Saturday, April 18, 2026
0 Shares

তেলীয়াসাৰেং আৰু ফেঁচু

টোকোৰাই বিশ্বাসঘাতকতা কৰাৰ পিছত চৰাইবিলাকে দেখিলে যে সিহঁতক এজন ৰজা লগা হ’ল, নহ'লে আৰু নচলে। ইমানবিলাক চৰাইৰ ভিতৰত যেতিয়াই যাৰে যিহকে মন যায় সি তাকে কৰে, কাৰো হাকবচন কোনেও নুশুনে, কোনেও নেমানে। চুৰি-ডকাইতি, মিছা-কোৱা আদি অধৰমৰ কাম সিহঁতৰ ভিতৰত ইমান বাঢ়ি আহিবলৈ ধৰিলে আৰু সকলো ইমান উদণ্ড হৈ উঠিল যে ৰজাৰ শাসন লগা হ’ল। সেইদেখি সিহঁতক ধৰমমতে শাসন পালন কৰিবলৈ সিহঁতে সিহঁতৰ ভিতৰতে এজনক ৰজা পাতিবলৈ থিৰ কৰি সকলোকে জাননী দিলে। ৰজাৰ লক্ষণ গাত থকা তেলীয়াসাৰেঙকে ৰজা পাতিবলৈ মন কৰি, ভাল দিন-বাৰ চাই শুভ ক্ষণত ৰাজপাটত বহুৱাবলৈ থিৰ কৰিলে। এই বাতৰি লৈ গৈ তেলীয়াসাৰেঙক দি আহিবলৈ কাউৰীৰ গাত বাব পৰিল। কাউৰীয়ে তেলীয়াসাৰেঙৰ ওচৰ পাই ওলগ লৈ ক'লে, “অপোনাৰ ওচৰলৈ ৰাইজে মোক পঠিয়াই দিছে।” তেলীয়াসাৰেঙে ঘৈণীয়েকক মাত দিলে, “শুনিছানে, হয়! শুনিছ, ক'লৈ গলি, ওলাই আহচোন, আলহীক বহিবলৈ ঢৰা এখনকে পেলাই দেহি। তামোলৰ বঁটাটোও লৈ আহিবি।” গিৰিয়েকে মতা শুনি তেলীয়াসাৰেঙণীয়ে লচপচকৈ আনি তামোলৰ বঁটাটো মাটিত থৈ, বেৰত আঁৰি থোৱা মেৰঢৰা এখনি পাৰি দিলত কাউৰী তাতে বহিল। কাউৰীয়েনো ৰাইজৰ পৰা কি আজ্ঞা আনিছে, এই কথা তেলীয়াসাৰেঙে কাউৰীক সোধাত কাউৰীয়ে পোনতে আষাৰচেৰেক ‘কা’-‘কা’ কৰি ভিঙিটো খৰিকাই লৈ মাত লগালে, "ৰাইজ বুলিলে ৰজা; ৰাইজৰ হুকুমত পিথপি ফাট মেলে। এতেকে 'কা'-'কা'-'কা' ৰাইজৰ হুকুম শিৰত লৈ মই আহিছোঁ। বৰ ভাল বতৰা, ‘কা’-‘কা’-‘কা’— কিবা বোলে নে—খবৰ। ৰাইজে আপোনাক সকলো চৰাইৰ ওপৰত ৰজা পাতিবলৈ মনোগত কৰি মোক পঠিয়াই দিলে। বগলী বাপুৱে পুথি-পাঁজি চাই কৈছে, কাইলৈ হেনো দিনটো ভাল আৰু পুৱা ঠিক ডেৰপৰ বেলি যোৱাত আপুনি ৰজাৰ খাটোলাত উঠিব লাগে। সেই সময়তে হেনো শুভ লগ্ন বহিছে। এতেকে আপুনি আজিৰে পৰা সাজু হ'ব লাগে।” তেলীয়াসাৰেঙে এই বাতৰি শুনি তাৰ হাতত কোনোবাই সোণৰ সোলেং এটা তুলি দিয়া যেন পালে। তাৰ আৰু ঘৈণীয়েকৰ আনন্দৰ সীমা নোহোৱা হ'ল। আৰু আনন্দৰ লগে লগে তেলীয়াসাৰেঙে ভাবিলে যে এতিয়া ৰজাৰ যোগ্য ভাৱ-গতিৰে তাৰ চলা উচিত। ইয়াকে ভাবি সি উত্তৰ দিলে, "বঢ়িয়া কথা, ৰাইজৰ হুকুমত নমৰিলেও চকু মুদিব লাগে বুলি কয়। ৰাইজে যেতিয়া হুকুম দিছে মই হম ৰজা।” গহীন ভাৱে কথাকেইষাৰ কৈ তেলীয়াসাৰেঙে মৌন হৈ ৰ’লত কাউৰীয়ে মাত লগালে, “আৰু এটা কথা আছে। বগলী পণ্ডিতদেৱে ব্যৱস্থা দিছে যে আপুনি ৰজাৰ খাটোলাত উঠাৰ আগেয়ে বিধিমতে গা ধুই শুধ হৈ ল'ব লাগিব। সেইদেখি এজকা তেল ওচৰতে জুইত উতলাই ৰখা হ'ব আৰু আপুনি সেই তেলতে প্ৰথমতে জোবোৰা এটা মাৰিহে খাটোলাত উঠিব পাৰিব।” কথাষাৰ শুনি তেলীয়াসাৰেঙে ভাবিলে-“কি সর্বনাশ! তপত তেলত জোবোৰা মাৰিবলৈ গ'লে যে গাৰ ছাল যাব!” গিৰিয়েকে অলপ ভাবি থকা দেখি ঘৈণীয়েকে ক'লে, “আপুনি একো চিন্তা নকৰিব। মই আপোনাৰ গাত ভালকৈ মাহ-হালধি ঘঁহি দিম। তপত তেল অপোনাৰ গাত পিছলি যাব, নালাগেই।”

ইয়াৰ পিছত কাউৰী গুচি আহিল। তেতিয়াৰে পৰা তেলীয়াসাৰেঙে ৰজা হলোঁৱেই বুলি ভাবি কথা-বতৰা, উঠা-বহা, ফুৰা-চকা আদি কামবোৰ গধুৰকৈ কৰিবলৈ ধৰিলে। পিছ দিনা পুৱাই সি হাত-মুখ ধুই নাপিত মতাই অনি ডাঢ়ি-মূৰ খুৰুৱাবলৈ বহিল। ৰজাৰ গঢ়েৰে গধুৰকৈ লাহে-ধীৰে তেলীয়াসাৰেঙে ডাঢ়ি-মূৰ খুৰুৱাই থাকোঁতেই সিফালে ডেৰপৰ হৈ শুভ লগ্ন উকলি যাবলগীয়া হ'লগৈ। ম’ৰা, শগুণ, চিলনী, কাউৰী, বগলী, হাঁহ, মইনা, শালিকা, ভাটৌ আদি চৰাইবোৰে বাট চাই আছে, তেলীয়াসাৰেং আহিব, আহি সি তপত তেলত জোবোৰা মাৰিব; মাৰি ৰজাৰ খাটোলাত উঠিব আৰু সিহঁতে তাক ৰজা বুলি আঁঠু লৈ সেৱা কৰিব। কিন্তু ইফালে তেলীয়াসাৰেঙৰ তেতিয়াও ডাঢ়ি-মূৰ খুৰোৱা শেষেই নহ'ল। যোৰা-যোৰে চৰাই তেলীয়াসাৰেঙক মাতিবলৈ আহিছে, সিফালে লগ্ন উকলি যায়; তথাপি তাৰ গায়েই নলৰে। শেহত চৰাইবোৰ নিৰুপায় হৈ মূৰে-কপালে হাত দি বহি আছে। এনেতে সমাজৰ মাজৰ পৰা ফেঁচুৱে একে দোপেই উঠি হাত-যোৰকৈ ৰাইজক ক'লে, “ৰাইজসকল! তেলীয়াসাৰেং নাহিল নাই। ময়েই ৰজা হম।” এই বুলি সি ৰাইজৰ অনুমতিলৈ বাট নাচাই দলিঢৌ যোৱাদি গৈ তপত তেল জকাত জোবোৰা মাৰি থিতাতে খাটোলাত উঠিলগৈ।

সকলো সভাসদে কামটো কি হ’ল, প্ৰথমতে ভালকৈ তর্কিবই নোৱাৰিলে। ক্ষন্তেকৰ পিছতে তেওঁলোকে ফেচুৰ পৰম বিক্ৰম আৰু সাহ দেখি হৈ ধ্বনি দি তাক শলাগিবলৈ ধৰিলে, অৰু নিজৰ ৰজা বুলি সকলোৱে ফেঁচুৰ আগত আঁঠু ল'লে। তেলীয়াসাৰেং ডাঢ়ি-মূৰ খুৰোৱা ঠাইতে থাকিল। ইয়াৰ অগেয়ে হেনো ফেঁচুৰ বৰণ বগা আছিল। কিন্তু সেই তপত তেলত জোবোৰা মাৰিবৰ দিনৰে পৰা তাৰ বৰণ ক’লা হ'ল বুলি বুঢ়ালোকে কয়।

“শুভ কাৰ্য্য শীঘ্ৰ কৰি কৰিবা সোণাই। বিলম্বত কাৰ্য্য নাশ জানিবা সদায়॥"

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment