Saturday, April 18, 2026
0 Shares

বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ

বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ

ভূমিকা (বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ):

নমস্কাৰ বন্ধুসকল, "বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ" ৰাচনাখনলৈ আপোনাক স্বাগতম। একবিংশ শতিকাত পুৱা শুই উঠাৰ পৰা ৰাতি বিছনাত পৰালৈকে প্ৰতিটো বস্তুৰ বাবে মানুহ বিজ্ঞানৰ ওচৰত কৃতজ্ঞ। সভ্যতাৰ সৈতে বিজ্ঞানৰ সম্পৰ্ক অতি ঘনিষ্ঠ। বিজ্ঞান অবিহনে সভ্যতাৰ কথা কল্পনাও কৰিব নোৱাৰি। আধুনিক সভ্যতাৰ চৰম উন্নতিৰ মূলতে আছে বিজ্ঞানৰ অৱদান। কেচা মাংস খোৱা অৱস্থাৰ পৰা আহি মানুহ আজিৰ ইন্টাৰনেটৰ যুগত প্ৰৱেশ কৰাৰ মূলতে আছে বিজ্ঞান।

বিজ্ঞানৰ জয়যাত্রা:

সভ্যতাৰ দীৰ্ঘ যাত্ৰাপথত বিজ্ঞানেই মানুহৰ সহায়ক। বিজ্ঞানৰ ফলত হোৱা ন ন আবিষ্কাৰে মানুহক কৰি তুলিছে অপৰিসীম শক্তিৰ অধিকাৰী। কৃষি, শিল্প, পৰিবহন, যোগাযোগ, চিকিৎসা সকলো ক্ষেত্রতেই বিজ্ঞানে আনিছে বিপ্লৱ, যাৰ ফলত জীৱন ধাৰণ হৈ পৰিছে সহজলভ্য। বিজ্ঞানৰ বাবেই প্ৰকৃতিৰ বিপক্ষে যুদ্ধত মানুহ জয়ী হ’বলৈ সক্ষম হৈছে। ডাঙৰ ডাঙৰ নদী আনকি সাগৰতো দলং সম্ভৱ হৈছে,পাহাৰ ভাঙি ৰাস্তা হৈছে, দুর্গম অঞ্চলো ভ্ৰমণ কৰিব পৰা হৈছে। আমাৰ দৈনন্দিন জীৱনৰ অলেখ সামগ্ৰী টেলিভিছন, কম্পিউটাৰ, ফ্ৰীজ, গাড়ী, সকলো বিজ্ঞানৰে অৱদান। বিজ্ঞানৰ অৱদানৰ বাবেই দূৰাৰোগ্য ৰোগৰো চিকিৎসা সম্ভৱ হৈছে।

বিজ্ঞানৰ জয়যাত্রা

বিজ্ঞানৰ নেতিবাচক দিশ:

বিজ্ঞানৰ জয়যাত্রা সম্ভৱ হৈছে পৃথিৱীৰ বিভিন্ন দেশৰ অগণন বিজ্ঞানীৰ কঠোৰ পৰিশ্ৰমৰ বাবে। বিজ্ঞানীসকলে ব্যক্তিস্বার্থৰ সলনি মানৱ জাতিৰ কল্যাণৰ বাবে কাম কৰি গৈছে, পিছে বিজ্ঞানৰ কিছুমান আৱিষ্কাৰে মানৱ জাতিৰ ক্ষতি নকৰাকৈ থকা নাই। ১৯৪৫ চনত জাপানৰ হিৰোছিমা আৰু নাগাছাকিত বিজ্ঞানৰ দান এটম বোমাৰ ধ্বংসলীলাক পাহৰিব কোনে ? সেই সময়ত ভয়ানক বোমা দুটা বিষ্ফোৰণৰ ফলত লাখ লাখ লোকৰ মৃত্যু ঘটাৰ উপৰিও দূৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছিল অগণন লোক। বর্তমানেও বিজ্ঞানৰ সৃষ্ট ন ন আধুনিক মাৰণাস্ত্রই মানুহক শান্তিৰে থাকিবলৈ দিয়া নাই। কল-কাৰখানাৰ প্রদূষণে বিধ্বস্ত কৰিছে পৃথিৱীৰ পৰিৱেশ। যিদৰে উন্নত হৈছে চিকিৎসা বিজ্ঞান, একেদৰে বৃদ্ধি পাইছে ৰোগ-ব্যাধি। বিজ্ঞানৰ আৱিস্কৃত নানা যন্ত্ৰই মানুহৰ দৈহিক আৰু মানসিক পৰিশ্রম কমাইছে। কিন্তু প্ৰদূষণৰ সৃষ্টি হোৱা গোলকীয় উষ্ণতা বৃদ্ধিয়ে আনকি পৃথিৱী ধ্বংস কৰাৰ সম্ভাৱনাও প্ৰকট কৰিছে।

