Friday, April 17, 2026
0 Shares

বীৰবলৰ জন্তু প্ৰেম

বাদছাহ আকবৰে চিকাৰ কৰি ভাল পাইছিল। চিকাৰ কৰিবলৈ গ’লে তেওঁ লগত লৈ গৈছিল বীৰবলক। কিন্তু বীৰবলে চিকাৰ কৰা কামটো ভাল পােৱা নাছিল। কাৰণ চিকাৰত অকাৰণতে বহু জীৱজন্তুক বধ কৰা হয়। ভাল নাপালেও বাদছাহৰ আদেশত বীৰবল প্রায়ে আকবৰৰ চিকাৰৰ লগৰীয়া হ'ব লগা হৈছিল।

এদিন সম্রাটে বীৰবলক লগত লৈ চিকাৰলৈ গ'ল। লগত গ’ল সৈন্য-সামন্ত। সেইদিনা আকবৰে অসংখ্য জীৱ-জন্তু বধ কৰিলে। ইমান বেছি চিকাৰ পােৱা কাৰণে আকবৰৰ আনন্দ লাগিল। বীৰবলৰ কিন্তু লাগিল দুখ। ইফালে বহু সময় ধৰি চিকাৰ কৰি থকা কাৰণে আকবৰ ভাগৰি পৰিছিল। তেওঁ বীৰবলৰ সৈতে গছ এডালৰ তলত জিৰণি লবলৈ বহি পৰিল।

যিডাল গছৰ তলত তেওঁলােক বহিছিল, সেইডাল গছৰ ডালত পৰি আছিল দুটা চৰাই। আকবৰে তেতিয়া বীৰবলক সুধিলে – “তুমি হেনাে চৰাইৰ কথা বুজি পােৱা। কোৱাচোন চৰাই দুটাই কি কথা পাতিছে?”

বীৰবলে সময়ৰ সুযােগ সদব্যৱহাৰ কৰি ক'লে– “জাহাপনা, মই আগতে শুনি লওঁ। তাৰপাছত কম।” এইবুলি বীৰবলে কাণ থিয় কৰি চৰাই দুটাৰ কথা শুনিবলৈ ধৰিলে। সেইদৰে শুনি থাকি কিছুসময় পিছত ক'লে– “জাহাপনা, চৰাই দুটা দুটা পৰিয়ালৰ মুৰব্বী। এটা কন্যাৰ বাপেক, আনটো দৰাৰ বাপেক। সিহঁতে বিয়াৰ যৌতুকৰ কথা পাতিছে। দৰাঘৰে কন্যাৰ সৈতে পাঁচ খন জীৱ-জন্তু নােহােৱা অৰণ্য বিচাৰিছে। সেই প্রস্তাৱ শুনি কন্যাৰ বাপেক চৰাইটোৱে কৈছে যে সি এমাহ পিছত পাঁচ খন কিয় পঞ্চাশ খন জীৱ-জন্তু নথকা অৰণ্য দিব পাৰিব। কাৰণ সম্রাট আকবৰে বর্তমান যেনেদৰে চিকাৰ কৰিব ধৰিছে, তেনেদৰে আৰু এমাহ চিকাৰ কৰিলে বহুত অৰণ্য শূন্য হৈ পৰিব। তেতিয়া সেই সকলােবােৰ অৰণ্য তেওঁ দৰাঘৰক দিব পাৰিব।”

আকবৰে বীৰবলৰ কথা শুনি বৰ লাজ পালে। তেওঁ তেতিয়াই চিকাৰ কৰি জীৱ-জন্তু, বধ নকৰিবলৈ প্রতিজ্ঞা কৰিলে। তাৰপিছত বীৰবলক লগত লৈ অকণাে সময় ব্যয় নকৰি অৰণ্যৰ পৰা ওলাই আহিল। বাদছাহৰ এই পৰিবৰ্তনত বীৰবলে অপাৰ আনন্দ পালে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment