Tuesday, March 17, 2026
0 Shares

এজনী মালিনী আৰু এজোপা ফুল

এক মালিনী আছিল। তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল। তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে। সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে-”অ’ গছ, অ’ গছ ফুল নুফুল কিয়?” গছে উত্তৰ দিলে-”মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ খায় কিয়?” তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে-”অ’ গৰু, অ’ গৰু ফুলগছৰ আগ খাৱ কিয়?”

গৰু: “গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?”

মালিনী : “অ’ গৰখীয়া, অ’ গৰখীয়া গৰু নাৰাখ কিয়?”

গৰখীয়া: “ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?”

ৰান্ধনী : “খৰিকটীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?”

মালিনী : “অ’ খৰিকটীয়া, অ’ খৰিকটীয়া খৰি নিদিয় কিয়?”

খৰিকটীয়া: “কমাৰে যে কুঠাৰ নিদিয় মইনো দিম কিয়?”

মালিনী : “অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয়?”

কমাৰ : “এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়?”

মালিনী : “অ’ এঙাৰীয়া, অ’ এঙাৰীয়া এঙাৰ নিদিয় কিয়?”

এঙাৰীয়া: “মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষুণ দিয়ে কিয়?”

মালিনী : “অ’ মেঘ অ’মেঘ বৰষুণ দিয় কিয়?”

মেঘ: “ভেকুলীয়ে যে টোৰ্‌টোৰায় মইনো নিদিম কিয়?”

মালিনী : “অ’ ভেকুলী অ’ভেকুলী টোৰ্‌টোৰাৱ কিয়?”

ভেকুলী : “বোপা-ককাৰ ৰীতিটো মইনো এৰিম কিয়? মই কৰোঁ টোৰ্‌ টোৰ্‌, মেঘ গাজে ঘোৰ ঘোৰ, বৰষুণ আহে আহে হোৰ্‌ হোৰ‌।”

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment