Friday, April 17, 2026
0 Shares

মহাজন আৰু কবি

দুখীয়া কবি এজনক এদিন এজন সুদখােৰ মহাজনে ঘৰলৈ মাতি আনি কবিতা শুনাবলৈ ক'লে। কবিয়ে কবিতাৰ আদৰ কৰা দেখি আনন্দিত হ’ল আৰু মহাজনক এটা এটাকৈ কেইবাটাও কবিতা গাই শুনালে। এইদৰে কেইটামান কবিতা শুনাৰ পিছত মহাজনে ক'লে – “আপােনাৰ কবিতা শুনি মই বৰ সুখী হৈছাে। আপুনি এজন স্বভাৱ কবি। কিন্তু আজি মই এটা কামত এতিয়াই যাব লাগে। আজি ইমানতে থাওঁক, কাইলৈ আপুনি আকৌ আহিব। কবিতা শুনিম — আপােনাক ইনাম দিম।”

কবি গুচি গ'ল। মহাজনে কবিক একো খাবলৈও নিদি সেইদৰে বিদায় দিলে। পিছদিনা কবিতা শুনাবলৈ কবি আকৌ মহাজনৰ ঘৰলৈ গল। মহাজন ঘৰতে আছিল আৰু আথে-বেথে কবিক বহুৱাই কবিতা গাবলৈ ক'লে। এটাৰ পিছত এটাকৈ সেইদিনাও কবিয়ে মহাজনক কবিতা শুনালে। কেইটামান কবিতা শুনাৰ পাছত মহাজনে পূর্বৰ দৰেই ক'লে – “আপােনাৰ কবিতা শুনি অতি আনন্দিত হৈছাে। আপুনি সদায় আহিব আৰু মােক কবিতা শুনাব। মই আপােনাক ইনাম দিম।”

সেইদিনাও মহাজনে কবিক খাবলৈ একো নিদিলে, পুৰস্কাৰো নিদিলে।

এইদৰে এদিন এদিনকৈ কবি কেইবাদিনাে মহাজনৰ ঘৰলৈ গৈ কবিতা শুনালে মহাজনেও আনন্দমনে কবিতা শুনে। কিন্তু ইনাম হলে নিদিলে। ইনামৰ আশাত কবিতা শুনাই ইনাম নিদিয়াত কবি বিৰক্ত হ’ল। ইনাম দিয়াৰ আশা নেদেখি কবিয়ে মহাজনক সেই কথা

সোঁৱৰাই দিলে, মহাজনে তেতিয়া ক'লে – “ইনাম দেখােন মই আপোনাক দি আছো। আপােনাৰ দৰে কবিৰ কবিতা মই মােৰ সময় খৰচ কৰি শুনিছোঁ সেয়াই আপোনাৰ ইনাম। মােক কবিতা শুনাই আপুনি ধন্য হৈছে, কবিতা শুনি মই সুখী হৈছাে। আপােনাক প্রশংসা কৰিছো। ইনাম দিম বুলি কৈছিলাে সঁচা। তেনেকৈ ক'লে আপুনি সুখী হ’ব বুলিহে কৈছিলাে। এতিয়া আপুনি যাব পাৰে – মােৰ বহুত কাম আছে”

কবিয়ে মনত খুব দুখ পালে। লাজে অপমানে ঘৰলৈ ঘূৰি গ’ল। ৰাতি বিচনাত শুই শুই ভাবি থাকোতে বীৰবললৈ মনত পৰিল। ৰাতিপুৱাই কবি গৈ বীৰবলৰ ঘৰ পালে আৰু সকলাে কথা বিবৰি কলে। কিবা এটা ব্যৱস্থা কৰিব বুলি কৈ বীৰবলে কবিক কথা দি বিদায় দিলে।

মহাজনৰ চিনাকি মানুহ এজন বীৰবলৰো চিনাকি আছিল। বীৰবলে এই মানুহজনৰ সহায় ললে।

বীৰবলৰ কথামতে মানুহজনে গৈ মহাজনক পিছদিনা তাৰ ঘৰত ভোজ খাবলৈ নিমন্ত্রণ জনালে। পিছদিনা ভাল পােচাক পিন্ধি মহাজন মানুহজনৰ ঘৰত খাবলৈ আহিল। ইতিমধ্যে খােৱাৰ নিমন্ত্রণ ৰক্ষা কৰিবলৈ তাত আহি উপস্থিত হ’ল বীৰবল আৰু কবি। খােৱাৰ টেবুলত সজোৱা আছিল কাহি, বাতি আৰু চামুচ। কিন্তু সকলাে খালি। খােৱাৰ টেবুলত বহি সকলােৱে নানান আলােচনা কৰিব ধৰিলে। আলােচনা চলি থাকিল। কিন্তু খােৱাৰ টেবুললৈ খাদ্য নাহিল। খাবলৈ নিমন্ত্রণ কৰা কাৰণে মহাজনে ঘৰত একো খাই অহা নাছিল। তাৰ খুব ভােক লাগিছিল। কিন্তু খােৱা খাদ্য পৰিবেশন কৰাৰ কোনাে উম ঘাম নাই। সকলাে কেবল আলােচনাত ব্যস্ত। এসময়ত ভােকত ৰব নােৱাৰি মহাজনে ক'লে – “খাদ্য কেতিয়া দিব? খুব ভােক লাগিছে। আৰু অপেক্ষা কৰাৰ ধৈর্য মােৰ নাই। সােনকালে খাদ্য পৰিবেশন কৰক ?”

নিমন্ত্রণ কৰা মানুহজনে আচৰিত হােৱা যেন দেখুৱাই ক'লে – “খাদ্য? খােৱাৰতাে কোনাে আয়ােজন মই কৰা নাই।”

মহাজনে খং কৰি ক'লে – “কিয় ? আপুনিতাে মােক খাবলৈ নিমন্ত্রণ জনাইছিল।”

মানুহজনে উত্তৰ দিলে – “আপােনাক সুখী কৰাৰ কাৰণে কৈছিলোঁ। খাবলৈ মই কোনাে আয়ােজন কৰা নাই।”

বীৰবলে তেতিয়া ক'লে– “মহাজন, আপুনিও এইদৰেই কবিক ঠগাইছিল। আপুনি কবিৰ ওচৰত ক্ষমা খুজিব লাগিব। লগতে কবিক দিব লাগিব ইনাম।

মহাজনে তলমূৰ কৰিলে। নিজৰ ভুল বুজি পালে। কবিক ঠগােৱাৰ বিচাৰ বীৰবলে এইদৰে কৰা দেখি ভয়াে খালে। কবিক ইনাম দিবলৈ বাধ্য হ’ল। ইনাম পাই কবিও আনন্দিত হ’ল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment