Saturday, April 18, 2026
0 Shares

গমচিন আৰু চিৰিনফু-কামেং সীমান্তৰ সাধু

গমচিন আৰু চিৰিনফু-কামেং সীমান্তৰ সাধু

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কামেং সীমান্তৰ সাধুৰ পৰা "গমচিন আৰু চিৰিনফু" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

লামাৰ দুখ

গমচিন

এসময়ত এখন গাঁৱত এজন লামা বাস কৰিছিল। গাঁৱখন ধর্মীয় কাম কাজ, পূজা-পাতল আদি তেওঁ কৰিছিল। কিন্তু তেওঁৰ জ্ঞান বৰ বেছি নাছিল। তাৰবাবে তেওঁৰ মনত বৰ দুখ। সেইদৰে থাকোতে এদিন সেইখন গাঁৱলৈ এজন ৰিমপোচে (মন্দিৰৰ প্ৰধান লামা) আহিল। লামাই তেওঁৰ মনৰ দুখৰ কথা ৰিমপোচেৰ আগত বিৱৰি ক'লে আৰু তাৰ প্ৰতিকাৰৰ উপায় সুধিলে।

গমচিন

ৰিমপোচেই তেওঁক নিজৰ লগত লৈ গ'ল আৰু অন্যান্য গেটুকসকলৰ (শিষ্য) লগত গােম্পাৰ (মন্দিৰ) এজন গেৰগানৰ (শিক্ষক) তত্ত্বাৱধানত ৰাখিলে। সেই গেৰগানৰ তলত কিছুবছৰ পঢ়া-শুনা কৰাৰ পিছত তেওঁ নিজ গাঁৱলৈ উভতি আহিল। কিন্তু তাৰ পিছতো তেওঁৰ আৰু জ্ঞান আহৰণ কৰিবৰ মন গ'ল। তেওঁ তাৰ বাবে হাবিত গৈ ছাম (তপস্যা) কৰিবলৈ ইচ্ছা কৰিলে। সেই কাৰণে তেওঁ এদিন গমচিন (তপস্বী) ধর্ম গ্রহণ কৰি ঘৰৰ পৰা ওলাই গ'ল। গৈ গৈ তেওঁ এখন অটব্য হাবিত সােমাল। সেই হাবিৰ মাজত এটা ডাঙৰ গুহাৰ মাজত বহি তেওঁ ছাম আৰম্ভ কৰিলে।

তেনেদৰে বহুদিন পাৰ হৈ গ'ল। ইমান দিনে গমচিনজনে নির্ভয় মনেৰে তেওঁৰ ছাম কৰি গৈ আছিল। কোনাে জীৱ-জন্তুৱে তেওঁৰ এই কার্যত ব্যাঘাত ঘটোৱা নাছিল। কিন্তু এদিন তাৰ ব্যতিক্রম হ'ল। গধূলি সময়ত গমচিনজনে বিকট চিঞৰ মাৰি কিবা এটা তেওঁৰ গুহাৰ ফাললৈ দৌৰি আহি থকা শুনিবলৈ পালে। লগে লগে আকাশ-পাতাল কপিবলৈ আৰম্ভ কৰিলে। ভয়ত গমচিনজনৰ জীউ যাবৰ অৱস্থা হ'ল। তথাপি তেওঁ বুকু ডাঠ কৰি গুহাৰ ভিতৰত বহি থাকিল। অলপ পিছতেই সেই জন্তুটো গুহাৰ ওচৰ পালেহি। গমচিনে ভয়ত চকু মুদি ভগৱানৰ নাম স্মৰণ কৰিবলৈ ধৰিলে। গমচিনে চকু মুদিয়েই গম পালে গুহাৰ ওপৰত কিবা ডাঙৰ বস্তু এটা সশব্দে বহি পৰিছে আৰু তাৰ পিছতেই নীৰৱ হৈ গৈছে।

গমচিনে ভয়ে ভয়ে চকু দুটা মেলিলে আৰু গুহাৰ ওপৰৰ পৰা ডাঙৰ নােমাল ঠেং এটা ওলমি থকা দেখিবলৈ পালে। ঠেংটো গােটেই ৰাতি তাত তেনেদৰে ওলমি থাকিল। পিছদিনা ৰাতিপুৱা আকৌ বিকট চিঞৰ এটা মাৰি ঠেংটো আঁতৰাই নি জন্তুটো তাৰ পৰা দূৰলৈ গুচি গ'ল। কিন্তু গধুলি হােৱাৰ লগে লগে সেই একেধৰণে বিকট চিঞৰ মাৰি চিৰিনফুটো (বনমানুহ) গুহাৰ কাষলৈ আহিল আৰু গােটেই ৰাতি তেনেদৰে তাৰ সোঁ ঠেংটো তাত ওলমাই ৰাখি ৰাতিপুৱাৰ লগে লগে আঁতৰি গ'ল। তাৰ পিছত প্রত্যেক দিনাই একেটা ঘটনাৰ পুনৰাবৃত্তি হ’বলৈ ধৰিলে। লাহে লাহে গমচিনৰ ভয় আঁতৰি গ'ল। তাৰ সলনি তেওঁৰ মনত সেইটো কাৰ ঠেং, কিয় বাৰু প্রত্যেক ৰাতি সি তাৰ ঠেংটো ওলমাই ৰাখে ইত্যাদি প্রশ্ন জাগিল।

গমচিনৰ চিৰিনফুক সহায়

এদিন গমচিনে তেওঁৰ বহা ঠাইৰ পৰা উঠি আহি ঠেংখন ভালদৰে পৰীক্ষা কৰি চালে। ঠেংটো লিৰিকি-বিদাৰি চাই তেওঁ আঙুলিৰ মাজত এটা ডাঙৰ বাঁহ সােমাই থকা দেখিবলৈ পালে। গমচিনে তেওঁৰ টুপীৰ পৰা বেজিটো উলিয়াই খুঁচি-খুঁচি তাৰ পুঁজ আৰু তেজ উলিয়াই দিলে। তাৰ পিছত গাৰ সমস্ত শক্তিৰে বাঁহচটা টানি উলিয়াই দিলে। ইমান সময়ে ঠেংটোৱে নিশ্চলভাৱে গমচিনৰ সকলাে অত্যাচাৰ সহ্য কৰি আছিল, কিন্তু বাঁহচটা উলিয়াই দিয়াৰ লগে লগে এটা বিকট চিঞৰ মাৰি চিৰিনফুটো তাৰ পৰা আঁতৰি গ'ল।

পিছদিনাও গধূলি সময়ত গমচিনে সেই একে চিঞৰকে শুনিবলৈ পালে। অলপ পিছতেই চিৰিনফুটো পুনৰ গুহাৰ ওপৰ পালেহি। তাৰ পাছত এটা ডাঙৰ হৰিণা গুহাৰ ওপৰৰ পৰা গমচিনৰ আগত পেলাই দি চিৰিনফুটো তাৰ পৰা আঁতৰি গ'ল। মৰা হৰিণাটো দেখি গমচিন বৰ চিন্তিত হৈ পৰিল। তেওঁৰ আগত এনে পাপ কাম এটা হােৱা দেখি গমচিনজনে আনন্দ পােৱাৰ সলনি দুখহে পালে। তেওঁ হৰিণাটো হাতেৰে নুচুলে।

ৰাতি চিৰিনফুটো পুনৰ আহিল আৰু হৰিণাটো তুলি লৈ গ’ল। তাৰ পিছদিনাও তেওঁ এটা ডাঙৰ ঢেকীয়াপতীয়া বাঘৰ গােজৰণি শুনিবলৈ পালে। ক্রমান্বয়ে বাঘটো আহি গুহাৰ কাষত উপস্থিত হ'ল। গমচিনে প্রমাদ গণিলে। এনেতে পুনৰ সেই বিকট চিঞৰ শুনিবলৈ পালে। তৎক্ষণাৎ চিৰিনফুটো আহি গুহাৰ সন্মুখত উপস্থিত হ’ল আৰু টেকীয়াপতীয়া বাঘটোক বধ কৰি বাঘটো লৈ তাৰ পৰা গুচি গ'ল। গমচিনে বিপদৰ পৰা ৰক্ষা পৰি বৰ সন্তোষ পালে আৰু মনে মনে চিৰিনফুটোলৈ ধন্যবাদ জনালে।

এসময়ত গম_চিনে সিদ্ধি লাভ কৰিলে। তেওঁ ঘৰলৈ আহিবলৈ ওলাল। এনেতে তেওঁ সেই বিকট শব্দটো শুনিবলৈ পালে। অলপ পিছতে চিৰিনফুটো কাষ চাপি আহি এসােপা শুকান পাতৰ টোপােলা এটা গম_চিনৰ হাতত দি আঁতৰি গ'ল। ঘৰলৈ উভতি আহি পাতৰ টোপােলাটো সােণ হৈ থকা দেখিবলৈ পালে। তাৰে তেওঁ গাঁৱত গােম্পা এটা সজাই দিবলৈ ঠিক কৰিলে।

গােম্পা নির্মাণত চিৰিনফুৰ সহায়

গমচিন

গােম্পা নির্মাণৰ কাম আৰম্ভ হ’লত গাঁৱৰ মানুহে সেই বিকট চিঞৰ শুনিবলৈ পালে। গাঁৱৰ মানুহ ভয়ত কম্পমান হ’ল। লামাই (আগৰ গম_চিনজন) সকলােকে নির্ভয় দিলে আৰু চিৰিনফুৱে তেওঁক কেনেদৰে সহায় কৰি দিছিল সেই কাহিনী গাঁওবাসীক ক’লে। পিছদিনা গাঁৱৰ মানুহে গােম্পাৰ কাৰণে হাবিত কাটি থৈ অহা কাঠ আৰু শিলবােৰ চিৰিনফুৱে কঢ়িয়াই আনি দি থৈ যােৱা দেখিবলৈ পালে। সেইদৰে চিৰিনফুৱে ৰাতি ৰাতি আহি গােম্পাৰ কাৰণে শিল, কাঠ আদি কঢ়িয়াই দি থৈ যাবলৈ ধৰিলে। অতি সহজে চিৰিনফুৰ সহায়ত গােম্পা সজা হ'ল। তাৰ পিছৰ পৰাই চিৰিনফুটো আৰু গাঁৱলৈ নহা হ'ল।

বহুতাে মনপা মানুহে টোৱাঙৰ প্ৰসিদ্ধ মন্দিৰটোৱেই সেই মন্দিৰ বুলি কোৱা শুনা যায়। ইতৰ জন্তু হ'লেও সিহঁতক সহায় কৰিলে মানুহে পৰম উপকাৰ পায়, গতিকে পৰাপক্ষত মানুহে জীৱ বধ কৰি সিহঁতৰ অপকাৰ কৰিব নাপায়।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment