মিকিৰসকলৰ অতীজৰ সমাজখনত চোমাংগান অর্থাৎ শ্রাদ্ধ কৰা নিয়ম বহু দিনলৈকে নাছিল। তেওঁলােকে মানুহবােৰৰ মৃত্যুৰ পিচত কোনাে শ্রাদ্ধ আদি নকৰিছিল। তেনেকৈয়ে বহু দিন ধৰি চলিছিল।
অতীজতে মিকিৰ সমাজত এজন বৰ দুখীয়া মানুহে বাস কৰিছিল। সেই মানুহজন আছিল টুমুং চমাৰ নামৰ এটা কুলৰ। তেওঁ দুখীয়াও আছিল, অকলশৰীয়াও আছিল। তেওঁৰ কেও কিছু নােহােৱাৰ বাবে কোনেও তেওঁলৈ ছােৱালী নিদিছিল। সেয়ে যৌৱনৰ দুৱাৰদলিত ভৰি দিয়াে তেওঁ মনৰ বেজাৰ মনতে মাৰ নিয়াই বৰলা ভাত খাবলগীয়া হৈছিল।
লােকৰ দৰে তেওঁ শক্তিয়ে অটাৰ সমানকৈ এখন সৰুকৈ আৰা (ৰেট) কাটিছিল। সেই আৰাতে এটি সুৰংগ আছিল। সেই সুৰংগইদি সদায় এজনী সােণ-গুঁই ( গুঁইসাপ) ওলাই আহি আৰাত চৰি ফুৰিছিল আৰু সেই অকলশৰীয়া মানুহজনক অকলে পাই মানুহৰ দৰে সুখ-দুখৰ দুষাৰ কথা পাতিছিল। মানুহজনেও তাৰ দুখৰ কথা গুইজনীৰ আগত আদ্যোপান্ত বিৱৰি কৈছিল। সেয়ে তাৰ দুখতে দুখী হৈ গুইজনীয়ে সদায় সুৰংগইদি আহি মানুহজনৰ লগত কথা বতৰা পাতিছিল।
এইদৰে কেইবাদিনাে গ’ল। মানুহজনেও কাৰো আগতে এই আচৰিত কথাষাৰ কোৱা নাছিল। মুঠতে কবলৈ হ’লে সেই দুখীয়া মানুহজনৰ খবৰ বতৰা লওঁতা গাঁৱত কোনােৱেই নাছিল। গতিকে নিজৰ মনৰ কথা কাকো ভাঙি-পাতি কোৱা নাছিল। যদিও তেওঁ কাকো কথাষাৰ কোৱা নাছিল, গুঁইজনী কৰপৰা আহে, ক’ত থাকে ইত্যাদি কথা এদিন সুধিবলৈ মনতে পাঙি থলে।
এদিন আগৰদৰে গুঁইজনীয়ে সুৰংগইদি ওলাই আহি কথা-বতৰা পাতিবলৈ ধৰিলেহি। সিয়াে সেই দিনাখন মৰণত শৰণ দি সকলাে বােৰ কথা গুঁইজনীক সুধিলে। গুঁইজনীয়ে কব নােখােজ, সিয়াে নেৰে। অৱশেষত গুঁইজনীযে তাইৰ বিষয়ে সকলােবােৰ কথা মানুহজনৰ আগত আদ্যোপান্ত বিৱৰি কলে।
সেই গুঁইজনী আন কোনাে নাছিল—আছিল এজনী যম নগৰৰ পৰা অহা বাওনা বুঢ়ী। মিকিৰসকলৰ মতে যমৰ নগৰত বাওনা মানুহে আগতে বাস কৰিছিল। অৱশ্যে সিহঁত যদিও বাওনা আছিল পৃথিৱীৰ মানুহবােৰক দুই চকু পাৰি দেখিব নােৱাৰিছিল আৰু মৃত্যুৰ পিচত যমৰ নগৰলৈ লৈ যােৱা মানুহৰ জীৱবােৰক যমৰজাৰ আদেশ বা বিচাৰ অনুযায়ী দোষীক শাস্তি দিয়াত পাকৈত আছিল। এইবােৰ বিৱৰণ সুধি আমাৰ অকলশৰীয়া ককায়ে গুঁইৰূপী বাওনা বুঢ়ীৰ লগতে যমৰ নগৰখননো কেনেকুৱা চাবলৈ মন মেলিলে। ‘এনেই তাে মৰিবই লাগিব। গতিকে ইয়াতে মৰিলেও মােৰ কোনাে কান্দোতা নাই।’ ইয়াকে ভাবি তাইৰ লগতে তাকো যমৰ নগৰলৈ নিবলৈ বধ শপত দি খাটিলে। তেতিয়া গুঁইজনীয়ে সকলাে কথা বুজাই কলে যে যমৰ নগৰলৈ জীয়া মানুহ যাব নােৱাৰে আৰু কেতিয়াও যােৱা নাই। তালৈ গ’লেই বাওনাবােৰে তাক বধ কৰি খাই পেলাব। তেতিয়াতো বুঢ়ীৰ সহ্য নহব। ইমান দিনৰ চিনাকি।
কিন্তু আমাৰ অকলশৰীয়া ককাই হ’লে কোনাে মতে গুঁইৰ কথাত মান্তি নহ’ল। বৰং বেচিকৈ কঠাল-এঠা লগাদিহে নিজৰ কথাত লাগিবলৈ ধৰিলে। তাই তাক চকু মুদি নেজত ধৰিবলৈ কলে। তেতিয়া মানুহটোৱে সেইদৰে কৰাত সেই সুৰংগইদি তাক পাতাল পােৱালেগৈ। তাত গুঁইজনীয়ে এজনী বুঢ়ী বাওনাৰ ৰূপ ধৰি তাক ঘৰত অন্য বাওনাবােৰে নেদেখাকৈ লুকুৱাই থলে আৰু যতে ততে ওলাবলৈ হাক দিলে।
ইফালে গধূলি হােৱাৰ লগে লগে বাওনাবােৰে নিজৰ নিজৰ ঘৰলৈ ঢাপলি মেলিলে। সিহঁতে নিজ নিজ ঘৰলৈ আহি মানুহ মানুহ গােন্ধ পাই বিচাৰি চলাথ লগালে, কিন্তু ক’তো হ’লে মানুহৰ উম-ঘামকেই নেপালে। বুঢ়ীৰ ঘৰত বাৰে বাৰে ভুমুকিয়াবলৈ ধৰিলে- কিজানি আছেই। বুঢ়ীৰ একেটি ডাবিতে শেনটো অহাদি আহি ফেঁচাটো হৈ উলটি যাব লগীয়া হ’ল। মানুহটো কেইবা দিনাে বুঢ়ীৰ কথা মতে ঘৰতে লুকাই থাকিল। কিন্তু আৰু কিমান দিন থাকিব। এনেকৈ থাকিলেচোন তাৰ যমৰ নগৰ চোৱাই নহব। এদিন বুঢ়ী নােহােৱাৰ চেলু লৈ সি বাহিৰলৈ ওলাই আহিল। তাক দেখি বাওবােৰ ভয়তে পেপুৱা লাগিল। এনেকুৱাই নে কি জীৱন্ত মানুহৰ আকৃতি। দেখিলে দেখােন দেহে উজান-ভাটী কৰে।
সি যি হওক, বাওবােৰৰ লগত সেই মানুহজন বুঢ়ীৰ যাদু প্ৰভাৱত সহজে মিলিব পৰা হ’ল। সি সিহঁতৰ (বাওবােৰৰ) লগত মিলিজুলি থাকিবলৈ ধৰিলে। যমৰ নগৰতত আমাৰ ইয়াৰ দৰে পহু খেদা নিয়ম আছে। বাওনাবােৰে নিজৰ ব্যৱহাৰৰ কাৰণে নাও কাটে। সিহঁতৰ লগত সিয়াে পহু খেদিবলৈ যায়। সেই বাওনা বােৰৰ পহু হ’ল পানীৰ ভেকুলী আৰু বাঘ হ’ল ডাঙৰ বৰঙা ফৰিং। আকৌ বাওবােৰৰ নাও কটা গছবােৰ হ’ল আমাৰ পৃথিৱীৰ কলা কচুৰ এবিধ কচু। এইবােৰ কাম পৃথিৱীৰ ককাইৰ মানত একোৱেই নহয়। এদিনতে হেজাৰ হেজাৰ কচুগছ বগৰাবলৈ ধৰিলে। বাঘ পহু আদিও অলেখ মৰিবলৈ ধৰিলে। তাকে দেখি বাওবােৰৰ মনত মহা ভয় উপজিল। তেনেকৈ দিনে দিনে ইমানবােৰ গছ, পহু, বাঘ আদি মাৰিবলৈ হ’লেচোন সিহঁতৰ হাবিত সেইবােৰৰ সঁচ কঠীয়াই মৰিব। ইয়াকে ভাবি অতি সােনকালে পৃথিৱীৰ মানুহজনক নিজৰ ঠাইত থৈ আহিবলৈ বাওনাবােৰে বুঢ়ীক খাটিলে। বুঢ়ীয়েও কিছু দিনৰ পিচত নিম বুলি সিহঁতক আশ্বাস দিলে ।
এদিন এটা বাওনা মৰাত তাৰ জ্ঞাতি-কুটুম্বই অন্ত্যেষ্টি ক্রিয়া সমাপন কৰাৰ কিছুদিনৰ পিচত শ্রাদ্ধ কৰা দেখা পালে। তাকে দেখা পাই মানুহজনে বুঢ়ীক তেনেকৈ কিয় কৰে সুধিলে। বুঢ়ীয়ে তেতিয়া শ্ৰাদ্ধৰ সকলােখিনি নিয়ম ভাঙি পাতি কলে, আৰু লগতে কলে যে বাওনা মৰাৰ পিচত যদি তাৰ শ্ৰাদ্ধ কৰা নহয়, তেতিয়াহ’লে সি, সি জন্মত তাৰ জ্ঞাতিৰ লগত মিলি খাব নােৱাৰে। সেই কাৰণে শ্রাদ্ধৰদ্বাৰা তাক শুদ্ধ কৰা হয।
যমৰ নগৰৰ বাওনাহঁতৰ এই কাৰ্যই অইনবােৰ কামতকৈ মানুহটোৰ মনত ভালকৈয়ে সাঁচ বহুৱালে। তেতিয়াহে তেওঁ তেওঁলােকৰ সমাজত যে শ্রাদ্ধৰ নিয়ম নােহােৱাটো কেনে বেয়া কথা, তাক উপলব্ধি কৰিলে। সেই প্রথাটো পৃথিৱীৰ মিকিৰ সমাজত প্রচলন কৰিবলৈ মনতে পাঙি সােনকালে বুঢ়ীৰ আগত পৃথিৱীলৈ অহাৰ ইচ্ছা কৰিলে। বুঢ়ীয়েও ভালকে পালে। এদিন ভাল দিন-বাৰ চাই আগৰ দৰে গুইৰ বেশেৰে মানুহজনক পৃথিৱী পােৱালেহি। মানুহজন যমৰ নগৰৰপৰা অহা বুলি শুনি সকলাে ৰাইজ গােট খাই তাক বেঢ়ি বেঢ়ি চাবলৈ ধৰিলে আৰু যমৰ নগৰৰ কথা মানুহজনক সমৱেত ৰাইজে খৰচি মাৰি সুধিলে। মানুহজনেও অকপট চিতেৰে যি দেখিছিল, যি শুনিছিল সকলােবােৰ মানুহবােৰৰ আগত বিৱৰি কলে। লগতে মৃতকৰ শ্ৰাদ্ধ নকৰিলে যে মৃতকে যমৰ নগৰত পৰাচিত নেপায় সেইবােৰ কথাও নিয়ম-কানুনেৰে সৈতে মানুহবােক বিতং ভাৱে বুজাই দিলে।
তেতিয়াৰপৰাহে মিকিৰ সমাজত মৃতকৰ শ্ৰাদ্ধ কৰাৰ নিয়ম প্রচলিত হ’ল। সেয়ে শ্রাদ্ধৰ সময়ত নাচত ব্যৱহাৰ কৰা তম্বকত (এটা এমুখীয়া সৰু ঢােল) এটা বােল বজোৱা হয় ‘টুমুং টুমুং টুমুং খেপ’ অর্থাৎ টুমুঙৰ নিয়ম। এইদৰে সেই অকলশৰীয়া মানুহজনে এটি ভাল নিয়মৰ প্ৰৱৰ্তন মিকিৰ সমাজত কৰি থৈ গ’ল। পিচৰ কাল ভােখৰত মানুহে তেওঁক বৰ শ্ৰদ্ধা আৰু আদৰ কৰিছিল। সেয়ে কোৱা হয়, ‘ৰজাই ভাল পায় যাক, হাতী ঘােৰাও নেলাগে তাক।’ ভগৱান সহায় থকাৰ কাৰণেহে সেই মানুহজনে শেষৰ জীৱনত নিজক সমাজত প্রতিষ্ঠা কৰি থৈ গ’ল।