Saturday, April 18, 2026
0 Shares

গঙাটোপ- জুনুকা

গঙাটোপ- জুনুকা

গঙাটোপ

(১)

মাছবোৰে বৰবিলৰ বৰডুবিত বহি।

শত্রুনাশ, অপোন-ৰক্ষাৰ মেল পাতিলেহি॥

ৰৌ আহিল, বৰালি আহিল, সেন্দুৰীয়া পুঠি।

গল মেলি বৰগলা, মিছা মুঠি মুঠি॥

টপা মূৰা পকা-গৰৈ সভাপতি হ'ল।

তৰ্-বৰ্ চেঙেলিলৈ পাচনিৰ বাব ৰ’ল॥"

সভাপতিৰ আজ্ঞা পাই গঙাটোপ মণি।

কি মনেৰে পতা হৈছে বুজালে মেলখনি॥

''চাৰিউ পিনে শত্ৰু আমাৰ বাঢ়িল বিস্তৰ।

সকলোতকৈ মানুহবোৰ জানা শত্ৰু বৰ॥

কত বুদ্ধি কৰি আমাক বধিব লাগিছে।

মানুহ যদি মাৰিব পাৰোঁ মনৰ শাল গুচে॥

দুখৰ কথা গেদগেদী এই সভাত নাই।

তেনে বুধি তেওঁৰ পৰাহে ওলায়॥"

গঙাটোপ

(২)

'গেদগেদীক মাত’ ‘গেদগেদীক মাত’ উঠিল মেলত ৰোল।

মাতিবলৈ গৰৈচিৰিকাক পঠিয়াই দিয়া গ'ল॥

গৰৈ-লৰাই মাত দিলে ঘৰৰ কাষ পাই।

গেদগেদী সবাহলৈ যায় নে নেযায়?

শুনি টিকচি-বিকচি উঠি গেদগেদী মাহী।

‘নেযাওঁ, গুচি যা' বুলি লগালে ভেকাহি॥

গৰৈ-চিৰিকা গুচি আহিল অপমান পাই।

আহি জান দিলে,-'নাহে গেদগেদী বাই॥'

শুনি মেলৰ বৰ বৰমূৰীয়া গৰৈ ডাঙৰীয়া।

পাচনিক ক'লে, “গঙাটোপক পাঁচি দিয়া॥”

গঙাটোপ আহি অতি সুৰীয়া মাতেৰে।

মাত দিলে মাহীয়েকক নতুন ঠগেৰে॥

“কাঞ্চনমতী আই মোৰ! কাঞ্চনমতী আই!

ৰাইজৰ সবাহলৈ যায় কি নেযায়?”

শুনি বৰ ৰং পাই গেদগেদী মাহী।

উত্তৰ দিলে গঙাটোপক মিঠা মাৰি হাঁহি॥

“ভাল-মানুহে জানে ভাল লোকৰ মোল।

সোণাই মোৰ গঙাধৰ বোপা নে হে কোন ?

যাম নিশ্চয় সবাইলৈ এতিয়াই মই।

ফোঁট, ৰেঘা লওঁতে মাথোন যিকণ বেলি হয়।"

(৩)

গেদগেদীৰ শলাগ শুনি গঙাধৰ বোপা।

গপত ওফন্দি পৰি হ’ল ডাঙৰ সোপা॥

ভাবি ভাবি ফুলি ফুলি যাওঁতে উভতি।

সভাৰ কাষ পাই মৰিল ধুম্ কৰে ফুটি॥

শব্দ শুনি সমজুৱাই ভয় খাই বৰ।

সভা ভাঙি দিহাদিহি পলাল মাৰি লৰ॥

“মিছা প্রশংসাত ফুলে যি মূৰ্খমতি।

সি পায় ঠিক জানা গঙাটোপৰ গতি॥”

 

(আশা কৰোঁ আপুনি সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ গঙাটোপ সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment