Saturday, April 18, 2026
0 Shares

অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু

অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু

অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু

পৃথিৱীৰ ৰূপ-জেউতিৰ বাতৰি জনাই থাকিবলৈ ইন্দ্রই নর্তকী বালিমাহী চৰাইক দূত স্বৰূপে প্ৰতি বছৰে পৃথিৱীলৈ পঠিয়াই থাকে। বালিমাহী চৰায়ে পৃথিৱীলৈ ইয়াৰ ৰং-ৰূপৰ কথাবােৰ ইন্দ্ৰৰ সভাত বর্ণনা কৰেগৈ। এদিনাখন বালিমাহীয়ে পৃথিৱীত ফুলি থকা সৰিয়হ ফুলৰ সৌন্দর্য বর্ণনা দি থাকোঁতে ইন্দ্রকন্যাও উপস্থিত আছিল। পৃথিৱীৰ অপূর্ব ৰং-ৰূপৰ কথা শুনি ইন্দ্রকন্যাই পিতৃক অনুৰােধ জনাই ক'লে, “দেউতা, পৃথিৱীৰ অপূৰ্ব ৰূপ-সৌন্দর্য চাবৰ কাৰণে মােকো অনুমতি দিয়ক।”

অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু

জীয়েকৰ কথা শুনি ইন্দ্র চিন্তিত হ’ল। ইন্দ্ৰই ক'লে— “আই, তুমি পৃথিৱীলৈ নােযােৱাই ভাল। মায়াৰে ভৰা পৃথিৱীত তুমি ভুল কৰিবা।” দেউতাকৰ বুজনিয়ে জীয়েকৰ মনত সান্ত্বনা দিব নােৱাৰিলে। উপাই নাপাই ইন্দ্রই বালিমাহীক মাতি আনি জীয়েকৰ ইচ্ছাৰ কথা ক'লে আৰু নির্ভুলভাৱে বাট দেখুৱাই নিবলৈ তাক আদেশ দিলে।

হেমন্ত কাল। পৃথিৱীত পাতল কুঁৱলী। অপূর্ব সাজ-পাৰ পিন্ধি ইন্দ্ৰৰ জীয়েক কুঁৱলী ফালি ফালি পৃথিৱীলৈ নামি আহিছে। তাইৰ আগে আগে বালিমাহীয়ে বাট দেখুৱাই ধীৰে ধীৰে নামি আহিছে। পৃথিৱীৰ ৰূপবােৰ ধৰি থ’বলৈ ইন্দ্রকন্যাই লগত তাঁতশাল লৈ আহিছিল। পৃথিৱীৰ অতুলনীয় ৰূপ লাবণ্য দেখা পাই ইন্দ্রকন্যা বিমুগ্ধ হ’ল আৰু আনন্দত অধীৰা হৈ নৃত্য কৰিবলৈ ধৰিলে। বালিমাহীয়ে ডাঁৰৰ বাতৰি ডাঁৰে ইন্দ্ৰৰ ৰাজসভাত জনাই থাকিল। নৈৰ পাৰত ফুলি থকা সৰিয়হ তলীত ইন্দ্রকন্যা ঘূৰি ফুৰিবলৈ ধৰিলে। নৈৰ বলুকাত জঁপিয়াই জপিয়াই বালিমাহীয়ে বালিচাহী বিচাৰি খাবলৈ ধৰিলে। স্বৰ্গৰ পৰা এই সকলাে ঘটনা ইন্দ্ৰই লক্ষ্য কৰি আছিল।

দূতৰূপী বালিমাহীয়ে স্বৰ্গলৈ যাবলৈ ইন্দ্রকন্যাক লগ ধৰিলে। সুন্দৰ সুন্দৰ ফুলবােৰ তাঁতশালৰ কাপােৰত তােলাৰ মানসেৰে কিছুদিন পৃথিৱীত থাকিবলৈ ইন্দ্রকন্যাই থিৰ কৰিলে। ইন্দ্রকন্যাৰ ইচ্ছা অনুসৰি তাইক পৃথিৱীত এৰি থৈ বালিমাহী স্বৰ্গলৈ গুচি গ'ল আৰু ইন্দ্ৰদেৱতাক সকলাে কথা জনালেগৈ।

ইফালে পৃথিৱীৰ ৰূপ-লাবণ্য চাই চাই ইন্দ্রকন্যাই ভ্ৰমি ফুৰিবলৈ ধৰিলে। এইদৰে ঘূৰি ফুৰোঁতে ইন্দ্রকন্যাই অখাদ্য পুৰৈ শাকৰ গুটি (চিতু-হানজৰ) খাই মুগ্ধ হ’ল আৰু সৰগৰ কথা পাহৰিবলৈ ধৰিলে। পৃথিৱীৰ ধুনীয়া ধুনীয়া ফুলবােৰ এটা এটাকৈ তাইৰ কাপােৰত লাগি ধৰিলে।

এইদৰেই দিনবােৰ যাব লাগিছে। এদিনাখন বালিমাহী আহি ইন্দ্রকন্যাৰ অনুসন্ধান কৰিলে। ইন্দ্রকন্যাই পথ হেৰুৱাই অনাই-বনাই ঘূৰি ফুৰিছিল। ইতিমধ্যে পৃথিৱীৰ ৰূপ তৃষ্ণাই তাইক আমুৱালে! আমন-জিমন কৰি থকা ইন্দ্রকন্যাক দূতৰূপী বালিমাহীয়ে দেখা পালে আৰু সৰগলৈ যাবলৈ লগ ধৰিলে।

বালিমাহীক লগ পাই ইন্দ্রকন্যাৰ মনত আশাৰ সঞ্চাৰ হ’ল আৰু সৰগলৈ বুলি বালিমাহীৰ পিছে পিছে উৰা মাৰিলে। কিন্তু হায়! ইন্দ্রকন্যা মেঘৰ সিপাৰ হ'ব নােৱাৰি পুনৰ পৃথিৱীত খহি পৰিল। ইন্দ্ৰদেৱতাই সৰগৰপৰা চাই ক'লে, “তুমি ভুল কৰিলা। পৃথিৱীৰ মায়াত মুগ্ধ হৈ অখাদ্য বস্তু ভক্ষণেৰে পাপ কৰিলা। বাৰু, তুমি পৃথিৱীত ময়ুৰ হৈ বিচৰণ কৰা।” সেইদিনাৰ পৰাই ইন্দ্রকন্যা ময়ূৰী হ'ল আৰু আজিও আকাশৰ ফালে চাই ক্রন্দন কৰি শােক নৃত্য কৰে আৰু অভিশপ্ত জীৱনৰ কথা মনত পেলায় বুলি কাৰবিসকলে বিশ্বাস কৰে।

(আশা কৰোঁ আপুনি  “অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু” টো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “অভিশপ্তা ময়ূৰী- কাৰ্বি সাধু” টো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment