Wednesday, April 15, 2026
0 Shares

শাপমুক্তি

যক্ষৰাজ কুবেৰ আছিল দেৱতাসকলৰ ধন ৰক্ষক। শিৱৰ কৃপাত কুবেৰ অসীম ঐশ্বর্যশালী হৈ উঠে। যক্ষৰাজৰ দুই পুত্র নলকুবেৰ আৰু মণিগ্ৰীৱ এবাৰ কৈলাশৰ অন্তৰ্গত স্রোতস্রিনী গংগাৰ পাৰৰ মনােৰম উপবনলৈ অনিন্দ্য সুন্দৰী ৰমণী সকলৰ সৈতে বিহাৰ কৰিবলৈ গৈছিল। নানান জাতিষ্কাৰ পুষ্পেৰে সুশােভিত উদ্যানত তেওঁলােকে অতিমাত্রা সুৰাপান কৰিছিল। সেই সুন্দৰী নাৰীসকলৰ অমৃত বৰষা সংগীত শুনি শুনি দুয়াে মাতাল হৈ পৰিছিল। শতপত্র সুশােভিত জলাশয়ত ৰমণীসকলৰ সৈতে জলকেলি কৰিবলৈ ধৰিছিল। এনে সময়তে সর্বমংগলময় নাৰদে সেইফালেদি যাওঁতে নলকুবেৰ আৰু মণিগ্ৰীৱক তেনে অৱস্থাত দেখা পালে। নাৰদে বুজিলে যে সুৰা আৰু সুন্দৰীৰ মাদকতাত তেওঁলােকৰ তেনে মতিভ্রম হৈছে আৰু তেওঁৰ উপস্থিতিৰ সম্ভেদ পাবলৈ সক্ষম হােৱা নাই। মুনিক দেখি ৰমণীসকল বৰ লজ্জিত হ’ল আৰু তৎক্ষণাত বস্ত্ৰৰে নিজৰ শৰীৰ ঢাকিলে; কিন্তু নিচাসক্ত কুবেৰ পুত্রদ্বয়ে সেই কথা উপলব্ধি কৰিব নােৱাৰিলে। যক্ষৰাজৰ দুই পুত্রৰ এনে অধঃপতন নাৰদে আশা কৰা নাছিল। সেইকাৰণে নাৰদ বৰ দুঃখিত হ’ল। নাৰদে দুয়ােৰে শুভাকাংক্ষী হিচাপে বহুত উপদেশ দিলে আৰু তেনে অনৈতিক কার্যৰ পৰা আঁতৰত থাকিবলৈও উপদেশ দিলে। ইয়াৰ লগতে ভগৱান শ্রীকৃষ্ণক প্রত্যক্ষ লাভৰ বাবে কিছু দিহাও দিলে। সাধাৰণ দৃষ্টিত সেই কথা নাৰদ মুনিৰ অভিশাপ যেন লাগিলেও দৰাচলতে সি অভিশাপ নহয় যেনিবা আশীর্বাদহে। নাৰদে ক'লে যে ৰজ গুণৰ ফলত আমি ইন্দ্রিয় সুখ ভােগত মত্ত হও। কাৰণ এই গুণে তেনে চৰিত্ৰ গঢ়ে। জড় জগতত কোনাে লােকে যেতিয়া ধনৱান, বিত্তৱান, ঐশ্বর্যশালী হয়, তেতিয়া তেওঁলােকৰ সাধাৰণতে নাৰী, সুৰা, জুৱা খেল আদিৰ প্রতি প্ৰৱল বাসনা বৃদ্ধি পায়। ঐশ্বৰ্যৰ চৰিতাৰ্থ বা চিত্তবিনােদৰ কাৰণে এনে লােকে মুৰে ভৰিয়ে দৌৰি ফুৰে। এই শ্ৰেণীৰ নির্বোধ লােকে প্রকৃতিৰ নীতি-নিয়ম পাহৰি দেহজ সুখত মগ্ন হৈ নানান অপকর্মত প্রবৃত্ত হয়। এই মনুষ্য শৰীৰ ধাৰণ কৰিবৰ বাবে যিকোনাে পাপ কর্মত লিপ্ত হােৱাৰ পূর্বেই বিবেচনা কৰি চোৱা উচিত যে দৰাচলতে এই দেহটো কাৰ। বিচাৰ বুদ্ধিৰে চাই ক'ব পাৰি যে প্রকৃতিৰ পৰাই শৰীৰৰ উৎপত্তি আৰু প্রকৃতিতেই ইয়াৰ বিনাশ। সেইকাৰণতে অনাহকত পাপত পতিত হােৱা অনুচিত আৰু ই প্রকৃতি বিৰুদ্ধ কাম। অৱশ্যে এইটো খাটাং যে কোনাে লােকে যেতিয়া ধন গর্বত মত্ত হৈ পৰে, তেতিয়া কোনাে ধৰণৰ নীতি-উপদেশ গ্রাহ্য নকৰি সুৰা, নাৰী, জুৱা, পশুহত্যা আদি কার্যতহে গা-মন ঢালি দিয়ে। এইদৰে মহর্ষি নাৰদে বিবেচনা কৰিলে যে যিহেতু কুবেৰ তনয় দুয়াে অহংকাৰত মত্ত হৈ অনুভূতি শূন্য হৈছে। তেনেস্থলত সিহঁতক সৎ পথলৈ অনাৰ মাথােন এটাই উপায় হৈছে, সেয়া হ’ল দুয়ােকো এতিয়া সকলাে প্ৰকাৰৰ জড় ঐশ্বৰ্যৰ পৰা বঞ্চিত কৰি এনে এটা অৱস্থাত ৰখা উচিত যেন নলকুবেৰ আৰু মণিগ্রীৱে নিজৰ দিব্য গুণাৱলী বিকাশ কৰিব পাৰে। দুয়ােৰে ওপৰত কৃপা পৰা বশ হৈ নাৰদে দুয়ােকো অধঃপতিত জীৱনৰ পৰা মুক্ত কৰিবলৈ বিচাৰিলে। তমঃগুণেৰে আচ্ছন্ন হৈ থকা বাবে তেওঁলােকে ইন্দ্রিয় সংযম কৰিবলৈ অপাৰগ হৈ সুৰা আৰু নাৰীৰ প্ৰতি অতি আসক্ত হৈ হিতাহিত জ্ঞানশূন্য হৈছিল। আনকি সিহঁতে মানুহৰ পৰা অমানুহৰ শাৰীলৈও গতি কৰিছিল। নাৰদে ঠিৰাং কৰিলে যে তেওঁলােকক বৃক্ষলৈ পৰিণত কৰি স্থাৱত্ব কৰাই হ’ব যথাযােগ্য শাস্তি। বৃক্ষ হৈছে গতিশক্তিহীন স্থাৱৰ। বৃক্ষৰ পৰা কোনাে অপকর্ম, অন্যায়-অনীতিৰ আদিৰ ভয় নাথাকে। কিন্তু ভগৱানৰ কৃপাত তেওঁলােকে স্মৃতিশক্তি নেহৰুৱায়। সাধাৰণতে দেহৰ পৰিৱর্তনৰ লগে-লগে জীৱই নিজৰ পূর্বজন্মৰ স্মৃতি পাহৰি যায়। নাৰদ মুনিয়ে বিবেচনা কৰিলে যে দেৱপুত্র দেৱতাসকলৰ হিচাপ অনুসৰি এশবছৰ বৃক্ষ হৈ থাকিব আৰু তাৰ পিছত কৃষ্ণৰ কৃপাত পুনৰ অভিশাপমুক্ত হৈ আগৰ ৰূপ ধাৰণ কৰিব।

দিন গ’ল,বছৰ বাগৰিল। এদিন মাতৃ যশােদাই উৎপতীয়া শিশু কৃষ্ণক উড়ল এটাত বান্ধি থ’লে। কৃষ্ণৰ প্রিয়তম ভক্ত নাৰদৰ ভৱিষ্যত বাণী সার্থক কৰাৰ মানসেৰে শিশু কৃষ্ণই বিশাল অর্জুন বৃক্ষ দুজোপাৰ সোঁমাজেদি আগবাঢ়ি গ’ল। গছদুজোপাৰ মাজেদি শিশু কৃষ্ণ সৰকি গ’ল যদিও উড়লটো গছজোপাত লাগি ধৰিল। তেতিয়া শিশু কৃষ্ণই উড়লত বন্ধা ৰছীডালত জোৰেৰে টান মৰাত প্রচণ্ড শব্দ কৰি গছদুজোপা মাটিত বাগৰি পৰিল। লগে লগে সেই বৃক্ষ দুজোপাৰ পৰা দুজন দিব্য পুৰুষ ওলাই পৰিল। দুয়ােৰে শৰীৰৰ জ্যোতিৰে দশােদিশ জ্যোতিষ্মান হৈ পৰিল।

এইদৰে পৰম প্রভু শ্রীকৃষ্ণৰ পৰশত যক্ষৰাজ কুবেৰৰ দুইপুত্র শাপমুক্ত হৈ আগৰ ৰূপ ধাৰণ কৰিলে। নলকুবেৰ আৰু মণিগ্রীৱক মুক্ত কৰাৰ পিছত শিশু কৃষ্ণই উড়লত বন্ধা অৱস্থাতে মৃদুমধুৰ হাঁহি মাৰি ক'লে– “মই ইতিমধ্যে জানিব পাৰিছোঁ যে মােৰ প্রিয়তম ভক্ত দেৱর্ষি নাৰদে তােমালােকৰ প্রতি অহৈতুকী কৃপা প্রদর্শন কৰিছে। তােমালােক পৰম সৌভাগ্যশালী। এই জড় জগতত এই জীৱনেই তােমালােকৰ অন্তিম জীৱন। এতিয়া পিতৃগৃহ ৰাজ্যলৈ উভতি যােৱাগৈ। মােৰ প্রতি এই ভক্তি তােমালােকৰ যেন চিৰকাল অটুট থাকে। এই জীৱনতেই তােমালােকৰ মুক্তি লাভ হ’ব। তেতিয়া কুবেৰ তনয় নলকুবেৰ আৰু মণিগ্রীৱে ভগৱান শ্রীকৃষ্ণক প্রদক্ষিণ কৰি শেষবাৰলৈ প্রণাম জনাই শূন্যতে মিলি গ'ল।

সঁচাই মহানজনৰ সামান্য পৰশতে আমাৰ অভিশাপ সদৃশ অজ্ঞান অজ্ঞতা নাশ হৈ যায়।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment