Saturday, April 18, 2026
0 Shares

বুঢ়া আৰু শিয়াল

সত্য কালত আছিল বুঢ়া খেতিয়ক এটা। শিয়াল এটাই দেখিলে তাক কচুগুটি পোতা॥ ওচৰ চাপি সুধিলে শিয়ালে--“ককা! কি কৰিছা?” “কচু ৰুইছোঁ, নাতি?” বুঢ়াই কলে, “এই বইছা।” “নাই জনা ৰুব তুমি কচুগুটি ককা! প্ৰথমতে কচুবোৰ সিজাই লোৱা একা। গাত খানি, খেৰ পাৰি কচু দিয়া তাত। একোডোখৰ ঢকুৱাৰে ঢাকা সেই গাঁত॥ তাৰ ওপৰত মাটি দি কচু থোৱা ৰুই। ৰাতিটোতে ডাঙৰ হ'ব, ঠিক ক'লো মই॥" শিয়ালৰ বুদ্ধি শুনি বুঢ়াই কচু ৰুই। মহাসুখে পাটীত পৰি থাকিল শুই।। বাহ শিয়ালে কোঢ়াল কৰি দুপৰ ৰাতি। ৰংমনে কচু খালে খান্দি খান্দি মাটি॥ পুৱাই বুঢ়াই কচুবাৰীত কচু চাবলৈ গৈ। দেখে কচু নাই; আছে গাঁত উদং হই॥ তেতিয়া বুজিলে বুঢ়াই শিয়ালৰ ফাঁকি। নিজৰ মনত ধিক্কাৰ দি লাজ লুকালে ৰাখি॥

"দুৰ্জনৰ বুদ্ধি যি নিবিচাৰি লয়। কচু ৰোৱা বুঢ়াৰ দৰে তাৰ গতি হয়॥"

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment