Saturday, April 18, 2026
0 Shares

সাধু-10. চণ্ডিকা

সাধু-10. চণ্ডিকা

দশমদিনাও ভােজৰজা ব্যর্থ হ’ল। কাৰণ দশম পুতলা চণ্ডিকাই অন্য এটা কাহিনী ক’বলৈ জীৱন্ত সাজেৰে ৰজাৰ সন্মুখত উপস্থিত হ’ল। তেওঁ ৰজাক ক'লে— প্ৰথমতে মহাৰাজ কাহিনীটো শুনক, পিছত সিংহাসনত বহিব। ৰজাইও অনুমতি দিলে।

পুতলাই কবলৈ আৰম্ভ কৰিলে- এদিন বিক্রমাদিত্য ৰজাৰ ৰাজ্যত এজন যােগী আহি উপস্থিত হ’ল। ৰজাই ভূলৈ গম পালে যে এই যােগীজনে নজনা বিদ্যা একো নাই। সকলাে বিদ্যাতে তেওঁ পাৰদৰ্শী। ৰজাই এজন পুৰােহিত পঠিয়াই তেওঁক আমন্ত্রণ জনালে।

যথাসময়ত যােগীজন ৰাজসভাত উপস্থিত হৈ ক'লে, হে মহাৰাজ আপুনি যদি মন্ত্র সাধনা কৰে, তেতিয়া হ'লে সেই মন্ত্রই আপােনাক জৰা-মৰণৰ ৰক্ষা কৰিব।

ৰজাই ক'লে, “আপুনি তেনে মন্ত্র মােক শিকাই দিয়ক।”

যােগীজনে ৰজাক মন্ত্ৰটো শিকাই দি ক'লে, ব্রহ্মচাৰী ব্রত পালন কৰি এবছৰ মন্ত্র জপ আৰু দুবৰি বনৰ দ্বাৰা মন্ত্র জপৰ পিছত দহ ভাগৰ এভাগ হােমৰ জুইত দিব। যেতিয়া পূর্নাহুতি দিব তেতিয়া হােম কুণ্ডৰ পৰা এজন সিদ্ধ পুৰুষ হাতত ফল লৈ আৱির্ভাব হৈ সেই ফল আপােনাক প্রদান কৰিব। সেই ফল খালেই জৰা-মৃত্যু নাথাকিব। আপােনাৰ দেহ বজ্ৰৰ দৰে হ’ব। এইদৰে ৰজাক যােগীজনে মন্ত্রকৌশল আৰু আশীর্বাদ দি আঁতৰি গ'ল।

ইয়াৰ পিছত ৰজা অৰণ্যলৈ গৈ যােগীজনৰ সকলাে উপদেশ পালন কৰি পূর্ণাহুতি দিলে। অন্তত এজন দিব্য পুৰুষ হাতত ফল লৈ ওলাই আহিল আৰু ৰজাক সেই ফলটো দি নেদেখা হৈ যায়।

ৰজাই ফলটো লৈ আহি থকা অৱস্থাত ৰাস্তাত এজন কুষ্ঠৰােগী ব্রাহ্মণৰ সাক্ষাৎ লাভ কৰে। ব্রাহ্মণজন সেই ৰােগত কোঙা হৈ পৰিছিল। ৰজাক দেখি ব্রহ্মণজন সেই ৰােগত কোঙাহৈ পৰিছিল। ৰজাক দেখি ব্রাহ্মণজনে প্রণাম জনাই ক'লে, “হে মহাৰাজ, ভয়ানক ৰােগে দিনে-দিনে মােক শেষ কৰি আহিছে। ৰজাৰ কৰ্ত্তব্য প্রজাক ৰক্ষা কৰা। কাৰণ প্ৰজাৰ মনত ৰজা পিতৃ। গতিকে আপুনি মােক যিকোনাে উপায়ে কর্মযােগী কৰি তােলক।”

ব্রাহ্মণৰ কথা শুনি ৰজাই ফলটো ব্রাহ্মণক দান কৰিলে। ব্রাহ্মণে ফলটো ৰজাৰ পৰা গ্ৰহণ কৰি সেই স্থান ত্যাগ কৰিলে আৰু ৰজায়ো প্রাসাদ অভিমুখে গমন কৰিলে।

কাহিনীটো শেষ কৰি পুতলাটোৱে ৰজাক ক'লে, এনে ধৰণৰ উদাৰতা যদি আপােনাৰাে থকা বুলি ভাবিছে, তেন্তে সিংহাসনত বহক।

পুতলাৰ কথাত নিশ্চুপ ৰজা আগৰ ঠাইলে গমন কৰিলে।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment