Saturday, April 18, 2026
0 Shares

এটা কুকুৰৰ কথা-কাৰ্বি সাধু

এটা কুকুৰৰ কথা-কাৰ্বি সাধু

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা "এটা কুকুৰৰ কথা" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

ৰজাৰ সিদ্ধান্ত

এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ দুজন ৰাজকোঁৱৰ। ডাঙৰজন ৰাজকাৰেঙত বহি থাকে আৰু সৰুজন ৰাজকোঁৱৰে চিকাৰ কৰি ফুৰে। সি হাবিয়ে-জংঘলে চিকাৰ কৰি সন্ধ্যাহে ঘৰ সােমাইহি। এইদৰেই সময়বােৰ যাবলৈ ধৰিলে। এদিন ৰজাই ডাঙৰজন ৰাজকোঁৱৰক মাতি আনি ক'লে— “ মােৰ বয়স হৈ আহিল। দেশ শাসন কৰিবলৈ অপাৰগ হৈছোঁ। সেইদেখি ৰাজ্য শাসনৰ সকলাে ভাৰ তােৰ সৰু ভাইৰ হাতত অৰ্পণ কৰিব খুজিছো। ৰাজভঁৰালৰ চাবিকাঠীও তােৰ হাতত দি মই নিশ্চিন্ত হ’ব বিচাৰিছোঁ।”

কুকুৰৰ কথা

ৰজাৰ এই সিদ্ধান্তই ডাঙৰজন ৰাজকোঁৱৰক চিন্তিত কৰি তুলিলে। কাৰেঙলৈ আহি ৰাজকোঁৱৰে মন মাৰি থকা কাৰণে ঘৈণীয়েকে প্রশ্ন কৰাত ৰজাৰ সিদ্ধান্তৰ কথা তেওঁ তেওঁক বিৱৰি ক'লে। এই কথা শুনি তায়াে চিন্তিত হল। এইদৰে দুয়াে চিন্তা কৰি থাকোঁতে, ক'ৰবাৰপৰা খুৰীয়েক আহি ওলালহি। কথা পাতি খুৰীয়েকে সিহঁতৰ দুখৰ কাৰণ জানিলে আৰু এনে আগন্তুক বিপদৰপৰা ৰক্ষা পাবলৈ এটি মাত্র উপায় আছে বুলি ক'লে। ৰাজকোঁৱৰৰ ঘৈণীয়েকে সেই উপাই জানিবলৈ বিচৰাত খুৰীয়েকে গােপনে এডাল কাইট উলিয়াই তাইৰ হাতত দি ক'লে, “এই কাঁইটডাল সৰু কোঁৱৰৰ গাত সুমুৱাই দিলে তােমাৰ যি ইচ্ছা তাকে কৰিব পাৰিবা।” এই বুলি কৈ তাই গুচি গ'ল।

ৰাজকোঁৱৰ কুকুৰলৈ ৰূপান্তৰ

এদিন বৌৱেকে সৰু কেঁৱৰক মাতি আনি ক'লে, “তুমি দিনে দিনে চিকাৰ কৰি ঘূৰি ফুৰা। তােমাৰ লগত এসাজো ভাত খাবলৈ আহৰি নাপাওঁ। আজি তুমি চিকাৰলৈ যাব নালাগে। সকলােৱে মিলি এসাজ আনন্দেৰে খােৱাৰ ব্যৱস্থা কৰিছোঁ।” বৌৱেকৰ কথাত সৰুজন কোৱৰ মান্তি হ’ল। বৌৱেকে গা ধােৱাৰ পানী যতনাই সৰু কোঁৱৰক মাতিলে। বৌৱেকৰ মৰম পাই সৰু কোঁৱৰে আনন্দ মনেৰে গা ধুই থাকোতে বৌৱেকে আহি তাৰ মূৰৰ কাষত খুৰীয়েকে দিয়া কাঁইটডাল সুমুৱাই দি ক'লে, “ৰাজকোঁৱৰ, তই কুকুৰ।” এই বুলি কোৱাৰ লগে লগে ৰাজকোঁৱৰ এটি কুকুৰলৈ ৰূপান্তৰিত হ’ল আৰু অনাই বনাই ঘূৰি ফুৰিবলৈ ধৰিলে।

এইদৰে ঘূৰি ফুৰি এদিনাখন দূৰৰ এখন গাঁৱৰ মানুহ এঘৰত কুকুৰটোৱে আশ্রয় ল'লে। সি চাংঘৰৰ খটখটীত উঠি কাষৰ 'হংকুপ'ৰ ছাঁত বহি জিৰণি ল’লে। সেই ঘৰ মানুহৰ মৰম পাই সি সেইখন ঘৰতে থাকিবলৈ ললে। ঘৰৰ ল'ৰা-ছােৱালীয়ে খেদিবলৈ চেষ্টা কৰিলেও ‘মেথান চংবিৰ’ অর্থাৎ গৰাকীহীন কুকুৰ বুলি গিৰিহঁতনীয়ে মৰম কৰি তাক ৰাখিলে।

ঘৰৰ গিৰিহঁতনীয়ে হংকুপত বহি কাপােৰ বুই আছিল। কুকুৰটোৱে তাইৰ কাষতে বহি মুখলৈ চাই চাই জিৰাইছিল। কাপােৰ বই থাকোতে তাঁতশালৰ মহুৰা চাংঘৰৰ ফাঁকেদি মাটিলৈ সৰি পৰিছিল। তাই বাৰে বাৰে তললৈ নামি মহুৰা বুটলি আনিবলৈ টান পাইছিল। গা ভাৰী হােৱা হেতুকে তাই সহজতে উঠিবলৈকো কষ্ট পাইছিল। এবাৰ গিৰিহঁতনীয়ে কুকুৰটোলৈ চাই ধেমালিতে ক'লে, “বিৰাই, মেথান ছুৰংপ’ তা, হনথাৰি লাংপং নাংছমপিদাম তামে ব’? নেছ’পী নাংফান নাংপাংৰিজিলে। নেছ’পলে মানতে, নাংজিৰপ’ মানপকে।” অর্থাৎ “এই সুন্দৰ কু_কুৰটো, তলৰপৰা মােৰ মহুৰাটো আনি দিব নােৱাৰনে? মােৰ ছােৱালী হলে তােতেই বিয়া দিলো হয়। আৰু যদি ল'ৰা হয়, তেনেহ'লে তােৰ বন্ধু কৰি দিলোঁহেঁতেন।”

কুকুৰৰ কথা

এই কথা শুনি কুকুৰটোৱে বহাৰ পৰা উঠি চাঙৰ তলৰ পৰা মহুৰাটো লৈ তাইৰ হাতত দিলেহি। এইদৰে মহুৰা তললৈ সৰি পৰিলে কুকুৰটোৱে বুটলি লৈ আহে।

কুকুৰৰ বিয়া

এইদৰেই দিন যাবলৈ ধৰিলে। এদিনাখন গিৰিহঁতনীৰ এজনী ছােৱালী জন্ম হ’ল। তাই ডাঙৰ-দীঘল হ'বলৈ ধৰিলে। ছােৱালীজনী বিয়া দিবৰ উপযুক্ত হ’ল। মেথান ছুংবপ’ক বিয়া দিম বুলি কোৱা কথাষাৰ গিৰিহঁতনীৰ মনত আছিল। গতিকে তাইৰ ছােৱালীজনীক সেই সুন্দৰ কুকুৰৰ সৈতে বিয়া দি দিলে।

কুকুৰৰ কথা

কুকুৰটো ৰাজকোঁৱৰলৈ ৰূপান্তৰ

এনেকৈয়ে বহুত দিন গ’ল। এদিনাখন মেথান ছুবংপ' ৰ পত্নীয়ে গিৰিয়েকক গা ধুৱাই আছিল। এনেতে তাই দেখিলে, তাৰ মূৰৰ কাষতে এডাল কাঁইট সােমাই আছে। তাই লাহেকৈ সেই কাঁইটডাল টানি উলিয়াই আনিলে। লগে লগে মেথান ছুবংপ’ এজন সুন্দৰ ৰাজকোঁৱৰলৈ ৰূপান্তৰিত হ'ল। এই ঘটনাই সকলােকে আচৰিত কৰি তুলিলে।

ৰাজকোঁৱৰৰ সকলাে ঘটনা মনত পৰিবলৈ ধৰিলে। ঘটনাৰ পম খেদি গৈ ৰাজকোঁৱৰে নিজ দেশৰ পিনে খােজ ললে। তেওঁ ককায়েকৰ কু-চক্ৰান্তৰ কথা সদৰী কৰি পিতৃৰ সিংহাসনৰ পৰা ককায়েকক নমালে আৰু পিতৃৰ আজ্ঞা অনুসৰি মেথান চুবংপ’ ৰজা হৈ দেশ শাসন কৰিবলৈ ধৰিলে।

(আশা কৰোঁ আপুনি সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment