Tuesday, March 17, 2026
0 Shares

মানৱ জীৱনত পৰিৱেশৰ প্ৰভাৱ

মানৱ জীৱনত পৰিৱেশৰ প্ৰভাৱ

ভূমিকা: মানৱ জীৱনৰ ওপৰত পৰিৱেশৰ প্ৰভাৱ অতি নিবিড়। পৰ্বত-পাহাৰ, নদ-নদী-সাগৰ, বায়ুমণ্ডল, সূৰ্যৰ পোহৰ, গছ-গছনি, বিভিন্ন প্ৰজাতিৰ প্ৰাণী আদিক লৈয়ে গঢ়ি উঠিছে আমাৰ পৰিৱেশ। এই পৰিৱেশৰ মাজতেই মানুহ জন্মে, ডাঙৰ হয় আৰু জীয়াই থাকে। পৰিৱেশক দুটা ভাগত ভাগ কৰিব পাৰি- ভৌতিক পৰিৱেশ আৰু জৈৱিক পৰিৱেশ। পর্বত-পাহাৰ, নদ-নদী, মৰুভূমি, হিমবাহ, আগ্নেয়গিৰি, ভূ-স্তৰ, বায়ুমণ্ডল ইত্যাদিৰে গঠিত হয় ভৌতিক পৰিৱেশ। আনহাতে জীৱজগতক লৈ গঠিত হয় জৈৱিক পৰিৱেশ। নানান প্ৰজাতিৰ জীৱ-জন্তু, গছি-গছনি আৰু মানুহ জৈৱিক পৰিৱেশৰ অন্তৰ্গত।

পৰিৱৰ্তিত পৰিৱেশl: প্ৰকৃতিৰ নিয়মেৰে ভৌতিক পৰিৱেশত সাধিত হয় পৰিবৰ্তন। ক’ৰবাত সেউজ তৃণভূমি পৰিণত হয় মৰুভূমিত, আনহাতে শুকান মৰুভূমি পৰিণত হয় সাগৰত। যেনে- ভূমধ্য সাগৰ, ক’ৰবাত আকৌ সাগৰৰ বুকু ভেদি গঢ়ি উঠে বিশাল পৰ্বত (যেনে- হিমালয়), বানপানী আৰু হিমবাহৰ ফলত ঘটে ভূমিক্ষয় তথা ভূমিস্খলন, আগ্নেয়গিৰিৰ উদগীৰণেও ভূপ্রকৃতিৰ পৰিবৰ্তন ঘটায়। আগ্নেয়গিৰিৰ পৰা নিঃসৃত কার্বন ডাই-অক্সাইড, কার্বন মনোক্সাইড, নাইট্রোজেন অক্সাইড, গন্ধক আদিয়ে বায়ুমণ্ডল দূষিত কৰে। আকৌ প্রকৃতিৰ নিয়মানুসাৰেই পৃথিৱীৰ জলবায়ুত বিভিন্ন সময়ত পৰিবর্তনে দেখা দিয়ে। তাৰ ফলতেই কোনো উষ্ণ অঞ্চললৈও নামি আহে বৰফ যুগ। আনফালে আকৌ শীতল পবিৱেশো লাহে লাহে উষ্ণ পৰিৱেশলৈ পৰিণত হয়। এই ভৌতিক পৰিবৰ্তনৰ প্ৰভাৱ জীৱজগতৰ ওপৰতো পৰে। ইয়াৰ ফলত জীৱজগততো কিছুমান পৰিবৰ্তনে দেখা দিয়ে। আনহাতে, জীৱজগতে পবিৱেশৰ ওপৰত চাপ সৃষ্টি কৰি ভৌতিক পৰিৱেশৰ পৰিবৰ্তন ঘটায়।

মানৱ জীৱন আৰু পৰিৱেশ: সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহে প্রাকৃতিক সম্পদক নিজৰ প্ৰয়োজনত ব্যৱহাৰ কৰিবলৈ ধৰিলে। ইন্ধন, আচবাব, খেতিপথাৰ সম্প্ৰসাৰণ আদিৰ প্ৰয়োজনত চলিবলৈ ধবিলে নির্বিচাৰ অৰণ্যহনন। সমান্তৰালভাৱে বাঢ়িল জনসংখ্যা। বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰো অভূতপূর্ব উন্নতি হ’ল। চহৰ-নগৰৰ সংখ্যা বাঢ়িল। কয়লা, নানান প্ৰকাৰৰ ধাতু, খাৰুৱা তেল উত্তোলনৰ কাম আৰম্ভ হ’ল। এইবোৰৰ সহায়ত গঢ়ি উঠিল নানান শিল্পদ্যোগ আৰু কল কাৰখানা। আবিষ্কাৰ হল বিবিধ যানবাহন। ইয়াৰ পৰিণতিত প্ৰাকৃতিক সম্পদ আৰু পৰিৱেশৰ ওপৰত চাপ বাঢ়িল। চহৰ, ঘৰ-বাৰী নির্মাণ, খেতিপথাৰ সম্প্ৰসাৰণ আদিৰ নামত বনভূমি ধ্বংস কৰা হ’ল। কেৱল সেয়ে নহয়, খেতিপথাৰত অজৈৱ সাৰৰ ব্যাপক প্রয়োগ আৰু কীটনাশক দ্ৰব্যৰ ব্যৱহাৰ স্বাস্থ্যৰ বাবে ক্ষতিকৰ হল, মাটিৰ উৰ্বৰা শক্তিও কমি আহিবলৈ ধবিলে। নির্বিচাৰ অৰণ্যহনন আৰুকীটনাশক দ্ৰব্য ব্যৱহাৰৰ ফলত বহু গছ-গছনি, পশু-পক্ষী, কীট-পতংগ, মাছ, সাপ আদি বিলুপ্ত হৈ গ’ল। ফলত পৰিৱেশৰ ভাৰসাম্যও নষ্ট হ’ল। ভূমিস্খলন, বানপানী, খৰাং, ধুমুহা ইত্যাদিৰ প্ৰকোপ বাঢ়িল। নিৰ্বিচাৰ অৰণ্যহনন, কল-কাৰখানা আৰু যান-বাহনৰ বৃদ্ধি, পাৰমাণৱিক বিস্ফোৰণ ইত্যাদিৰ ফলত বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমিছে। আনহাতে ব্যাপক হাৰত কার্বন ডাই অক্সাইড আৰু আন বিষাক্ত গেছৰ মাত্ৰা বাঢ়িছে। বায়ুমণ্ডলৰ অ’জন স্তৰৰো ক্ষয় আৰম্ভ হৈছে। ফলত সূৰ্যৰ ক্ষতিকাৰক অতি বেঙুনীয়া ৰশ্মি পৃথিৱীত প্ৰবেশ কৰিছে। পৰিণতিত পৃথিৱীৰ জলবায়ু ক্রমশঃ উষ্ণ হৈ আহিছে। কলকাৰখানাৰ পৰা নিৰ্গত বিষাক্ত ৰাসায়নিক পদাৰ্থ আৰু চহৰৰ পয়ঃপ্রণালীৰ লেতেৰা পানী আৰু আৱৰ্জনাই দূষিত কৰিছে নদীৰ পানী। পৰিণতিত আজি বিধ্বস্তপ্রায় মানৱজীৱন, বিপন্ন মানৱ সভ্যতা। মানুহ আক্রান্ত হৈছে নানান কঠিন ৰোগত। মানুহৰ দৈনন্দিন জীৱনৰ ভাৰসাম্য প্রায় নোহোৱা হৈছে। মানৱ মনৰ সুকুমাৰ বৃত্তিবোৰ নষ্ট হৈ গৈছে, মানুহ খিংখিঙিয়া উগ্র মেজাজী হৈ পৰিছে।

বিশ্ব পৰিৱেশ দিৱস: পৰিৱেশ সংক্রান্তীয় সমস্যাই সমগ্ৰ বিশ্বতে ভয়াবহ ৰূপ ধাৰণ কৰাত বিশ্ববাসী আজি পৰিৱেশ সম্পর্কে সচেতন হৈছে। ১৯৭২ চনৰ ৫ জুনত ছুইডেনৰ ৰাজধানী ষ্টকহমত পৃথিৱীৰ বিভিন্ন দেশৰ প্ৰতিনিধি পৰিৱেশ সংক্রান্তীয় সমস্যাৰ সমাধানৰ পথ বিচাৰি এক সভাত মিলিত হৈছিল। তেতিয়াৰে পৰা ৫ জুনৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হৈ আহিছে। পৰিৱেশ দিৱসত ‘আমি বিশ্ববাসী বিশ্বৰ পৰিৱেশ ৰক্ষাৰ বাবে সমবেত হৈছোঁ’– এই বাণী সার্থক কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী পালন কৰা হয়। পৰিৱেশজনিত সমস্যা কোনো নির্দিষ্ট ভূখণ্ডৰ মাজত আবদ্ধ নহয়। সেয়ে সমগ্র বিশ্ববাসীয়ে একগোট হৈ এই সমস্যাৰ বিৰূদ্ধে মাৰ বান্ধি থিয় দিব লাগিব।

সামৰণি: আমাৰ দেশতো পৰিৱেশৰ ভাৰসাম্য বৰ্তাই ৰখাৰ বাবে চৰকাৰে নানা পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ বাবে বহু অর্থও ব্যয় কৰা হৈছে। অৱশ্যে চৰকাৰৰ সকলো আঁচনিৰ সাৰ্থক আৰু পূৰ্ণাংগ ৰূপায়ণৰ বিশেষ প্রয়োজন হৈছে৷ ইয়াৰ বাবে জনসাধাৰণৰ মাজত আৰু ব্যাপকভাৱে পৰিৱেশ সচেতনতা জগাই তুলিব লাগিব। পৰিৱেশ প্ৰদূষণৰ বিৰুদ্ধে আইনৰো আৰু ব্যাপক প্রয়োগৰ প্রয়োজন আছে। এই সকলোৰে সন্মিলিত প্রয়াসতহে সাৰ্থক আৰু সম্পূৰ্ণ পৰিৱেশ প্ৰদূষণ নিয়ন্ত্রণ কার্যসূচী।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment