Tuesday, March 17, 2026
0 Shares

ধানৰ উৎপত্তি

অতি প্রাচীন কালত এটা মাছমৰীয়া আছিল। সেই মাছমৰীয়াটো সদায় বিলত জাল বাবলৈ যায়। এইদৰে বহু দিন বিলে বিলে মাছ মাৰিয়েই সি তাৰ জীৱিকা নির্বাহ কৰিছিল। 

এদিনাখন জাল বাই উভতি আহোঁতে একপ্রকাৰ দীঘল সিহ থকা গুটি জালত লাগি আহিল। সেই সিহ-দীঘল গুটি লগা গছ মাছমৰীয়াটোৱে যিখন বিলত মাছ মাৰিছিল, তাৰ দাঁতিত গজি আছিল। তাৰ জালখন টানি আনােতে জালৰ আঁহত এথােকা বনৰ গুটি লাগি আহিছিল। তালৈ হ'লে সি সমূলি মন কৰা নাছিল। ঘৰলৈ আনি বস্তুটো দেখিবলৈ ভাল দেখি যতনেৰে বেৰত আঁৰি থলে। সেই মাছমৰীয়াটোৰ এজন বন্ধু আছিল আৰু তেওঁ আছিল মিকিৰ। মিকিৰ মানুহজনৰ সাত-আঠ বছৰীয়া এজনী জীয়েকৰ বাহিৰে তাৰ আপােন বুলিবলৈ কোনাে নাছিল। 

এদিন সেই মিকিৰ মানুহজন জীয়েকৰে সৈতে মাছমৰীয়াটোৰ ঘৰলৈ মিতিৰ খাবলৈ বুলি গ’ল। মাছমৰীয়াজনেও মৰমৰ বন্ধু অহা দেখি আদৰ-সাদৰ কৰি খুৱাই বুৱাই ৰাখিলে। সেই ছােৱালী জনীয়ে মাছমৰীয়াৰ ঘৰত উমলি ঘূৰি ফুৰোঁতে অকস্মাৎ সেই বনৰ গুটি খিনি দেখা পালে। দেখা পাই তাইৰ বস্তুখিনি লবলৈ বৰ ইচ্ছা গ’ল। তাই বাপেকক আহি সেই বস্তুটো দি দিবলৈ কুতুৰিলে। পিতাকে নানাৰকমৰ বুজনি দিও তাইক মান্তি কৰাব নােৱাৰি শেষত লাজ মান কাতি কৰি থৈ লাহেকৈ বস্তুটোৰ কথা বন্ধুৱেকৰ আগত কলে। বন্ধুৱেকেও কোনাে ওজৰ-আপত্তি নকৰি অকণাে কেৰাে-ঘেহোঁ নকৰাকৈ ছােৱালীজনীক সেই গুটিখিনি দি দিলে। 

তেতিয়ালৈকে সিহঁতৰ কোনেও আন কি পৃথিৱীৰ কোনাে মানুহে, সেই গুটিখিনি মানুহৰ খাদ্য বুলি জনা নাছিল। যােৱা কথা গ'ল। এইদৰে দুদিনমান বন্ধুৱেকৰ ঘৰত ভালকৈ খাই বৈ দুয়াে বাপেক জীয়েক গাঁৱলৈ উভতিল। 

গুটিখিনি দেখিবলৈ ভাল যেন দেখি কি বস্তুনাে প্রমাণ চাবলৈ বুলি এনেয়ে ধেমালিৰ ছলেৰে বাৰীৰ এটা চুকত মাটি অলপ চাহ কৰি তাৰে গুটি কেইটামান ছােৱালীজনীয়ে পুতি থলে। কিছু দিনৰ মূৰত তাৰপৰা ধুনীয়া গছ গজি উঠিল। এইদৰে কিছু দিনৰ পিচত সেই গছৰপৰা বহুতাে তেনেকুৱা গুটি পালে। সেই গুটি বিলাক কিবা খােৱা বস্তু নে কি প্রমাণ চাবলৈ বুলি দুয়াে বাপেক জীয়েকে প্রথমতে কিছুমান গুটি চবাই, হাঁহ-পাৰক খাবলৈ দিলে, জানােচা মানুহে খালে কিবা বিপদেই হয়। এদিন ভালকৈ বাকলি গুচুৱাই গুটিবােৰ পানীত সিজালে। সিজোৱা বস্তুখিনি প্ৰথমতে এটা কুকুৰক খাবলৈ দিলে। এইদৰে কেবাদিনো কুকুৰটোক খাবলৈ দিলে। কুকুৰটোৱে সেই বস্তুবােৰ খােৱাৰপৰাই দিনক দিনে তাৰ চেহেৰা বাঢ়ি যাবলৈ ধৰিলে। সিজোৱা বস্তু খাই কুকুৰটো লােদোৰ পােদোৰ হােৱা তেওঁলােকে দেখিলে। তাকে দেখি তেওঁলােকে ভাবিবলৈ ধৰিলে যে মানুহেও এই বস্তু খাব পাৰে আৰু খালে শকত আৱত হব। 

ইয়াকে ভাবি বাপেক-জীয়েক দুয়াে মিলি পাহাৰৰ এডোখৰ সমান ঠাই জুৰি-কাটি চফা কৰিলে। মাটিখিনি ভালকৈ কোৰেৰে চহ কৰি গুটি কিছুমান সিঁচি দিলে। কিছুদিনৰ পিচত আগৰ দৰেই সেউজীয়া গছ গজি উঠিল। তাৰ দুই তিন মাহৰ পিচত গছবােৰত থোকে থােকে গুটি লাগিল। গুটিৰ সিহবােৰৰ আগতকৈ দীঘল আৰু দেখিবলৈ ভাল হ’ল। সেইবােৰ পকিলত কাটি আনি গুটি বােৰ গছবােৰৰপৰা এৰুৱাই বাকলিবােৰ গুচুৱাই তেওঁলােকেও সিজাই খাবলৈ ধৰিলে। তেতিয়াহে তেওঁলােকে গম পালে এই গুটিবােৰ ধান আৰু বাকলি গুচুৱাই সিজাই তাকে মানুহে খায়। তেওঁলােকে পৃথিৱীত ধানৰ খেতিৰ প্ৰচলন কৰিলে। শেষত তেওঁলােকৰপৰা সঁচ নি নি অন্যান্য গাঁৱৰ মানুহবােৰেও ধানৰ খেতি কৰিবলৈ ধৰিলে। এনেকৈয়ে প্রথমে মিকিৰসকলে চক্ অর্থাৎ ধান আৱিষ্কাৰ কৰিছিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment