Saturday, April 18, 2026
0 Shares

Ṁবান্দৰৰ জন্মকথা

Ṁবান্দৰৰ জন্মকথা

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা "বান্দৰৰ জন্মকথা" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

পৃথিৱীৰ আদিম কালৰ কথা। কাৰ্বিৰ জাতীয় জীৱনৰ 'জিৰছং’ বােলা অনুষ্ঠানটো এটা অপৰিহার্য অংশ আছিল। প্ৰতিখন গাঁৱৰ ডেকাসকলে জিৰছং গঠন কৰিছিল আৰু তাৰ ৰীতি-নীতি মানি চলিছিল। গাঁৱৰ চাৰথে (গাঁওবুঢ়া)ৰ তত্ত্বাৱধানত জিৰছং পৰিচালিত হৈছিল। লাহে লাহে সময়ৰ চকৰি বাগৰিল। ছাৰথেৰ নিয়ম-নীতিও বেলেগ মানুহৰ বাবে বেলেগ হবলৈ ধৰিলে।

বান্দৰৰ জন্মকথা

এখন গাঁৱৰ ছাৰথেজন বৰ নিষ্ঠুৰ আছিল। গাঁৱৰ ডেকাসকলক তেওঁ জিৰছং গঠন কৰিবলৈ আদেশ দিলে। ছাৰথেৰ আদেশ মতে ডেকা-গাভৰুসকলে জিৰছং গঠন কৰি 'জিৰ কেদাম’ আৰম্ভ কৰিলে। সেই ছাৰথেজন ইমান নিষ্ঠুৰ আছিল যে ডেকা-গাভৰুসকলে এখন্তেক জিৰণি ল’বলৈকো সময় পােৱা নাছিল। ৰাতি দুপৰ হ'লেও সি দেখুৱাই যােৱা মাটি চহাইহে ডেকাহঁতে নিজৰ 'তেৰাঙ'লৈ যাব পাৰিছিল। সিহঁতে আনকি হাবিলৈ চিকাৰ কৰিবলৈ গ'লেও যি কোনো উপায়ে নহওক, পহু-গাহৰি মাৰি আনিবই লাগিব। এনে আছিল তেওঁৰ আদেশ।

এনে কঠোৰ শাসনত জিৰছং চলিবলগীয়া হােৱাত ডেকা-গাভৰুহঁতৰ দুখ কুলাই-পাচিয়ে নধৰা হ'ল। হাত আৰু ভৰিৰ আঙুলিবােৰৰ ফাঁকে ফাঁকে মাটিৰ চেকুৰাই বান্ধ ল'লে আৰু সেইবােৰত ধানৰ গছ গজিবলৈ ধৰিলে। এনেহেন অৱস্থাতো জিৰছংৰ ডেকা-গাভৰহঁতক হাত-ভৰি ধুবলৈকো ছাৰথেজনে আহৰি নিদিলে।

আপােনঘাতী হােৱাৰ সিদ্ধান্ত

এদিনাখন জিৰছঙৰ ডেকা-গাভৰুহঁতে বহি আলােচনা কৰিলে,-“আমি এনে কঠোৰ শাসনত এতিয়া জীয়াই থকাই টান কথা হব। ছাৰথেজনৰ কিবা পৰিবর্তন যে হ'ব তাৰো আশা দেখা নাই।”— এনেতে ক্লেংদুন-ক্লেংছাৰপ’ দুজনে আলােচনা কৰি আপােনঘাতী হােৱাই উচিত বুলি থিৰাং কৰিলে। জিৰছঙৰ সকলাে লােকে এই কথাত সমর্থন কৰিলে।

বান্দৰৰ জন্মকথা

সেই সিদ্ধান্ত অনুসৰি এদিনাখন সকলােৱে আত্মহত্যা কৰিবৰ কাৰণে উপযুক্ত ঠাই বিচাৰি গ'ল। সিহঁতে পাহাৰৰ থিয় গৰা জুখিবৰ কাৰণে লগত ছয় বেগেত লডাৰ টাকুৰি-সূতা নিছিল। উপযুক্ত ঠাই বিচাৰি গৈ সিহঁতে শেষত 'ৱান’ নামৰ এটা পাহাৰৰ থিয় গৰা দেখা পালে আৰু ওপৰৰ পৰা সূতা তললৈ পেলাই দিলে। পিছে কিছু সূতা বাকী ৰােৱা দেখি সিহঁতে আকৌ আন ঠাই বিচাৰি গ'ল। কিছুদূৰ গৈ চেলেং নামৰ পাহাৰটো পালে। সেই পাহাৰৰ গৰা বৰ থিয়। লগত অনা সূতা ওপৰৰ পৰা পেলাই দেখিলে সূতা শেষ হ’ল; কিন্তু তলি পােৱাই নাই। জিৰছঙৰ সকলাে যুৱকে ‘চেলেং' পাহাৰটোৱেই উপযুক্ত হ'ব বুলি ভাবি, তাতে আত্মহত্যা কৰিবলৈ থিৰ কৰিলে।

বান্দৰৰ জন্মকথা

ডেকা-গাভৰু সকলােৱে কঁকালত জৰী বান্ধি ক্লেংছাৰপ'ৰ পৰা আৰম্ভ কৰি ফানকৃলৈকে জপিয়াবলৈ প্রস্তুত হ’ল। জিৰছঙৰ মুখিয়াল ক্লেংছাৰপ’ জাপ মৰাৰ লগে লগে পিছৰবােৰকো চোচৰাই টানি লৈ গ'ল। শেষত থকা ফানকৃজন গাঁৱলৈ দৌৰি গল আৰু এই শােকলগা ঘটনাৰ কথা ছাৰথেক জানিবলৈ দিলে। এই শোচনীয় বাতৰি জনাই ফানকৃ পুনৰ ঘূৰি আহিল আৰু সিও চেলেং পাহাৰত জঁপিয়াই আত্মহত্যা কৰিলে।

আত্মহত্যা কৰাৰ আগতে জিৰছঙৰ সকলােৱে ঈশ্বৰক সাক্ষী কৰি ভৱিষ্যতবাণী কৰি থৈ গ'ল— “ছাৰথেৰ এই নিষ্ঠুৰ শাসনৰ কাৰণে আমি আত্মহত্যা কৰিলোঁ। পৃথিৱীখন পূৰঠ হলে আমি বান্দৰ হৈ মানুহৰ শস্য-পথাৰ খাই অনিষ্ট সাধন কৰিমহি।”

বান্দৰলৈ ৰূপান্তৰ

বান্দৰৰ জন্মকথা

ফানকৃৰ ভয়াবহ বাতৰিয়ে ছাৰথেক হতভম্ব কৰিলে। সি উধাতু খাই আহি দেখে যে আটাইবােৰে আত্মহত্যা কৰিছে আৰু চকুৰ আগতে এজন এজনকৈ সকলােৱে বান্দৰলৈ ৰূপান্তৰ হৈ সিপাৰৰ পাহাৰৰ গছত জাক পাতি বহি আছেগৈ। এইদৰেই পৃথিৱীত বান্দৰৰ জন্ম হ’ল।

(আশা কৰোঁ আপুনি  সাধুটো পঢ়ি ভাল পাইছে। যদি আপুনি সাধুটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই সাধুটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment