Saturday, April 18, 2026
0 Shares

ঈগল চৰাইৰ সাধু

ঈগল চৰাইৰ সাধু

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা "ঈগল চৰাইৰ সাধু" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

ঈগল

সত্য যুগৰ কাহিনী। তেতিয়াৰ যুগত পশু-পক্ষী আদিয়েও মানুহৰ দৰে সুখ-দুখ আদি অনুভৱ কৰিব পাৰিছিল। এদিনাখন ৱ’মু-লাংলুপী অর্থাৎ ঈগল চৰাই এজনীয়ে তাইৰ পােনাহঁতৰ কাৰণে আহাৰ বিচাৰি গৈছিল। আহাৰ বিচাৰি গৈ থাকোঁতে তাই মুকলি জুমতলীত কিবা লৰচৰ কৰি থকা দেখা পালে আৰু লাহেকৈ কাষত নামি পৰিল। তাই দেখিলে— এজনী ধুনীয়া কেঁচুৱা ছােৱালী। তাই ভোকত কান্দিব লাগিছে। ঈ_গলজনীৰ তাইৰ প্ৰতি বৰ মৰম উপজিল আৰু তাই কেঁচুৱাজনীক আলফুলকৈ তুলি নিজৰ বাহলৈ লৈ আহিল। তাই পােনাহঁতৰ কাৰণে অনা আহাৰেৰে অলপ ছোৱালীজনীকো খাবলৈ দিলে। এইদৰে ঈগল চৰাইৰ যত্নত তাই ডাঙৰ হবলৈ ধৰিলে। ঈ_গল পােৱালিকেইটিও ডাঙৰ হৈ আহিল। সিহঁতৰ পাখি গজিল আৰু আকাশত উৰি ফুৰিব পৰা হ'ল।

ঈগল

ঈগলৰ চিন্তা

এদিন ঈগলজনীয়ে ছোৱালীজনীক ক'লে, “আই, মােৰ পােনাহঁত এতিয়া ডাঙৰ হঁলহি। সিহঁতক বাহৰ পৰা উৰুৱাই নিব লাগিব। উৰুৱাই নিনিলে সিহঁত পংগু হব। তােক এৰি থৈ গ'লেনাে তই কি খাবি? মই বৰ ডাঙৰ চিন্তাত পৰিছোঁ।”

ঈগলৰ কথা শুনি ছােৱালীজনীয়ে সকৰুণ দৃষ্টিৰে তাইৰ মুখলৈ চাই থাকিল। “মােক এৰি থৈ গ'লে মই নিঠৰুৱা হৈ মৰিম মা, এতিয়াই এৰি থৈ নাযাবা।”– ছােৱালীজনীয়ে ঈ_গল পক্ষীক ক'লে।

ঈগল

ৰাজকুঁৱৰীৰ আ-অলংকাৰ চুৰি

ঈগলপক্ষী নিৰুপায় হৈ কিছুদিন বাহত থাকিল আৰু ছােৱালীজনীক ৰক্ষা কৰিবলৈ আন উপায় চিন্তিবলৈ ধৰিলে। এদিনাখন ৰাতিপুৱাই আহাৰ বিচাৰি বহুতাে পাহাৰ অতিক্ৰম কৰি গৈ এখন নগৰ দেখা পালে। নগৰৰ কিছু নিলগত নৈৰ ঘাট দেখা পাই তাই সেই ঘাটৰ ওপৰত উৰি ফুৰিবলৈ ধৰিলে। সেই ঘাট ৰাজকুঁৱৰীৰ আছিল। ৰাজকুঁৱৰীয়ে সেই ছালে আহি স্নান আদি কৰেহি। সেই দিনাখন আ-অলংকাৰ, কাপােৰ কানি আদি পাৰত থৈ ৰাজকুঁৱৰীয়ে নৈত গা ধুই আছিল। ঈ_গলজনীয়ে ভাবিলে- “এয়া সুন্দৰ সুযােগ। ৰাজকুঁৱৰীৰ আ-অলংকাৰ আৰু কাপােৰ কানি মােৰ বাহলৈ লৈ গলে ৰজাই নিশ্চয় বিচাৰি আহিব আৰু ছােৱালীজনীৰ মুক্তিৰ উপায় ওলাব।” ইয়াকে ভাবি তাই ৰাজকুঁৱৰীৰ আ-অলংকাৰ আৰু কাপােৰ কানিবােৰ লৈ উৰি গ'ল। ঘটনাই নৈৰ ঘাটত আলােড়নৰ সৃষ্টি কৰিলে। ৰাজকুঁৱৰীয়ে কান্দিকাটি ৰাজকাৰেঙলৈ গুচি গ'ল আৰু ৰজাক সকলাে কথা বিবৰি ক'লে।

ঈগল

ৰজাই ঈগলৰ বাহৰ অনুসন্ধান কৰিবলৈ পিছদিনাখনাে পাৰত কাপােৰ কানি থৈ ৰাজকুঁৱৰীক গা ধুবলৈ ক'লে। এইদৰে নৈত গা ধুই থাকোতেই সিদিনাও ঈগলজনী উৰা মাৰি আহি কাপােৰকেইখন থাপতে লৈ গ'ল। ৰজাৰ পালী-পহৰীয়াই ঈ_গলজীজনী উৰি যােৱাৰ ফালে লক্ষ্য কৰি তাইৰ বাহ বিচাৰি গ'ল। বিচাৰি বিচাৰি এজোপা লঠঙা শিমলু গছৰ আগত ঈগলজনীৰ বাহ দেখা পালে। ৰজাৰ পালী-পহৰীয়া অহা দেখা পাই ঈগলজনীয়ে ছোৱালীক ক'লে,-“আই, আমি তােমাক এৰি যামগৈ। দয়ালু ৰজাই তােমাক নিশ্চয় মৰমৰ চকুৰে চাব। আমি আকাশৰপৰা তােমাক চাই থাকিম।” এই বুলি তাইক বুজাইবঢ়াই থৈ ঈ_গলজনীয়ে নিজৰ পােৱালিবােৰক উৰাই লৈ গ'ল।

ছোৱালীজনী উদ্ধাৰ

ৰজাৰ পালী-পহৰীয়াহঁত শিমলুজোপাত উঠিল। ঈগলৰ বাহত এজনী ছােৱালী দেখা পাই সিহঁত আচৰিত হ'ল আৰু লাহে-ধীৰে ছােৱালীজনীক মাটিলৈ নমাই আনিলে। চৰাইবাহত ৰাজকুঁৱৰীৰ আ-অলংকাৰ, কাপােৰ কানি আদি পাই লৈ আহিল। সিহঁতে ছোৱালীজনীৰ পৰিচয় জানিবলৈ বিচাৰিলে; কিন্তু তাই ‘মােৰ আই ৱমু লাংলুপী' বুলি কোৱাৰ বাহিৰে আন পৰিচয় দিব নােৱাৰিলে। তাইক ৰজাৰ ওচৰলৈ লৈ যােৱা উচিত বুলি ভাবি সিহঁতে তাইক লৈ গ'ল আৰু সেই আচৰিত ঘটনাৰ কথা ৰজাক কলে।

ৰজাই মৰম লগা ধুনীয়া মুখৰ ছোৱালীজনীক নিজৰ কন্যাৰ দৰে মৰম কৰি ৰাজকাৰেঙত ৰাখিলে আৰু শেষত তাই ৰাণী হ'ল।

(আশা কৰোঁ আপুনি  সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment