Wednesday, April 15, 2026
0 Shares

অৰ্জুনৰ প্রতিজ্ঞা

ত্রেতা যুগৰ ঘটনা। সেইযুগতে দ্বাৰকানগৰীত এহাল বামুণ বামুণণীৰ এখন সুখৰ সংসাৰ আছিল। হাঁহি-ধেমালিৰ মাজেৰে দুয়ােৰে দিনবােৰ পাৰ হৈছিল। ঠিক সেই সময়তে সিহঁতৰ ঘৰলৈ এটা সুখৰ বাতৰি আহিল। বামুণী সন্তান সম্ভৱা হ'ল। এইকথা জ্ঞাত হােৱাত বামুণৰ মনত পৰম আনন্দ জাগিল। চাওঁতে চাওঁতে কেনেকৈ দহমাহ, দহদিন পাৰ হ’ল বামুণীয়ে গমকে নাপালে। এদিন এটা পুত্র সন্তান জন্মিল। কিন্তু হায়! জন্ম হৈয়েই সন্তানটি মৰি থাকিল। এই ঘটনাই বামুণ বামুণীক মর্মান্তিক আঘাত দিলে। তেওঁলােকে মনতে ভাবি ধৰিলে – “আমি একো পাপ কৰা নাছিলাে; নিশ্চয় আমাৰ ৰজাৰ পাপৰ ফলত আমাৰ এই পুত্রটিৰ মৃত্যু হ’ল।” এইভাবি বামুণে মৃত পুত্রটি লৈ উগ্রসেন ৰজাৰ ৰাজসভা পালেগৈ আৰু ৰজাক উদ্দেশ্যি ক’বলৈ ধৰিলে – “আপুনি কৰা পাপৰ বাবে আজি মােৰ পুত্ৰটো জন্মিয়ে মৰিল, আপােনাৰ দৰে পাপীস্থ ৰজা এইদ্বাৰকাত নাই। কিয়নাে, যি ৰজা ধার্মিক হ’ব সেইৰজাৰ ৰাজ্যত অকাল মৃত্যু হ'ব নােৱাৰে।” এইবুলি বামুণে ৰজাক ভালেমান গালি-শপনি পাৰি মৃত পুত্রটিক ৰাজসভাত থৈ গুচি আহিল। এনেকৈ কিছুদিন আৰু মাহ অতিবাহিত হােৱাৰ অন্তত পুনৰ বামুণী গর্ভবতী হ’ল আৰু সময়ত এটি পুত্র সন্তান জন্ম দিলে। কিন্তু এইবাৰাে সন্তানটি জন্ম হৈয়ে মৰি থাকিল। বামুণে এইবাৰাে মৃত সন্তানটি ৰজাৰ ৰাজসভালৈ লৈ গ'ল। তাত গৈ দেখে যে ৰজা সমন্বিতে স্বয়ং শ্রীকৃষ্ণ ৰাজসভাত বহি আছে। বামুণে তেওঁৰ মৃত সন্তানটি ৰাজসভাত থৈ ৰজাক আগৰ দৰে নানান কটু ভাষাৰে গালি-শপনি পাৰি গুচি আহিল। ৰজাই কিন্তু একো নক’লে। এনেদৰে এবাৰ দুবাৰকৈ মুঠ আঠবাৰ বামুণৰ সন্তান জন্মিল আৰু আঠবাৰেই তেওঁলােকে মৃত সন্তানৰ মুখ দেখিব লগা হ’ল। নৱমবাৰ এনেদৰে বামুণে মৃত সন্তানটি ৰজাৰ ওচৰত থৈ উভতি আহোঁতে তেওঁ বাটত অর্জুনক লগ পালে। অর্জুনে কান্দি থকা বামুণক দেখা পাই তেওঁ কিয় কান্দিছে সােধাত সকলাে কথা বিৱৰি ক’লে। এইকথা শুনি অর্জুনে ক'লে– “এইবাৰ তুমি তােমাৰ সন্তান জন্ম হােৱাৰ লগে লগে মােক জনাবা। মই তােমাৰ পুত্রক ৰক্ষা কৰিম।” তেতিয়া বামুণে অর্জুনক ক’লে, “তুমি মােৰ পুত্ৰক ৰক্ষা কৰিবা! তুমিটো এজন সাধাৰণ অৰ্জুন। যাদৱ বংশত কিমান ডাঙৰ ডাঙৰ বীৰ আছে আৰু স্বয়ং কৃষ্ণও আছে; তেওঁলােকেই য'ত ৰাখিব নােৱাৰিলে, তুমি মােৰ পুত্ৰক ৰাখিবা! মই বিশ্বাস নকৰোঁ।” তেতিয়া অর্জুনে প্রতিজ্ঞা কৰি ক'লে, “মই যদি তােমাৰ পুত্ৰক ৰক্ষা কৰিব নােৱাৰোঁ, তেনেহ'লে মােৰ নাম ‘অর্জুন নহয় আৰু মই তােমাৰ আগত জুইত জাপ দিম।” এনেদৰে কৈ অৰ্জুন গুচি গল। সেইদিনাৰে পৰা অৰ্জুনে স্বর্গ, মর্ত্য, পাতাল সকলােতে বামুণৰ পুত্ৰহঁতক পাত-পাতকৈ বিচাৰিলে যদিও বিচাৰি নাপাই প্রতিজ্ঞা ভঙ্গ হােৱা যেন দেখি অর্জুনে মনৰ ক্ষোভত একুৰা প্ৰকাণ্ড জুই জ্বলালে আৰু সেইজুইত নিজৰ দেহ বিসর্জন দিব খােজোতে শ্রীকৃষ্ণ আহি তেওঁৰ আগত দেখা দি ক'লে- “সখি তুমি কি কৰিব ওলাইছা, তােমাৰ কি হৈছে, মােৰ আগত কোৱা।” তেতিয়া অর্জুনে দুখমনে ক'লে – “দ্বাৰকাত এহাল বামুণ বামুণী আছে। তেওঁলােকৰ প্ৰতিটো সন্তান জন্মিয়েই মৰি থাকে। প্রতিবাৰে মৃত সন্তানৰ বাবে ৰজাক জগৰীয়া কৰে আৰু গালি-শপনি পাৰে। ইতিমধ্যে তেওঁলােকৰ দহটা সন্তানেই মৰিল। এনেকুৱা দুখ সহিব নােৱাৰি মই সন্তান কেইটা আনি দিম বুলি প্রতিজ্ঞা কৰিছোঁ আৰু প্রতিজ্ঞা ৰক্ষা কৰিব নােৱাৰিলে প্রাণ ত্যাগ কৰিম বুলি প্রতিজ্ঞাও কৰিছোঁ৷ এতিয়া মই চেষ্টাত বিফল হৈছে। গতিকে প্রতিজ্ঞা ৰক্ষাৰ বাবে মই প্রাণ দিবই লাগিব।” তেতিয়া শ্রীকৃষ্ণই এটি মিছিকিয়া হাঁহি মাৰি অৰ্জুনক শান্ত হবলৈ ক'লে আৰু তেওঁৰ সৈতে ওলাবলৈ অৰ্জুনক ক’লে। এইবুলি দুয়ােজনে ৰথত উঠি বামুণৰ পুত্ৰ বিচাৰি ওলাল। সিহঁতে পাতালেৰে গৈ নাগপুৰ পালে। নাগপুৰ এৰি কৃষ্ণই এনেকৈ ৰথ চলালে যে অৰ্জুনৰথত বহি থাকিব নােৱাৰা হ’ল। অর্জুনৰ ভাব বুজিব পাৰি তেওঁ ক'লে–“সখি তুমি চিন্তা নকৰিবা।” এইবাৰ কৃষ্ণই বাওঁহাতখনৰে ধৰি ৰথ চলাইছে। এনেকৈ গৈ গৈ তেওঁলােকে এটুকুৰা এনেকুৱা ঠাই পালে যত পােহৰৰ লেখমানাে চিন নাই। এনে অন্ধকাৰ যে কোনেও কাকো দেখা নাপায়। ৰথৰ ঘোঁৰাও আগনবঢ়া হ’ল। এনেতে শ্রীকৃষ্ণই নিজৰ সুদর্শন চক্র এৰি দিলে যাতে ঘোঁৰকেইটাক বাট দেখুৱাব পাৰে। কিন্তু এই সুদর্শন চক্ৰৰ পােহৰে অৰ্জুনৰ চকু চাট মাৰি ধৰিলে। তেওঁ আৰু একো নেদেখা হ’ল। এনেকৈয়ে ৰথখন সাত সাগৰ পাৰ হ'ল। তেওঁলােক গৈ গৈ এখন সুন্দৰ ঠাই পালে, যিখন ঠাই অর্জুনে আগতে পৃথিৱীত দেখা নাছিল। সেইখনেই আছিল বিষ্ণুপুৰ। তাতে কৃষ্ণই ৰথখন ৰখাই অর্জুনক নামিব দিলে। কৃষ্ণ আৰু অর্জুনে ৰথৰ পৰা নামি এটা সুন্দৰ মন্দিৰৰ ভিতৰত সােমাল। তাত দেখিলে যে স্বয়ং নাৰায়ণ অনন্ত শয্যাত লক্ষ্মীৰ কোলাত মূৰ থৈ শুই আছে। অর্জুনে নাৰায়ণৰ ৰূপ দেখি আচৰিত হ'ল। নাৰায়ণে হাঁহি মাৰি ক'লে– তােমালােক মােৰ ওচৰলৈ অহাৰ কাৰণ মই জানোঁ। মই নৰ(মানুহ) আৰু কৃষ্ণক চাবলৈ বামুণৰ দহােটা পুত্ৰক মাৰি আনিছোঁ। মােৰ আশা পূৰণ হ'ল; গতিকে তুমি বামুণৰ দহটা পুত্ৰক লৈ যাব পাৰা।” এই কথা শুনি অর্জুনে নাৰায়ণৰ শ্ৰীচৰণত পৰি ক'ব ধৰিলে– “ময়েই পৃথিৱীৰ শ্রেষ্ঠ বীৰ বুলি ভাবিছিলোঁ। মােৰ অহংকাৰ হৈছিল, এই অহংকাৰ আজি চূর্ণ হ’ল। আপােনাৰ লগত মােৰ তুলনা নাহে। মই নিচেই নগণ্য। মই আজিহে দিব্যজ্ঞান পালোঁ। অর্জুন আৰু শ্ৰীকৃষ্ণৰ হাতত বামুণৰ দহটা পুত্ৰ অৰ্পণ কৰা হ'ল। অর্জুনেও ব্রাহ্মণক দহটা পুত্ৰ অৰ্পণ কৰিলে। বামুণেও পুত্র লাভৰ আনন্দত আত্মহাৰা হ'ল। তেওঁ অৰ্জুনৰ নাম জগতত চিৰযুগমীয়া হৈ থাকিব বুলি আশীর্বাদ দিলে। সঁচাই অৰ্জুনৰ দৰে মিছা অহংকাৰ কৰা অনুচিত। অবাবত প্রতিজ্ঞা কৰাও উচিত নহয়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment