Saturday, April 18, 2026
0 Shares

খুৰী ছাগলী

এটা মানুহে এদেশৰ পৰা আন এখন দেশত বেচিবলৈ এজাক ছাগলী লৈ গৈছিল। বাটত যাওঁতে জাকৰে ছাগলী এজনী এঠাইত উজুটি খাই পৰি খোৰা হৈ পৰিলত মানুহটোৱে তাইক তাতে এৰি থৈ আনবোৰ ছাগলী লৈ গুচি গ'ল। সি য'ত খুৰী ছাগলীজনী এৰি থৈ গৈছিল সেইডোখৰ বাটৰ ওচৰত কোনো মানুহৰ ঘৰ-বাৰী নাছিল। বৰ অগাধ হাবি। গধূলি হ’লত ছাগলীজনীয়ে নিৰুপায় হৈ খোৰাই-খোৰাই লাহে-লাহে গৈ হাবিত সোমাই কোনোমতে এটা টিলাত উঠি ৰ'ল। ৰাতি শিয়াল এটাই সেই পিনে যাওঁতে দেখিলে যে তাত দীঘল ডাঢ়িৰে কিবা জন্তু এটা আছে। শিয়ালটোৱে ওচৰ চাপি আহি ছাগলীক মাত লগালে,-

“লম লম ডাঢ়ি ঘনে কৰে বিলাস এই হেন পুৰুষে খাটে বনবাস।”

ছাগলীয়ে গলগলীয়া মাতেৰে উত্তৰ দিলে,-

“বাঘ খাওঁ, ঘোং খাওঁ আৰু খাওঁ হাতী আপোনাৰ আনন্দত ফুৰোঁ দিনে-ৰাতি॥"

শিয়ালে এই উত্তৰ শুনি ভাবিলে, “কি ভয়ানক! এইটো তো কম জন্তু নহয়। ই হেনো বাঘো খায়, ঘোঙো খায়, আমাৰ নিচিনা ক্ষুদ্র প্রাণীৰতো কথাই নাই।" ইয়াকে ভাবি শিয়াল তাৰ পৰা লৰি পলাই ভালুকৰ কাষ পালেগৈ। সি ফোঁপাইজোপাই ভালুকক ক'লে, “ককা! বৰ অথন্তৰ মিলিল; ইয়াত এটা কিবা ভয়ংকৰ জন্তু ওলাইছেহি। সি হেনো আমাৰ নিচিনা সৰু সৰু জন্তুতো খায়েই আপোনালোকৰ নিচিনা ভইব-ভইব প্রাণীকো খায়। আৰু পেটতে হাত-ভৰি লুকুৱা কথা-বোলে বাঘ আৰু হাতীকো খায়।”

ভালুকে শিয়ালৰ কথা শুনি "ব’লচোন বাৰু চাওঁগৈ, সেইটো নো কি জন্তু ওলাইছেহি।” এই বুলি খুৰী ছাগলীৰ ওচৰ ওলালহি। শিয়ালে দূৰৰ পৰাই ছাগলীজনীক আঙুলিয়াই দেখুৱাই দিয়েই পলাল। ভালুককো ছাগলীজনীয়ে সেইদৰে উত্তৰ দিলত, ভালুকে ভয় খাই তাৰ পৰা গুচি গৈ সেই কথা বাঘক ক'লে। বাঘে শুনি অপমান পাই গুজৰি গুমৰি ছাগলীজনীৰ ওচৰ পালত, ছাগলী জনীয়ে বৰকৈ ডাঢ়ি জোকাৰি ওপৰত কৈ অহা দৰে গলগলীয়া মাতেৰে উত্তৰ দিলত, বাঘেও ভয় খাই গুচি গ'ল। এনেতে সেইপিনেদি এটা দঁতাল হাতী নিজৰ জাকেৰে সৈতে যাওক। দঁতালে সুধিলে, “হে দেও, আপোনাক তুতি কৰি মাতিছোঁ, আপুনি কোন কওক।" ছাগলীয়ে উত্তৰ দিলে- “মই সিংহৰ মাহীয়েক।” এই কথা শুনি দঁতালে আঠু কাঢ়ি শুৰ তুলি বহিলত, ছাগলীজনীয়ে তিনি ঠেঙেৰে জাঁপ মাৰি তাৰ পিঠিত উঠিল। উঠি তাই কলে, “শুন গজেন্দ্র। তই মোক সিংহৰ ওচৰলৈ লৈ ব’ল।” ছাগলীজনীক পিঠিত লৈ সি সিংহৰ ওচৰ পালেগৈ। হাতীটো বহিলত তাৰ পিঠিৰ পৰা ছাগলীজনী নামি তাক আঁতৰি থিয় হবলৈ কলে। হাতী আঁতৰি গলত, ছাগলীয়ে লাহে লাহে সিংহৰ ওচৰ চাপি সিংহক সেৱা জনালে। সিংহই তাইক “তই কোন" বুলি সুধিলত, আগৰ পৰা গুৰিলৈকে তাইৰ সকলোবোৰ বৃত্তান্ত সিংহৰ আগত বর্ণাই, শেহত ক'লে, “মহাৰাজ। মই আপোনাৰ মাহীয়েক বুলি আপোনাৰ নামৰ বলত কোনোমতে ৰক্ষা পাইছোঁ। এতিয়াও আপুনি মোক অভয় দি ৰাখিলেহে ৰখা, নহ'লে মোৰ নিচিনা ক্ষুদ্র প্রাণী এই হাবিত ফুঁতে উৰি যাব।” এই কথা শুনি সিংহই সন্তোষ পাই খুৰী ছাগলীক অভয় দি ক'লে, “তই কোনো ভয় নকৰিবি। তই মোৰ মাহী বুলি এই হাবিত নিজৰ ইচ্ছামতে খাই-বৈ ফুৰ। তোক কোনেও একো কৰিব নোৱাৰে।" তেতিয়াৰ পৰা সেই খুৰী ছাগলীয়ে সেই বনতে বুঢ়ী হৈ নমৰালৈকে নিজৰ ইচছামতে খাই-বৈ ফুৰিছিল।

“মহৎ লোকৰ নামৰ যহত, সৰু লোকে থাকে সুখত।”

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment