Saturday, April 18, 2026
0 Shares

সাধু-11. বিদ্যাধৰী

সাধু-11. বিদ্যাধৰী

এইবাৰাে ৰজা ভােজে এনে ধৰণৰ আদৰ্শৰ সন্মুখিন হ'ল। ৰাজসিংহাসনত ভৰি থওতে বিদ্যাধৰী নামৰ পুতলাটো জীৱিত হৈ উঠিল আৰু ৰজাক সিংহাসনত বহাৰ পূর্বে অন্য এটা কাহিনী শুনিবলৈ উপদেশ দিলে। ৰজা থমকি ৰ'ল আৰু পুতলাটোৱে তাইৰ কাহিনী আৰম্ভ কৰিলে—

বিক্রমাদিত্য ৰজাৰ ৰাজত্ব কালত তেওঁৰ ৰাজ্যত ক’তাে অন্যায় অধর্ম নহৈছিল। দুষ্টজনে শাস্তি আৰু সজনে পুৰস্কাৰ লাভ কৰিছিল।

এই ৰজাজনে এবাৰ ৰাজ্যৰ ভাৰ মন্ত্ৰীৰ ওপৰত দি যােগীৰ ভাও লৈ ৰাজ্য ভ্ৰমণত ওলাল। তেওঁ যতেই কিবা কথাত সন্দেহ ওপজে তাতেই কিছুসময় থমকি ৰয়।

এনেদৰে, কিছুদুৰ যােৱাৰ পিছত এখন হাবিতলীয়া ঠাইৰ পথৰ মাজতে এন্ধাৰ লাগিল। ওচৰে-পাজৰে কোনাে ঘৰ নথকাত এজোপা ওখ গছৰ তলতে তেওঁ আশ্রয় ল’লে। সেইজোপা গছতে চিৰঞ্জীৱ নামৰ চৰাই এটাই আশ্রয় লৈছিল। সেই চৰাইটোৰ নাতি-পুতিবােৰে দেশ-বিদেশৰ পৰা ফল সংগ্রহ কৰি বৃদ্ধ চৰাইটোক যােগান ধৰিছিল। বৃদ্ধ চিৰিঞ্জীৱ চৰাইটোৱে সেই ফল-মূল খাই সুখে-সন্তোষে দিন পাৰ কৰিছিল।

যিদিনা ৰজাই সেই গছজোপাৰ তলত জিৰণী লৈছিল, সেই দিনাও সেই চৰাইটোৰ নাতি-নাতিনী হঁতে দিয়া ফল-মূল খাই সন্তুষ্ট হৈ সিহঁতক সুধিছিল, “বাছাহঁত, তহঁতে দেশ-বিদেশ ঘুৰি ফুৰ কেতিয়াবা ক'ৰবাত কিবা আচৰিত বস্তু লগ পাইছনে বাৰু?”

চৰাই কেইটাৰ মাজৰ এটাই ক'লে, “মই কোনাে আচৰিত বস্তু দেখা নাই যদিও মােৰ মনটো বৰ প্রফুল্লিত নহয়।”

বৃদ্ধ চৰাইটোৱে ক'লে, “এইটো কিহৰ বাবে হৈছে?”

চৰাইটোই ক'লে, “কলে জানাে কিবা লাভ হ'ব?”

বৃদ্ধ চিৰঞ্জীৱ চৰাইটোৱে ক'লে, “দুখৰ কথা ক'লে মনটো পাতল হয়।” আপােনজনৰ আগত দুখৰ কথা ক'লে নিশ্চয় কোনাে লাভ হয়।”

তেনে কথা শুনাৰ পিছত চৰাইটোৱে ক'লে, “উত্তৰদেশত যিখন পাহাৰ আছে সেই পাহাৰৰ কাষতে পলাশ নগৰ। পাহাৰত থকা ৰাক্ষস এটাই পলাশ নগৰৰ মানুহবােৰ ধৰি লৈ যায় আৰু পাহাৰত বহি মানুহৰ মাংসৰ জুতি লয়। এদিন সেইখন নগৰৰ মানুহবােৰ মিলিত হৈ ৰাক্ষসক ক'লে, “হে ৰাক্ষস, তুমি আৰু কষ্ট কৰিব নালাগে। প্রতিদিনে আমি আমাৰ মাজৰ পৰা একোজনকৈ পঠাম। তুমি আৰামত বহি বহি খাব পাৰিবা।”

দুষ্ট ৰাক্ষস সেই কথাত সন্মত হ’ল। এতিয়া নগৰখনত প্রতিদিনেই কান্দোনৰ ৰােল উঠে। কাইলৈ যিজন ব্রাহ্মণৰ পাল পৰিছে তেওঁ মােৰ পূর্বজন্মৰ বন্ধু আছিল। তেওঁৰ এটাই মাথােন পুত্ৰ। এতিয়া তিনিওজনৰ মাজত গলাগলি। ঘৰখনত কান্দোনৰ ৰােল। পুত্ৰজনক পঠালেও বংশ নাশ হয়। মই তাৰেই দুখত দুখী।

ৰজা বিক্রমাদিত্যই ইমান পৰে গছজোপাৰ তলত বহি চৰাইটোৰ কথাকে শুনি আছিল। তেওঁ তাত অলপাে সময় পলম নকৰি পলাশ নগৰলৈ গমন কৰিলে। পলাশ নগৰত উপস্থিত হৈ তেওঁ ব্রাহ্মণ পৰিয়ালটোৰ ওচৰলৈ গ'ল আৰু পৰিয়ালটোক অভয়দান কৰি দ্বিতীয় দিনা পুৱা স্নান আদি কৰি সেই বধ্যশিলাৰ ওপৰত গৈ হাঁহিমুখে বহিল। সেই দিনা ৰাক্ষসে ৰজা বিক্রমাদিত্যক তেনে অৱস্থাত দেখি আচৰিত হৈ সুধিলে, মৃত্যুলৈ তােৰ ভয় নাই নেকি? এই শিলত বহাজনে মই তাক নিয়াৰ আগতে মৃত্যু মুখত পৰে। তুমিনাে কোন? বিক্রমাদিত্যই বজ্রকঠিন ভাবে ক’লে, সেইবােৰ জানি লাভ নাই। তুমি তােমাৰ কাম কৰা। মােৰ এই দেহা পৰৰ নিমিত্তে ইতিমধ্যে উছৰ্গা কৰিছোঁ।

ৰাক্ষসটোৱে ভাবিলে, এওঁ নিশ্চয় কোনােৱা সাধুলােক। পৰৰ কাৰণে জীৱন দিব আহিছে। গতিকে এওঁক মাৰিলে মােৰ পাপহে হ'ব। ইয়াকে ভাবি, ৰাক্ষসটোৱে ৰজাক ক'লে, হে সজ্জন, তুমি মহা পূন্যবান। তােমাক মাৰি মই পাপী হ’ব নােখােজো। কোৱা তােমাক কি বৰ লাগে।

ৰাক্ষসৰ কথা শুনি ৰজাই ক'লে, হে ৰাক্ষস, সঁচাই যদি তুমি মােৰ ওচৰত প্রসন্ন হৈছা, তেন্তে আজিৰ পৰা মানুহ বধ কৰা বাদ দিয়া। কাৰণ সকলােৰে বাবে নিজৰ প্রাণটো মৰমৰ। ৰজাৰ কথা ৰক্ষা কৰিম বুলি ৰাক্ষসে কথা দিলে। ৰজাইও নিজৰ ৰাজ্যলৈ উভতি আহিল।

কাহিনীটো শেষ হােৱাৰ পিছত পুতলাটোৱে ভােজ ৰজাক ক'লে, আপােনাৰাে যদি ৰজা বিক্রমাদিত্যৰ দৰে সেই পৰােপকাৰিতা গুণ আছে, তেন্তে সিংহাসনত বহক।

ৰজাই সেই দিনাও সিংহাসনত বহাৰ আশা বাদ দি আগৰ ঠাইলৈ উভতিল।

Enjoyed this story?

Your support helps us bring more amazing Assamese stories to life. Every contribution makes a difference!

Support Us via UPI

Comments (0)

Leave a Comment