Tuesday, March 17, 2026
0 Shares

মতা কুকুৰাৰ কণী

প্রশ্ন সুধি বলে নােৱাৰি আকবৰে বীৰবলক মূৰ্খ বনাবলৈ এদিন এক অভিনৱ বুদ্ধি ভাবি উলিয়ালে। সেইদিনা বীৰবল ৰাজসভালৈ আহােতে পলম হৈছিল। সেই সুযোেগতে আকবৰে দৰবাৰৰ সকলাে দৰবাৰীকে একোটাকৈ কনী দি কি কৰিব লাগিব তাক আগতীয়াকৈ শিকাই থলে।

বীৰবল আহি উপস্থিত হােৱাত আকবৰে ক'লে – “যােৱা ৰাতি মই এটা সপােন দেখিলাে। সপােনত এজন সাধু পুৰুষে মােক ক'লে – সেইজনেই জ্ঞানী মানুহ যিজনে বাগিচাৰ পুখুৰীটোৰ পৰা কণী আনি দিব পাৰে।” তাৰপিছত বাদছাহে পুখুৰীটোৰ পৰা কণী আনিবলৈ কোৱাত এজন এজনকৈ সকলাে দৰবাৰীয়ে পানীত বুৰ মাৰি কণী উলিয়াই আনিলে।

একেবাৰে শেষত বীৰবল আগবাঢ়িল। বীৰবলে বুজিলে আকবৰে চক্রান্ত কৰিছে। কিন্তু পৰাজয় স্বীকাৰ কৰা মানুহ নহয় বীৰবল। ক্ষন্তেকতে চিন্তা কৰি এটা বুদ্ধি উলিয়ালে। পানীত বুৰ মাৰি মতা কুকুৰাৰ দৰে মাত উলিয়াই পুখীৰৰ পৰা উঠি আহিল। শূন্য হাত। হাতত কণী নাই। আকবৰে ভাবিলে, বীৰবল এতিয়াহে ফান্দত পৰিল। আজিৰ পৰা জ্ঞানী বীৰবল হ’ব মূৰ্খ। হাঁহি হাঁহি বাদছাহে সুধিলে-- কণী নাপালা নেকি?”

বীৰবলে হাঁহি উত্তৰ দিলে – “মতা কুকুৰাই জানাে কণী পাৰিব পাৰে জাহাপনা। মােৰ বাহিৰে আটাইবােৰ মাইকী কুকুৰা। সেইবাবেই আপােনাক কণী দিব পাৰিলে।”

আকবৰ মনে মনে থাকিল। এইবাৰাে আকবৰৰ পৰাজয় ঘটিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment