Saturday, April 18, 2026
0 Shares

বৰাগী মেকুৰী

এটা বোন্দামেকুৰী লাহে-লাহে আৰু এন্দুৰ, চৰাই আদি ধৰিব নোৱাৰা হলত খোৱাৰ দুখত পৰিল। এদিন সি মনে-মনে এটা বুধি সাজি, এঘৰৰ চোতালত পৰি থকা ধানখেৰৰ পকোৱা বিৰিয়া এটা দেখি তাকে তাৰ ডিঙিত সুমাই লৈ হাবিলৈ গ'ল। এটা চুতীয়াশালিকাই তাক তেনেকৈ যোৱা দেখি সুধিলে-“ককাই! সেইডাল তোমাৰ ডিঙিত কি?" মেকুৰীটোৱে গহীনকৈ উত্তৰ দিলে, “ভাইটি! এইডাল তুলসীৰ মলা। মোৰ গুৰুৱে মোক পিন্ধিবলৈ দিছে। মই গুৰুৰ ওচৰত মন্ত্ৰ লৈ বৈষ্ণৱ হৈছোঁ। এতিয়া ধৰ্ম্ম-কৰ্ম্মত মোৰ মতি হৈছে, পৰকালৰ চিন্তাৰ বাহিৰে মোৰ মনত আৰু আন একো চিন্তা নাই। সেইদেখি বৃন্দাবনলৈ যাওঁ বুলি ওলাই আহিছোঁ। বাকী কেইটা দিন কৃষ্ণক চিন্তি বৃন্দাবনতে কটাওঁ বুলি থিৰ কৰিছোঁ। হৰি ভগৱন্ত বস্তুৱে মনৰ কামনা সিদ্ধি কৰিলেই হয়।” শালিকাটোৰো বয়স হৈছিল, সেইদেখি মেকুৰী বৰাগীৰ কথাই তাৰো মনত বৰাগীৰ ভাৱ ওপজালে। শালিকাই মাত লগালে, ‘সঁচা কৈছা ককাই। মইও বুঢ়া হৈ আহিছোঁ। বিষয়ৰ সুখ আৰু ভাল নালাগে। মইও বৰাগী হৈ তোমাৰ লগতে বৃন্দাবনলৈ যাওঁ বুলি ভাবিছোঁ। সাধুৰ সংগ লাগে বুলিলেই সতকাই পোৱা নাযায়। মোৰ মহা ভাগ্য যে তোমাক পাইছোঁ।” মেকুৰীয়ে উত্তৰ দিলে, “সজ, সজ, মইও তোমাৰ নিচিনা সাধু লোককহে বিচাৰিছিলোঁ। আহাঁ, একে লগেই যাওঁহঁক।” এই বুলি শালিকাক লগত লৈ মেকুৰী গৈ আছে। এনেতে বাটতে এটা ফেঁচুৰে সৈতে তাৰ দেখা হ'ল। ফেঁচুৱে তাক সুধিলে, “মেকুৰী ককাই! আজিনো এইটো কি ভেশ? একেবাৰেই দেখোন উদাসীন ভকতটি হৈ আলধৰা এটি পাচত লৈ আৰু লাখুটি এডাল হাতত লৈ গুজগুজ্ কৰে হৰিনাম গাই যাব লাগিছা?”

ফেঁচুৰ কথা শুনি মেকুৰীয়ে থমকি ৰৈ লাখুটিত ভিৰ দি ক'লে—“বান্ধৱ কৃষ্ণ! আতৈয়ে যি সুধিছে সজ কথা। আতৈ! মই বৃন্দাবনলৈ যাওঁ বুলি আহিছোঁ। বুঢ়া হলোঁ, এতিয়াও ধৰম-কৰম নকৰিলে পৰকাললৈ কি লৈ যাম? সেইদেখি আতৈ ভগৱন্তৰ নামগুণ গাই বৃন্দাবনতে থাকি শেষ কালডোখৰ নিয়াওঁ বুলিছোঁ।”

মেকুৰীৰ কথা শুনি ফেঁচুৱেও অলপ পৰ ভাবি ক'লে, “আতৈ! তোমোৰাই সজ কাম কৰিছে। আজি কিছুমান দিনৰ পৰা মোৰও কিবা বিষয়ত বিৰকতি জনমি আহিছে; মইও তোমোৰাৰ লগতে বৃন্দাবনলৈকে যাওঁ। বয়স হৈ আহিছে। ডেকা কালৰ তেজ আৰুতো মোৰ গাত নাই।” এই বুলি ফেঁচুৱে মেকুৰীৰ লগতে বৃন্দাবনলৈ যাবলৈ ওলাল।

সিহঁত তিনিও গৈ আছে। এনেতে বাটতে এটা শিলকপৌৰে সৈতে তিনিওৰো দেখা হ'ল। শিলকপৌৱেও মেকুৰীৰ মুখৰ পৰা সকলো কথা শুনি সিহঁতৰ লগতে বৰাগী হৈ বৃন্দাবনলৈ যাবলৈ ওলাল।

এইদৰে সিহঁত গৈ থাকোঁতে গধুলি হ'লত সিহঁতে ৰাতিটো কটাবলৈ এজোপা গছৰ ধোন্দ এটাত সোমাই থাকিল। মেকুৰীয়ে ধোন্দটোৰ মুখৰ ফালে শুই থাকিবলৈ লৈ সিহঁতক কলে, “আতৈসকল! মই দুৱাৰমুখতে তোমোৰা সৱক ৰখি পৰি থাকোঁ। তোমোৰাসৱে দুখে ভাগৰে আহিছে, ভিতৰত শয়ন কৰক।”

ৰাতি তিনি পৰমান হলত মেকুৰীয়ে উঠি চুতীয়াশালিকাক মাত লগালে, ‘শালিকাৰাম আতৈ! তোমোৰাৰ নিন্দ্রা ভাগিছে নে? ভাগিছে যদি এই ফালে মোৰ ওচৰ চাপি আহাচোন,। আমি অলপ কৃষ্ণ-কথাৰ আলাপ কৰোহঁক।” শালিকা উঠি মেকুৰীৰ ওচৰলৈ আহিলত মেকুৰীয়ে ক'লে, “আতৈ! মোৰ প্ৰভু কৃষ্ণদেৱক বকাসুৰে কেনেকৈ গিলিছিল আপুনি জানে নে?” শালিকাই ক'লে, “নাজানো।" “নাজানে যদি আহক মই সেই লীলা কৰি দেখুৱাওঁ।” এই বুলি সি শালিকাক খাই পেলালে। ফেঁচু আৰু কপৌৰ এনেতে টোপনি ভাগিল। সিহঁতে দেখিলে—সৰ্ব্বনাশ! সিহঁত দুৰ্জ্জন মেকুৰীৰ ফাঁকিত পৰিল। ভয়ত দুয়ো থক্-থক্‌ কৰে কঁপিবলৈ ধৰিলে। এনেতে মেকুৰীয়ে শিলকপৌক মাতিলে, “আতৈ! মোৰ কৃষ্ণদেৱে অঘাসুৰৰ লীলা কেনেকৈ কৰিছিল সেই কথা তোমোৰাক দেখুৱাওঁ। মোৰ ওচৰ চাপি আহক।” এই বুলি টানি আনিলত দুইৰো জোটাপুটি লাগিল। এই সুৰুঙাতে ফেঁচু ধোন্দৰ পৰা ওলাই ভুৰুং কৰে উৰি গ'ল। কিন্তু শিলকপৌৰ মূৰটো একে কামোৰেই মেকুৰীটোৱে চোবাই পেলাই কাম শেষ কৰিলে।

"শঠ দুর্জ্জনত জানা পতিয়ন নাই, পতিয়ালে বিপদক পদে-পদে পায়।"

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment