পিতৃভক্ত ৰামচন্দ্র পিতৃসত্য পালন কৰিবলৈ সাজু হ’ল। এই সত্য আছিল পিতৃ দশৰথে ভৰত মাতৃ কৈকেয়ীক দিবলগীয়া দুটা বৰ। প্রথম সত্য মতে ৰামচন্দ্ৰই চৈধ্য বছৰ বনবাস আৰু দ্বিতীয় বৰ মতে ভৰতৰ ৰাজপাট দখল। পিতৃৰ এইবচন ৰক্ষা কৰিবলৈ কৈকেয়ীৰ বিচৰা বৰকে মানি লৈ ৰামচন্দ্র বনবাস খাটিবলৈ ওলাল। ৰামচন্দ্ৰৰ লগত ওলাল সীতা আৰু লক্ষ্মণ। লক্ষ্মণ আৰু সীতাৰ সৈতে ৰামচন্দ্ৰ গৈ প্ৰথমতে দণ্ডকাৰণ্যত প্ৰৱেশ কৰি তাত থকা চিত্রকুট পর্বতত বাস কৰে। ইয়াৰ পিছত আৰু নানান ঠাই ভ্ৰমণ কৰি বনবাসৰ দহ বছৰ অতিক্রম কৰাৰ অন্তত ভার্যা আৰু অনুজৰ সৈতে ৰামচন্দ্ৰ গৈ অগস্ত্য মুনিৰ আশ্ৰমত উপস্থিত হয়। অগস্ত্য মুনিয়ে ৰামচন্দ্রক আদৰ-অভ্যর্থনা কৰাৰ লগতে বৈষ্ণৱ-ধনু, ব্রহ্মাস্ত্ৰ আৰু অক্ষয়তুন দান কৰে। পিছত মহর্ষি অগস্ত্যৰ উপদেশ অনুসৰি গােদাবৰী তীৰস্থ পঞ্চৱতী বনত কুটীৰ সাজি বাস কৰে। এই বন আছিল ৰাক্ষসেৰে পৰিপূৰ্ণ। লংকেশ্বৰ ৰাৱণৰ বিধৱা ভগ্নী শূর্পণখাই ইয়াত স্বেচ্ছাই বিহাৰ কৰিছিল। এনেদৰে বনৰ মাজত ঘূৰি ফুৰোঁতে এদিন ৰামচন্দ্রক দেখি শূর্পণখাৰ প্রেম ভাব জাগ্রত হয়। তাই ৰামৰ ওচৰত প্রেম ভিক্ষা কৰে। বিবাহিত বুলি ৰামে আপত্তি কৰাত সকলাে আপত্তিৰ মূল সীতাক গ্রাস কৰিবলৈ তাই খেদি যায়। তেতিয়া ৰামৰ ইঙ্গিত মতে, লক্ষ্মণে শূর্পনখাৰ নাক-কাণ কাটে। ৰাম-লক্ষ্মণৰ ওচৰত এনেদৰে অপমানিত হৈ শূর্পনখাই লংকেশ্বৰ ৰাৱণৰ আশ্রয় লয় আৰু সকলাে দুর্দশা বিৱৰি কয়। কথা প্রসংগত তাই অপৰূপা সীতাৰাে ৰূপ বর্ণনা কৰে। সীতাৰ ৰূপ-লাৱণ্যৰ কথা শুনি ৰাৱণৰ প্রেম ভাব জাগে আৰু নিজৰ কৰি লােৱাৰ আগ্রহ জন্মে। ৰাম-লক্ষ্মণক মাৰি প্রতিশােধ লােৱাৰ লগতে সীতাক নিজৰ কৰি লােৱাৰ চেষ্টাৰে লংকেশ্বৰ ৰাৱণে মাৰীচক পঞ্চৱতী বনলৈ পঠিয়ায়। প্রথম অৱস্থাত মাৰীচ আহিবলৈ অমান্তি হৈছিল যদিও পিছত আহিবলৈ বাধ্য হয়। মাৰীচে ৰাৱণৰ কথা মতে এটা স্বর্ণমৃগৰ ৰূপ লৈ সীতাৰ মন আকর্ষণ কৰিবলৈ চেষ্টা কৰে। হঠাৎ এটা সােণৰ হৰিণ বনৰ মাজত বিচৰণ কৰি থকা দেখি সীতাৰ মন আকর্ষিত হয়। তেওঁ সেই হৰিণাটো পাবলৈ উদগ্রীব হৈ উঠে। ৰামচন্দ্ৰই জনকনন্দিনী সীতাক এইদৰে বুজনি দিলে — সেই সােণৰ হৰিণটো এটা মায়া মৃগহে আচল হৰিণ নহয়। হেজাৰবাৰ বুজাইও ৰামচন্দ্ৰই ভার্যা সীতাক পতিয়ন নিয়াব নােৱাৰিলে। অৱশেষত বাধ্য হৈ ৰামচন্দ্ৰই লক্ষ্মণক সীতাৰ সুৰক্ষাৰ দায়িত্বভাৰ অৰ্পণ কৰি সােণৰ হৰিণা ধৰিবলৈ হাতত ধেনু-শৰ লৈ আগবাঢ়ে। ৰামৰ হাতত মাৰীচৰ মৃত্যু হ’ল যদিও দুষ্ট ৰাক্ষসে তাৰ মায়া প্রদর্শনৰ আশা শেষ নকৰিলে। সি লক্ষ্মণে শুনাকৈ বাৰে বাৰে আর্তনাদ কৰিবলৈ ধৰিলে – ভাই লক্ষ্মণ ৰক্ষা কৰা, ভাই লক্ষ্মণ ৰক্ষা কৰা। সীতাই লগে লগে আতংকিত হৈ উঠে আৰু বাৰে বাৰে লক্ষ্মণক ৰামৰ কাষলৈ যাবলৈ অনুৰােধ কৰে। লক্ষ্মণেও সীতাক ৰামৰ বিপদ অসম্ভৱ বুলি বুজাবলৈ চেষ্টা কৰে। সীতাই লক্ষ্মণৰ কথা মানিবলৈ অমান্তি হয়। কাৰণ, মনে সেই বুজনি নামানে। অৱশেষত লক্ষ্মণে সীতাক এৰি যাবলৈ বাধ্য হয়। কাৰণ, ৰামৰ যে বিপদ। যাবৰ সময়ত লক্ষ্মণে বাৰে বাৰে সীতাক সতর্ক কৰি এই কথাকে বুজাবলৈ চেষ্টা কৰিছিল যে বাহিৰত বিপদ। তেওঁ যেন লক্ষ্মণ ৰেখা পাৰ নহয়। লক্ষ্মণ ৰেখা হ’ল লক্ষ্মণে কুটীৰৰ জপনা মুখত অংকন কৰা কেইডালমান ৰেখা। পিছত সীতাই সেই সতর্কবাণী শুনিলে যদিও ৰক্ষা কৰিব নােৱাৰিলে। ৰাৱণৰ কু-চক্ৰান্তৰ বলি হৈ সীতা কুটীৰৰ বাহিৰ ওলাবলৈ বাধ্য হ’ল। ভিক্ষাৰীৰ বেশেৰে যােৱা ৰাৱণে সীতাক হৰণ কৰি পুষ্পক ৰথত নিজ ৰাজ্যলৈ লৈ যায়। এইদৰে সীতা হৰণ আৰু ৰামচন্দ্ৰৰ দুর্যোগৰ সময় আৰম্ভ হয়। আচলতে এটা সাধাৰণ সােণৰ হৰিণে সকলাে সর্বনাশৰ মূল। সীতাৰ দৰে দেৱী এগৰাকীৰ ভুলৰ বাবে ৰাম-লক্ষ্মণৰ দুৰ্গতি। হয়তাে ইয়াৰ আঁৰতাে ৰহস্য আছে – যাৰ সুফল ত্রিজগতে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু অত্যাচাৰী ৰাৱণৰ হাতৰপৰা প্রজা সাধাৰণ ৰক্ষা পৰিছিল। তথাপি সােণৰ লােভে আজিও নাৰীৰ পাছ নেৰে।