Tuesday, March 17, 2026
0 Shares

ঈদ-Eid

ঈদ-Eid

ভূমিকা:

পৃথিৱীৰ বিভিন্ন জাতি-উপজাতি আৰু ধৰ্মাৱলম্বী লোকসকলে বিভিন্ন সময়ত নানা উৎসৱ-অনুষ্ঠান পালন কৰি আহিছে৷ জাতি-ধর্ম নির্বিশেষে পালিত এই উৎসৱসমূহ স্বকীয় বৈশিষ্ট্যৰে পৰিপূৰ্ণ। ঈদ (Eid) ইছলাম ধৰ্মীসকলৰ পৱিত্ৰ উৎসৱ। ঈদ শব্দটো মূলতঃ আৰবী ভাষাৰ। ইয়াৰ অৰ্থ আনন্দ। Eid উৎসৱক প্ৰকৃততে সংহতি বা সমন্বয়ৰ প্ৰতীক বুলি কোৱা হয়। এই উৎসৱত ইছলামধৰ্মীসকলে দুখীয়াদৰিদ্ৰ মানুহক দান-দক্ষিণা দিয়ে। আৰু সকলোৱে মিলি পৱিত্ৰ মনেৰে আল্লাৰ ওচৰত দোৱা ভিক্ষা কৰে। ঈদ-উল-ফিটৰ আৰু ঈদ-উজ-জহা বা বকৰ ঈদ এই দুটা ঈদেই মুছলমানসকলে পালন কৰে। দুয়োটা ঈদেই  তাৎপর্যপূর্ণ।

ঈদ-Eid

ভ্রাতৃত্ব আৰু উদাৰতাৰ অটুট বন্ধন:

মুছলমানসকলে চন্দ্ৰমাহ মতে বছৰৰ গণনা কৰে। সেই মাহবোৰ হ’ল- চাৱান, ৰমজান চাৱাল, হিলকদ, হিলকজ আদি। ইয়াৰে ৰমজান মাহটো মুছলমানসকলৰ বাবে পৱিত্ৰ মাহ৷ মুছলমানসকলে বিশ্বাস কৰে যে পৱিত্ৰ ৰমজান মাহৰ শেষৰ সপ্তাহত হিৰা পৰ্বতৰ গুহাত ধ্যান কৰি থকা অৱস্থাত হজৰত মহম্মদে আল্লাৰ বাণী শুনিবলৈ পাইছিল। আৰু সেই বাণীয়েই ‘কোৰাণ শ্বৰিফ’। গতিকে ৰমজান মাহ ‘কোৰাণ শ্বৰীফ’ সৃষ্টি হোৱা মাহ। সেয়েহে এই মাহটো তেওঁলোকে কিছুমান ৰীতি-নীতি যেনে- উপবাস, শাৰীৰিক আৰু মানসিক সংযমৰ মাজেদি পাৰ কৰে। উপবাসে, অথাৎ, এমাহ ৰোজা ৰখাৰ অন্তত পিছৰ মাহৰ চন্দ্ৰ আকাশত দেখা দিয়াৰ লগে লগে Eid পালন কৰে।

ঈদ-Eid

আকাশত চন্দ্ৰ দেখা পৱিত্ৰ দিনটোৱেই ঈদ-উল-ফিটৰ। ফিটৰ শব্দটোও আৰবী শব্দ। Eid al-Fitr ৰ দিনা প্রত্যেক মুছলমান নৰ-নাৰীয়ে এদিনৰ আহাৰৰ সমপৰিমাণে আহাৰ দুখীয়া লোকক দান কৰিব লাগে। এই দানকে ফিটৰ বোলা হয়। Eid al-Fitr  শব্দৰ অৰ্থই হ’ল দান কৰি লাভ কৰা আনন্দ উৎসৱ। দুখীয়াসকলকো এদিনৰ বাবে হলেও এসাজ পেট পুৰাই খাবলৈ দিয়া আৰু সকলোৱে মিলি নামাজ পঢ়ি আল্লাৰ ওচৰত কৰুণা ভিক্ষা কৰে। ভাতৃত্ববোধ আৰু উদাৰতৰ প্ৰতীক এই Eid al-Fitr উৎসৱ।

সমগ্র মানব জাতিৰ কুশলাৰ্থে উদযাপিত ঈদ:

ঈদ-উজ-জহা মুছলমানসকলৰ আন এটা পৱিত্ৰ উৎসৱ। এই উৎসৱ পালন কৰা হয় হিলহজ মাহৰ দহ তাৰিখে। হিলহজ আৰবী ভাষাৰ শেষৰ চন্দ্ৰ মাহ৷ এই উৎসৱৰ লগতো পৰম্পৰাগত কাহিনী জৰিত হৈ আছে। হজৰত মহম্মদৰ পূৰ্বপুৰুষ হজৰত ইব্রাহিম খলিল উল্লাহে দানস্বৰূপে আল্লাৰ নামত নিজৰ এটি পুত্র সন্তানক উৎসৰ্গা কৰিবলৈ লৈছিল। তেও সপোনত আল্লাৰ নিৰ্দেশ শুনি কনিষ্ঠ পুত্র ইছমাইলক চুৰিকাঘাত কৰি আল্লাৰ নামত কোৰবানি দিবলৈ প্ৰস্তুত হৈছিল। ঘটনাৰ অন্তিম ক্ষণত আল্লাই ইব্রাহিমক এই কাৰ্যৰপবা বিবত কৰোৱায়। এইটো আছিল আল্লাৰ প্ৰতি থকা ভক্তিৰ পৰীক্ষা মাত্র। ইব্রাহিমৰ ভক্তিত সন্তুষ্ট আল্লাই ইছমাইলৰ পৰিৱৰ্তে এটা ডুম্বা বা ভেড়া ছাগলী কোৰবানি দিয়াৰ উপদেশ দিয়ে।

ঈদ-Eid

এই পৱিত্ৰ আৰু পৰম্পৰাগত ভাৱে প্ৰচলিত হৈ থকা ঘটনাৰ স্মৃতিস্বৰূপে ঈদ-উজ-জহা বা বকৰ ঈদৰ দিনা আল্লাৰ নামত উট, ডুম্বা আদি কোৰবানি দিয়া হয়। আববৰ আৰপা নামৰ পথাৰত সমূহীয়াভাৱে নামাজ পঢ়াৰ ব্যৱস্থা কৰা হয়। এই নামাজত অংশগ্রহণ কৰাৰ বাবে পৃথিৱীৰ বিভিন্ন দেশৰ ইছলাম ধৰ্মাৱলম্বী হজযাত্ৰীসকল মিলিত হয়। প্ৰতিখন দেশৰ প্ৰতিটো মছজিদতে Eid ৰ নামাজ পঢ়া হয়। এজনে আনজনক Eid মোবাৰক জনাই আন্তৰিক শুভ কামনা আৰু পাৰস্পৰিক ভ্রাতৃত্ববোধৰ প্ৰীতি আদান-প্ৰদান কৰে। সকলোৱে আল্লাৰ সন্তান বুলি নিজকে অনুভৱ কৰাৰ সুযোগ দিয়ে।

সামৰণি :

পৃথিৱীৰ প্ৰতিজন ইছলামধৰ্মীলোকৰ বাবেই Eid al-Fitr আৰু ঈদ-উজ-জহা দুয়োটা উৎসৱেই সমানে পৱিত্ৰ আৰু তাৎপর্যপূর্ণ। ত্যাগ আৰু দয়া হ’ল দুয়োটা উৎসৱৰে মূল বাণী। কেৱল মাত্ৰ ত্যাগৰ বিনিময়তহে মানুহৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠিব পাৰে। আল্লাৰ কাষলৈ যোৱা আৰু তেওঁৰ দোৱা লাভ কৰাৰ উদ্দেশ্যেই মুছলমানসকলে দুয়োটা উৎসৱ পৱিত্রভাবে পালন কৰি ৰং-ৰহইচ কৰে।

অতিথি শুশ্ৰূষা, নতুন সাজ-পোছাক পৰিধান কৰি আনন্দ প্ৰকাশ কৰাটো Eid উৎসৱৰ অংগাংগী বিষয়। বিভিন্ন ধৰণৰ সু-স্বাদু খাদ্য সম্ভাৰ প্ৰস্তুত কৰি মুছলমানসকলে পৰিয়াল আৰু আত্মীয়-স্বজনক খুৱায় আনন্দ লাভ কৰে। Eid ৰ দৰে ধৰ্মীয় উৎসৱে মানুহৰ মন পৱিত্ৰ আৰু মহান কৰি তোলে।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment