ভূমিকা- (স্বাধীনতা দিৱস)
স্বাধীনতা মানুহৰ জন্মস্বত্ব। ‘স্বাধীন’ শব্দৰ আভিধানিক অৰ্থ হ’ল লোকৰ অধীন নোহোৱা অৱস্থা। ব্যক্তিৰ নিজা স্বাধীনতা হ’ল ব্যক্তি স্বাধীনতা। ব্যক্তি স্বাধীনতাক সংৰক্ষিত কৰিবৰ বাবে সংবিধান থাকে, ন্যায়পালিকা থাকে। কিন্তু যদি দেশখনৰে স্বাধীনতা নাথাকে তেন্তে ব্যক্তি স্বাধীনতাৰ প্ৰশ্নই নুঠে। এখন দেশৰ পৰাধীন অৱস্থাই তাৰ জাতীয় ঐতিহ্যত আঘাত হানে। ব্যক্তিৰ ব্যক্তিত্ব বিকাশৰ বাবে যিদৰে স্বাধীনতাৰ প্ৰয়োজন, তেনেদৰে এখন দেশৰ প্ৰগতিৰ বাবে দেশখনৰ স্বাধীনতা অপৰিহাৰ্য। গণতান্ত্ৰিক শাসন ব্যৱস্থাতহে জনগণে প্ৰকৃত স্বাধীনতা ভোগ কৰিবলৈ পায়। যিহেতু ইয়াত জনগণেই জনগণৰ শাসক।
Table of Contents
স্বাধীনতা অবিহনে গণতন্ত্ৰ নিৰৰ্থক আৰু গণতন্ত্ৰ অবিহনে ব্যক্তিৰ মতাদৰ্শৰ কোনো মূল্য নাথাকে। সেয়েহে যুগে যুগে সাম্ৰাজ্যবাদী শাসন-শোষণৰ বিৰুদ্ধে জনগণ বিদ্ৰোহী হৈ উঠে। ১৬৮৮ চনৰ ইংলেণ্ডৰ গৌৰৱময় বিপ্লৱ, ১৭৭৬ চনৰ আমেৰিকাৰ স্বাধীনতা বিপ্লৱ, ১৭৮৯ চনৰ ফৰাচী বিপ্লৱ আৰু ১৯১৭ চনৰ ৰুছ বিপ্লৱ স্বাধীনতাৰ বাবে শৃংখলিত জনতাৰ বিক্ষোভ। বহু কষ্ট, ত্যাগ আৰু প্ৰচেষ্টাৰ অন্তত প্ৰতিখন দেশেই মুক্তি লাভ কৰিছে। স্বাধীনতা লাভৰ বিশেষ দিনটোক প্ৰতিখন দেশৰ নাগৰিকে শ্ৰদ্ধাৰে স্মৰণ কৰে। সেইটোৱেই হ’ল পৰিত্ৰ স্বাধীনতা দিৱস।
ভাৰতৰ ইতিহাসত ইংৰাজৰ ৰাজত্বৰ দুশটা বছৰ চিহ্নিত হৈ ৰ’ল পৰাধীনতাৰ চানেকি ৰূপে। জাতীযতাবাদৰ জাগৰণে ভাৰতীয়সকলৰ চকু মুকলি কৰিলে। ব্ৰিটিছ শাসকৰ শোষণ নিষ্পেষণত ভাৰতীয়ৰ জীৱন অতিষ্ঠ হৈ পৰিল।
স্বাধীনতাৰ দিশে ভাৰত
১৮৫৭ চনত ভাৰতৰ স্বাধীনতাৰ প্ৰথম ৰণ চিপাহী বিদ্ৰোহে ভাৰতীয় জনগণক অভিজ্ঞ কৰি গ’ল। ভাৰতত ১৮৮৫ চনত জাতীয় কংগ্ৰেছ গঠন হোৱাৰে পৰা স্বাধীনতা আন্দোলন আৰম্ভ হোৱা বুলি ক’ব পাৰি। ১৯২০ চনৰ পৰা এই আন্দোলনত নেতৃত্ব প্ৰদান কৰিলে মহাত্মা গান্ধীয়ে। অহিংস অসহযোগ আন্দোলনত ভাৰতীয় জনগণে পূৰ্ণ সমৰ্থন জনাই দেহে কেহে খাটিছিল। ১৯৩০ চনত আইন অমান্য আন্দোলনে ব্ৰিটিছ চৰকাৰক অলপ হ’লেও সচকিত কৰিলে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন আছিল স্বাধীনতাৰ শেষ ৰণ। চৰকাৰী অনুশাসন, নিৰ্যাতন, ফাঁচী কাঠ, জৰিমণা একোৱেই ভাৰতবাসীক দমন কৰিব নোৱাৰিলে। দেশপ্ৰেমৰ বহ্নিয়ে জীৱনৰ প্ৰতি মায়া-মোহ পাহৰাই পেলালে। ঘৰ-বাৰী, আত্মীয়-কুটুম্ব সকলোকে এৰি দেশৰ বাবে বহুজনে জীৱন উছৰ্গা কৰিলে।
সৰ্বশেষত ভাৰতক স্বাধীনতা প্ৰদান কৰা হ’ব বুলি ইংৰাজ চৰকাৰে ঘোষণা কৰিলে। ১৯৪৭ চনৰ ভাৰত স্বাধীনতা আইন অনুযায়ী ভাৰতত ব্ৰিটিছ শাসনৰ অন্ত পৰিল। লৰ্ত মাউণ্টবেটেনৰ বিভাজন আঁচনি অনুযায়ী ভাৰত আৰু পাকিস্তান দুখন পৃথক ৰাষ্ট্ৰ গঠিত হয়। ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা লৰ্ড মাউণ্টবেটেন ভাৰত ইউনিয়নৰ আৰু মহম্মদ আলি জিন্না পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল হয়। তেতিয়াৰে পৰা ভাৰত বুৰঞ্জীত ১৫ আগষ্টৰ দিনটো তাৎপৰ্যপূৰ্ণ হৈ পৰে।
স্বাধীনতা দিৱসৰ গুৰুত্ব
প্ৰতিখন দেশৰ বাবেই স্বাধীনতাৰ দিনটো অতিকৈ পবিত্ৰ দিন। ভাৰতৰ জনগণে প্ৰতি বছৰে এই দিৱস জাক-জমকতাৰে পালন কৰে। স্বাধীনতা যুঁজত প্ৰাণ আহুতি দিয়া অজস্ৰ ছহিদৰ স্মৃতি, শ্ৰদ্ধা তৰ্পণ আৰু কৃতজ্ঞতা স্বীকাৰৰ ই এটা উপায় মাত্ৰ। জনগণৰ মতাদৰ্শৰে গঠিত ভাৰত চৰকাৰে সমগ্ৰ দেশতে চৰকাৰী কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰে। ভাৰতৰ ৰাজধানী দিল্লী মহানগৰীৰ লগতে প্ৰতিখন ৰাজ্যৰ মুখ্য নগৰসমূহ, মহকুমা সদৰ স্থান ইত্যাদিত চৰকাৰীভাৱে স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰা হয়। ত্ৰিৰঙ্গ পতাকাৰ তলত ৰৈ স্বাধীনতাৰ হিৰক জযন্তী উদযাপন কৰিলে ভাৰতে।
বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিগত আৱাস ইত্যাদিতো স্বাধীনতা দিৱস উদযাপন কৰা হয়। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শিত কৰি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলো একে ভাৰতীয় জাতিৰূপে নিজকে প্ৰতিষ্ঠা কৰে। ভাৰতত বিভিন্ন ভাষা-ভাষী, ধৰ্মাবলম্বীলোকে বসবাস কৰে। সেই সকলোৰে বাবে স্বাধীনতা আন্দোলন এক জীৱন্ত ইতিহাস।
বিদ্যালয়সমূহত স্বাধীনতা দিৱস উদযাপন কৰি ভাৰতৰ নতুন প্ৰজন্মক স্বাধীনতাৰ মহামন্ত্ৰেৰে দীক্ষিত কৰা হয়। ইংৰাজ শাসকৰ অধীনত শোষণ-নিষ্পেষণেৰে ভাৰতৰ প্ৰগতি স্তব্ধ হৈ যোৱা দিনবোৰৰ কথা স্মৰণ কৰা হয়।
সামৰণি-Independence Day essay in Assamese
ভাৰতৰ বাবে স্বাধীনতা দিবস এটা গৌৰৱপূৰ্ণ দিন। এই দিনৰ তাৎপৰ্য ৰক্ষা কৰি শ্ৰদ্ধা আৰু পৱিত্ৰ মনোভাৱেৰে ইয়াক পালন কৰা উচিত। গণতন্ত্ৰ দিৱস, স্বাধীনতা দিৱস ইত্যাদিয়ে জনগণৰ মাজত দেশপ্ৰেমৰ ভাব জগাই তোলে।
(আশা কৰোঁ আপুনি “Independence Day essay in assamese” ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)