Tuesday, March 17, 2026
0 Shares

আকবৰ আৰু আম

বাদছাহ আকবৰৰ আম অতি প্রিয় খাদ্য। এদিন আকবৰ আৰু বেগম একেলগে বহি আম খাই আছিল। দুয়ােৰে সমুখত আমেৰে ভৰা এটা খৰাহি আৰু আম খাই বাকলি, আমঠু পেলাবলৈ দুয়ােজনৰ ওচৰতে দুটা খালি খৰাহি। এটাৰ পিছত এটাকৈ আম আকবৰে খাইছে আৰু সেই খােৱা আমৰ বাকলি, আমঠু নিজৰ খালি খৰাহিটোত নেপেলাই বেগমৰ পেলনীয়া পেলােৱা খৰাহিটোত পেলাই আছে। বেগমে কথাটো মন কৰা নাই। নিজে আম খাই বাকলি, আমঠু নিজৰ পেলনীয়া পেলােৱা খৰাহিটোত পেলাই আছে।।

আকবৰে আম খুব খৰকৈ খাব পাৰে। বেগমে লাহে লাহে খায়। সেয়ে খৰাহিৰ আম আকবৰেই বেছিকৈ খাই শেষ কৰিলে। আম শেষ হােৱাত আকবৰে বেগমক ক'লে - “তুমি দেখিছাে মােতকৈ বহুত বেছি আম খালা।”

বেগমে আপত্তি কৰি ক'লে – “নাই, নাই -- আপােনাতকৈ মই বেছি আম খােৱা নাই। আপুনিহে বেছিকৈ খাইছে।”

আকবৰে ৰসিকতা কৰি ক'লে – “তােমাৰ ওচৰত থকা খৰাহিটো দেখােন আমৰ বাকলি আৰু আমঠুৰে ভৰ্তি হৈ আছে।

মােৰতো চোৱা, একেবাৰে খালি। এতিয়া কোৱা কোনে বেছি আম খালে?” বেগমে দেখিলে তেনেকৈ চালে কথাটো মিছা নহয়। কিন্তু বেগমতকৈ বাদছাহে যে বেছি আম খাইছে সেইটো সঁচা। বেগমে লাজ পালে।

সেইসময়তে আহি পালে বীৰবল। আকবৰে বীৰবলক আমৰ বাকলি, আমঠুবােৰ দেখুৱাই ক'লে – “বীৰবল, তুমিয়ে কোৱাচোন, বেগমে মােতকৈ বেছি আম খােৱা নাইনে?” বীৰবলে হাঁহিলে আৰু ক'লে – “জাহাপনা, সকলােৱে জানে আপুনি আম বেছি ভাল পায়। বেগমে আপােনাৰ দৰে আম বেছি ভাল নাপায়।”

আকবৰে ক'লে – ‘তােমাক মই সেই কথা সােধা নাই। যি সুধিছাে তাৰে উত্তৰ দিয়া।” “বাদছাহ, আপুনিয়েই বেছি আম খাইছে।”

“কেনেকৈ?”

“কাৰণ, আপুনি আম ইমান ভাল পায় যে আমৰ বাকলি, আমঠু সকলাে খাই পেলাইছে। সেইবাবে আপােনাৰ খৰাহি শূন্য। কিন্তু বেগমে আম বেছি ভাল নাপায় কাৰণে বাকলি, আমঠু খােৱা নাই।” বীৰবলৰ কথা শুনি বাদছাহ আৰু বেগম দুয়ােজনেই হাঁহিলে। আকবৰে কথাত হাৰ মানিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment