সাক্ষৰতা অভিযান

ভূমিকা:
সাক্ষৰতা জনগণৰ মূঢ়তামুক্তিৰ চাবিকাঠি। মূৰ্খ জনগণ দেশৰ বোজা – জাতিৰ অপমান। অথচ জনসাধাৰণেই দেশৰ শক্তি। তেওঁলোকৰ মাজত নিহিত হৈ আছে বিপুল সম্ভাৱনা। তেওঁলোকৰ মাজত যিখিনি শক্তি লুপ্ত অৱস্থাত আছে, সেইখিনি জাগ্ৰত কৰি দেশৰ সমৃদ্ধিৰ ৰচনাত নিয়োজিত কৰিব পাৰিলে অভাৱনীয় সুফল লাভ কৰিব পৰা যাব। অন্ধত্বৰ দৰে নিৰক্ষৰতাও এই দেশৰ অগণন হতভাগ্য লোক নিষ্ঠুৰতম অভিশাপ।

আখৰৰ জ্ঞান বা সাক্ষৰতা মানুহৰ অমূল্য দৃষ্টিশক্তিৰ সমতুল্য। ইয়াৰ সহায়ত মানুহে পৃথিৱী, পৰিৱেশ আৰু নিজৰ দুখ-বেদনা, লাঞ্চনা-বঞ্চনাক জানিব পাৰে। সেয়ে সাক্ষৰতাক সভ্যতাৰ মাপকাঠি আৰু উন্নয়নৰ প্রাথমিক চৰ্তৰূপে গণ্য কৰা হয়। কিন্তু প্ৰযুক্তিৰ এই চৰম উন্নতিৰ যুগতো বিশ্বৰ উন্নয়নশীল দেশসমূহৰ প্রায় অর্ধেক জনগণেই নিৰক্ষৰ। বর্ধিত জনসংখ্যাৰ আশা-প্রত্যাশা বাঢ়ি অহাৰ লগে লগে পৃথিৱীৰ বুকুত আজি ন ন পৰিবৰ্তনৰ সূচনা হৈছে। সেয়ে মানৱ সভ্যতাৰ বিকাশৰ ধাৰাবাহিক প্রচেষ্টাত শিক্ষাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিশ্বৰ দেশসমূহে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে। ১৯৬৬ চনৰ ৮ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কোৰ চতুৰ্দশ সাধাৰণ সভাত বিশ্বৰ পৰা নিৰক্ষৰতা দুৰীকৰণৰ সংকল্প গ্ৰহণ কৰা হয়।

প্রাচীন কালত ভাৰত শিক্ষাচর্চাৰ প্ৰাণকেন্দ্ৰ আছিল। সেই সময়ৰ শিক্ষা ব্যৱস্থা ধৰ্মৰ লগত জড়িত আছিল বাবে সকলোৰে বাবে শিক্ষা সম্ভৱ হোৱা নাছিল। পাছলৈ পাঠশালা, টোল, মোক্তাব, মাদ্ৰাছা, বৌদ্ধ বিহাৰ, গির্জা আদিৰ জৰিয়তে আনুষ্ঠানিক শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছিল যদিও নিৰক্ষৰতাৰ হাৰ পৃথিৱীৰ আন দেশৰ তুলনাত হ্রাস নাপালে।

সাক্ষৰতা অভিযানৰ ইতিবৃত্ত:
স্বাধীনতাৰ আগতে ভাৰতৰ পৰা নিৰক্ষৰতা নিৰ্মূল কৰাৰ বাবে কিছু কাৰ্যসূচী হাতত লোৱা হৈছিল। মহাত্মা গান্ধীৰ তত্বাৱধানত প্রাপ্তবয়স্কসকলৰ বাবে নৈশ বিদ্যালয় স্থাপন কৰিছিল। ১৯৫১ চনত ‘সামাজিক শিক্ষা’ নামৰ এক কাৰ্যসূচীও আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰৰ মাহিম জিলাত ‘গ্রাম শিক্ষা মাহিম’ নামৰ কাৰ্যসূচী আৰম্ভ কৰে যদিও ই আন ৰাজ্যলৈ বিয়পি নপৰিল।

১৯৭৮ চনতে সমগ্ৰ দেশৰ মানুহক শিক্ষিত কৰিবলৈ ৰাষ্ট্ৰীয় প্রাপ্তবয়স্ক শিক্ষা আঁচনি নামৰ এক ৰাষ্ট্ৰীয় কাৰ্যসূচী হাতত লয় যদিও বিশেষ সফলতা লাভ নকৰিলে। ১৯৮৭ চনত বিজ্ঞান জনপ্ৰিয়কৰণৰ কাৰ্যসূচী হিচাপে ভাৰতৰ বিজ্ঞান সংগঠনসমূহৰ অগ্রণী স্বেচ্ছাসেৱী বিজ্ঞান সংগঠন ‘কেৰালা শাস্ত্র সাহিত্য পৰিষদে’ কেৰালাৰ এর্নাকুলাম জিলাখন কম সময়ৰ ভিতৰতে প্ৰথম সাক্ষৰ জিলা হিচাপে চিহ্নিত কৰিবলৈ সক্ষম হয়। সেই সময়ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আধাৰত ১৯৮৮ চনত ভাৰত চৰকাৰে ‘ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন’ প্রতিষ্ঠা কৰে। ই এক স্বতান্ত্রীয় অনুষ্ঠান। তেতিয়াৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ তত্ত্বাৱধানত ভাৰতৰ প্ৰায়বোৰ জিলাতে এই কাৰ্যসূচী আৰম্ভ কৰা হয়। পূর্ণ সাক্ষৰতা অভিযানৰ পাছত উত্তৰ সাক্ষৰতা আৰু অবিৰত শিক্ষা কার্যসূচীৰ বাবে ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন আগবাঢ়ি আহে।

অসমতো ১৯৯২-৯৩ চনৰ পৰা ৰাষ্ট্ৰীয় সাক্ষৰতা মিছনৰ অধীনত সাক্ষৰতা অভিযান আৰম্ভ হয়। জিলা সাক্ষৰতা অভিযানৰ মূল লক্ষ্য আছিল-

  1. নিৰক্ষৰসকলক লিখা-পঢ়া আৰু সংখ্যাজ্ঞান প্ৰদান কৰা।
  2. নিজে ক’ত ক’ত বঞ্চিত হৈছে তাক জনা, সংগঠিত হৈ উন্নয়নমূলক কামৰ জৰিয়তে নিজৰ আৰু দহৰ উন্নতি সাধন কৰা জীৱন ধাৰণৰ মান আৰু অৰ্থনৈতিক অৱস্থা উন্নত কৰা।
  3. একতা, পৰিবেশ সংৰক্ষণ, নাৰী-পুৰুষৰ সমতা, সৰু পৰিয়াল।
  4. প্রাথমিক শিক্ষা সার্বজনীন কৰা।

সাক্ষৰতা অভিযানৰ উক্ত লক্ষ্যসমূহ পূৰণৰ প্রয়াস চলোৱাৰ সমান্তৰালভাৱে নতুনকৈ নিৰক্ষৰ লোকৰ যাতে সৃষ্টি নহয়, তাৰ প্ৰতিও বিশেষ ব্যৱস্থা লোৱা হৈছে। যিসকলে প্ৰাথমিক বিদ্যালয়ৰ চৌপাশ দেখাই নাই বা যিসকলে আধাতে বিদ্যালয় ত্যাগ কৰিছে তেওঁলোকৰো পুনৰ বিদ্যাৰম্ভৰ বাবে চেষ্টা চলোৱা হৈছে। কিন্তু দেশৰ বৰ্তমান অর্থনৈতিক প্রেক্ষাপটত দৰিদ্ৰ জনসাধাৰণৰ মনত এনেধৰণৰ ধাৰণা দৃঢ়তাৰে সোমাই পৰিছে যে এই প্রতিযোগিতাৰ যুগত লিখা-পঢ়া শিকিলেও তেওঁলোকৰ ল’ৰা-ছোৱালীয়ে কোনোধৰণৰ সুযোগ-সুবিধা বা সংস্থান নাপায়। সেয়েহে পৃথিৱীত বাচি থকাৰ বাবে, সমাজক জনাৰ বাবে, ঠগ-প্ৰৱঞ্চকৰ হাতৰ পৰা ৰক্ষা পোৱাৰ বাবেই যে লিখা-পঢ়াৰ প্রয়োজন সেই চেতনা অভিভাৱকৰ মনত জগাই তুলিব নোৱাৰিলে সাক্ষৰতা কর্মসূচীৰ সঠিক ৰূপায়ণ সম্ভৱ নহয়। চৰকাৰে ন ন প্রকল্প, আঁচনি আদিৰে নিৰক্ষৰতা দূৰীকৰণৰ প্রচেষ্টা চলাইছে যদিও ই অধিক কাৰ্যকৰী আৰু ফলপ্রসূ হোৱাৰ প্ৰয়োজন আছে। ইয়াৰ বাবে প্ৰয়োজন দেশব্যাপী এক ব্যাপক আৰু নিচ্ছিদ্র পৰিকল্পনা, যি পৰিকল্পনা ৰূপায়ণত অর্থ, কৰ্মী আৰু আন্তৰিকতাৰ যেন অভাৱ নঘটে। দেশৰ পঞ্চায়তসমূহক এই বিষয়ত কামত লগাব পাৰি। একেদৰে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্রীকো দেশব্যাপী সাক্ষৰতা অভিযানৰ অংগ কৰি লব পৰা যায়। নিৰক্ষৰতা অভিশাপ, নিৰক্ষৰতা দূৰ নহ’লে বিশ্ববাসীৰ ওচৰত আমাৰ মান-সন্মান পদদলিত হ’ব- এই চেতনাৰে যদি আমি সকলো উজ্জীৱিত নহওঁ, তেন্তে কেৱল চৰকাৰী আঁচনিৰ ওপৰত নিৰ্ভৰ কৰি একো কৰিব নোৱাৰি। সাক্ষৰতা অভিযানৰ ক্ষেত্ৰত এই ভাবধাৰাক সকলোৱে অধিক গুৰুত্ব দিব লাগিব।

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top