ উভতি আহে। মাজতে তেওঁলােক এবছৰমান পুৰণি বাসস্থান ক্লাৰমেণ্টত আছিলগৈ। ইয়াতে এজনী ছােৱালীৰ লগত পাস্কেলৰ মৃদু প্রণয়-সম্পর্ক এটা গঢ়ি উঠিছিল; কিন্তু ইয়াৰ পৰিণতি কি হ’ল জনা নাযায়। পাস্কেল অবিবাহিত আছিল।
১৬৫১ চনত এটিয়েঁ পাস্কেলৰ মৃত্যু হয় আৰু সেই বছৰতে পাস্কেলৰ ভনীয়েক জেকুইলিনে পেৰিচৰ ওচৰৰে পৰ্টৰয়েল নামে এখন ধর্মাশ্ৰমত সেৱিকা হিচাপে সােমায়। পাস্কেলে বেছিভাগ সময় পর্টৰয়েলতে কটাইছিল। কিন্তু তেওঁৰ কৰ্মস্থান আছিল পেৰিচৰ পলিটেকনিক স্কুল। তেওঁ এই স্কুলৰ অঙ্কৰ শিক্ষক আছিল। পেৰিচত থকা কালছােৱা, বিশেষকৈ ১৬৫১ চনৰ পৰা ১৬৫৪ চনলৈকে, এই সময়খিনি পাস্কেলৰ গভীৰ বৈজ্ঞানিক গৱেষণাৰ কাল। এই সময়ছােৱাতে তেওঁ পদার্থবিজ্ঞানলৈ বহুতাে বৰঙণি আগবঢ়ায়। তেওঁক জলস্থিতিবিজ্ঞানৰ প্রতিষ্ঠাতাসকলৰ এজন বুলি গণ্য কৰিব পাৰি। জুলীয়া আৰু গেছীয় পদাৰ্থৰ বিষয়ে তেওঁৰ গভীৰ জ্ঞান আছিল। তেওঁ প্ৰমাণ কৰিছিল যে এটা পাত্ৰত কিছু জুলীয়া পদার্থ থ’লে পদার্থখিনিয়ে পাত্ৰটোৰ চাৰিওফালে সমানে চাপ দিয়ে আৰু এই চাপে সদায় পাত্ৰটোৰ ওপৰত লম্বভাৱে ক্রিয়া কৰে। এই সূত্র আজিকালি ‘পাস্কেলৰ সূত্র’ নামে জনাজাত। জুলীয়া পদাৰ্থৰ এফালে অতি কম বল প্রয়ােগ কৰি আনফালে কেনেকৈ অধিক বল উৎপন্ন কৰিব পাৰি, সেই বিষয়ে তেওঁ ভালদৰে জানিছিল। ‘হাইড্রলিক প্ৰেছ’ আদি বহুতাে যন্ত্র পাস্কেলৰ এনে গৱেষণাবিলাকৰ ওপৰত ভিত্তি কৰিয়েই তৈয়াৰ হৈছে।
বায়ু-চাপৰ বিষয়েও পাস্কেলে গৱেষণা কৰিছিল। বায়ুৰ চাপ যে ওপৰলৈ ক্রমান্বয়ে কমি যায়, সেই কথা তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল। চাপমান যন্ত্র আদিৰ উদ্ভাৱনত পাস্কেলৰ এই পৰীক্ষাসমূহে যথেষ্ট অৰিহণা যােগাইছিল।
গণিতলৈ পাস্কেলৰ কিছু অৱদানৰ কথা আমি আগতেই কৈছোঁ। গণিতজ্ঞ হিচাপে পাস্কেলৰ প্ৰতিভা আছিল অসামান্য। গণিতৰ বহুতাে শাখাত তেওঁ হাত দিছিল। তথাপি ‘সম্ভাৱনা তত্ত্ব’ই বােধ কৰোঁ গণিতশাস্ত্ৰলৈ তেওঁৰ সর্বোৎকৃষ্ট অৱদান। সম্ভাৱনা তত্ত্বৰ আৱিষ্কাৰৰ ইতিহাস অতি চমকপ্রদ। সেই সময়ত কেভেলিয়াৰ দি মেৰি নামেৰে ফ্রান্সত এজন প্রসিদ্ধ আৰু সম্ভ্রান্ত জুৱাৰী আছিল। সাহিত্য সম্পর্কীয় কামবিলাকত তেওঁ পাস্কেলক বহুতাে সহায় কৰিছিল। এবাৰ তেওঁ এটা জুৱাখেলৰ সমস্যা সমাধানৰ বাবে পাস্কেললৈ পঠিয়াই দিলে। পাস্কেলে সমস্যাটোৰ কথা পিয়েৰে ফার্মে নামে এজন গণিতজ্ঞক ক’লে আৰু তেওঁ নিজেও সমস্যাটো সমাধান কৰাৰ চেষ্টাত লাগি গ’ল। কিছুদিনৰ পিছত ফার্মে আৰু পাস্কেলে দুয়াে দুটা বেলেগ নিয়মেৰে সমস্যাটো সমাধান কৰি উলিয়ালে। এইদৰে জুৱাখেলৰ মজিয়াত উৎপন্ন হােৱা সমস্যাটোৱেই এসময়ত গৈ গণিত আৰু পৰিসংখ্যা বিজ্ঞানৰ (Statistics) এটা প্রধান শাখাত পৰিণত হ’লগৈ। সম্ভাৱনা তত্ত্ব আজিকালি বিজ্ঞানৰ প্রায় সকলাে শাখাৰ অপৰিহার্য অঙ্গ। আনকি অর্থনীতি প্রভৃতি বিষয়বিলাকতাে ইয়াক আজিকালি ব্যৱহাৰ কৰা হয়।
ইয়াৰ উপৰিও পাস্কেলে দ্বিপদ সমীকৰণৰ গুণাঙ্কবিলাক ত্রিভুজাকৃতিৰে লিখিব পৰা এটা নিয়ম উলিয়াইছিল। বর্তমানে ই ‘পাস্কেলৰ ত্রিভুজ’ নামে জনাজাত। ডেকার্টে আৱিষ্কাৰ কৰা স্থানাঙ্ক জ্যামিতিলৈও পাস্কেলৰ অৱদান লেখত ল’বলগীয়া। পাস্কেলে জ্যামিতিৰ প্ৰায় চাৰিশ উপপাদ্য আৱিষ্কাৰ কৰিছিল বুলি জনা যায়।
১৬৫৪ চনত পাস্কেলৰ এটা ডাঙৰ দুর্ঘটনা হয়। এবাৰ এখন নৈ পাৰ হৈ যাব খােজোঁতে তেওঁ উঠি যােৱা ঘোঁৰাটোৱে হঠাৎ ভয় খােৱাত তেওঁ দলঙৰ পৰা উফৰি পৰে আৰু কথমপিহে মৃত্যুৰ মুখৰ পৰা তেওঁ হাত সাৰে। এই ঘটনাই তেওঁৰ মনত গভীৰ সাঁচ বহুৱালে আৰু তেওঁ বিজ্ঞান সাধনা সম্পূর্ণ ত্যাগ কৰি ধর্ম চিন্তাত নিজকে নিয়ােগ কৰিলে। ফলস্বৰূপে “ভগৱানলৈ চিঠি” নামে তেওঁৰ এখন পুথি প্রকাশ হ’ল। ধর্মসম্পৰ্কীয় এখন ডাঙৰ পুথি লিখিবৰ বাবে তেওঁ বহুতাে টোকা তৈয়াৰ কৰিছিল; কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ কিতাপখন সম্পূর্ণ কৰিব নােৱাৰিলে। তেওঁৰ মৃত্যুৰ পিছত সেই টোকাসমূহকে ‘চিন্তা’ (Penses) নাম দি প্ৰকাশ কৰা হয়। ফ্রান্স ধর্ম-সাহিত্যৰ ইতিহাসত এই দুয়ােখন পুথিয়েই বিশেষ স্থান লাভ কৰিছে। শুনা যায় যে দুর্ঘটনাটো হােৱাৰ পিছৰেপৰা পাস্কেলে আনে সহজে বুজিব নােৱাৰা ধর্মর্সম্বন্ধীয় কিছুমান টোকা হাতত লৈ ফুৰিছিল। সেইবিলাক আজিকালি ‘পাস্কেলৰ মন্ত্র’ (Pascal’s amulets) নামে জনাজাত।
ধর্মচিন্তাত আত্মনিয়ােগ কৰাৰ কেইবছৰমান পিছত পাস্কেলৰ মন পুনৰ গণিতৰ প্ৰতি ঢাল খাইছিল। এবাৰ তেওঁ অসহ্য দাঁতৰ বিষত কিছুদিন বিছনাত পৰি থাকিবলগীয়া হৈছিল। সেই দিন কেইটাৰ ভিতৰতে তেওঁ চাইক্লইড নামৰ ৰেখাডালৰ কেইবাটাও গুৰুত্বপূৰ্ণ ধর্ম আৱিষ্কাৰ কৰি সকলােকে চমক খুৱাইছিল। জীৱনৰ শেষৰ ফালে তেওঁ ‘জ্যামিতিৰ ক্ষমতা’ (Espirit de Geometrie) নামে এখন দার্শনিক ধৰণৰ পুথিও ৰচনা কৰিছিল। বহুতাে সমালােচকৰ মতে এই পুথিখন ডেকাৰ্টৰ ‘পদ্ধতি’ বােলা পুথিখনৰ সমতুল্য।
নিঃসন্দেহে, পাস্কেল এক অসামান্য প্রতিভাৰ গৰাকী আছিল। কিন্তু তেওঁ আছিল চিৰৰােগী আৰু তেওঁ আয়ুসাে পালে অত্যন্ত কম। তদুপৰি তেওঁ এজন নিষ্পেষিত প্ৰাণৰ ৰহস্যবাদী লােক আছিল; তেওঁৰ মনটো আছিল সদায়েই বিমর্ষ আৰু চিন্তাক্লিষ্ট। তেওঁ বিয়া-বাৰুও কৰোঁৱা নাছিল। তেওঁৰ মগজুটো ভগৱানে যেন এটা ভুল দেহতহে সুমুৱাই দিছিল। এটা সবল দেহ, সুস্থ মন, আৰু দীর্ঘ জীৱন পােৱা হ’লে তেওঁ হয়তাে আৰু বহুতাে কাম কৰি থৈ যাব পাৰিলেহেঁতেন, সেই বিষয়ে কোনাে সন্দেহ নাই। জীৱনৰ শেষৰ চাৰিটা বছৰ তেওঁ সম্পূর্ণ শয্যাগত হৈ আছিল বুলিব পাৰি। ১৬৬২ চনৰ ঊনৈশ আগষ্টৰ দিনা মাত্র উনচল্লিশ বছৰ বয়সত এই মনীষীগৰাকীয়ে মৃত্যুবৰণ কৰিলে।