বিজ্ঞানৰ জয়যাত্রা বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ

মানুহৰ ভবিষ্যত:

মানৱ সভ্যতাক যিদৰে বিজ্ঞানে অগ্রগতি দিছে সেইদৰে ইয়াক ধ্বংসও কৰিব পাৰি। সম্প্রতি পৃথিৱীৰ বিভিন্ন দেশত থকা পাৰমাণৱিক অস্ত্ৰই মুৰ্হুততে মাতি আনিব পাৰে পৃথিৱীৰ ভয়ানক বিপদ। অৱশ্যে এই ক্ষেত্ৰত বিজ্ঞানক দোষাৰোপ কৰিব নোৱাৰি। বিজ্ঞানৰ উপকাৰ-উপকাৰ নিৰ্ভৰ কৰে ইয়াক কেনেদৰে প্ৰয়োগ কৰা হৈছে তাৰ ওপৰত। সমগ্ৰ বিশ্বতে অস্ত্র নির্মাণৰ যি প্রতিযোগিতা গঢ় লৈ উঠিছে তাত মানুহৰ ভৱিষ্যৎ হৈ পৰিছে অনিশ্চিত। বিজ্ঞানক হাতিয়াৰ কৰি ক্ষমতা দখলৰ অশুভ পৰম্পৰা শীঘে বন্ধ কৰা আৱশ্যক। অন্যথা মানব জাতিৰ লগতে সমগ্ৰ পৃথিৱীৰ ভবিষ্যৎ অন্ধকাৰ বুলি কব পাৰি।

সামৰণি:

মানুহে বিজ্ঞানৰ সহায়তে ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিবলৈ সক্ষম হৈছে। কিন্তু বিজ্ঞানে চৰম উন্নতি কৰিলেও সীমাহীন ব্ৰহ্মাণ্ডৰ ৰহস্য কিমান দূৰ ভেদ কৰিব সন্দেহ আছে। গতিকে পৃথিৱীত মানৱ জাতিৰ কল্যাণৰ কামত নিয়োজিত হোৱাটো বিজ্ঞানৰ মূল কৰ্তব্য হোৱা উচিত। তাৰ উপৰি বিজ্ঞানৰ আৱিষ্কাৰবোৰ যাতে নেতিবাচক প্রয়োগ হ’ব নোৱাৰে তাৰ বাবে সকলো সচেতন হ’ব লাগিব। বিজ্ঞানে যি দৰে মানৱ জীৱন উপভোগ্য কৰি তুলিব পাৰে সেইদৰে ইয়াৰ কু-প্রয়োগে ভয়ানক বিপদ মাতি আনিব পাৰে– ইয়াক উপলদ্ধি কৰিব লাগিব প্রতিজন মানুহে।

(আশা কৰোঁ আপুনি  “বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ” লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই “বিজ্ঞানৰ জয়যাত্রা আৰু মানুহৰ ভৱিষ্যৎ” লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment