Saturday, April 18, 2026
0 Shares

শৈক্ষিক পৰিবেশ আৰু বিদ্যার্থী

শৈক্ষিক পৰিবেশ আৰু বিদ্যার্থী

ভূমিকা: মানুহৰ গোটেই জীৱনটোত ছাত্র বা বিদ্যার্থী হৈ থকা অৱস্থাত অৰ্জন কৰা জ্ঞান, নীতি, নিয়মানুৱৰ্তিতা আদিয়ে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰি জীৱনৰ বৈচিত্র্যময় পথত পদে পদে সহায় কৰে। বিদ্যালয়-মহাবিদ্যালয় আদি শিক্ষানুষ্ঠানৰ পৰা আৰম্ভ কৰি বিভিন্ন বৃত্তিমুখী প্রতিষ্ঠান আদিত বিদ্যা-শিক্ষা গ্ৰহণ কৰি থকাসকলক বিদ্যার্থী বা ছাত্র বোলা হয়। জীৱনৰ আগ কালছোৱাতে সাধাৰণতে পৰৱৰ্তী জীৱনকালত সমাজত সম্পূর্ণ মানুহ হিচাপে নিজকে প্রতিষ্ঠা কৰা তথা সমাজপ্রিয় ব্যক্তি হিচাপে বৰ্তি থাকিবৰ বাবে বিদ্যা-শিক্ষা গ্ৰহণ কৰা হয়। বিদ্যা-শিক্ষা অৰ্জন কৰি পৰৱৰ্তীকালত এজন সৎ আৰু দায়িত্বশীল নাগৰিকে নিজৰ লগতে দেশৰ প্ৰতি সেৱা আগবঢ়োৱাটো সর্বজনবিদিত শিক্ষাৰ লক্ষ্য। বিদ্যা-শিক্ষা অৰ্জনৰ বাবে শৈক্ষিক পৰিৱেশ ইতিবাচক হোৱাটো অতি প্রয়োজনীয়। কাৰণ আজিৰ শিক্ষাই যিদৰে গঢ় দিব, কাইলৈ এজন সম্পূর্ণনাগৰিক সমাজত সেই প্ৰভাৱ বিস্তাৰ কৰিব। কোৱা হয়, ‘আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক, অর্থাৎ, ছাত্ৰ হিচাপে আজি যি শিকি যোৱা হয় কাইলৈ নাগৰিক হিচাপে আমি সেয়া বাস্তৱিক জীৱনত প্ৰয়োগ কৰি যাওঁ। সেয়ে ছাত্ৰাৱস্থাত শিক্ষা গ্ৰহণ কৰা পৰিৱেশৰ ওপৰত মানুহৰ জীৱন ধাৰা আৰু সামাজিক বহু দিশ নিৰ্ভৰশীল।

শৈক্ষিক পৰিৱেশ এৰাব নোৱৰা অংগ: কেৱল যে স্কুল-কলেজত পঢ়ি থকা অৱস্থাৰ জ্ঞান আৰু পৰিৱেশইে জীৱনটোৰ প্রয়োজনীয় কথাবোৰ শিকায়, সেয়া নহয়। কিন্তু শৈক্ষিক জীৱন প্রত্যেক ব্যক্তিৰে জীৱনৰ এক এৰাব নোৱৰা অংশ। কাৰণ শৈক্ষিক জীৱনত লাভ কৰা শিক্ষা-দীক্ষাই এজন ব্যক্তিক পূর্ণাঙ্গ ব্যক্তিত পৰিণত কৰি মূল লক্ষ্যত উপনীত কৰাত সহায় কৰে। সেয়ে জীৱনত প্রকৃত মানুহ হিচাপে গঢ় ল'বলৈ, নিজৰ লক্ষ্য-সাধনাত উপনীত হ’বলৈ যিবোৰ গুণৰ প্রয়োজন সেয়া ছাত্ৰাৱস্থাতে আহৰণ কৰিব লাগে। ছাত্ৰাৱস্থাতে গ্রহণ কৰা শিক্ষাই পৰৱৰ্তী জীৱনত এজন ব্যক্তিক সমাজৰ নেতা, শিক্ষক, প্রশাসক, ব্যৱসায়ী, ন্যায়পালক আদি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠা কৰে। কিন্তু কেৱল পৰীক্ষাত বহি প্রতিষ্ঠানিক শিক্ষা গ্ৰহণ কৰি যিসকলে নিজৰ ব্যক্তিগত জীৱনৰ সুৰক্ষাত ব্যস্ত থাকে তেওঁলোকৰ পৰা সমাজে কোনো দিশতে অৰিহণা লাভ নকৰে। যিসকলে ছাত্ৰাৱস্থাতে যিকোনো উপায়েৰে পৰীক্ষাত উত্তীৰ্ণ হোৱাটোকে লক্ষ্য বুলি ভাবে তেওঁলোকৰ পৰা জানো সমাজে ভৱিষ্যতে কিবা আশা কৰিব পাৰিব? ছাত্ৰাৱস্থাত বেয়া স্বভাৱে লগ দিলে সেয়া সতকাই এৰুওৱা টান। পিছত ই ব্যক্তিগত জীৱনৰ লগতে সামাজিক জীৱনতো বিস্তৰ প্ৰভাৱ বিস্তাৰ কৰে। গতিকে এজন ছাত্ৰক ভৱিষ্যতে সুনাগৰিক হিচাপে গঢ় দিয়ে শৈক্ষিক পৰিৱেশে। সমাজত বৃত্তিগতভাৱে প্রতিষ্ঠা লাভ কৰি অসৎ উপায়েৰে ধন আৰু প্ৰতিপত্তি লভিব পাৰি। কিন্তু সামাজিক বহল প্রেক্ষাপটত তাৰ কোনো মূল্য নাই। আনহাতে এনে কাৰ্যই সমাজখনক আগুৱাই নিয়াৰ পৰিবৰ্তে পিছলৈহে ঠেলি দিয়ে। সংযম, সততা, ন্যায়-নিষ্ঠা, ক্ষমা-উদাৰতা, বিনয় আদি গুণসমূহ ছাত্ৰাৱস্থাতে আয়ত্তাধীন কৰিব নোৱাৰিলে পাছত আয়ত্ত কৰাটো কঠিন হৈ পৰে। সেয়ে আমাৰ বিদ্যালয়-মহাবিদ্যালয় তথা আন আন শিক্ষানুষ্ঠানবোৰত পুথিগত শিক্ষাৰ লগতে আন আন প্রাসঙ্গিক শিক্ষা তথা খেল-ধেমালি, কলা-সাহিত্য আদিৰ প্ৰতিযোগিতা আৰু অনুষ্ঠান আয়োজন কৰা হয় যাতে এক সুন্দৰ শৈক্ষিক পৰিৱেশ ছাত্ৰসকলে লাভ কৰে। শৈক্ষিক পৰিৱেশ গঢ় দিয়াত ছাত্র, শিক্ষক আৰু অভিভাৱক সকলোৰে সমান দায়িত্ব আছে। এজন উপযুক্ত নাগৰিক হিচাপে গঢ় লবলৈ প্রয়োজন সৎ গ্রন্থ অধ্যয়ন আৰু সৎ সঙ্গৰ।

ছাত্ৰাৱস্থাত চঞ্চলতা, গভীৰভাৱে কোনো এটা বিষয় চিন্তা নকৰা, গর্ব নাইবা অহংকাৰ আদি এক স্বাভাৱিক বৈশিষ্ট্য। এইবোৰ নোহোৱা কৰিব নাইবা নিয়ন্ত্রিত কৰিব পাৰে শৈক্ষিক পৰিৱেশে। এই সময়ছোৱাতে মানুহৰ কৰ্মৰ প্ৰতি প্ৰেৰণা জন্মে আৰু উদাৰশীল হৈ সমাজৰ প্ৰতি দায়বদ্ধ হোৱাৰ বাবে মানুহৰ প্রথম পদক্ষেপ নিহিত হৈ থাকে। এনে উদাৰতা আৰু সমাজসেৱাৰ আদৰ্শই পৰৱৰ্তীকালত ভেটি-প্রলোভন নাইবা অসৎ কামৰপৰা আঁতৰি এক উচ্চ নৈতিক জীৱন যাপনত সহায় কৰে। তেওঁৰ দ্বাৰা ভৱিষ্যতে দেশৰ জনসাধাৰণ উপকৃত হয়। শৈক্ষিক পৰিৱেশ ৰচনা কৰাৰ উদ্দেশ্যেৰেই আমাৰ বিদ্যালয়সমূহত শ্ৰেণী আৰম্ভ হোৱাৰ আগতে প্রার্থনা গোৱা, একেদৰে বিভিন্ন উৎসৱ-পার্বন আদি উদ্যাপন কৰা হয়। এনে কাৰ্যৰ দ্বাৰা ছাত্ৰসকলৰ স্বদেশ প্রেম, ধর্মীয় উদাৰতা বাঢ়ে আৰু হৃদয় পবিত্র হয়। পৰৱৰ্তী জীৱনলৈও এয়া স্থায়ী হৈ ৰয়। একেদৰে পৰীক্ষাত সফলতা লাভ কৰিবলৈও শৈক্ষিক পৰিৱেশেই প্রধান কাৰক হিচাপে কাম কৰে। শিক্ষানুষ্ঠানৰ পৰিৱেশে ছাত্রজনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাৰ উপৰি ঘৰখনত থকা শিক্ষাৰ পৰিৱেশেও মানুহৰ জীৱন নিয়ন্ত্রিত কৰে। অভিভাৱকসকলে ঘৰুৱা পৰিৱেশ উন্নয়নেৰে ছাত্ৰজনৰ মানসিক বিকাশৰ প্রতি সচেষ্ট হোৱা বাঞ্চনীয়।

সামৰণি: মানুহৰ জীৱনৰ উদ্দেশ্য আৰু লক্ষ্য যিয়েই নহওঁক তাক বাস্তবায়িত কৰাৰ কাম ছাত্ৰাৱস্থা আৰু শৈক্ষিক পৰিৱেশতেই আৰম্ভ হয়। সেয়ে ছাত্ৰাৱস্থাতে জ্ঞান অৰ্জন কৰিব পৰাকৈ শৈক্ষিক পৰিৱেশৰ দিশটোৰ সমানে গুৰুত্ব দিয়া উচিত। তেহে সমাজৰ লগতে ব্যক্তি জীৱনতো সফলতা লাভ কৰাটো অধিক মসৃণ হৈ পৰিব।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment