Saturday, April 18, 2026
0 Shares

পিৰামিড নিৰ্মাণৰ প্ৰযুক্তি-History of Egypt in Assamese || Part-2

পিৰামিড নিৰ্মাণৰ প্ৰযুক্তি-History of Egypt in Assamese || Part-2

পিৰামিড নিৰ্মাণৰ প্ৰযুক্তি

ইজিপ্তৰ নাম ল’লেই প্ৰথমে আমাৰ মনলৈ অহা কথাটো হ’ল ইজিপ্তৰ আশ্চৰ্য্যকৰ পিৰামিডবোৰ। ইয়াৰ লগে লগে মনত প্ৰশ্নও উঠে, মিচৰবাসীয়েনো কিয় পিৰামিডবোৰ বনাইছিল? মিচৰত কেতিয়াৰ পৰা পিৰামিড নিৰ্মাণ কাৰ্যৰ আৰম্ভণি ঘটিছিল? তেওঁলোকে পিৰামিড বনোৱাতে এনে কি কৌশল ব্যৱহাৰ কৰিছিল যাৰ ফলত হাজাৰ হাজাৰ বছৰ পাছতো এই পিৰামিডবোৰ অক্ষত অৱস্থাত একে ভাৱেই থিয় হৈ আছে?

মৃতদেহ সৎকাৰ প্ৰক্ৰিয়া

আচলতে মিচৰত প্ৰথম অৱস্থাত মাটিত গাঁত খান্দি মৃতদেহবোৰ পুতি থোৱা হৈছিল। মিচৰবাসীয়ে মৃত্যুৰ পিছতো আন এটা জীৱন থকাৰ কথা বিশ্বাস কৰিছিল। সেইবাবেই তেওঁলোকে কাৰোবাৰ মৃত্যু হ’লে সোণ, ৰূপ, হীৰাৰ গহনা আদিৰ লগতে দৈনন্দিন প্ৰয়োজনীয় কিছুমান গুৰুত্বপূৰ্ণ সামগ্ৰী আৰু খাদ্য সামগ্ৰী মৃতদেহৰ লগত ৰাখিছিল। মৃতকৰ স্মৃতিত সেই ঠাইত মাটিৰ ভেঁটি বনোৱা হৈছিল। কিন্তু চোৰে এই কবৰবোৰ বৰ বেয়াকৈ ধ্বংস কৰি গহনা আৰু অন্যান্য মূল্যৱান বস্তুবোৰ চুৰি কৰিছিল। পূৰ্বতে মৃতদেহবোৰ তেওঁলোকে মামিলৈ ৰূপান্তৰিত কৰা নাছিল। ইজিপ্ত মৰুভূমি অঞ্চল হোৱাৰ বাবে বালিত পুতি থোৱাৰ পিছতো মৃতদেহবোৰ পচি যোৱাৰ পৰিৱৰ্তে শুকাই গৈ প্ৰাকৃতিকভাৱে মামিত পৰিণত হৈ পৰে।

Mummification প্ৰক্ৰিয়া

লাহে লাহে ইজিপ্তত চিকিৎসা বিজ্ঞানৰ অগ্ৰগতিত মামিকৰণ প্ৰক্ৰিয়াৰ আৰম্ভ হ’ল। মুঠ একত্ৰিশটা বংশই বিভিন্ন সময়ত শাসন কৰা মিচৰত তৃতীয় বংশৰ ৰাজত্বৰ সময়তে পিৰামিড নিৰ্মাণৰ কাম আৰম্ভণি ঘটিছিল। ইয়াৰ আগতে ইজিপ্তত Mastaba (বোকা মাটিত শিলেৰে বিশেষ ধৰণেৰে বনোৱা কবৰ) তৈয়াৰ কৰা হৈছিল। য’ত ৰজা, ৰাণী, ৰাজপৰিয়ালৰ মানুহ আৰু সমাজৰ ধনী লোকৰ মামিবোৰ ৰখা হৈছিল। মাটিত গাঁত খান্দি তৈয়াৰ কৰা মষ্টৱাবোৰ লাঠিৰে কেইবাটাও ভাগত ভাগ কৰা হৈছিল। সেইবোৰত মামিৰ লগতে বহু বস্তু ৰখা হৈছিল। কোনো কোনো মিচৰবাসীয়ে নিজৰ পোহনীয়া জন্তু আৰু পূজা কৰা জীৱ-জন্তুৰো মামি তৈয়াৰ কৰিছিল। প্ৰত্নতাত্ত্বিক অনুসন্ধানৰ সময়ত ইজিপ্তত চৰাই আৰু জীৱ-জন্তুৰো বহু মামি পোৱা গৈছে। ইজিপ্তত প্ৰথম আৰু দ্বিতীয় ৰাজবংশৰ সময়ত মৃতদেহবোৰ এনেদৰেই সমাধিস্থ কৰা হৈছিল।

প্ৰিয়মিড নিৰ্মাণ প্ৰথা

ইয়াৰ পিছত তৃতীয় বংশৰ ৰজা Djoser ৰ সময়ত সমাধি বা কবৰ নিৰ্মাণ আৰম্ভ হয়। এই সমাধিবোৰক এক মহান বা বিশেষ ৰূপ দিবলৈ এটাৰ ওপৰত আন এটা ঢাপ (চাদ) দি নিৰ্মাণ কৰা হৈছিল। ইয়াৰ বাবে ইটা আৰু চূণশিলৰ মিশ্ৰণ ব্যৱহাৰ কৰা হৈছিল। দেখাত সাধাৰণ যেন লগা এই সমাধিবোৰেই আছিল মানৱ ইতিহাসত এক নতুন যুগৰ আৰম্ভণি। কোৱা হয় যে ইজিপ্তৰ Saqqara ত নিৰ্মিত ষ্টেপ (ঢাপ) পিৰামিডেই আছিল বিশ্বৰ প্ৰথমটো অট্টালিকা যি শিলৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল। ছাকাৰাত নিৰ্মিত এই ষ্টেপ পিৰামিড গিজাৰ মহান পিৰামিডৰ পৰা 20 কিলোমিটাৰ দূৰত্বত অৱস্থিত। এই ষ্টেপ পিৰামিড নিৰ্মাণৰ পিছতে ইজিপ্তত এটাৰ পিছত এটাকৈ আকৰ্ষণীয় পিৰামিডৰ নিৰ্মাণ আৰম্ভ হয়।

প্ৰিয়মিড নিৰ্মাণ

চতুৰ্থ বংশৰ ৰজা বা ফেৰো Snefru ৱে প্ৰথমে পদ্ধতিগতভাৱে পিৰামিড নিৰ্মাণৰ পৰম্পৰা আৰম্ভ কৰিছিল। স্নেফ্ৰুৱেও বহু ষ্টেপ পিৰামিড নিৰ্মাণ কৰিছিল। সেইবোৰ বনাবলৈ চূণশিলৰ লগতে গ্ৰেনাইট শিলৰো ব্যৱহাৰ কৰা হৈছিল। মিচৰৰ Maydum ত তেওঁ প্ৰথম পিৰামিড নিৰ্মাণ কৰিছিল, যাক false (মিছা) পিৰামিড বুলি কোৱা হৈছিল। কিন্তু এই পিৰামিডটো ইমান শক্তিশালী নাছিল যে ই অক্ষত অৱস্থাত থাকিব। শক্তিশালী নোহোৱাৰ বাবে ইয়াৰ বাহিৰৰ অংশ সময়ৰ লগে লগে ভাঙি গৈছিল। ইয়াৰ পিছত স্নেফ্ৰুৱে Dahshur ত আন এটা হেলনীয়া পিৰামিড নিৰ্মাণ কৰে। এই পিৰামিড চূণশিলৰ সহায়ত নিৰ্মাণ কৰা হৈছিল। এই পিৰামিডটো এতিয়াও দাহাছুৰৰ মৰুভূমিত থিয় হৈ আছে।

যেতিয়া হেলনীয়া পিৰামিডৰ নিৰ্মাণ আৰম্ভ হ’ল ইয়াক পূৰ্বৰ পিৰামিডৰ আকৃতিয়েই দিব বিচৰা হৈছিল যদিও যেতিয়া লাহে লাহে দেৱালবোৰ ওপৰলৈ বনাই যোৱা হ’ল ইয়াৰ আকৃতি অলপ বিকৃত হৈ পৰিল আৰু চুকবোৰ তললৈ হালি পৰিল। কোৱা হয় যে এই হেলনীয়া পিৰামিড নিৰ্মাণৰ সময়ত ইয়াৰ ভেঁটিত কিছু সমস্যা আহি পৰাৰ বাবে ইয়াক হেলনীয়া ৰূপ দিয়া হৈছিল। আকৌ কিছুমানে কয় যে স্নেফ্ৰুৰ হাতত বেছি সময় নাছিল, সেয়েহে তেওঁ অতি দ্ৰুতগতিৰে এই পিৰামিড নিৰ্মাণ কাৰ্য কৰিছিল। স্নেফ্ৰুৰ এই হেলনীয়া পিৰামিডটোক ৰেট পিৰামিড বুলিও কোৱা হয়।

প্ৰিয়মিড নিৰ্মাণ

ইয়াৰ পিছত স্নেফ্ৰুৱে তৃতীয়টো North পিৰামিড নিৰ্মাণ কৰে। যি আগতে নিৰ্মাণ কৰা পিৰামিড দুটাৰ তুলনাত বহুত বেছি উন্নত আছিল। স্নেফ্ৰুক কিন্তু হেলনীয়া পিৰামিডতে কবৰ দিয়া হৈছিল। হেলনীয়া পিৰামিড নিৰ্মাণৰ পিছতে ৰজাসকলে আন বহুতো ডাঙৰ ডাঙৰ পিৰামিড নিৰ্মাণ কৰিছিল। য’ত তেওঁলোকে ইয়াক মনোমোহা কৰি তোলাৰ বাবে ভিতৰৰ অংশক অতি উন্নত কৰাৰ ওপৰত গুৰুত্ব দিছিল। ইয়াৰ উত্তম উদাহৰণ হ’ল গিজাৰ মহান পিৰামিড, যি হাজাৰ হাজাৰ বছৰৰ পাছতো থিয় হৈ আছে আৰু সেই যুগৰ উন্নত স্থাপত্যৰ কাহিনী বৰ্ণনা কৰিছে।

ভাবিলেই আচৰিত লাগে যে, যি সময়ত চকাৰ আৱিষ্কাৰে হোৱা নাছিল তেনে সময়তে মিচৰত এই ডাঙৰ ডাঙৰ পিৰামিডবোৰ নো তেওঁলোকে কিদৰে বনাইছিল! অনুমান কৰা হৈছে যে, এই পিৰামিড নিৰ্মাণত প্ৰয়োজনীয় ডাঙৰ ডাঙৰ শিলবোৰ হয়তো বিশেষ ramp বনাই ওপৰলৈ লৈ যোৱা হৈছিল। খ্ৰীষ্টপূৰ্ব 500 চনৰ আগতে গ্ৰীক ইতিহাসবিদ Herodotus ও তেওঁৰ কিতাপত এনে ধৰণৰ এক যন্ত্ৰৰ কথা উল্লেখ কৰিছিল, যাৰ জৰিয়তে নিৰ্মাণকৰ্তা শ্ৰমিক আৰু অভিযন্তাসকলে গধুৰ বস্তু ওপৰলৈ তুলি নিছিল।

কিন্তু ইজিপ্তৰ স্থাপত্য, ভাস্কৰ্য্য আৰু সাহিত্য ক’তোৱেই কোনোধৰণৰ যন্ত্ৰৰ উল্লেখ কৰা হোৱা নাই আৰু এনে পিৰামিড নিৰ্মাণ কৰাটো আছিল প্ৰাচীন মিচৰবাসীৰ মাজত থকা সৃষ্টিশীলতা আৰু অভিযান্ত্ৰিকতাৰ অন্যতম পৰ্যায়ৰ উদাহৰণ। সেয়ে একেষাৰে ক’ব পাৰি যে, ইজিপ্তৰ এই পিৰামিডবোৰ আছিল তেওঁলোকৰ উন্নত সভ্যতাৰ উৎকৃষ্ট উদাহৰণ। আৰু গিজাৰ মহান পিৰামিডটো পৃথিৱীৰ প্ৰাচীন ৭টা আশ্চৰ্য্যকৰ বস্তুৰ ভিতৰতে অন্যতম আছিল। এই গিজা পিৰামিডৰ সীমাৰ ভিতৰত তিনিটা পিৰামিড নিৰ্মাণ কৰা হৈছিল। ইয়াৰ পৰৱৰ্তী খণ্ডত আমি এয়া কোনে আৰু কিয় বনাইছিল সেই সম্পৰ্কে জানিম।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment