হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই ছাত্র ছাত্ৰীসকলৰ মাজত সঘনাই যিটো প্ৰশ্নৰ আলোচনা হয় সেইটো হ’ল, মই এতিয়া কি পঢ়িম? কি কেৰিয়াৰ বাচি লম। কাৰোবাৰ বাবে প্ৰশ্নটো হয়তো তেনেই সাধাৰণ যেন লাগিব পাৰে, কিন্তু যিসকল ছাত্র-ছাত্রী, শিক্ষানুৰাগী আৰু যিসকলে আনুষ্ঠানিক শিক্ষাৰ যোগেদিয়েই ভৱিষ্যৎ জীৱন নিৰ্বাহৰ কথা ভাবিছে তেওঁলোকৰ বাবে ই এটা গভীৰভাৱে বিবেচনা কৰি চাবলগীয়া প্রশ্ন।

কেৰিয়াৰৰ চিন্তা কাৰ বাবে
বর্তমান যুগটো হ’ল প্রতিযোগিতাৰ যুগ। এই প্রতিযোগিতাৰ যুগত ছাত্র-ছাত্ৰীসকলে যদি আগতীয়াকৈ তেওঁলোকৰ কৰ্মজীৱন বা কেৰি_য়াৰৰ পৰিকল্পনা নকৰে তেনেহ’লে পাছলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এটা সময় আছিল যেতিয়া সাধাৰণ মেট্রিক বা স্নাতক এজনেই অতি সহজে যিকোনো ক্ষেত্ৰত সংস্থাপন লাভ কৰিব পাৰিছিল। এতিয়া আৰু সেই যুগ নাই। এতিয়া প্ৰথা বহির্ভূত (Un-conventional) কর্ম সংস্থাপনৰ সুযোগ ওলাইছে বেছি।
সাধাৰণতে দেখা যায়, কেৰিয়াৰ এটা নিৰ্বাচনৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ মাক-দেউতাক-অভিভাৱকৰ সিদ্ধান্ত, বন্ধু-বান্ধৱে নিৰ্বাচন কৰা কেৰিয়াৰে প্ৰচুৰ প্ৰভাৱ বিস্তাৰ কৰে। ফলস্বৰূপে, ছাত্ৰ-ছাত্ৰীৰ কর্মক্ষমতা তথা তেওঁৰ চৰিত্ৰত থকা বিশেষ লক্ষণবোৰ ক'ৰবাতে থাকি যায়। ইয়াৰ ফলত প্রশাসক হ’বলৈ উপযুক্ত কোনোবাজন হয়তো হয়গৈ। চিকিৎসক, চিকিৎসক হবলৈ উপযুক্তজন হয়তো হয়গৈ দর্শনৰ অধ্যাপক। তেনেদৰে চিত্ৰকৰ হ’বলৈ প্রতিভা থকাজনে যোগ দিয়েগৈ সেনাবাহিনীত বা সাংবাদিক হ’ব খোজাজনে হয়গৈ মেডিকেল ৰিপ্রেজেনটেটিভ আদি। ঠিক তেনেকৈ এগৰাকী সফল ইঞ্জিনিয়াৰ হ’বলৈ সকলো গুণ তথা দক্ষতা থকা এগৰাকী ছাত্ৰীয়ে কেৱল ছোৱালী হোৱা কাৰণেই হোম ছায়েন্স পঢ়াৰ যুক্তিযুক্ততা ক’ত? স্বাভাৱিকতে এই অৱস্থাত কোনো লোকেই কৰ্ম জীৱনত সন্তুষ্ট হ’ব নোৱাৰে। সেয়ে সঠিক সিদ্ধান্ত গ্রহণ আৰু সঠিক কেৰিয়াৰ পৰিকল্পনা জীৱনৰ এটা অতিশয় প্রয়োজনীয় কথা।

আমি পূর্বেই উল্লেখ কৰি আহিছো যে সঠিক কেৰি_য়াৰ নিৰ্বাচন এটা খুবেই জটিল কথা। অনেক সময়ত ছাত্র বা ছাত্রীগৰাকীয়ে কেৰি_য়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত কম অভিজ্ঞতাসম্পন্ন সমনীয়া বন্ধু, তথা ঠেক আৰু প্রচলিত ধাৰণাত আবদ্ধ জ্যেষ্ঠ লোকৰ উপদেশ লৈ কেৰি_য়াৰ নিৰ্বাচনৰ সমগ্ৰ প্রক্রিয়াটোকে আৰু বেছি জটিল কৰি পেলায়। সেয়ে এনে জটিল পৰিস্থিতিৰ যাতে উদ্ভৱ নহয় আৰু ভুল পথেৰে যাতে পৰিচালিত হবলগা নহয় তাৰ বাবে নির্দিষ্ট বিষয়ত যথেষ্ট অভিজ্ঞতা থকা ব্যক্তি, সাম্প্রতিক পৃথিৱীখনৰ খা-খবৰ ৰাখি থকা শিক্ষক আদিৰ কাষ চাপিলে কেৰিয়াৰ নিৰ্বাচনৰ জটিল প্ৰসংগটো ছাত্র বা ছাত্রীগৰাকীৰ বাবে কিছু সহজ হ'ব। তদুপৰি ছাত্র বা ছাত্রীগৰাকীয়ে শিক্ষানুষ্ঠানৰ শেহতীয়া তিনিটা পৰীক্ষাত (হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিক আৰু স্নাতক) দেখুওৱা ফলৰ ধাৰণাটোৱেও তেওঁ কেনেধৰণৰ কেৰি_য়াৰৰ বাবে উপযুক্ত তাৰ এটা সম্যক আভাস দিয়ে।
কেৰিয়াৰ বাচনিৰ উপায়
কেৰিয়াৰৰ (Career) আভিধানিক অর্থ হ’ল- ‘A profession affording opportunities of advancement’, অর্থাৎ, কেৱল কৰ্মজীৱনৰ ধাৰা বা উন্নতিয়েই নহয়; কেৰিয়াৰ হ'ল বৃত্তি, যি উন্নতিৰ সুযোগ আৰু পৰিৱেশৰ গঢ় দিব পাৰে। বৰ্তমান দেশৰ অৰ্থনৈতিক আৰু প্ৰযুক্তিৰ বিকাশৰ লগে লগে ন ন কেৰি_য়াৰৰো সম্ভাৱনা মুকলি হৈছে। ইণ্ডাষ্ট্ৰিয়েল ছেফটি মেনেজমেন্ট, হোটেল মেনেজমেন্ট, স্পেচিয়েল এফেক্ট ইন ভিডিঅ’ এডিটিং, কোম্পানী ছেক্ৰেটাৰী আদিৰ দৰে বহু সম্ভাৱনাময় জীৱিকাৰ বিষয়ে আমাৰ বহু অভিভাৱকে নাজানে বা জানিলেও গুৰুত্ব দিব নোখোজে। ফলস্বৰূপে আজিও ছাত্ৰ-ছাত্ৰীসকল গতানুগতিক বৃত্তিসমূহক লৈয়ে ব্যস্ত থকা দেখা যায়।

কেৰিয়াৰ এটা নিৰ্বাচন কৰাৰ আগতে এগৰাকী ছাত্র বা ছাত্ৰীয়ে কেইটামান মৌলিক প্রশ্নৰ উত্তৰ নিজকে দিব পাৰিব লাগিব। যেনে-
- ছাত্ৰ হিচাপে মই কোন স্তৰৰ ছাত্র?
- পৰীক্ষাত মই কেনেধৰণৰ ফল দেখুওৱাৰ সম্ভাৱনা ?
- মোৰ গুণ আৰু ক্ষমতা (abilities) সমূহ কি কি?
এই মৌলিক প্রশ্নসমূহৰ যথাযথ উত্তৰ নিজকে দিব পাৰিলে ছাত্র বা ছাত্রীগৰাকীয়ে এই কথা ঠাৱৰ কৰা বৰ কঠিন নহয় যে কেনেধৰণৰ কেৰি_য়াৰ এটাৰ বাবে তেওঁ উপযুক্ত। সকলো ধৰণৰ চাপ বা প্ৰভাৱৰ পৰা মুক্ত হৈ নিজৰ ইচ্ছা-অনিচ্ছা, চৰিত্ৰত থকা সবল আৰু দুর্বল দিশবোৰৰ মূল্যায়ন কৰিব পৰাজনেহে এক সঠিক কেৰি_য়াৰ নিৰ্বাচন কৰিব পাৰে।
কর্ম, আত্মপৰিচয়ৰ একমাত্ৰ পথ। এজন মানুহে এটা কামহে ভালকৈ কৰিব পাৰে, - এনে ধাৰণা ভুল। কেৰিয়াৰ নিৰ্বাচনত ভুল হ’লে ওৰে জীৱন সেই ভুলৰ জৰিমনা ভৰিবলগীয়া হয়। সাধাৰণতে এজন মানুহে বিশেষ এটা কাম হয়তো খুব ভালভাৱে কৰিব পাৰে, কিন্তু তাৰ লগতে আন দুই-এক ক্ষেত্ৰতো তেওঁৰ প্ৰতিভাৰ সম্যক বিকাশ দেখা যাব পাৰে।
সামৰণি
কেৰিয়াৰ নিৰ্বাচনৰ সময়ত কেইটামান কথা বিশেষভাৱে মনত ৰখা প্রয়োজন। কেৰিয়াৰ নিৰ্বাচনৰ ক্ষেত্ৰত ব্যক্তিত্ব, বৃত্তিৰ প্রতি আগ্রহ (interest) ইত্যাদি বিষয়ৰ বিবেচনা অত্যন্ত মূল্যৱান। যি ধৰণৰ বৃত্তিৰ প্ৰতি কোনো আকর্ষণ নাই তেনে বৃত্তি পৰিহাৰ কৰাই উচিত। তদুপৰি কেৰি_য়াৰ নিৰ্বাচনৰ সময়ত নিজকে চিনি পাব লাগিব, নিজৰ সম্বন্ধে জানিব লাগে, কি ভাল লাগে, কি বেয়া লাগে, নিজৰ ক্ষমতা কিমান, সীমাবদ্ধতা কিমান, উচ্চাকাংক্ষা কিমান, - এই সকলো সম্পর্কে নিজেই নিশ্চিত হব লাগে। নিজকে বুজি, যদি কোনো কেৰিয়াৰ নিৰ্বাচন কৰা হয়, তেতিয়া ভৱিষ্যতে নিৰাশাতো ভূগিবলগীয়া নহয়।
(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)
Comments (0)
Leave a Comment