Tuesday, March 17, 2026
0 Shares

ইংৰাজী শিক্ষাৰ প্রয়ােজনীয়তা

ইংৰাজী শিক্ষাৰ প্রয়ােজনীয়তা
ভূমিকা
ইংৰাজী ভাষাটোক পৃথিৱীৰ অন্যতম সমৃদ্ধিশালী ভাষাৰ ভিতৰত ধৰা হয়। পৃথিৱীৰ প্ৰায় ৩০ কোটি মানুহে ইংৰাজী ভাষাৰ ব্যৱহাৰ কৰে। ভাৰততাে ইংৰাজী ভাষাই ৰাষ্ট্রীয় ভাষাৰ সমানেই গুৰুত্ব পায়। আমেৰিকা, ৰাছিয়া, ইংলেণ্ড, জাপানৰ দৰে দেশত ইংৰাজী শিক্ষাই পৰিগ্ৰহ কৰিছে বৃহৎ ৰূপ।
ভাৰতত ইংৰাজী শিক্ষা
১৮৩৫ চনৰ পৰা ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলন কৰা হয়। প্রথম অৱস্থাত ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলনৰ আঁৰত আছিল ইংৰাজৰ স্বাৰ্থ। ইংৰাজে ভাৰতত শাসন চলাবৰ বাবে সকলাে কৰ্মচাৰী ইংলেণ্ডৰ পৰা অনাতাে সম্ভৱ নাছিল, গতিকে ভাৰততে ইয়াৰ ব্যৱস্থা কৰিবলগীয়াত পৰিছিল। তেওঁলােকক প্রয়ােজন হৈছিল এচাম শিক্ষিত আৰু ইংৰাজী জনা কেৰাণী-মহৰীৰ। তেওঁলােকৰ বাবেই ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰয়ােজনীয়তা আৱশ্যম্ভাৱী হৈ পৰিল। কিন্তু ইংৰাজী শিক্ষাৰ প্ৰচলন কৰাৰ পৰা আমাৰহে লাভ হ'ল। জৱাহৰলাল নেহৰু, ৰাজা ৰামমােহন ৰায়, ডঃ সর্বপল্লী ৰাধাকৃষ্ণণ আদিয়ে ইংৰাজী ভাষাৰ পৃষ্ঠপােষকতা কৰিছিল। ভাৰতীয়সকলে বুজি পাইছিল ইংৰাজ জাতিটো আমাৰ বাবে অপকাৰী হ'লেও ভাষাটো আমাৰ বাবে বৰ উপকাৰী। আব্রাহাম লিংকন, কাৰ্লাইল আদি বৰেণ্য বাক্তিসকলৰ পৰাও ভাৰতীয়সকলে বুজি পাইছিল যে ব্রিটিছ অপকাৰী হ'লেও ইংৰাজী ভাষা শিকাটো অপকাৰী নহয়। কালক্ৰমত যেতিয়া গােটেই পৃথিৱীত ইংৰাজী ভাষাটোৱে আন্তঃৰাষ্ট্ৰীয় ভাষাৰূপে স্বীকৃতি পালে তেতিযা ভাৰততো ইংৰাজী শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰম্ভ হ'ল।
ইংৰাজী ভাষাৰ সুফল
আজিকালি পৃথিৱীৰ সর্বত্র ইংৰাজী ভাষাৰে ৰাজত্ব চলিছে। শিক্ষাৰ মাধ্যম হিচাপে যদিও সকলাে ঠাইতে মাতৃভাষাৰ ব্যবহাৰ হয, তথাপি ইংৰাজী শিক্ষা আহৰণ কৰাটো অপৰিহাৰ্য হৈ পৰিছে। ইংৰাজে আমাৰ দেশ এৰি গ'লেও আমাক দি গ'ল ইংৰাজীৰ দৰে এটা সমৃদ্ধিশালী ভাষা। তাত্বিক আৰু ব্যৱহাৰিক দিশত আজিৰ পৃথিৱীত স-সম্মানে বাচি থাকিবলৈ ইংৰাজী জনাটো প্রয়ােজন হৈ পৰিছে। উচ্চ শিক্ষা, কাৰিকৰী শিক্ষা, বৃত্তিমূলক শিক্ষা, বৃত্তিমূলক যিকোনাে বিষয়তে ইংৰাজী শিক্ষাৰ জ্ঞান থাকিলে অগ্রাধিকাৰ পােৱাৰ নিশ্চয়তা থাকে। ইংৰাজী ভালদৰে শিকাজনে আন একো নকৰাকৈও ‘খাই' থাকিব পাৰে। সেইবাবেও আজিকালি ইংৰাজী শিক্ষাৰ গুৰুত্ব বৃদ্ধি পাই আহিছে। আমাৰ ৰাজ্যৰ ল'ৰা-ছােৱালীয়েও আন ৰাজ্যৰ ল'ৰা-ছােৱালীৰ সৈতে সর্বভাৰতীয় পৰীক্ষাত ফেৰ মাৰিব পৰা হৈছে। ইংৰাজী জনাৰ বাবে সর্বভাৰতীয় উচ্চ পদত অধিষ্ঠিত হৈ আছে বহু অসমীয়া। জিতেন্দ্রনাথ গােস্বামীৰ দৰে বিজ্ঞানী, নৱনীতা চক্ৰৱৰ্তীৰ দৰে আই এ এছ বিষয়াক অসমে লাভ কৰিছে গৌৰৱৰ কাৰণ হিচাপে। ইংৰাজী ভাষা হ'ল তেওঁলােকৰ আধাৰ। আনহাতে সাহিত্য, বিজ্ঞান, ৰাজনীতি, সংস্কৃতি আদি সকলাে দিশতে আজি ইংৰাজীৰ অপৰিহাৰ্যতাই ইয়াৰ সুফলৰ কথাকে প্রমাণ কৰিছে। বিভিন্ন ভাষাৰ সাহিত্যৰ সােৱাদ ইংৰাজীৰ পৰাই আমি ল'ব পাৰো। সকলাে দিশৰ পৰা চাবলৈ গ’লে ইংৰাজী অবিহনে আজিৰ জীৱন অচল। আনহাতে আমাৰ দেশৰ বিভিন্ন বিষয় যেনে ঐতিহ্য, সংস্কৃতিৰ কথাও ইংৰাজীৰ দ্বাৰাই আমি পৃথিৱীত প্ৰচাৰ কৰিব পাৰো।
বর্তমান যুগটোক তথ্যৰ যুগ বুলি কোৱা হয। জ্ঞান অর্জনৰ বাবে, সকলাে বিষয়ৰ বিষয়ে সম্যক জ্ঞান আহৰণৰ বাবে ইংৰাজীয়ে আমাক প্রভূত সহায় কৰিছে। আমাৰ পূর্বপুৰুষসকলে ইংৰাজী নিশিকা হ'লে হয়তাে আমি এশবছৰ পিছ পৰি ৰলােহেঁতেন। জ্ঞানৰ ভঁৰাল চহকী কৰিবৰ বাবেই আমাক ইংৰাজীৰ প্রয়ােজন। ইয়াৰ উপৰি জীৱিকাৰ উপায় হিচাপে ইংৰাজী আমাৰ পৰম সহায়ক হ’ব। ভাৰতত হিন্দীক ৰাষ্ট্রভাষা হিচাপে স্বীকৃতি দিলেও ইংৰাজীতে কৰা হয় সকলো চৰকাৰী কাম।
সামৰণি
ভাৰতত ব্রিটিছ শাসনৰ সময়তে ইংৰাজী শিক্ষাই মেলা পুলি-পােখাই আজি বৃহৎ বৃক্ষৰ ৰূপ ধাৰণ কৰিছে, যাৰ ছায়াত জিৰাই আমি আগবাঢ়ি যাব পাৰো। ইংৰাজী অবিহনে আজিৰ আধুনিক জীৱনৰ লগত যে খােজ মিলােৱাতাে অসম্ভৱ সেয়া এতিয়া প্রমাণিত হৈছে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment