Saturday, April 18, 2026
0 Shares

সর্বশিক্ষা অভিযান

সর্বশিক্ষা অভিযান

শিক্ষা মানৱ জীৱনৰ এক অপৰিহার্য অংগ। সেয়ে হয়তাে ফৰাচী নাট্যকাৰ ব্রেখটে কৈছিল, নিৰক্ষৰৰ হাতত কিতাপ তুলি দিয়া, তেওঁ হাতেৰে যি হৈ উঠিব, সিয়ে যুদ্ধাস্ত্র। শিক্ষাই মানুহৰ মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সর্বতােপ্ৰকাৰ মংগলৰ বাবে নিজকে যােগ্যৱান কৰি তােলাৰ একমাত্র মাধ্যম হ’ল শিক্ষা।

শিক্ষাৰ প্ৰভাৱতে মানৱ জাতিয়ে পাশৱিক জীৱনৰ পৰা মুক্তি লাভ কৰি বিশ্বৰ সকলাে প্ৰাণীৰ ভিতৰত শ্রেষ্ঠ প্রাণী হিচাপে পৰিগণিত হৈ সকলাে প্ৰাণীৰ ওপৰত কর্তৃত্ব বিস্তাৰ কৰিছে। শিক্ষাৰ প্ৰভাৱতেই অগ্রগতিৰ পথত খােজ দি বর্তমান বিশ্বখনেই এখন গাঁৱলৈ পৰিৱৰ্তন হ’বলৈ ধৰিছে। অন্ধৰ লাখুটিস্বৰূপ শিক্ষা সকলােৰে বাবে অতি আৱশ্যকীয়।

সর্বশিক্ষা অভিযান

সর্বশিক্ষাৰ সূচনা

বিশ্বৰ বিভিন্ন ৰাষ্ট্রৰ তুলনাত ভাৰতবৰ্ষ এতিয়াও শিক্ষাৰ ক্ষেত্ৰত পিছপৰি আছে। বিশেষকৈ ভিতৰুৱা অঞ্চলবিলাকত এতিয়াও বহু শিশু শিক্ষাৰ প্ৰভাৱৰ পৰা বহু দূৰৈত। এইক্ষেত্ৰত আমাৰ অসমাে পিছপৰি থকা নাই। সেয়ে কেন্দ্রীয় চৰকাৰে দেশৰ সকলাে শিশুৱে শিক্ষাৰ পােহৰ পাবৰ বাবে ৰাজ্যিক চৰকাৰ তথা কেন্দ্রীয়শাসিত অঞ্চলৰ চৰকাৰক অংশীদাৰ হিচাপে লৈ 'সৰ্বশিক্ষা অভিযান’ আঁচনিখনৰ ঘােষণা কৰিছিল। এই আঁচনিৰ মূল উদ্দেশ্য হৈছে—প্রাথমিক শিক্ষা ব্যৱস্থাক সার্বজনীন কৰা তথা ২০১০ চনৰ ভিতৰত ৬ ৰ পৰা ১৪ বছৰ বয়সৰ সকলাে শিশুকে উপযােগী আৰু যুক্তিযুক্ত প্রাথমিক শিক্ষা আৰু লিংগ বৈষম্য দূৰ কৰা। এই সর্বশিক্ষা আঁচনিখন পৰিচালনা কৰিবলৈ প্রত্যেক জিলাত একোখনকৈ জিলা প্রাথমিক শিক্ষা আঁচনি (DPEP) গঠন কৰা হৈছে।

সর্বশিক্ষা অভিযানৰ উদ্দেশ্য

সর্বশিক্ষা অভিযান আঁচনিখনৰ সফল ৰূপায়ণ হােৱাৰ কৰাৰ ক্ষেত্ৰত ভালেকেইটা উদ্দেশ্য আগত ৰখা হৈছে। বিশেষকৈ জনসাধাৰণৰ মাজত শিক্ষাৰ গুৰুত্ব উপলব্ধি কৰােৱা, শিক্ষাদানত শিশুসকলক সুন্দৰভাৱে পৰিচালনা কৰা তথা শিক্ষকসকলক উপযুক্ত প্রশিক্ষণ দি উপযুক্ত কৰি তোলা, লিংগ বৈষম্য দূৰ কৰিবৰ বাবে তথা নাৰী শিক্ষাৰ বিকাশৰ বাবে ছােৱালীবােৰৰ ওপৰত গুৰুত্ব আৰােপ কৰা, অনুসূচিত জাতি, জনজাতি, দৰিদ্র সীমাৰেখাৰ তলৰ শিশুসকলক শিক্ষাদানৰ ক্ষেত্ৰত গুৰুত্ব দিয়া, সংহত শিক্ষাব্যৱস্থাৰ মাধ্যমৰে শাৰীৰিকভাৱে অক্ষম শিশুসকলক গুৰুত্ব দিয়া, জনসাধাৰণ আৰু বিদ্যালয়ৰ মাজত সমন্বয়ৰ ভাবধাৰা গঢ়ি তােলাৰ  বাবে সাক্ষৰতা, পুথিভঁৰাল, পৰিপুষ্টি; মহিলা সৱলীকৰণ, খেলা-ধুলা আদি কাৰ্যসূচীৰ ব্যৱস্থা প্রদান, শিক্ষা ব্যৱস্থাটোক জীৱনৰ লগত জড়িত কৰি জীৱনধাৰণৰ দক্ষতা আদি বিভিন্ন উদ্দেশ্য শিক্ষা অভিযানে গুৰুত্ব আৰােপ কৰিছে।

সর্বশিক্ষা অভিযান

সর্বশিক্ষাৰ প্ৰয়ােজনীয়তা আৰু অসমত ইয়াৰ প্ৰসাৰ

শিক্ষাৰ আবিহনে জীৱন অসাৰ। কাৰণ শিক্ষাই হৈছে জীৱন পৰিচালনাৰ মূল ছাবি-কাঠী। শিক্ষাই মানুহক মহান কৰে তথা আদর্শবান কৰি তােলে। সৰ্বশিক্ষা অভিযান আঁচনিৰ দ্বাৰা দেশৰ প্ৰতিটো শিশুকে শিক্ষাৰ পােহৰেৰে পােহৰাই তােলাৰ প্ৰয়াস কৰা হৈছে, যাৰ ফলত অতি ভিতৰুৱা অঞ্চলৰ দৰিদ্র শিশুৱেও আনুষ্ঠানিক শিক্ষা গ্রহণ কৰিবলৈ সুবিধা লাভ কৰিছে। সেয়ে কব পাৰি যে শিক্ষাৰ দৰে আঁচনি আমাৰ দৰে উন্নয়নশীল দেশত যথেষ্ট প্রয়ােজনীয়তা আছে।

সৰ্বশিক্ষা অভিযান আঁচনিখনে সমগ্র ভাৰতবৰ্ষৰ লগতে অসমতাে যথেষ্ট জনপ্রিয়তা আৰু প্ৰসাৰতা লাভ কৰিছে। এইআঁচনিৰ সফল ৰূপায়ণৰ উদ্দেশ্যে গুৱাহাটীৰ কাহিলিপাৰাস্থিত মুখ্য কার্যালয়ত শিক্ষাদানৰ বিভিন্ন পৰীক্ষা-নিৰীক্ষা তথা প্রশিক্ষণৰ ব্যৱস্থা কৰি শিক্ষক তথা বিষয়াসকলক ৰাজ্যৰ বিভিন্ন ঠাইত নিযুক্তি দিছে। সেইসকলে শিশুৰ মানসিক মানৰ প্রতি লক্ষ্য ৰাখি অতি ভিতৰুৱা অঞ্চলত আঁচনিখন সফল ৰূপায়ণৰ প্রতি পদক্ষেপ গ্রহণ কৰিছে। চৰকাৰেও বিভিন্ন প্রচাৰ মাধ্যমৰ যােগেদি আঁচনিখন সফল কৰি তুলিবলৈ বিজ্ঞাপন প্রচাৰৰ ব্যৱস্থা কৰিছে। তদুপৰি ছাত্র-ছাত্রী বিদ্যালয়ৰ প্ৰতি আকর্ষিত কৰিবলৈ (বিশেষকৈ দুখীয়া ছাত্ৰ-ছাত্ৰীসকলৰ প্রতি) বিদ্যালয়ত দুপৰীয়াৰ আহাৰৰ ব্যৱস্থাও কৰিছে। ফলস্বৰূপে সর্বশিক্ষা আঁচনিখন ৰূপায়ণত এশ শতাংশ নহ'লেও যথেষ্ট পৰিমাণে সফল হৈছে বুলি ক'ব পাৰি।

সর্বশিক্ষা অভিযান

সামৰণি

ভাৰতীয় সংবিধানমতে, শিক্ষা লাভৰ অধিকাৰ হৈছে— মৌলিক অধিকাৰ। এই অধিকাৰৰ পৰা কোনােৱে কাকো বঞ্চিত কৰিব নােৱাৰে। তদুপৰি ৪৫নং ধাৰা মতে ১৪ বছৰ বয়সলৈকে সকলাে শিশুৱে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা কৰিব লাগে। এনে নীতি-নির্দেশনা বাধ্যতামূলক কৰা সত্ত্বেও এতিয়াও আমাৰ দেশত নিৰক্ষৰতাৰ সংখ্যা হ্রাস হােৱা নাই। উল্লেখযােগ্য যে নিৰক্ষৰতা দূৰীকৰণত সর্বশিক্ষা আঁচনিখনে যথেষ্ট সহায় কৰাৰ থল আছে। সেয়ে আমি প্রত্যেকেই এই আঁচনিখন সফল কৰি তুলিবলৈ চেষ্টা কৰা উচিত। শিক্ষাৰ প্রসাৰেহে সমাজলৈ নতুনত্ব আনিব আৰু উপযুক্ত শিক্ষাৰে শিক্ষিত হ'লেহে সমাজ, দেশ তথা জাতিৰ সৰ্বতােপ্ৰকাৰ উত্তৰণ সম্ভৱ হ’ব। শিশুসকল অনাগত ভৱিষ্যতৰ ধৰণীস্বৰূপ, সেয়ে প্ৰতিটো শিশুক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তােলাটো দেশৰ প্রতিজন নাগৰিকৰে প্ৰথম আৰু প্রধান কর্তব্য।

(আশা কৰোঁ আপুনি ৰচনাখন পঢ়ি ভাল পাইছে। যদি আপুনি ৰচনাখন পঢ়ি ভাল পাইছে, তেন্তে ইয়াক আপোনাৰ বন্ধুবৰ্গৰ সৈতে share কৰক। আপোনাৰ মূল্যৱান সময় উলিয়াই ৰচনাখন পঢ়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ। লগতে কিবা দিহা পৰামৰ্শ বা কিবা জানিব লগীয়া থাকিলে আমাৰ সৈতে যোগাযোগ কৰক।)

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment