শ্ৰম

শ্ৰম সিদ্ধিৰ আমোঘ অস্ত্ৰ, ইয়াৰে অসাধ্য সাধন কৰিব পাৰি। ই কৰ্ম্মক্ষেত্ৰত হুতাশন, ইয়াৰ আগত কোনো কামেই টান নহয়। জগতৰ ডাঙ্গৰ সকলো কাম ইয়াৰ বলতেই সিদ্ধ হৈছে। শ্ৰম সম্পদৰ মূল। যি মানুহ শ্ৰমত বিমুখ তাৰ সম্পদৰ আশা মিছা। শ্ৰম নানাবিধ আছে। কোনো শ্ৰম বজা আৰু কোনো শ্ৰম ফলদায়ক। বজা শ্ৰমৰ বিষয়ে আমাৰ ক’বলগীয়া নাই,ইয়াত কেৱল ফলদায়ক শ্ৰমৰ কথাহে আলোচনা কৰা হ’ব। এই বিধ শ্ৰম চালনা কৰোঁতে প্ৰণালী বৰ প্ৰয়োজন, ভাল প্ৰণালীত নচলোৱা বাবে ফলদায়ক শ্ৰমো বজা শ্ৰমত পৰে। এটা ডাঙৰ শিল বগৰাব লাগিলে কোন ফালৰ পৰা ঠেলিলে সি বাগৰ খাব, আগে তাক থিৰ কৰি ল’ব লাগে তেহে সহজে,বগৰাব পাৰি। নোচোৱা নভবাকৈ হুৰামুৰাকৈ ধৰি যি ফালে মন যায় সেই ফালৰ পৰা ঠেলিলে সি সহজে বাগৰ নাখায়। এতেকে সকলো কাম এটা প্ৰণালী বান্ধি লৈ আৰম্ভ কৰিব লাগে, তেনেহলে শ্ৰম কেতিয়াও নিষ্ফল নহয়।

 হাতত লোৱা কাম ভাগ ভাগ কৰি তাৰ কোন ভাগ আগে আৰু কোন ভাগ পাচে কৰিব লাগিব আৰু কোন ভাগ কি দৰে কৰিব লাগিব, পোন প্ৰথমে তাক থিৰ কৰি লোৱা উচিত। ৰাজঘৰীয়া কোনো ডাঙৰ কাম কৰিবলগীয়া হ’লে এই নিয়ম অনুসৰি প্ৰথমতে কামটোৰ এটা বিস্তৃত বিৱৰণ লিখি লয়, আৰু তাৰ কোন অংশ কেতিয়া, আৰু কেনেকৈ কৰিব লাগিব তাকো ঠিক কৰি লয়, পাচে সেই প্ৰণালীত কাম আৰম্ভ কৰি সুকলমে সমাধা কৰে। পঢ়া ল’ৰাবিলাকৰ ভিতৰত কোনোৱে সোনকালে পাঠ শিকি উঠে আৰু কোনোৱে দিনটো পঢ়িও শিকিব নোৱাৰে। ইয়াৰ কাৰণ এই যে কিছুমান ল’ৰাই প্ৰণালী লগাই পঢ়ে, আৰু কিছুমানে প্ৰণালী লগাব নাজানে। কোনো কোনো ল’ৰা স্বভাৱতে চোকা, আন ল’ৰাতকৈ সিহঁতে সোনকালে পাঠ শিকিব পাৰে। কিন্তু চোকা ল’ৰাৰ ভিতৰতো বহুত প্ৰভেদ আছে, বুধিয়ক চোকা ল’ৰাই সদায় এটা নিয়ম পাতিহে পুথি পাঠ কৰে। গ্ৰন্থকাৰে পুথি লিখোঁতে এটা প্ৰণালী লগাই লিখে। পঢ়োতাই সেই প্ৰণালীৰ আঁত ধৰি পঢ়িলে পুথিৰ কথা সোনকালে শিকিব পাৰি।

 কোনো কামত লৰালৰি কৰা উচিত নহয়, লৰালৰি কৰিলে কামত জোঁট লাগে আৰু দুদণ্ডৰ কামত চাৰি দণ্ড খৰচ হয়। যিমান লৰালৰি সিমান গহৰি, এই সাৰুৱা বচন সকলো দেশত চলিত আছে। খৰকৈ কৰি সোনকালে কামটো শেষ কৰিব খুজিলে আগৰ ভাগ পাচ আৰু পাচৰ ভাগ আগ হয় আৰু কেতিয়াবা কোনো ভাগ এৰাও পৰে। কাম শেষ হ’লে পাচত সেই ভুলবোৰ শুধৰাওঁতে দোৱাডাঁৰ হয়। শেহান্তৰত পলমতো হয়েই, তদুপৰি কামটো ভাল হৈ নুঠে। উচিত সময়তকৈ কম সময়ত কাম কৰি তুলিলে জাগ দি কল পকোৱা যেন হয়। কল পকিবলৈ স্বভাৱতে যিমান সময় লাগে তাতকৈ সোনকালে পকাবলৈ মানুহে কল জাগ দিয়ে কিন্তু জাগ দিয়া কল আৰু আপুনি পকা কল সোৱাদত বহুত বেলেগ।

 নিজৰাৰ সোঁতৰ নিচিনা মানুহৰ শ্ৰম সদায় চলি থাকিব লাগে। কেতিয়াবা এলাহত বহি থকা,আৰু কেতিয়াবা দেহ প্ৰাণ উছৰ্গি কাম কৰা উচিত নহয়। ছেগা-চোৰোকা শ্ৰমতকৈ ৰাহ লগোৱা শ্ৰমৰ গুণ সৰহ। যি বস্তু একোবত ভাঙ্গিব নোৱাৰি, ওপৰা ওপৰিকৈ কোবাই থাকিলে সিও ভাগি যায়। একেৰাহে গৈ থাকিলে দীক্‌ছৌ বাটো লঙ্ঘিব পাৰি। কাম যিমানেই কি ডাঙৰ নহওক সদায় নিয়ম মতে কৰি থাকিলে শেষ হয়। সদায় পৰিশ্ৰম কৰা মানুহে ডাঙ্গৰ কাম দেখি ভয় নাখায়। উগ্ৰ শ্ৰম উৎকট ব্যাধিৰ নিচিনা, সংসাৰ যাত্ৰীয়ে তাক সততে পৰিহাৰ কৰা উচিত। উগ্ৰ শ্ৰমৰ পৰা শৰীৰ ঘুণীয়া হয়, আৰু ভৱিষ্যতলৈ শ্ৰম কৰিব নোৱাৰা হয়। কোনো শকত-সজীয়া মানুহৰ উগ্ৰ শ্ৰমৰ পৰা ৰোগ নহ’ব পাৰে, কিন্তু সি যে আনতকৈ সৰহ কাম কৰিব পাৰে এনে নহয়। উগ্ৰ শ্ৰমৰ পাচত দীঘল জিৰণি লাগে, যি জিৰণি লওঁতেই আনে বহুত কাম কৰি উঠে। এতেকে এদিন উগ্ৰ শ্ৰম কৰি পাঁচ দিনলৈ জিৰণি লোৱাতকৈ নিতৌ অলপ অলপ শ্ৰম কৰাহে ভাল। উগ্ৰ শ্ৰম এক ৰকমে চালে বানপানীৰ নিচিনা। বানপানীৰ পৰা শস্যৰ বৰ উপকাৰ নহয়, নিয়মিতৰূপে বৰষুণ পালেহে শস্য শ্ৰীমন্ত হয়। কামৰো সেই পটন্তৰ তাকো নিয়মিতৰূপে কৰিলেহে শুৱলা হৈ উঠে।

 পৰিশ্ৰমী মানুহৰ শ্ৰমেই সুখ, সিহঁতে শ্ৰম নকৰি থাকিব নোৱাৰে, সিহঁতৰ পক্ষে শ্ৰম এটা ৰাগীৰ নিচিনা হয়। ৰাগী কৰা মানুহৰ ৰাগী নহ’লে যেনেকৈ গা মন বেয়া লাগে শ্ৰম কৰা মানুহৰো তেনেকৈ শ্ৰম নহ’লে গা মন বেয়া লাগে। শ্ৰমৰ পৰা সুখীয়াৰ সুখ দুগুণ বাঢ়ে আৰু দুখীয়াৰ দুখ কমি যায়। শ্ৰম জীৱ জগতৰ সাধাৰণ ব্যৱস্থা,পশু পক্ষীৰ ভিতৰতো এই ব্যৱস্থাৰ কাৰ্য্য দেখা যায়। কোনো পশু বা কোনো পক্ষীয়ে শ্ৰম নকৰাকৈ আহাৰ নাপায়, নানা ঠাইত নানা ৰকমে পৰুষাৰ্থ কৰিহে সিহঁতে পেট ভৰায়। বাঘে অটব্য বননিত হৰিণা বিচাৰি, আৰু মহে দুৰ্গম পিটনিত ঘাঁহ বিচাৰি নিতৌ হাৰাশাস্তি হয়। শৰীৰ সবল কৰিবলৈ, মনত শান্তিত ৰাখিবলৈ, আৰু সংসাৰত উদ্‌গতি কৰিবলৈ,এই সকলো কামতে পৰিশ্ৰম নহ’লে নহয়।

 শ্ৰম কুচিন্তাৰ পৰম ঔষধ। সদায় শ্ৰমত থকা মানুহে হিংসা কূচ্চুৰ্ট বা আনবিলাক কু-প্ৰবৃত্তিৰ কাম কৰিবলৈ আজৰি নাপায়। কুপ্ৰবৃত্তি এলাহত বাঢ়ে যাৰ এলাহ নাই তাৰ তেনে প্ৰবৃত্তি নাই। শ্ৰমীয়ে দিনদিনটো দুখ কৰি শৰীৰ ভাগৰাই আহে, গধূলি হ’লে পাটীত পৰিলেই টোপনি যায়, এতেকে বেয়া ভাৱ মনত আউটিবলৈ তাৰ সময় নাথাকে। পৃথিৱীত যিমান সজ প্ৰকৃতিৰ খ্যাতিমন্ত মানুহ আছে বা আছিল তেওঁবিলাকৰ জীৱনটো এটা শ্ৰমৰ সোঁত মাথোন।

 শ্ৰম বোলোতে শাৰীৰিক আৰু মানসিক দুয়ো বিধ শ্ৰম ধৰা হৈছে। দুয়ো বিধ শ্ৰমৰ একে ৰকম ব্যৱস্থা। শাৰীৰিক শ্ৰম বেচিকৈ কৰিলে শৰীৰ ৰুগীয়া হয়, আৰু মানসিক শ্ৰম বেচিকৈ কৰিলে মন ৰুগীয়া হয়, কিন্তু শাৰীৰিক শ্ৰমতকৈ মানসিক শ্ৰমৰ দুৰ্গুণ বৰ বেচি। উগ্ৰ শাৰীৰিক শ্ৰমে কেৱল শৰীৰহে ৰুগীয়া কৰে, কিন্তু উগ্ৰ মানসিক শ্ৰমে শৰীৰ মন দুয়োকো ৰুগীয়া কৰে। বৰকৈ চিন্তা কৰিলে মূৰৰ কামোৰণি হয়, খোৱা বস্তু জীণ নাযায় আৰু বায়ু উৰ্দ্ধগামী হৈ টোপনি নহাত পৰে। মনৰ উগ্ৰ শ্ৰমত মগজু তপত হয় আৰু সেই বাবে কেতিয়াবা মানুহে বিবেক হেৰুৱাই বাউল হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top