Saturday, April 18, 2026
0 Shares

মদৰ বাখৰৰ সৃষ্টি কেনেকৈ হ'ল-কাৰ্বি সাধু

মদৰ বাখৰৰ সৃষ্টি কেনেকৈ হ'ল-কাৰ্বি সাধু

নমস্কাৰ বন্ধুসকল, Stories World লৈ আপোনাক স্বাগতম। আজি আমি কাৰ্বি সাধুৰ পৰা "মদৰ বাখৰৰ সৃষ্টি কেনেকৈ হ'ল" নামৰ সাধুটো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে সাধুকথাৰ এই মনোৰম জগতখনৰ ৰস পান কৰিবলৈ সাধুটো শেষলৈকে পঢ়ক। ইয়াৰ উপৰিও আন বহুতো সাধু আমাৰ এই ৱেবছাইটত প্ৰকাশ কৰা হৈছে। আশা কৰোঁ আপুনি পঢ়ি ভাল পাব।

মদ

ৰাং ককাৰ দিনৰ কাহিনী। মিৰিং ৰংছ'পিত কাৰবি মানুহৰ বসতি এশঘৰ হ’লহি। এইখন গাঁৱত মানুহে সুখেৰে কাল কটাবলৈ ধৰিলে। সামাজিক ৰীতি-নীতি মতে সকলাে কামতে মদ-পানীৰ ব্যৱহাৰ চলিছিল। কিন্তু সেই মদ-পানীত থাকিবলগীয়া গুণবােৰৰ অভাৱ আছিল। এই কথা সংসাৰপ'ই আকাশৰ পৰা মন কৰিছিল। গতিকে লাহে লাহে নিৰানন্দ বিয়পিবলৈ ধৰা কাৰ্বি সমাজত আনন্দ দিয়াৰ কথা সংসাৰপ'ই ভাবিলে। এদিনাখন তেওঁৰ দুগৰাকী জীয়েক চিং আৰু কং দুয়ােকো মাতি ক'লে, “তহঁত দুয়াে মিৰিং ৰংছপিত থকা কাৰবিহঁতৰ ওচৰলৈ যা আৰু মদৰ বাখৰ দি আহগৈ।”

মিৰিং গাঁৱৰ কাৰবিসকলে মালে নামৰ ঘাটত পানী খাইছিল। গাঁৱৰ জীয়ৰী-বােৱাৰীহঁতে তাৰ পৰা পানী আনে। ৰাং ককাৰ দুগৰাকী জীয়েক কাৰেং আৰু কাদিং। এদিন প্রত্যুষতে দুয়াে মাৰলে ঘাটলৈ পানী আনিবলৈ গ'ল। দীঘল কাক বাঁহৰ চুঙাত পানী ভৰাই থাকোঁতে সিহঁতে এজোৰা কংচিং উৰি ফুৰা দেখিলে। পাখিত পাখি লগাই দুয়াে এবাৰ উজনিৰ ফালে, এবাৰ ভাটিৰ ফালে উৰি ফুৰিবলৈ ধৰিলে। মাজে মাজে 'কং-চি, কং-চিং’ কৰি মাত মাতি গান গাবলৈ ধৰিলে। চৰাই-হালৰ লীলা-খেলা চাই চাই পানী ভৰােৱা কাম শেষ কৰি দুয়াে ঘৰলৈ উভতি যাবলৈ সাজু হ'ল। যােৱাৰ আগতে চৰাইহালক এপাক চোৱাৰ মনেৰে দুয়াে বাই-ভনী পিছলৈ ঘূৰি চালে। এনেতে কং চিং চৰাইহালে তাহাঁতৰ কাষতে থকা এটা শিলত দুয়াে মলত্যাগ কৰি উৰা মাৰিলে আৰু নিমিষতে চৰাইহাল চকুৰে নেদেখা হ'ল।

মদ

পিঠাৰ সুগন্ধ

কাৰেং আৰু কাদিঙে শিলচটাত কিনাে থৈ গ'ল বুলি ভাবি পিঠিৰ পানী খাং ডাঁৰত আউজাই থ'লে আৰু দুয়াে শিলচটাৰ ফালে আগবাঢ়িল। ইতিমধ্যে শিলচটাৰ পৰা চাৰিওফালে সুগন্ধ বিয়পি পৰিবলৈ ধৰিলে আৰু চাওঁতে চাওঁতে চৰাইহালৰ বিষ্ঠা সুন্দৰ পিঠালৈ ৰূপান্তৰিত হ'ল। সেই পিঠাৰ যে সুগন্ধ বাহিৰ হৈছে, কাৰেং কাদিঙৰ বুজিবলৈ বাকী নাথাকিল।

কাৰেংকাদিঙে আলফুলকৈ পিঠাডোখৰ আঁচলতে বান্ধি ল'লে আৰু পানী লৈ ঘৰলৈ উভতিল। লাংথে নুন (পানী-কোঠা)ত পানী থৈ দুয়াে দেউতাকক ক'লে,- “দেউতা দেউতা, আমি দুয়াে মাৰলে ঘাটত পানী ভৰাই থাকোঁতে এহাল কংচিং চৰাইয়ে বিষ্ঠা ত্যাগ কৰি গুচি গ’ল। সেই শিলচটাৰ পৰা সুন্দৰ গােন্ধ ওলাবলৈ ধৰা দেখি কি বস্তুনাে বুলি দুয়াে খেদা মাৰি গ'লো। কিন্তু কি আচৰিত, চকুৰ পচাৰতে সেই বিষ্টা পিঠালৈ ৰূপান্তৰিত হ'ল আৰু তাৰ যে কি গােন্ধ দেউতা! এইয়া মােৰ আঁচলতে বান্ধি লৈ আহিছো।”

জীয়েকৰ কথা শুনি ৰাং ককায়ে ক'লে, “তেতিয়াহ'লে আই, এই পিঠাৰ কিবা ৰহস্য নিশ্চয় আছে! তহঁতে এই পিঠাডােখৰ জুইহালৰ বৰ চাঙৰ ওপৰত যতনাই থৈ দেগৈ। এই পিঠাৰ মহিমা ঈশ্বৰে নিশ্চয় ক’বহি।” দেউতাকৰ কথা মতেই সিহঁতে সেই পিঠা ভালদৰে চাঙৰ ওপৰত থৈ দিলে। লাহে লাহে সন্ধ্যা নামি আহিল। সকলােৱে ভাত-পানী খাই শােৱাপাটীত পৰিল।

মদ তৈয়াৰ

মদ

কাৰেং আৰু কাদিং দুয়ােৰো ঘােৰ টোপনি আহিল। সিহঁতে সপােনত তাহাঁতৰ-আইতাকক দেখিলে। আইতাকে চাউল কোমলাই লৈ উৰালত পিঠাগুৰি খুন্দিছে। পিঠাগুৰিখিনিত চাঙৰ ওপৰত থৈ দিয়া পিঠাডােখৰ আনি মিহলাইছে আৰু তাৰ পৰা নখন পিঠা বনাইছে। তাৰ পিছত পুৰণি খেৰৰ কুটাৰে সেই পিঠাখিনি ঢাকি বৰঘৰত ‘পেংদাং’ত যতনেৰে থৈ দিছে। সেই পিঠা শুকাই টান হােৱাৰ পিছত ৰচীৰে সেইখিনি গাঁথি ধোৱা-চাঙত আঁৰি থৈছে। আইতাকে চাউল সিজাই কলপাতত চেঁচা কৰালে আৰু সেই পিঠাগুৰি সিজোৱা চাউলৰ ওপৰত ছটিয়াই দিলে। তাৰ পিছত সেইখিনি 'দাম্বুক’ কোঠাত কলপাতত যতনাই ঢাকি থলে। কেইদিনমান পিছত এটি মাটিৰ কলহত পিঠা মিহলােৱা ভাতখিনি ভালদৰে ভৰাই মুখখন বান্ধি থ’লে। তাৰ পিছত এদিনাখন সেই কলহৰ পৰা মদ বাকি দেৱতালৈ অৰ্পণ কৰি ৰাইজক তাৰেই সেৱা কৰিলে।

মদ

কাৰেং-কাদিঙে সাৰ পাই সপােনৰ কথা সুঁৱৰিলে আৰু আইতাকে দেখুৱাই দিয়া মতেই তাহাতেও মদ সিজালে। কেইদিনমানৰ অন্তত মদৰ সুদন্ধই গােটেই গাঁও আমােল-মােলাবলৈ ধৰিলে। শুচি-শুদ্ধ হৈ ৰাং ককা ঢাৰি-পাটীত বহি ল'লে আৰু জীয়েকহঁতে সেই কলহৰ মদ এবাটি আনি দিলে। যথা-নিয়মে ৰাং ককায়ে দেৱতালৈ অৰ্পণ কৰি মদখিনি পান কৰিলে। দেউতাকে জীয়েকহঁতক ক’লে,—“ এই পিঠাৰ অপূর্ব মহিমা পাইছোঁ।ইয়াৰ দ্বাৰাহে দেৱতাৰ কার্য সম্পন্ন কৰিব লাগে আৰু ৰাইজক সেৱা-শুশ্ৰূষা কৰিব লাগে।”

সেইদিনাৰ পৰাই কাৰবি সমাজত বাখৰৰ প্ৰচলন হ’ল আৰু সামাজিক কামবােৰ সমাধান হ'বলৈ ধৰিলে।

(আশা কৰোঁ আপুনি লিখনিটো পঢ়ি ভাল পাইছে। যদি আপুনি লিখনিটো পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই লিখনিটো পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment