Tuesday, March 17, 2026
0 Shares

ড॰ ভূপেন হাজৰিকা-dr bhupen hazarika essay in assamese

ড॰ ভূপেন হাজৰিকা-dr bhupen hazarika essay in assamese

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি "dr bhupen hazarika essay in assamese" ৰচনা খনৰ জৰিয়তে কণ্ঠশিল্পী, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, সাংবাদিক, ৰাজনীতিবিদ, আজীৱন শিল্প সাধক ভূপেন হাজৰিকাৰ বিশাল ব্যক্তিত্বৰ বিষয়ে আলোচনা কৰিম। সেয়েহে, ড॰ ভূপেন হাজৰিকাৰ অসামান্য প্রতিভাৰ ব্যুৎপত্তি আৰু কৃতিত্বৰ বিষয়ে অধিক জানিবলৈ ৰাচনাখন শেষলৈকে পঢ়ক। ধন্যবাদ।

পৰিচয়:

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পিচত অসমীয়া সংস্কৃতিৰ গুৰিব’ঠা ধৰোতা হ’ল ভূপেন হাজৰিকা। অসমীয়া সমাজ জীৱনলৈ যিকেইজন ব্যক্তিয়ে বহুমুখী প্রতিভাৰে জাতিটোৰ ভেটি সবল কৰি থৈ গ’ল তাৰ ভিতৰত ডঃ ভূপেন হাজৰিকা (Dr Bhupen Hazarika)অন্যতম। তেওঁ বিশাল ব্যক্তিত্বৰে এগৰাকী মহীৰূপ স্বৰূপ ব্যক্তি।

ড॰ ভূপেন হাজৰিকা-dr bhupen hazarika essay in assamese
ড॰ ভূপেন হাজৰিকা dr bhupen hazarika essay in assamese

তেওঁ একাধাৰে কণ্ঠশিল্পী, গীতিকাৰ, সংগীত পৰিচালক, চলচ্চিত্ৰ পৰিচালক, সাংবাদিক, ৰাজনীতিবিদ, আজীৱন শিল্প সাধক। গীতিকাৰ, সংগীত পৰিচালনা, চলচ্চিত্র পৰিচালনা আদি বিভিন্ন দিশত হাজৰিকাই অসামান্য প্রতিভাৰ ব্যুৎপত্তি আৰু কৃতিত্বৰ স্বাক্ষৰ দি থৈ গৈছে। সেয়েহে তেওঁৰ গৌৰৱেৰে প্ৰতিজন অসমীয়া গৌৰৱান্বিত।

শৈশৱ আৰু শিক্ষা জীৱন:

ভূপেন হাজৰিকাৰ জন্ম হয় ১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত। হাজৰিকাৰ পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্রিয়া হাজৰিকা। ১৯৩৩ চনত গুৱাহাটীৰ সোণাৰাম স্কুলত প্রাথমিক শিক্ষা লাভ কৰে। পিচত কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰে যদিও তেজপুৰ উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা ১৯৪০ চনত তেখেতে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪১ চনত কটন কলেজত আই এ মহলাত নামভৰ্তি কৰে। কটন কলেজৰ পৰা আই এ উত্তীৰ্ণ হৈ বাৰানসী হিন্দু বিশ্ববিদ্যালয়ত স্নাতক মহলাত নামভৰ্তি কৰে।

১৯৪৪ চনত ৰাজনীতি বিজ্ঞানৰ উপৰি দৰ্শন বিষয়ত সন্মানসহ স্নাতক ডিগ্রী লাভ কৰে। ১৯৪৬ চনত বাৰানসী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্ত ডিগ্ৰী লাভ কৰাৰ পিচত গুৱাহাটীৰ বি বৰুৱা কলেজত অধ্যাপকৰ পদত নিযুক্তি লাভ কৰে। ১৯৫০ চনত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিজ্ঞানতো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেই বিশ্ববিদ্যালয়ৰ পৰা ১৯৫২ চনত Role of Mass Communication in Adult Indian Education শীর্ষক গৱেষণা পত্ৰৰ বাবে পি এইচ ডি লাভ কৰে।

কৰ্মজীৱন:

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিচত ভূপেন হাজৰিকাই (Dr Bhupen Hazarika) গুৱাহাটী বি বৰুৱা মহাবিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। কিন্তু এই পদত মাত্র ছমাহৰ বাবেহে হাজৰিকাই কার্যনির্বাহ কৰে। ছমাহৰ পিচতে তেখেতে অধ্যাপক পদৰ পৰা পদত্যাগ কৰে। তেখেতে ১৯৪৮ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান সহকাৰীৰূপে যোগদান কৰে।

১৯৫৪ চনত হাজৰিকাই পুনৰ অধ্যাপক হিচাপে গুৱাহাটী বিশ্ববিদ্যালয়ত কিছুদিনলৈ কাৰ্যনিৰ্বাহ কৰে। কিন্তু ৰাছিয়াৰ হিলিছিংকিত অনুষ্ঠিত বিশ্ব শান্তি সন্মিলনত যোগ দি আহোতে তিনি দিন পলম হোৱাত কতৃপক্ষই সেই তিনি দিনৰ দৰমহা কৰ্তন কৰাৰ প্ৰতিবাদত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি ইস্তাফা দিয়ে। ইয়াৰ পিচতে তেখেতে নতুন কর্মক্ষেত্ৰৰ বাবে কলকাতালৈ ঢাপলি মেলে।

শিল্পী,সাহিত্যিক, ৰাজনীতিক, সাংবাদিক হিচাপে বিচিত্ৰ জীৱন পৰিক্ৰমা:

১৯৩০ চনৰ ৩০ অক্টোবৰত কটন কলেজিয়েট হাইস্কুলত অনুষ্ঠিত এখন ৰাজহুৱা সভাত পাঁচ বছৰ বয়সতে গীত পৰিবেশন কৰি তেওঁ শিল্পী জীৱনৰ পাতনি মেলে। কণ্ঠশিল্পী, গীতিকাৰ হিচাপে হাজৰিকাই কেৱল অসম তথা ভাৰততে নহয়, বিশ্বৰ বিভিন্ন স্থানত যশস্যা বুটলিবলৈ সক্ষম হয়। অসমীয়াৰ লগতে বাংলা, হিন্দী, ইংৰাজী আদি ভাষাতো আছিল হাজৰিকাৰ সমান দখল।

ড॰ ভূপেন হাজৰিকা-dr bhupen hazarika essay in assamese

১৯৫৬ চনত ‘এৰাবাটৰ সুৰ’ চলচ্চিত্ৰৰ যোগেদি হাজৰিকাই চলচ্চিত্ৰ পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। হাজৰিকাই আঠখন অসমীয়া, এখনকৈ বাংলা আৰু হিন্দী ছবি মুঠ দহখন ছবি সফলতাৰে পৰিচালনা কৰে। ‘এৰাবাটৰ সুৰ’ৰ পিচত তেখেতে পৰিচালনা কৰা অসমীয়া ছবিকেইখন হল- ‘শকুন্তলা’ (১৯৬১), ‘প্রতিধ্বনি’ (১৯৬৪), ‘লটিঘটি' (১৯৬৬), ‘চিকমিক বিজুলী’ (১৯৬৯), ‘মন প্রজাপতি’ (১৯৭৯), ‘চিৰাজ’ (১৯৮৮), ‘মিৰিজীয়ৰী’ (১৯৯০)। তদুপৰি নখনকৈ তথ্যচিত্রও ভূপেন হাজৰিকাই পৰিচালনা কৰিছিল।

ভূপেন হাজৰিকাই অসমীয়া, বাংলা, হিন্দী, ভোজপুৰী, কাৰবি, বড়ো, মালয়ালম ভাষাত শতাধিক ছবিৰ সংগীত পৰিচালনা কৰিছিল। তদুপৰি চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পীৰূপে, চলচ্চিত্ৰৰ গীতিকাৰ হিচাপে তেওঁ যথেষ্টসংখ্যক ছবিত কাম কৰিছিল।

তেওঁ এগৰাকী অভিনেতাও। ‘ইন্দ্ৰমালতী’, ‘চিৰাজ', সতী বেউলা, ‘ধূমুহা’, ‘মাহুত বন্ধুৰে’, ‘চিকমিক বিজুলী’, ‘প্ৰভাতী পখীৰ গান’ আদি ছবিত তেওঁ অভিনয় কৰিছিল।

‘নিউ ইণ্ডিয়া’, ‘গতি’, ‘আমাৰ প্রতিনিধি’, ‘বিন্দু’, ‘প্রতিধ্বনি’ আদি আলোচনী তেওঁৰ সম্পাদনাত প্ৰকাশ পাইছিল। ইয়াৰ উপৰি অর্ধশতাধিক গ্রন্থ লেখক ভূপেন হাজৰিকা।

বঁটা-সন্মান উপাধি:

তেওঁ দেশে-বিদেশে অর্ধশতাধিক বঁটা-সন্মান লাভ কৰিছিল। ইয়াৰ ভিতৰত তিনিবাৰকৈ ৰাষ্ট্ৰপতিৰ পৰা ৰূপৰ পদক, শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ ৰাষ্ট্ৰীয় বঁটা, দাদা চাহেব ফাল্কে বঁটা, পদ্মভূষণ, অসম ৰত্ন, বাংলাদেশৰ সৰ্বোচ্চ অসামৰিক সন্মান মুক্তিযোদ্ধা পদক বঁটা, অসম সাহিত্য সভাৰ সাহিত্যাচাৰ্য সন্মান আদি উল্লেখনীয়।

সামৰণি:

২০১১ চনৰ ৫ নৱেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত ভূপেন হাজৰিকাৰ মৃত্যু হয়। এই বিশাল প্রতিভাৰ মৃত্যুত শোকস্তব্ধ হৈ পৰে অসমবাসী। উল্লেখযোগ্য যে তেওঁ মৃত্যুৰ পিচৰ পৰিঘটনাই এক অভিলেখ ৰচনা কৰি থৈ গ’ল। তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জনাবলৈ আৰু অন্তেষ্টিক্রিয়াত উপস্থিত থকা গুণমুগ্ধৰ সংখ্যা পঞ্চাশ লাখৰো অধিক। তদুপৰি তিনি কোটিৰো অধিক লোকে টেলিভিছনযোগে এই অনুষ্ঠান প্রত্যক্ষ কৰে। ভূপেন হাজৰিকা অসমত যুগ-যুগান্তৰলৈ জিলিকি থকা এটা উজ্জ্বল নক্ষত্ৰৰ নাম। অসমক বিশ্বৰ আগত কলাৰ মাধ্যমেৰে পৰিচয় দিয়া এইজনা পূৰোধা ব্যক্তি অসমীয়াৰ হৃদয়ত চিৰদিন জীয়াই থাকিব। এক কথাত মৰিও অমৰ ভূপেন হাজৰিকা।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment